পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
অদ্ভুত ৰামায়ণ ৷

এতেক বুলিয়া দুয়ো শোকত মজিল।
প্ৰবোধ বচনে সীতা সান্তনা কৰিল॥
ভুঞ্জাই পঞ্চামৃত পিন্ধাই বস্ত্ৰ অলঙ্কাৰ।
লভিলা অ্যানন্দ যেন কি কহিবো আৰ॥২১৭
লৱকুশে হৰাইবাৰ মাতৃক পাইলন্ত।
পৰম গৌৰবে সেৱা কৰি.ৰহিলন্ত॥
লৱৰ কুশৰ কথা এহিমানে থওঁ।
অযোধ্যাত যেন ভৈলা তাৰ কথা কওঁ॥২১৮
শুনা সভাসদ ৰাম চৰিত্ৰ অমৃত।
ইহাৰ শ্ৰবণে হৰে সংসাৰ দুৰিত॥
ৰাত্ৰি দিনে বিষয় সুখক যত্ন কৰা।
সি কি ৰাখিবেক যম যাতনাৰ পৰা॥২১৯
নাহিকে তাৰন্তা ৰাম নাম বিনে আন।
বেদ বেদান্তৰো তাৎপৰ্য্য এহিমান॥
সৰ্ব্ব কৰ্ম্ম ছাড়ি গলে বান্ধা ৰাম নাম।
কহে ৰঘুনাথে ডাকি বোলা ৰাম ৰাম॥২২৭
যথা নিদ্ৰা আসে তথা থাকোহো পড়িয়া।
ক্ষুধায়ে তৃষায়ে পীড়ে আকুল কৰিয়া॥
যদি দয়া কৰয় আনৰ মাতৃচয়।
তাসম্বাৰ দয়া তৃণ বহ্ণিৰ আনয়॥২১৮