পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
অদ্ভুত ৰামায়ণ।

লঙ্কাত তোমাক দেখি যত হৰ্ষ
বিষাদ লভিলো আই।
মিলয় মুকুতি পদতো সি দুঃখ
আনন্দ জানোহোঁ নাই॥৫৩৮
ৰাবণ বীৰৰ প্ৰভাব সুমৰি
ইন্দ্ৰৰ আজিয়ো কাম্প।
তোমাৰ নিমিত্তে সি হেন বীৰক
একেশ্বৰে দিলো ঝাম্প॥
ক্ষুদ্ৰ মৎস্য ৰঙ্কা ক্ষুধাত যেহেন
কুম্ভীৰক ঝাম্প দিল।
ইন্দ্ৰজিতে ধৰি গলে জড়ি দিয়া
ৰাজাত ভেটাইতে নিল॥৫৩৯
লাথি ভুকু কিল যত মান দিল
তাক কোনে গণিবেক।
ৰাজাত যোগাইল  কাটিবাক দিল
দৈবে মোৰে লিখিলেক॥
তৈল মিসলাই কাপৰ মেহ্ৰাই
গাৱত লগাইল জুই।
আধাপোড়া কাষ্ঠ খণ্ডৰ আকাৰ
আজিয়ো আছোহোঁ হুই॥
(১২)