পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
অদ্ভুত ৰামায়ণ।

গৰ্ব্ব কৰি মাৰুতিক বুলিলা বচন।
কুৎচিত বানৰ জাতি অলপিক জন॥ ৪২৪
কৰিবো নিপাত আজি খনিতেক ৰহ।
দুৰ্ব্বাৰ লাঞ্জৰ কোব একবাৰ সহ॥
মাৰুতি বোলয় তেবে লাঞ্জ হান তয়।
পাছতেসে উচিত ফলক দিবো মই॥৪২৫
যেন আন খন গৰ্ব্ব নোবোল বচন।
হেন শিক্ষা দিবো আজি পবন নন্দন॥
হেন শুনি তক্ষক ক্ৰোধত কম্পমান।
মাৰুতিক কৰিলেক দাৰুণ সন্ধান॥৪২৬
থৰথৰি কম্পি গৈল পবন নন্দন।
তক্ষকক বুলিলন্ত প্ৰশংসা বচন॥
সাধু সাধু বীৰ তয় বড় যশ পাইলি।
ময় হেন বীৰক এক প্ৰহাৰে কম্পাইলি॥ ৪২৭
হাজাৰেক ফনা তুলি আছে নাগৰায়।
হনুমন্তে খেদি গৈল চৱড় উচ্ছাই॥
সন্ধানে হানিল কপিৰাজ মহাবীৰ।
হাজাৰেক মাথা তাৰ ভৈলা চিৰাচিৰ॥ ৪২৮
বিহৰিল ফণা মণি যমক দেখিল।
চক্ষু মুখ ধাকি তাৰ ৰুধিৰ বহিল॥