পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
অদ্ভুত ৰামায়ণ


নিশ্চয়ে আসিছ যদি সাধিবাক বৰ।
তেবে চলি যাস তয় অতল বিবৰ॥
ব্ৰতেশ্বৰী নামে তাত আছে এক দেবী।
যেই যিবা বাঞ্ছা তাক পায় তাঙ্ক সেবি॥৬৩৬॥
শুনি তৈৰপৰা মই কৰিয়া সত্বৰ।
উৰ্দ্ধগতি কৰি পাইলোঁ‌ অতল বিবৰ॥
এক বৃদ্ধা নাৰী পুছিলেক মোক চাই।
কৈৰ কন্যা কিবা হেতু আসিছ ইঠাই॥৬৩৭॥
মই বোলো স্বৰূপ কহিলো শুনা আই।
সীতা নামে দেবীক ফুৰোহোঁ‌ মই চাই॥
প্ৰাণ সখা মোৰ স্নেহে মাতৃতো গাৰষ্ট।
তাহাঙ্কে বিচাৰো নাহি অপৰ বিশিষ্ট॥৬৩৮॥
গৃহস্থিনী বোলে মই পাৰো কহিবাক।
সীতাৰ দোহাই দিয়া কৈতে দিছে হাক॥
দেবীত সাধিতে বৰ ঝীৱ খানি গৈল।
দ্বাৰক নিবদ্ধ কৈল ভিতৰতে ৰৈল॥৬৩৯॥
দুনাই সুধিলো মই সি নাৰীক চাই।
কি কাৰণে দ্বাৰ বদ্ধ কৰিলেক আই॥
গৃহস্থিনী বোলে শুন কহোঁ‌ গোপ্য কৰি।
হনুমন্ত নামে শুনো আছে এক হৰি॥৬৪০॥