পৰাচিত
[ ১ ]
প্ৰকাশক :- গ্ৰন্থকাৰ।
হিৰণ্যৰঞ্জন গ্ৰন্থকুটী।
লম্বোদৰ বৰা ৰোড, তেজপুৰ।
প্ৰিণ্টাৰ—শ্ৰীদেবপ্ৰসাদ মিত্ৰ
এলেম প্ৰেস
৬৩, বিডন ষ্ট্ৰীট, কলিকতা।
শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত মহাদেৱ শৰ্ম্মাৰ হাতত।
দাদা,
সাহিত্য-চৰ্চাৰ প্ৰাৰম্ভণতে দুয়ো যুটীয়াকৈ সাহিত্য- সেৱাতে লাগিম বুলি স্থিৰ কৰিছিলোঁ। মোৰ প্ৰথম খুহুতীয়া পুথি “ৰহঘৰা”ৰ প্ৰকাশৰ দায়িত্ব লৈ এফালে আপুনি যেনেকৈ গোটেই অসমকে আলোড়িত কৰি তোত সাহায্য কৰিছিল, তেনেকৈয়ে ৰক্ষণশীল দলৰ তিৰস্কাৰ, অভিসম্পাত আৰু আক্ৰমণে সহ্য কৰিব লগাত পৰিছিল। আন কি, কোনো দলে আদালতত তুলিবলৈ লগোৱা টনা-আজোৰাৰ পৰাও অব্যাহতি পোৱা নাছিল। তাৰ পাচতে মোৰ কেইবা- খনো পুথিৰ প্ৰকাশ নানা ভাবে আপোনাৰ পৰা সাহায্য লাভ কৰিছিলোঁ। দেশৰ ৰাজনৈতিক পৰিস্থিতিয়ে দুয়োৰে কৰ্ম্মক্ষেত্ৰ বেলেগাই দিয়াত যদিও শেহলৈকে আমাৰ সঙ্কল্প একেদৰে নাথাকিল, তথাপি অতীতৰ সেই স্মৃতিৰ মধুৰতা একেৰাহে আছে। তাৰেই চিন স্বৰূপে “পৰাচিত” আপোনাৰ হাতত অৰ্পণ কৰিলোঁ।
তেজপুৰ।
১৯ ভাদ, ১৮৭১ শক।
স্নেহাকাঙক্ষী⸺
গ্ৰন্থকাৰ।
কেইটামান সত্য ঘটনা লগ লগাই সাজ-পাৰ পিন্ধাই এই নাটকখনি উলিওৱা হৈছিল ১৯৪৬ চনৰ আগষ্ট মাহতে। হাতে লিখা অৱস্থাতে তেজপুৰত ইয়াৰ দুবাৰ অভিনয় হৈছিল। এবাৰ ১৯৪৭ চনৰ জুন মাহৰ ১৮ তাৰিখে পাৰিজাত সংঘৰ সভ্য সকলৰ দ্বাৰা সংঘৰ চতুৰ্থ বাৰ্ষিক অধিবেশন উপলক্ষে বাণ ৰঙ্গমঞ্চত, আৰু দ্বিতীয় বাৰ “পলো ফিল্ডত” তাৰ কাষৰে পাজৰে থকা ছাত্ৰসকলৰ দ্বাৰা অস্থায়ী ৰঙ্গমঞ্চত। অভিনয়ে দুয়োবাৰেই দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল আৰু কোনো কোনো দৰ্শকে নাটখন সোনকালে ছপাই উলিয়াবলৈ লেখকক উপদেশো দিছিল। লেখকৰ নিজৰো সোনকালে ছপাই উলিয়াৰ ইচ্ছা আছিল, কিন্তু কাগজৰ অভাবত ইমান দিনলৈকে সেই ইচ্ছা কাৰ্য্যত পৰিণত হোৱা নাছিল। এতিয়া বহুত চেষ্টাৰ মূৰত ইয়াক কোনোমতে পোহৰলৈ উলিওৱা হৈছে। ৰাইজে হাত পাতি ল'লেই লেখকৰ পৰিশ্ৰম সফল হ'ব। ইতি
হিৰণ্যৰঞ্জন গ্ৰন্থকুটী,
তেজপুৰ।
বিনীত⸺ গ্ৰন্থকাৰ
ভাৱৰীয়াসকল
মােবাৰক—বয়সিয়াল সম্ভ্ৰান্ত অসমীয়া মুচলমান।
শিৱ বৰুৱা—অল্প শিক্ষিত ধনী মানুহ।
মদন—শিৱৰ পুতেক।
লােকনাথ—উৎসাহী গ্ৰেজুৱেট।
পুনাই—মদনৰ বন্ধু ।
ভকতৰাম—আদহীয়া গাৱঁলীয়া মানুহ।
মনােমােহন—স্বয়ম্ভু ডাক্তৰ।
পেটুৱা—বেজ।
ডাক্তৰ ফুকন—শিক্ষিত ডাক্তৰ।
নেনাই মেধি—হােজা গাৱঁলীয়া ভকত।
বিহুৱা ভেকোলা |
—গাৱঁলীয়া ডেকা। |
বচিৰ—শিৱৰ চাকৰ।
ধৰম—দোকানী।
পাঁচোটা মৈমনচিঙীয়া, কেইটামান গাৱঁলীয়া মানুহ, এটা
মগনীয়া, দহােটা অসমীয়া ডেকা মুচলমান।
⸻
পৰাচিত
প্ৰথম অঙ্ক।
প্ৰথম দৃশ্য।
মোবাৰকৰ চ'ৰা। মাজত এখন মেজ, ওচৰত
দুখন চকী আৰু কেইটামান মূঢ়া।
এফালে দাঁতিত এখন বেঞ্চ।
(লোকনাথৰ প্ৰবেশ।)
লোক। দদাইটি আছে নে?
মোবা। (ভিতৰৰ পৰা) আছোঁ। কোন? (প্ৰৱেশ কৰি) অ’ বাপা, বহাঁ।
(লোকনাথ এখন চকীত আৰু মোবাৰক আন খনত বহে।)
মোবা। পিচে বাপা, গুৱাহাটীৰ পৰা কেতিয়া আহিলা?
লোক। গুৱাহাটী এৰা এক ৰকম তিনি মাহেই হ’ল। পিচে ঘৰত কেইদিনমান থাকিয়েই ইফালে সিফালে ঘূৰিব লগাত পৰিলোঁ। এতিয়া ঘৰলৈ অহা দহ দিন মান হে হৈছে।
মোবা। পঢ়া জানো শেষ কৰিলা?
লোক। হয়। এইবাৰ বি, এ, দিলোঁ। অলপতে পাচ হৈছে বুলি খবৰ পাইছোঁ। [ ১২ ] মোবা। শুনি বৰ সুখ পালোঁ। গাৱেঁ গাৱেঁ দুই চাৰিজন এনেকুৱা শিক্ষিত মানুহ হ'লেহে আমাৰ গাওঁবিলাকৰ উন্নতি হ’ব। পিচে আৰু নপঢ়া জানো?
লোক। আৰু পঢ়া নহব’ই। কিবা এটা চাকৰিৰ চেষ্টাতহে আছোঁ। সেই বাবে শ্বিলঙলৈকো গৈছিলোঁ। মোৰ আন চাকৰিতকৈ মাষ্টৰি কৰিবৰ হে মন, পোৱাৰ আশাও হওঁতে আছে।
মোবা। ল পঢ়া হলে ভাল আছিল।
লোক। ভাল হলেও পঢ়োঁ কেনকৈ? আপুনি জানেই পিতাইৰ অৱস্থাৰ কথা। তেওঁ মোক সমূলি সাহায্য কৰিব পৰা নাছিল। অকল বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইমান দিন পঢ়িলোঁ। কলেজত পঢ়োতে বৃত্তিৰ টকাই নোজোৰাত লৰা পঢ়াই বাকীখিনিৰ জোৰা মাৰিব লগা হৈছিল। এতিয়া আই- পিতাই বুঢ়া হৈছে, আগৰ দৰে খেতি-পথাৰো চলাব নোৱাৰে। তেওঁলোকৰ দায়িত্বও ময়ে ল'ব লগাত পৰিছে। মই কিবা এটা কৰি ল পঢ়িব পাৰিলোঁ হেতেন, পিচে তেওঁলোেক চায় কোনে! সকলো ফালে ভাবি চাই হে চাকৰি কৰিব খুজিছোঁ।
মোবা। এৰা, কথাটো ঠিকেই। বুঢ়া-বুঢ়ীক আৰু কষ্ট দিয়া উচিত নহয়। পিচে, অহাৰ কিবা সকাম আছিল জানো?
লোক। হয়, মই এটা বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ।
মোবা। কি বিপদ? [ ১৩ ] লোক। আপুনি জানে,— আপোনালোকৰ পামৰ ওচৰতে নৈৰ ইপাৰে আমাৰ গাৱঁৰ মানুহৰ পাম আছে। আমাৰো তাতে চাৰিপূৰামান মাটি আছে। আগেয়ে পিতায়ে খেতি কৰিছিল; ময়ো স্কুলত পঢ়াডোখৰত যি পাৰোঁ সহায় কৰিছিলোঁ। পিচে কলেজলৈ যোৱাৰে পৰা মই আঁতৰতে থাকিব লগা হলোঁ। ইফালে পিতায়ো নিশকতীয়া হৈ আহিল। কোনোমতে দুই-এবিঘাত খেতি কৰে; বাকীখিনি ছন পৰি থাকে। এই দৰে এই কেইবছৰৰ ভিতৰতে তাত হাবি হৈ উঠিল। আজি চাবলৈ বুলি আহি দেখোঁ তিনটা মৈমনচিঙীয়াই সেই মাটি ভাঙি হাল-কোৰ বাই উলিয়াইছে। মই সিহঁতক বুজাই কলোঁ বোলো সেইয়া মোৰ পট্টাৰ মাটি, সিহঁতে ভঙাটো ভুল হৈছে। সিহঁতে নুশুনে; কয় বোলে জংঘলী মাটি যেয়ে ভাঙে সেয়ে পাব বুলি মণ্ডলে কৈছে। মই সিহঁতক হাল-কোৰৰ খৰচখিনিও দিওঁ বুলিছিলোঁ, কিন্তু সিহঁতে নামানে। মুঠতে কোনো মতেই সিহঁতে এৰি নিদিয়ে।
মোবা। কিয়, তোমালোকৰ গাৱঁৰ মানুহবিলাক ক'লৈ গল?
লোক। আছে।
মোবা। কেলেহুৱাহঁতক ভালকৈ এজাউৰি দি উলিয়াই দিব নোৱাৰিলে?
লোক। সিহঁতে ভয় কৰে; কয় বোলে অজাতিৰ লগত কাজিয়া কৰি পা-পৰাচিত হৈ মৰিব নোৱাৰি। [ ১৪ ] মোবা। তেনেহলে সিহঁতৰ বৰ ঘৰৰ ভিতৰত অজাতি সোমালে কাজিয়া নকৰি নিজেই ওলাই গ'লেহে পাৰিব।
লোক। তেনেকুৱাই হৈছে। মই ক'লে সিহঁতে নুশুনে। তাতে মোৰ নিজৰ স্বাৰ্থ থকাত টানি ধৰিবলৈকো কোঁচ খাইছোঁ।
মোবা। বেয়া নাপাবা। তোমালোকৰ ধৰ্ম্মটো যে কি, মই হ'লে বুজি নাপাওঁ। জাত যাব, পৰাচিত লাগিব বুলি নিজৰ ধন-সম্পত্তি এৰি যাবলৈ যি ধৰ্ম্মই শিকায়, তাক মই ধৰ্ম্ম নোবোলোঁ। তোমালোক যদি জীয়াই থাকিব খোজা, তোমালোকৰ ধৰ্ম্মত লাগি থকা এই গোবৰ-জাবৰবোৰ সাৰি পেলোৱাঁ। নহ'লে এই সুবিধা লৈয়েই বিদেশীয়ে সোপাকে হাত কৰিব আৰু তোমালোক কেনিবা উৰি যাবা।
লোক। আপোনাৰ কথা অতি সাৰুৱা; ভাত বেয়া পাবলগীয়া কি আছে! এইবোৰ ভাব যাতে ডেকা তৰপৰ মনৰ পৰা আঁতৰ হয়, তাৰ বাবে মই চেষ্টা কৰিম বুলি স্থিৰ কৰিছোঁ।
মোবা। কৰা উচিত। তোমালোকৰ দৰে শিক্ষিত মানুহে নকৰিলে আৰু কোনে কৰিব।
সৌটো কোন? অ’ শিৱ বৰুৱা। (ডাঙৰকৈ) হেৰি বৰুৱা! ভোঁ-ভোঁৱাই গৈছে দেখোন! আমাৰ ঘৰত পদ-
ধূলি পেলালে জানো কিবা দায় লাগিব? [ ১৫ ](শিৱৰ প্ৰবেশ।)
মোবা। আহক, বহুক।
শিৱ। বহিব নোৱাৰোঁ। মই সেই বৰ পথাৰলৈ গৈছিলোঁ, ৰাতিপুৱাই। সেই হে পলম হোৱা দেখি মাত নিদিয়াকৈ যাব খুজিছিলোঁ। (লোকনাথলৈ চাই) অ' তুমিও দেখোন! (কপট হাঁহি মাৰে।)
লোক। ময়ো পামলৈ আহিছিলোঁ।
শিৱ। এৰা, গাওঁবুৰাই আলিৰ দাঁতিত ঘৰখন নাসাজি যেনিবা পমুৱা মানুহৰ জিৰণি-ঘৰ হে সাজিলে।
মোবা। পিচে বৰুৱা! কথা এটা সুধিবলৈহে আপোনাক মাতিছিলোঁ। আপুনি বোলে বৰ পথাৰৰ পাঁচ পূৰা মাটি মৈমনচিঙীয়াক বেচিছে?
শিৱ। বেচা নাই,বেচাৰ কথাহে হৈছে। অকামিলা মাটি; —তিনি পূৰামান জলাকত, এপূৰা ফৰিঙতি, এপূৰাহে ধান খেতিব উপযুক্ত; খাজানাখিনিয়েই নোলায়। সেই দেখি বেচিব খুজিছোঁ।
মোবা। তাত যিবোৰ মানুহৰ মাটি আছে সকলো অসমীয়া। তাত বিদেশীক ঠাই দিয়া জানো ভাল হৈছে?
শিৱ। সিহঁতে সেই মাটিত আঢ়ৈ হাজাৰ দিব খুজিছে। অসমীয়া মানুহে আঢ়ৈ শ তো নিকিনে।
মোবা। অকল ধনৰ হিচাপ চালেই নহয় বৰুৱা, দেশী ভাই- সকললৈকো চাব লাগে। এই যে আপোনাৰ পৰা মাটি ল’ব, [ ১৬ ] দেখিব তাতে কমকৈও পোন্ধৰ কি কুৰি ঘৰ মৈমনচিঙীয়া বহিব। তাৰ পাচত সিহঁতে সেই মাটিত আমাৰ মানুহৰ গৰু-গাই সোমালে ঠেং ভাঙিব; ভূঁই ৰুবলৈ যোৱা তিৰুতাক ধৰি টনা- আজোৰা লগাব; সঁজাল ধৰা ৰোৱাত সিহঁতৰ গৰু চৰাব। অনুক্ৰমে সিহঁতে এনে উপদ্ৰব আৰম্ভ কৰিব যে শেহত নিৰ্জ্জু অসমীয়া কেইটাই সকলো মাটি সিহঁতকে গতাই দিবলৈ বাধ্য হ’ব। সিহঁতৰ মতলবেই বেলেগ। এনেয়ে সিহঁতে আপোনাৰ সেই মাটিত আঢ়ৈ হেজাৰ টকা দিয়া নাই। আপুনি টকাৰ লোভত নিজৰ জ্ঞাতিৰ, নিজৰ ভাই-বন্ধুৰ এনে অমঙ্গল সাধিব বুলি মই ভাবিব নোৱাৰোঁ। আপুনি কথাটো অলপ দকৈ ভাবি চাই কাম কৰিব বুলি আশা কৰিলোঁ।
শিৱ। মই এতিয়া যাওঁ হে। কৈছোঁ নহয় সেই ৰাতিপুৱাতে যোৱা।
(প্ৰস্থান।)
মোবা। দেখিছা বোপা! আমাৰ মানুহৰ স্বভাব। নিজৰ মূৰ নিজে খালে আনে কেনেকৈ তাত বাধা দিব!
লোক। মই আৰ তাৰ মুখে শুনিছোঁ বোলে এৱেঁই মণ্ডলৰ লগত কিবা যুক্তি কৰি মৈমনচিঙীয়াকেইটাক মোৰ মাটি ভাঙিবলৈ লগাই দিছে, আৰু হেনো একচনীয়া পট্টাৰ মাটি যেয়ে দখল কৰে সেয়ে পাব বুলি সিহঁতক উচটাই দিছে।
মোবা। অসম্ভব নহয়। তেওঁ যে তোমাৰ অন্যায় চিন্তে তেওঁৰ কথাতে কেইবাদিনো গম পাইছোঁ। [ ১৭ ] লোক। অথচ কোনো দিনে মই তেওঁক অশ্ৰদ্ধা কৰা নাই।
মোবা। শ্ৰদ্ধা-অশ্ৰদ্ধা লৈ কথা নহয়। আচল কথা, — তেওঁ গাৱঁৰ ভিতৰত ধনী, মানী ডাঙৰ মানুহ। তুমি বি, এ, পাচ কৰি জ্ঞানী-মানী হৈ একে গাৱঁতে থাকিলে তেওঁৰ মান কমিব, — এয়েই তেওঁৰ ভয়। সি যি কি নহওক, এতিয়া সেই বৰ পথাৰত যাৰ যাৰ মাটি আছে সকলোৰে চহী লৈ মৈমন- চিঙীয়াক মাটি বেচা বন্ধ কৰিবলৈ এখন দৰ্খাস্ত দিয়া ভাল। মই মানুহবোৰক বুজাই কম। তুমি উকীলৰ লগত পৰামৰ্শ কৰি যি কৰিব লাগে কৰিবা।
লোক। নিশ্চয় কৰিম। তাৰ পৰা বৰুৱা মোৰ শত্ৰু হৈ উঠিব সঁচা, কিন্তু সেই ভয়ত পিচ হুহঁকিব লাগিলে মোৰ শিক্ষাৰ মূল্যই নাই।
মোবা। তোমাৰ কথাত সন্তোষ পালোঁ। ৰাইজৰ উপকাৰ কৰিবলৈ খোদাতাল্লাই তোমাক শক্তি দিওক। অ’, তোমাৰ কথাটো তলেই পৰিল। তুমি কেতিয়া আকৌ পামলৈ আহিব পাৰিবা? সোনকালে হ'লেই ভাল।
লোক। আপুনি যেতিয়াই আহিবলৈ কয়।
মোবা। তেন্তে পৰহিলৈ গৰুমেলামান বেলিতে আহিবা। মই আমাৰ পামৰ আঠোটামান ডেকা লৈ যাম। মই চাম সিহঁত মৈমনচিঙীয়া কিমান পানীৰ মাছ। এইদৰেই ইহঁতে অসমদেশখন খালে।
লোক। মই তেন্তে এতিয়া যাওঁ। [ ১৮ ] মোবা। ভাল বোপা, যোৱাঁ। তুমি কোনো চিন্তা নকৰিবা। এই বুঢ়া থকাত তোমাৰ মাটি মৈমনচিঙীয়াই নিব নোৱাৰে।
আমাৰ অসমীয়া হিন্দু-মুচলমান দুটা জাতি নহয়। হিন্দুৱে নামঘৰত নাম গায়, আমি মছজিদত নামাজ পঢ়োঁ। ইয়াৰ বাহিৰে আমাৰ সকলো একে। খোৱা-লোৱা, পিন্ধা-উৰা, মাত-কথা, আমোদ-উৎসৱ সকলোতে আমাৰ মিল আছে, সহযোগিতা আছে; বিৰোধ নাই। বিদেশীক লাই দি আমাৰ ঘৰখন লণ্ডভণ্ড কৰিবলৈ এৰি দিব নোৱাৰোঁ। ইহঁতৰ উপদ্ৰৱ বন্ধ কৰা প্ৰত্যেক অসমীয়াৰ কৰ্তব্য, তেহেলেই তেওঁ হিন্দুৱেই হওক, মুচলমানেই হওক, নাইবা খৃষ্টানেই হওক।
(নেপথ্যত) কৃষ্ণ এক দেৱ দুঃখহাৰী,
কালমায়াদিৰো অধিকাৰী,
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
(ৰাগ টানি টানি চৌবিশ বছৰীয়া বিহুৱা সোমায়।),
বিহুৱা। পৰ পুৰুষ ভগৱন্ত,
নাহি পূৰ্বাপৰ আদি-অন্ত,
জানিবা বিষ্ণু সে সমস্ত জগতে সাৰ।। [ ১৯ ] ( কান্ধত এটা ঢোল আৰু সোঁ হাতত এডাল মাৰি লৈ বিহুৱাৰ প্ৰায় সম-বয়সীয়া ভেকোলাৰ প্ৰবেশ।)
বিহুৱা। অ’ ভেকোলাকাই দেখোন! পিচে কান্ধত ঢোলটো লৈ গৈছিলি ক'লৈ?
ভেকো। এঃ! কিনো কবি! ঢোলটোৰ এই ফালে ফুটা এটা ওলাল, তাকে সৌ নদাই বায়নৰ হতুৱাই নকৈ চোৱাই আনিলোঁ। এইখিনি কাম কৰোঁতেই দুটকা ল'লে। •
বিহু। আজি কালি অকল পইচাৰ হে শৰাধ। পিচে বজাই চাইছিলি জানো? নামাতেই বা?
ভেকো। বজাই নোচোৱাকৈ তাক পইচা দিছোঁ নে!মোক তেনে হেবাংবুলি নাভাবিবি।
বিহু। বাৰু এবাৰ বজাচোন শুনো।
ভেকো। নাচনি নহ'লে মিছাতে কি বজাবি?
বিহু। মিছাতে নহয়, মই নাচিম ঢোলটো দেখিয়েই মোৰ গা উঠি আহিছে।
( গা ভাঙি ই কাতি সিকাতি কৰে। )
ভেকো। বাৰু তেন্তে।
(ভেকোলাই হাতেৰে মোহাৰি ঘূণ দিয়াখিনিত ভুকুৱাই ঠিক কৰি লয়; বিহুৱায়ো কাপোৰ-কানি সামৰি লয়। তাৰ পাচত ভেকোলাই চেও মাৰে, বিহুৱাই নাচে।)
ভেকো। হ'ল আৰু। বাটৰ মাজত কি বিহু পাতিবি। লোকে বয়া বুলিব। [ ২০ ] বিহু। মোৰ হ'লে লোকে ভাল বোলা বেয়া বোলালৈ কথা নাই। ক'ৰবাত ঢোলৰ চেও শুনিলে আনহে নালাগে ভাতৰ পাততো নাচোন উঠি আহে। বাৰু তোৰ আমনি লাগিল যদি থাওক।
ভেকো। অ' পিচে তোক সুধিবলৈকে পাহৰিছো,—তে- ৰে-ৰে ৰাগটানি আহিলি ক'ৰ পৰা?
বিহু। মই গৈছিলোঁ শিৱ বৰুৱাৰ ঘৰলৈ।
ভেকো। কিয়?
বিহু। কাম আছিল খাজানাৰ বাবে সিদিনা মৌজাদাৰৰ টেকেলাই ঘৰ কোৰোক কৰিলে। উপায় নাপাই বৰুৱাৰ পৰা ৰূপ একুৰি ধাৰে লৈ লেঠাটো মাৰি আহিলোঁ।
ভেকো। লেঠাটো মাৰিলি ভাল হ'ল। এতিয়া যিমান সোনকালে পাৰ তেওঁৰ ধাৰটোও মাৰিবলৈ চাবি। সুত কেনেকৈ?
বিহু। মাহে টকাত এক অনা।
ভেকো। তেওঁৰ টকা ধাৰ কৰাও বিপদ, নকৰিলেও সময়ত উপায় নাই। এনেয়ে তেওঁৰ সুতো সৰহ, আকৌ ঘৰতো খাটি দিব লাগে। আজি ক’ব হাল এখন বাই দে, কালিলৈ ক'ব ঘৰটোৰ মূধচটো কৰি দে, পৰহিলৈ ক'ৰ বোলে শাকনিৰ ভেটাখন দে,—এই অনুক্ৰমে বছৰত দুই-তিনি মাহমান তেওঁৰ ঘৰত কাম কৰিব লগা হয়। ইফালে সুতৰ এটা পইচাও নেৰে। মই সেইখন ফলা পঢ়ি থৈছোঁ। [ ২১ ] বিহু। তেনেকৈয়ে তেওঁ গাৱঁৰ দুই-এজনৰ বাহিৰে সকলোকে বহতীয়া কৰি ৰাখিছে। সকলোৱেই পেটে পেটে তেওঁক বেয়া পায়, মুখৰ আগত মাতিবলৈ হ'লে কাৰো সাহ নাই।
ভেকো। অকল লোকনাথৰেই সাহ আছিল। পিচে কি হ'ব! তেওঁ হ’ল দুখীয়া। ৰাইজে তেওঁৰ কথাত হয় হয় হে কৰে, কিন্তু কাম কৰে শিৱ বৰুৱাৰ কথামতে। ইস্কুলখনৰ কথাটোকে চাচোন; লোকনাথে ৰাইজক মাতি ক'লে বোলে আমাৰ সকলো লৰা-ছোৱালীয়ে লিখা-পঢ়া শিকা উচিত। নিলগৰ স্কুলত তেনে সুবিধা নহয়। সেই দেখি গাৱঁতে সকলো লাগি-ভাগি এখন ইস্কুল পাতিব লাগে। গধূলি গধূলি তেওঁ নিজে পঢ়াবলৈকো গাত ললে। ৰাইজে বৰ ভাল কথা বুলি পিচ দিনাৰে পৰা কামত লাগিবলৈ ঠিক কৰিলে। এনেতে পালেহি শিৱ বৰুৱা। তেওঁ যেই নালাগে বুলি ক'লে তেতিয়াই সকলোৰে মাত হৰিল।
বিহু। তেওঁক নো নালাগে কিয়?
ভেকো। মোক যে সুধিছ, তই জানো নাছিলি?
বিহু। এৰা মই যাবলৈ নহ'ল। মোৰ ঘৰত লৰা- ছোৱালী নায়েই যেতিয়া, বোলো গৈ নো কি কৰিম!
ভেকো। শুন তেন্তে। বৰুৱা আহিয়েই ক'লে বোলে নতুন স্কুল পতাতকৈ যিবোৰ আছে তাৰো কিছুমান উঠাই হে দিব লাগে। এতিয়া দুই তিনি মাইল আঁতৰত ইস্কুল থাকোঁতেই [ ২২ ] হালোৱা এটাও পাবলৈ নোহোৱা হৈছে, মৈমনচিঙীয়া কেইটা নোহোৱা হ'লে খেতিয়েই গ'লহেতেন। এতিয়া আকৌ গাৱঁতে ইস্কুল হ’ব লাগিলে গৰখীয়া লৰা এটাও পাবলৈ নোহোৱা হ’ব। তেতিয়া গৰু-গাই ৰাখিব নোৱাৰিলে খেতি-পথাৰ কৰিব কিহেৰে? আকৌ আটাইবোৰ হালোৱা-চহা পঢ়ি-শুনি বাবু হৈ গ'লে খেতি কৰিব কোনে? তেওঁৰ কথা শুনি ৰাইজেও ততালিকে আগৰ মত সলাই পেলালে। লোকনাথে আপত্তি কৰিলত বৰুৱাই তেওঁকো অপমান কৰিলে। তথাপি ৰাইজে নামাতিলে। মুঠতে লোকনাথ বিদ্বান হ'ব পাৰে, কিন্তু মানুহ হৈছে ধনৰ বশ।
বিহু। তেওঁনো বাৰু ইমান ধন ঘটিছে কেনেকৈ? গাওঁখনতে আক দহ টকা, তাক কুৰি টকা, কাৰবাক আকৌ এশ-ছকুৰি ধাৰে দিছে;— হাজাৰ বাৰ শৰ কম হ'ব নালাগে। সিফালে মৈমনচিঙীয়াকো দহ-বাৰ হাজাৰমান ধাৰে দিছে বুলি শুনিছোঁ। ইমান টকা তেওঁ পালে ক’ত!
ভেকো। কোনোৱে কয় বোলে তেওঁ চোৰাং কানিৰ কাৰবাৰ কৰে। কোনোৱে আকৌ কয় বোলে চোৰাই মাল ৰাখে।
বিহু। হ'ব পাৰে। আজি-কালি তেওঁৰ ঘাইকৈ মৈমনচিঙীয়াৰ লগত হে কাৰবাৰ। তেওঁৰ ঘৰত দিনে- ৰাতিয়ে এটা নহয় এটা মৈমনচিঙীয়া দেখিবাই।
ভেকো। বাপেকহঁতক চিনা নাই। কেতিয়াবা ঠিক কৰি দিব। [ ২৩ ] বিহু। দিয়া হ'লে ভালেই আছিল। তেতিয়া মই নাচি ফুৰিলোঁহেতেন।
ভেকো। ময়ো ঢোলত চেও মাৰিলোঁহেতেন।
বিহু। তেন্তে আহ, আজিয়েই বাটে বাটে আখৰা কৰি যাওঁ।
ভেকো। ব'ল।
( ভেকোলাই ঢোল বজায়, বিহুৱাই নাচে আৰু তেনেকৈয়ে দুয়ো ওলাই যায়।)
মজিয়াত চাপৰ চালপীৰা এখনত এটা নগা ঢাৰী পৰা। তাৰ
ওপৰত এখন কম্বল আৰু এটা গাৰু। পাটীত ভকতৰামৰ
পোন্ধৰ বছৰীয়া লৰা সৰুকণ শুই থাকে; মাজে
মাজে ছটফট কৰে। ওচৰতে পীৰা এখনত
বহি ভকতৰাম। মূৰৰ তলত এটা
তামোলৰ ঢকুৱা দি লোকনাথে
পানী ঢালি থাকে।
লোক। ই কথাই কথা নহয় : এজন ভাল ডাক্তৰ আনিব লাগে। জ্বৰ ১০৪ ডিগ্ৰীৰ তললৈ অহাই নাই। কাহো আছে, বুকুৰ বিষো আছে। মনোমোহনৰ দ্বাৰা একো নহয়। সি ডাক্তৰি কি জানে! মিছাকৈয়ে ডাক্তৰ বোলাই গাৱঁৰ মানুহক ঠগি পইচা খাই আছে। [ ২৪ ] ভকত। মাজে মাজে তাৰ চিকিৎসাতে দুই এটা ভাল হোৱাও দেখিছোঁ নহয়।
লোক। একেবাৰেই চিকিৎসা নকৰাকৈ জানো দুই-এটা ভাল নহয়? মুঠতে আয়ুসত জোৰ থকা দুই এটাক সি মাৰিব নোৱাৰে, ইমানেই।
( হাতত ষ্টেথ'স্কোপ লৈ মনোমোহনৰ প্ৰবেশ।)
মনো। আজি কেনে আছে?
মনো।কেনে থাকিব! ৰাতি পৰ দিহে আছোঁ। গাত হুঁচ নাই। একোবাৰ কিবাকিবি বকে; উঠি যাব খোজে।
মনো। ঔষধ নিয়মমতে খুৱাইছিলা নহয়?
ভকত। খুৱাইছিলোঁ। পিচে বেমাৰ কমক ছাৰি বেচিহে আপোনাৰ পাকৰ নহয় যেন হে পাওঁ।
মনো। বাৰু, মই চাওঁ।
( প্ৰথমেই থাৰ্ম্মোমিটাৰ দি চায়। তাৰ পাচত ষ্টেথ'স্কোপেৰে বুকু পৰীক্ষা কৰে। )
সৰুকণ। মই যামেই, মোক এৰি দে।
মনো। প্ৰলাপ বকিছে। টেম্পাৰেচাৰ ১০৪°! নিশ্চয় টাইফয়েড-সন্নিপাত জ্বৰ।
লোক। আপুনি বুকুখন ভালকৈ চাওক। মোৰ সন্দেহ হৈছে। কাহ আছে, বুকুখন ছুবলৈকে নিদিয়ে। হাঁওফাঁওৰ কিবা দোষ থকা যেন লাগে। [ ২৫ ] মনো। নই, হাঁওফাঁওত একো নাই। বাৰু,আকৌ এবাৰ চাওঁ।
( আকৌ ষ্টেথ'স্কোপ দি চাই ) নাই, হাঁওফাঁও একেবাৰেই পৰিষ্কাৰ। মই এতিয়া যাওঁ। ঔষধ আনিবলৈ মানুহ পঠিয়াই দিবা।
( প্ৰস্থান।)
লোক। ইয়াৰ দ্বাৰা চিকিৎসা কৰালে ফল ভাল নহ'ব। একেটা বেমাৰকে ই চ’ঠা দিনা পাতিলে পেলুৰ দোষ, পৰহি আই, কালি মেলেৰিয়া আজি আকৌ হ’ল টাইফয়েড়। মুঠতে ই বেমাৰ ধৰিব নোৱাৰে। চিকিৎসা কৰিব কি!
ভকত। মই হ'লে বেমাৰটো ডাক্তৰৰ পাকৰ নহয় যেন হে পাইছোঁ। সেই দেখি পেটুৱা বৈদ্যলৈ খবৰ পঠাইছোঁ।
লোক। এইদৰে পলম কৰিবৰ হ'লে পিচত ভাল কৰা টান হ'ব। আজি এজন ভাল ডাক্তৰ সৌ ফালে ৰোগী চাবলৈ যাব। ঘূৰি আহোঁতে তেওঁ মোৰ ঘৰত সোমোৱাৰ কথা আছে। তেওঁ মোৰ বন্ধু। তেওঁক এবাৰ দেখুৱাম বুলি ভাবিছোঁ। কি কোৱা?
ভকত।বেজে নো কি কৰে চাওঁচোন।
লোক। ডাক্তৰ অহাত পলম হ'ব। ইয়াৰ ভিতৰতে কি চোৱা চোৱাঁ।
(পেটুৱা বৈদ্যৰ প্ৰবেশ। তেওঁৰ কান্ধত এখন জোলোঙা। তাত গুঁই-ছালেৰে মেৰিওৱা কেইবাখনো পুথি। হাতত এডাল সৌকাৰ লাখুটি।) [ ২৬ ] ভকত। অ' বৈদ, আহক।
( নৰিয়াৰ ওচৰতে ঢাৰী এখন পাৰি দি) বহক।
(বেজে জোলোঙাখন নমাই থৈ বহে।)
সৰু। খালে! খালে! এৰি দে। এৰি দে।
পেটুৱা। ( একে থৰে কিছু সময় চাই থাকি ) ওঁ, বুজিছোঁ। পিচে কেতিয়াৰ পৰা জ্বৰ।
ভকত। কেইদিনমান আগৰে পৰা পানী লাগিছিল। জ্বৰ বেচি নাছিল। চ’ঠাদিনা দুপৰীয়া সেই মৰিশালিখনৰ ফালে বাহিৰ ফুৰিবলৈ গৈছিল। ঘূৰি অহাৰ লগে লগেই একেবাৰেই তই থাক মই থাক জ্বৰ। ছটফটাই থাকে, বকে, উঠি যাব খোজে।
পেটুৱা। এওঁ এলাপেচা ভকত নহয়; আচল শাসন শলীয়া। পিচে মই পাইছোঁহি যেতিয়া ভয় নাই, মই তাৰ সৈ লোৱাইহে এৰিম। এমুঠি বিহলঙনি আনা। ইয়াৰ ভিতৰতে ভাল জলা চাই কেইটামান ভোট জলকীয়া আৰু এটা বা দুটা কুমটি বিচাৰি থ’বা। ই যদি সহজে নাতৰে চকুত জলকীয়া দিব আৰু নাইত কুমটি মেলিব লাগিব।
লোক। মই ঘৰলৈ যাওঁ, ডাক্তৰ আহিব পাৰে। যদি আহে লৈ আহিম।
(প্ৰস্থান)
( ভকতৰামে ৰূপ এটকা আৰু তামোল-পাণ এজোৰেৰে ভোজনী এটা আৰু বিহলঙনী একোছাৰে সৈতে ডাঙৰ বটা এটা [ ২৭ ] আনি বেজৰ আগত থয়। বেজে জোলোঙাৰ পৰা পুথি এখন উলিয়াই বটাৰ ওপৰত মেলি লয় আৰু মন্ত্ৰ গাই, বিহলঙনীৰে কোবাই জাৰিবলৈ ধৰে। )
পেটুৱা। শ্ৰীকৃষ্ণায়ে নমো৷ শ্ৰীধন্বন্তৰিয়ে নমো। (ফু) ঘৰে ঘৰে অভকতীয়া জাতি। তোৰ জানো জনম জাতি। মিৰিৰ মদৰ হাড়িত ভৈলি উতপতি। মিৰিয়নীয়ে কোবালে বাঢ়নিৰে পাই। বাঢ়নিৰ কোব খাই বাঁহৰ তলক গৈলি। বাহিৰ ফুৰোঁতে মনুষ্যক পাইলি। আসুৰী দেৱক বান্ধোঁ। চমাই দেৱক বান্ধোঁ। মিৰিনী দেৱক বান্ধোঁ। ঘোলুক দেৱক বান্ধোঁ। ধক্ ধকীয়া দেৱক বান্ধোঁ। ভোবোৰা দেৱক বান্ধোঁ। জালোৱা দেৱক বান্ধোঁ। পগলা দেৱক্ বান্ধোঁ। কুকুৰ দেৱক বান্ধোঁ। স্বাহা স্বাহা। মোৰ হাক,পাৰ্ব্বতীৰ ডাক। সবে দেৱগণ বন্দী হৈয়া পৰি থাক। (ফু) পূবে বান্ধোঁ, পশ্চিমে বান্ধোঁ, উত্তৰে বান্ধোঁ, দক্ষিণে বান্ধো, অগ্নিয়ে বান্ধোঁ, বায়বে বান্ধোঁ, ঐশানে বান্ধোঁ, নৈঋতে বান্ধোঁ, অধে বান্ধোঁ, উৰ্দ্ধে বান্ধোঁ, বান্ধি থওঁ আপোনোৰ গাওঁ। সবে দেৱতাগণ থাক বান্ধত পৰি। মই আহোঁ গুৰু সেৱা কৰি। মোৰ হাক, গুৰুৰ ডাক, নাথাকিবি ভূত-প্ৰেত-দানৱজাক। হুংহুঙ্কাৰ ছাৰি যা লঙ্কাৰ পাৰ। নাহিবি অমুকাৰ সীমা-সঞ্চাৰ। ( ফু)।
সৰুকণ। মই যাওঁ। মই যাওঁ। এৰি দে। এৰি দে।
পেটুৱা। (হেঁচা মাৰি ধৰি) সৈ লৈছে। তাক খেদাবলৈ আৰু বেচি পৰ নালাগে।
২ [ ২৮ ] ভকত। ৰাতিও যাও যাওঁ কৰিছিল আৰু উঠি যাব খুজিছিল।
পেটুৱা। সেইবোৰ তাৰ দুষ্টালি। এতিয়া আৰু সেই দুষ্টালি নাখাটে। (সৰুকণক) যাব খুজিছ, ভাল কথা। তই ক’ৰ পৰা আহিছিলি ক। ( অলপ ৰৈ থাকি) কি! নকৱ বাপেৰক চিনি পোৱা নাই!
(পুথিখন জপাই জোলোঙাত সুমায় আৰু আন এখন উলিয়াই মেলি লয়। তাৰ পাচত ৰোগীৰ পেটত হাতেৰে খামুচি চিঞৰি চিঞৰি জাৰিবলৈ ধৰে। ৰোগীয়ে মাজে মাজে হাত ভৰি আছাৰি ছটফট কৰে।)
পেটুৱা। শ্ৰীকৃষ্ণায়ে নমো! শ্ৰীধন্বন্তৰিয়ে নমো। যৈসানি দক্ষৰ দুহিতা দেহ এৰিলা। ক্ৰোধত মহাদেৱে জঁটা ছিড়ি সিঞ্চি দিলা। সেহি জঁটা হন্তে ভূতগণ বাজ হৈলা। তেতিক্ষণে দক্ষৰ পালি-প্ৰহৰীক বধ কৰিলা। মহাদেৱক পাচে বুলিল গোসাঁই। আমি কৈক যাওঁ, থাকোঁ কেন মতে খাই। শুনি মহাদেৱে বোলে নানাৰূপ ধৰি। জলসাই, থলসাই, হীৰা, বীৰ, আদি কৰি। ভূত-প্ৰেত-পিশাঞ্চ-বেতাল।ব্ৰহ্মদৈত্য, কবহু মহাকাল। তিনি-মুনি বাটত, শ্মশান-শালিত লৈবি ঠাই পোতা নাদ-পুখুৰীত থাকিবি সোমাই। বৰ গছৰ পেৰেঙনি থাকিবি বহি। ভৰত ডাল-পাত পৰিব খহি।থাকিবি তাতে হই ময়া। যদি কোনোবাই গছকে ছয়া। লম্ভিবি তেতিক্ষন দেহাত তাৰ। তেজ মাংস চুহি খাবি দেহাৰ। কোনোবাই যদি [ ২৯ ] কয় উৎপত্তি-কথা। তিলেকো নাথাকিবি তথা। শুন শুন ভূত দুয়ো কাণ পাতি। মই জানো তোৰ জনম-জাতি। এতিক্ষণে ঐৰ পৰা অন্তৰ। নতু মহাদেৱৰ ত্ৰিশূলত পৰি মৰ। মোৰ হাক গুৰুৰ ডাক। নাথাকিবি ভূত-প্ৰেত-দানৱজাক। হুংহুঙ্কাৰ ছাৰি যা লঙ্কাৰ পাৰ। নাহিবি অমুকাৰ সীমা সঞ্চাৰ। (ফু)।
সৰুকণ। আই ঔ! মৰিলোঁ ঔ! এৰি দে ঔ!
পেটুৱা। এৰিব লাগে যদি ক ক'ৰ পৰা আহিছ।
(লোকনাথ আৰু ডাক্তৰ ফুকনৰ প্ৰবেশ।)
লোক। আপুনি অলপ ৰ'বচোন। এওঁ এবাৰ চাওক।
পেটুৱা। চাব পাৰিব, কিন্তু বেমাৰটো এওঁৰ পাকৰ নহয়। আচল শাশনশলীয়াই পাইছে। সি এই অলপতে সৈ লৈছিলেই।
লোক। এওঁ এতিয়া চাব হে মুঠেই, আন একো নকৰে। আপোনালোকে যি কৰে কৰি থাকিব।
পেটুৱা। মাজতে আমনি কৰিলে তাক খেদোৱাত পলম হ’ব। আজিলৈ ডাক্তৰ লগোৱাটো এৰাইচোন।
লোক। ডাক্তৰ লগোৱা নলগোৱাটো পিচৰ কথা। তথাপি হাততে ডাক্তৰজন পাইছোঁ যেতিয়া, এবাৰ দেখুওৱা উচিত বুলি ভাবিছোঁ। ( ভকতৰামক} কি কোৱা, ককাই?
ভকত। মই নো কি জানো! কৰা যি ভাল দেখা তাকে।
লোক। (ডাক্তৰক) আপুনি কাৰো কথালৈ কাণ দিব নালাগে। এবাৰ ভালকৈ পৰীক্ষা কৰি চাওক। [ ৩০ ] ডাক্তৰ। ( প্ৰথমতে উত্তাপ জুখি তাৰ পাচত ষ্টেথ'স্কোপেৰে বুকুখন ভালকৈ পৰীক্ষা কৰি চাই) ডবল নিউমোনিয়া। বেমাৰ বহুতো আগ বাঢ়িল। কোনে চিকিৎসা কৰিছিল?
ভকত। আমাৰ গাৱঁত থকা মনোমোহন ডাক্তৰে।
ডাক্তৰ। সি ডাক্তৰ হ’ল কেতিয়াৰ পৰা? নিউ ফাৰ্ম্মেচীত কেইদিনমান কম্পাউণ্ডাৰ আছিল। তাতেই সি ডাক্তৰ হ’ল নে সি জানো বেমাৰ চিনি পায়? সি নিজৰ ব্যৱস্থা-মতে ঔষধ দিয়ে বুলি প্ৰমাণ দিব পাৰিলে তাৰ শাস্তি হব। তাৰ চিকিৎসাত বেমাৰী মৰিলে যদি কোনোবাই মোকৰ্দ্দমা কৰে তেন্তে সি যে অকল ক্ষতিপূৰণেই দিব লাগিব এনে নহয়, ফাটেকো খাটিব। এনে মানুহৰ হতুৱাই চিকিৎসা কৰোৱাতকৈ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি বহি থকাই ভাল।
লোক। সি যে একো নাজানে তাত সন্দেহ নাই। বেমাৰৰ লক্ষণ দেখি নিউমোনিয়া বুলি মই আগতেই সন্দেহ কৰিছিলোঁ। পিচে সি বাৰে বাৰে পৰীক্ষা কৰিও কয় বোলে কলিজা বা হাওঁ ফাঁওৰ দোষ সমূলি নাই। ব্যৱহাৰ নজনাকৈ যে সি ষ্টেথ'স্কোপ ডাল লৈ ফুৰায় সেইটো সন্দেহ মোৰ তেতিয়াই জন্মিছিল।
ডাক্তৰ। ব্যৱহাৰ জানক বা নাজানক, সেইডাল লৈ নুফুৰালে সি ডাক্তৰ বুলি মানুহক ফাকি দি ফুৰিব কেনেকৈ!
লোক। পিচে বেমাৰৰ গঢ় কেনে দেখিলে?
ডাক্তৰ। তথাপি এতিয়াই চিকিৎসা আৰম্ভ কৰিলে ভাল হোৱাৰ সম্ভাবনা আছে। পলম কৰিলে [ ৩১ ] কিন্তু একো ফল নহ'ব। আপোনালোকে যদি মোৰ কথা মানি চলে মই চিকিৎসা কৰিব পাৰোঁ। যদি সেয়ে হয়, ঔষধ আনিবলৈ কোনোবা এজন এতিয়াই মোৰ লগত যাব লাগিব। ঔষধৰ বাহিৰেও পথ্যলৈ বিশেষ চকু দিব লাগিব। হৰ্লিকচ, গ্লুকজ, বাৰ্লি আদি লাগতিয়াল পথ্য নহলেই নহয়।
ভকত। আজি দিনটো বাট চালে নহয় নে?
ডাক্তৰ। নহয়। এতিয়াই বৰ পলম হৈছে। ততালিকে চিকিৎসা আৰম্ভ কৰিব পাৰিলেহে মই চিকিৎসা হাতত ল’ম। বাজলৈ উলিয়াবৰ সময়ত ঔষধ দি মই বদনামৰ ভাগী হ’ব নোৱাৰোঁ।
লোক। কি কোৱাঁ ককাই? যদি ডাক্তৰৰ কথা শুনা, কোৱাঁ, ময়ে ঔষধ-পাতি আনিবলৈ যাওঁ। নহ'লে যি ইচ্ছা কৰাঁ, মই আৰু ইয়ালৈ নাহোঁ।
পেটুৱা। মাজতে এইখন আহুকাল নোহোৱা হ'লে ইমান পৰে সি সাত ঢাপৰ বাহিৰ হ’ল হেতেন।
ডাক্তৰ। (ভকতক) মোৰ কথামতে চলিবা নে নচলা কোৱাঁ।
(লোকনাথে ভকতক এফলীয়াকৈ মাতি নি কিবা কয়।)
ভকত। চলিব লাগিব আৰু।
ডাক্তৰ। ভাল কথা। কি কৰিব লাগিব সকলো মই লোকনাথ বাবুৰ আগত কম। তেওঁ যি কয় সেইমতেই চলিবা। এতিয়া প্ৰথম কথা হৈছে তোমালোকে ৰোগীৰ ওপৰত কোনো [ ৩২ ] অত্যাচাৰ নকৰিবা। অকল মূৰত চেঁচা পানী ঢালিবা আৰু বিচিবা। বুকুত পচতীয়া-পাতেৰে সেঁক দিব পাৰা। মই আহিলোঁ।
(ওলাই যায়)
লােক। ময়াে আহিলোঁ; ঔষধ-পাতি লৈ আহোঁ। তােমালোকে কিন্তু ডাক্তৰে কোৱামতে কাম কৰিবলৈ নাপাহৰিবা ওলাই যায়।
পেটুৱা । (ভকতক) তুমি তেনেহ'লে ডাক্তৰ লগাবাই ।
ভকত ! নলগাই কি কৰিম !
পেটুৱা। যদি ডাক্তৰকেই লগােৱা, মিছামিছিকৈ মােক মাতিছিলা কিয় ? সি লােকনাথে ইংৰাজী পঢ়ি আমাক নমনাই হ'ল, আৰু তােমালোকে দেখি-শুনি থাকিও তাৰ কথাতে হয়ভৰ দিলা !
( কথাৰ লগে লগেই পুথিখন আৰু ভােজনীৰ সামগ্রী জোলোঙাত ভৰায় ; টকাটো জেপত সুমায় ।তাৰ পাচত লাখুটিডাল লৈ থিয় হৈ । বাৰু দেখা যাওকচোন, দৰব কটিয়া কেনেকৈ ভূত খেদায়! আকৌ যেতিয়া পেটুৱাৰ ওচৰলৈ লৰিবা তেতিয়া সােৱঁৰাম।
( উচাট মাৰি গুচি যায়।)
পট
⸺
প্ৰথম। কাল জোৰ-জুলুম কৰ্ ছিন, আমি দড়ায়াম মনে কৰ্ ছিন।
দ্বিতীয়। মড়লে বৈছিন যে এই বচ্ছৰ খেত-খলা কৰ, চামনে বচ্ছৰ পট্টা পাইবা; আমি দেই দিয়াম; তোমৰা তাৰ জন্যে চিন্তা কইৰো না।
তৃতীয়। বাৰ বিঘা মাটি জংগল আছিন। এই মাটিডা দিলে ছয় শ টেহা দিবাৰ কতা আছিন। তাৰপৰ এক শ টেহা আগে দেওয়া ঐছিন। টেহা পাইবাৰ লোভে এতখানি কৰবাৰ মনে আছিন।
প্ৰথম। চিন্তা কইৰা দেহলাম আমাৰ কিন্তু লোকচান পৰ্ ত না এবং যদি কিনবা চাই তা ঐলে বাৰ তেৰ শ টেহা পৰবে।
দ্বিতীয়। এহন পট্টাদাৰে কোনডা যে কৰে তা তো কইয়া হাৰবাৰ পাৰি না। খদাই জানে তা।
তৃতীয়। কি কৰ্ বাম! শিৱ বৰুৱাই কৈছে হে সাহায্য না কৰ্ লে কুনু কৰ্ বাৰ কতা না। হি তো আমাৰ দিগেই টান টানে। অহন্ কিজানি তাৰা সবেই জানে। [ ৩৪ ] (মোবাৰক, লোকনাথ আৰু দহ জন অসমীয়া ডেকা মুচলমান অলপ দূৰত সোমায়। মৈমনচিঙীয়াহঁতে নেদেখাকৈ ডেকা কেইজন সিহঁতৰ পিচফালে হাবিত সোমায়। মোবাৰক আৰু লোকনাথ আগ বাঢ়ি যায়।)
মোবাৰক। হেৰৌ কেলেহুৱাহঁত! তহঁতে ইয়াত কাৰ হুকুমত মাটি ভাঙিছ? বাপেৰৰ ঘৰৰ মাটি পাইছ নে কি?
প্ৰ, মৈ। জংগল মাটি, এম্নি পইৰা আছে, আমি বাইঙা-তাইঙা লৈছি।
মোবাৰক। জংঘলীয়েই হ'ল বাৰু, লোকৰ পট্টাৰ মাটিত সোমালি কিয়?
দ্বি, মৈ। আগে পট্টা কে লাইগা কৰ্ ছিন না কৰছিন হেটা আমি কি জানি! আমি বাংছি কত কষ্ট-মষ্ট ক’ইৰা, অহন আমাৰেই। এই মাটি যদি যায়েগা জীবন থাক্ তে ছাড়্ তাম না কিন্তু।
মোবাৰক। বাৰু তোৰেই হওক, বা তোৰ বাপেৰৰেই হওক, এতিয়া ভালে ভালে ওলাই যাবি নে নাযাৱ ক।
তৃ, মৈ। অহন আমাৰে কয় যে উইটা যাও। তোমৰা মনে কৰ অহন যাইতাম গা। কে লাইগা আমি যাইতাম! আমি ছাইড়া যাইবাৰ লাইগা অত কষ্ট-মষ্ট কৰ্ ছি, এটা কুনু ঠাট্টা না। (লগৰীয়াকেইটাক ) তোমৰা বেহেই আমাৰ কাছে থাইক, দেহি কে কি কৰে।
মোবা। তহঁতে নেৰ? [ ৩৫ ] প্ৰ, মৈ। তোমাৰ যা মনে তাই কৰ। আমি কিন্তু যাইতাম না।
মোবা। মই ভালে ভালে কৈছোঁ, তহঁত ইয়াৰ পৰা ওলা। নহ'লে কথা ভাল নহ’ব।
দ্বি, মৈ। আমি যাইতাম না! বেশী যদি ছুটৰ বটৰ কৰ তা অ'ইলে দুই এক আসামীয়া কাল্লা কাইটা পৰে যদি যায়।
মোবা। কি! অসমীয়াৰ গলা কাট! ধৰ ইহঁতক, বান্ধ।
( তৎক্ষণাৎ অসমীয়া ডেকাসকল হাবিৰ পৰা ওলাই দুই-তিনটাই একোটাকৈ মৈমনচিঙীয়াক ধৰে; হাতৰ দা কাঢ়ি লয় আৰু পিচলৈ হাতকৈ বান্ধে।)
যা, ইহঁতক লৈ যা; সৌ নৈৰ পানীত হাত-ভৰি বান্ধি পেলাই দে। তাতে সিহঁতে পানীৰ তলত মাটি দখল কৰক।
(ডেকাকেইজনে সিহঁতক টানে আৰু দুই-চাৰিটা চৰ-চাপৰ মাৰে।)
প্ৰ, মৈ। তোমৰা আমাৰে ছাইড়া দেও। আমি যায়েম গা।
মোবা। নাযাওঁ বুলিছিলি নহয়!
দ্বি, মৈ। আমি যে তোমাৰ লগে এত তৰ্কবাদ কৰ্ ছি মড়লেৰ কতাই। মড়ল যাবাই যাবাই কইছিন, হেই বাই বাংছি। এইডাৰ মদ্যে আমাৰ কি দোষ?
মোবা। মণ্ডল কিমান টকা দিলি?
তৃ, মৈ। টেহা-টুহা দিছি না। [ ৩৬ ] মোবা। টকা দিয়া নাই! আকৌ মিছা কথা! এনেয়ে লোকৰ মাটি দেখুৱাই দিছে!
দ্বি, মৈ। পট্টা পাইলে দিবু কইৰা ক'ইছিন আমাৰে।
মোবা। হৈছে, হৈছে। আৰু নালাগে। এতিয়া যাবি নে নাযাৱ ক।
তিনিওটাই। যায়েম গাম।
মোবা। আকৌ ঘূৰি ইয়াত নোসোমাৱ?
তিনিওটাই। আৰ কুনু দিন আমি দহলেৰ মদ্যে আইতাম না।
মোবা। খোদাৰ কচম খা।
তৃ, মৈ। আমি এত কষ্ট কৰ্ লাম, তাৰ কি মইনা-খৰচ কিছু পাইতাম না?
লোক।(মোবাৰকক) কিছু দিয়া বোধ কৰোঁ বেয়া নহয়। কুলি লগালেও তো খৰচ পৰিলহেতেন।
মোবা। তোমালোকে লিখা-পঢ়া এনেয়ে শিকিলা। সিহঁতক বানচ দিলে আসৈ দিয়াহে হ'ব। সিহঁতে দিন-হাজিৰাৰ কাম কৰেই। এতিয়াও যদি সিহঁতে হাজিৰাটো পায়, তেনেহলে সিহঁতে এনে কাম কৰিবলৈ উছাহহে পাব, বোলে মাটি নাপালেও হাজিৰাটো পামেই। নাই, একো দিব নোৱাৰা। এনেবোৰ বিষয়ত দয়া-মায়াৰ কথা নাভাবিবাই। সিহঁতৰ আৰু বেচি হে শাস্তি হ'ব লাগিছিল। (মৈমনচিঙীয়াক) তহঁতে এক পাইও
নাপাৱ। লোকৰ জমি বেদখল কৰাৰ বাবে তহঁতেহে দণ্ড দিব লাগে। [ ৩৭ ]প্ৰ, মৈ। আচ্ছা, তোমৰা যদি নাও দেও তা অইলে আমাৰে খেদাইয়া দেও।
মোবা। খোদাৰ কচম খা আৰু নাহোঁ বুলি।
তিনিওটাই। খদাৰ কচম, আমি আৰ আইতাম না। আমাৰ কপালে যা আছিন তা অইছে'।
মোবা। দে, সিহঁতক মেলি দে।
এই বাৰ কেলেহুৱা বঙালে গম পাব পায়। পিচে বোপা, এটা কথা কওঁ। তোমালোক ভয়াতুৰ হ’লে ইহঁতৰ হাতৰ পৰা মাটি-ভেটি ৰখা টান হ’ব। জাত যোৱাৰ ভয়ত নিজৰ ঘৰ-বাৰী এৰা মানুহৰ কাম নহয়। ই ধৰ্ম্মও হ'ব নোৱাৰে। এই বাৰেই চোৱাঁ আমি তোমালোকৰ মাটিৰ পৰা সিহঁতক খেদাই দিলোঁ। কিন্তু তোমালোকৰ পৰা জানো আমি ইমানখিনি আশা কৰিব পাৰিম! তোমালোকৰ নিজৰ মাটি ৰাখিবলৈকে তোমালোকে ইহঁতৰ কাষ চাপিবলৈ সাহ নকৰা, আমাক আৰু কি তৰাবা! তোমালোকৰ পৰা সাহায্য নাপালে আমাৰ ডেকাহঁতে বা তোমালোকক সাহায্য কৰিব কিয়! সেই কাৰণে তোমালোক হিন্দু ডেকাসকলো সাহিয়াল হোৱাঁ; অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ বল গোটোৱাঁ; নিজৰ দুৰ্বলতা, ভীৰুতা লুকুৱাবলৈ জাত যোৱাৰ কথা কৈ ধৰ্ম্মৰ অবমাননা নকৰিবা। নিজক নিজে ৰক্ষা কৰিব নোৱাৰিলে আন কোনে ৰক্ষা কৰি দিব! মনত [ ৩৮ ] ৰাখিবা যি জাতিয়ে সময়ৰ লগত খোজ মিলাই আগুৱাব নোৱাৰে, সেই জাতিৰ অধঃপতন অনিবাৰ্য।
বগাকৈ বগলী উৰে কেনে কৰি
পাখিতে পাখি লগাই!
কাৰে নো উৰিব ডেকা চেঙেলীয়া
ডেকেৰী লগতে নাই!
হাঁহ হৈ পৰিম গৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিম গৈ চালত;
ঘাম হৈ বিৰিঙিম তোমাৰে কপালত
মাখি হৈ চুমা খাম গালত।
পুণাই। বোলো কাৰ গালত? নেনাই মেধিৰ জীয়েক চম্পাৰ নে আন কাৰবাৰ?
মদন। ক’ৰ চম্পা মই চিনি নাপাওঁ।
পুণাই। এৰা, হওঁতে এতিয়া চিনি নোপোৱাই ভাল। শুনিছোঁ চম্পাৰ লৰা এটা হোৱা আজি এসপ্তাহ হৈছে। তাৰ দিহা কি কৰিবা?
মদন। মই কি কৰিম! মই সেইবোৰ একো নাজানো। [ ৩৯ ] পুণাই। এনেয়ে নাজানিব পাৰা, পিচে মোকৰ্দ্দমা কৰে যদি?
মদন। খাবলৈ নোপোৱা নেনাই মেধিয়ে মোৰ ওপৰত মোকৰ্দ্দমা কৰে! তাৰ নাম নাজানো!
পুণাই। বাৰু সেইটো সেয়ে, এতিয়া আকৌ ক’ববাত নতুন চিকাৰ মিলিছে নে নাই?
মদন। থ, এইখন জানো তেনেবোৰ কথা পতাৰ ঠাই! এতিয়া সেইবোৰ কথা তল পেলা। পিচে তই দেখোন সত্ৰকে এৰিলি। ইমান দিন ক’ত আছিলি?
পুণাই। পামত। তোৰ দৰে বহি-শুই ধিতিঙালি কৰি খাবলৈ আমাৰ কপালত থাকিলে হে। পিচে তই এইবাৰ পাচ কৰিলি নে নাই?
মদন। নাই। মই তো পাচ কৰিবলৈ পৰীক্ষা দিয়া নাই। দেউতাৰ কথা পেলাব নোৱাৰি মুঠেই বছৰে বছৰে হাজিৰ হৈ আছোঁ। মোৰ খাবলৈ নাই নে পিন্ধিবলৈ নাই, তাতে দিনে- ৰাতিয়ে কিতাপ মুখস্থ ক'ৰি মৰিবলৈ যাম! পৰীক্ষা পাচ কৰা কাম সেই লোকনাথৰ নিচিনা মানুহৰ। তাৰ দুবেলা দুসাজ খাবলৈ নাই; আমোদ-প্ৰমোদত যোগ দিবলৈ হাতত পইচা নাই; ডাঙৰ মানুহৰ লৰাৰ লগত তাৰ ঠাই নাই। সি আৰু কিতাপ পঢ়াৰ বাহিৰে আন কিটো কৰিব!
পুণাই। অকল সেয়ে নহয়; পাচ কৰিব নোৱাৰিলে আগলৈকো তাৰ খোৱামুঠি মিলাই টান। সেই দেখি হে সি পঢ়াতেই কোঢ়ামুঠীয়াকে লাগিছে। [ ৪০ ] মদন। কিতাপ পঢ়ি পঢ়ি ভাব মগজু বেয়া হোৱা যেন লাগিছে। ডেকা তেজ তাৰ গাত সমূলি নাই। কোনোবা লগৰীয়াই কোনোবা গাভৰু ছোৱালীৰ কথা একেষাৰ উলিয়াব হে লাগে, সি দলকে এৰি পলায়। সিদিনা সেই ফালৰ পৰা জাকৈয়া ছোৱালী কেইজনীমানে কিবাকিবি ধেমালি কৰি ঠেলা-হেঁচাকৈ আহি আছিল, সি গৈছিল এই ফালৰ পৰা। মই সি নো কি কৰে, মনে মনে চাই আছিলোঁ। সি দেখোন সিহঁতৰ ওচৰ পাবলৈ দুনলমান থাকোঁতেই ফালৰি কাটি সেই হোলাত নামিল। ছোৱালীহঁত পাৰ হৈ আহিলত হে আকৌ আলিলৈ উঠিল। তাৰ সাহটো দেখি মোৰ হ'লে উকটি উকটি হাঁহি উঠিছিল। ছোৱালীহঁতেও ফিচিঙাফিচিঙি কৰি হাঁহি গ'ল।
পুণাই। গাভৰু ছোৱালী দেখি যি ভয় খায়, সিও আকৌ পুৰুষ! এনে মানুহৰ পৰাই আমাৰো মান-ইজ্জত নষ্ট হয়?
মদন। মোৰো সেয়ে কথা। সংসাৰত সুখেৰে দিন নিয়াবৰ প্ৰধান সামগ্ৰীয়েই হ’ল মদ আৰু মাইকী। যাক এই কেইটা নালাগে সি মানুহৰ মাজত থকাই উচিত নহয়। মানুহ পৰ্ব্বতৰ গুহাত নাইবা হাবিৰ মাজত সোমাই থাকিব লাগে।
পুণাই। সেইবোৰ আলচ কৰিলে কি হ'ব! আমাৰ নিজৰ কথালৈ অহা যাওক। এই দোকানত থকা আমাৰ পুৰণি আড্ডাটো আজি কালি আছে নে নাই? [ ৪১ ] মদন। থকাত আছে। পিচে তয়েই নোহোৱা হলি। কি হ'ব? কোনোমতে ঢিমা-তেতালাত চলি আছে।
পুণাই। মই ভাবিছিলোঁ বোলো তই এইবাৰ মেট্ৰিক পাচ কৰিলি;আজি তোৰ পৰা এটা ‘ফীষ্ট' আদায় কৰিম। পিচে—
মদন। পাচ কৰাৰ লগত ফীষ্টৰ সম্বন্ধটো কি!লোকনাথৰ লগত একেলগে পঢ়িছিলোঁ। পাচ কৰা হ'লে ময়ো কলেজলৈ যাব লগাত পৰিলোহেতেন। তেতিয়া লগৰীয়া, ‘ফীষ্ট', আমোদ-প্ৰমোদ,নাচ-গান,মজলিচ—সকলোবোৰ এৰিব লাগিলহেতেন। সেই দেখিয়েই তো মই পাচ কৰিবলৈ চেষ্টাকে কৰা নাই। নহলে পাঁচ বাৰ মেট্ৰিক্যুলেশ্যন দি ফেইল কৰোঁ নে!
পুণাই। পাচ কৰি নো কিটো কৰিবি! দেউতাৰৰ ইমান মাটি-বাৰী, ইমান ধন-সম্পত্তি খায় কোনে! তাতে তই হ'লি একেটা ল'ৰা, অকল বহি-শুই খাই থাকিলেও তোৰ সম্পত্তি নুঢুকায়। ফীষ্টৰ আয়োজন তেন্তে আজিয়েই হওক।
মদন। সেইটো নো কি বৰ কথা! মুঠেই তই আন আন লগৰীয়া কেইজনকো খবৰ দিব লাগিব। আয়োজন কৰিবলৈ দোকানী আছেই। ধৰম!
( ভিতৰৰ পৰা )—কি কয়?
মদন। এতিয়াই এটা পাঠা যোগাৰ কৰিব পাৰিবি? গধূলিলৈ ‘ফীষ্ট হ’ব। [ ৪২ ] ধৰম। পৰাত পাৰিম, দাম হে কিছু বেচি পৰিব। মদন। কুচ্, পৰোৱা নাই। পৰে পৰিব। আৰু কি কি লাগিব, তোক নক'লেও হ'ব। ঠিক আগৰ দৰেই। যিমা খৰচ পৰে পিচত বিল দিবি। বটললৈ নাপাহৰিবি আকৌ বুজিছ?
ধৰম। বুজিছোঁ। সেয়ে নহলে আকৌ ‘ফীষ্ট হ’ল কি ইমান দিন আড্ডা চলাই এতিয়া আকৌ নতুনকৈ শিকি লাগিব নে।
মদন। ন বজাত সকলো ঠিক হ'ব লাগিব। এতিয়া যাওঁ।
( দুয়ো ওলাই যায়।)
ধৰম। তাৰ নিমিত্তে চিন্তা কৰিব নালাগে।
( অলপ পৰ বাহিৰলৈ চাই থাকি খা বাপেৰৰ যহতে মদে-ভাতে। পিচত হে দেখা যাব (নিজে নিজে) দোকানী মানুহ, লাভক ৰাই মোৰ ব্যৱসায় ফীষ্টটোৱে পতি নাই নাই বুলি তেও পাঁচ টকা হাতলৈ আহে খোৱাটো ফাওতে হয়! যাব নোৱাৰিছে সিহঁত অধঃপাতে মই পোৱা পইচাকেইটা এৰিবলৈ যাম কিয়?
( সোমাই যায়।)
⸺
সজোৱা। বাৰত কেইখনমান ছবি। শিৱ আৰু
শিৱ। লোকৰ দুবেলা দুসাজ লোণ-ভাত খাবলৈ নোপোৱা মানুহৰ লৰায়ো বি, এ, পাচ কৰিলে। মোৰ লৰাই ঘিউ-মৌ, মাছ-মাংস, গাখীৰ-মাখন খাই পাঁচবাৰ পৰীক্ষা দিও মেট্ৰিক্যুলেশ্যনকে পাচ কৰিব নোৱাৰিলে। আজি-কালি দেখিছোঁ চহা-ভিকহুৰ হে দিন।
মনো। মই হ'লে আপোনাৰ লৰাক বেচি দোষ দিব নোৱাৰোঁ। লোকনাথৰ লগত তুলনা কৰে কিয়? লোকনাথৰ কথা হৈছে সি যেনে-তেনে মৰি-মুজি পঢ়ি বি, এ, পাচ কৰিব নোৱাৰিলে তাৰ চাউল কঠা উলিয়াবৰে উপায় নাই। সেই দেখি সি নাখাই-নব’য়ো পঢ়া-শুনাকে কৰিলে। আপোনাৰ লৰাৰ অভাব কিহৰ! আপোনাৰ ইমান ধন-সম্পত্তি খায় কোনে! তেনে স্থলত মিছাতে পঢ়ি পঢ়ি মগজু শুকুওৱাৰ কি প্ৰয়োজন!
শিৱ। সেইটো হয়। ময়ো ধন ঘটাৰ আশাত তাক পঢ়াব খোজা নাছিলোঁ। মোৰ কথা হৈছে গাওঁখনৰ ভিতৰত ময়ে ডাঙৰ মানুহ। এতিয়া যদি বিদ্বান হৈ লোকনাথে মান[ ৪৪ ] সৎকাৰ পায়, আৰু মোৰ লৰাই নাপায়, মই সহিবলৈ টান পাম। তদুপৰি মোৰ ল'ৰা তাৰ সমান বিদ্বান হোৱা হ'লে সি মোৰ লগত ফেৰ মাৰিবলৈ সাহ নকৰিলেহেতেন।
মনো। আপোনাৰ লগত ফেৰ মাৰে! তাৰ এই জন্মত নহয়। আপোনাৰ বিৰুদ্ধে, কিবা কৰিবলৈ লোকনাথৰ হে নালাগে তাৰ চৈধ্য পুৰুষৰো সাধ্য নাই।
শিৱ। সাধ্য নাই বুলিছা! পিচে নহয়। কৈছেই নহয় বোলে “নীচ লোকে উচ্চ পদ পায়, টেৰিয়াকৈ পাগ মাৰি ঘূৰি ঘূৰি চায়।” সি হেনো পঁয়সত্তৰটকীয়া মাষ্টৰি কাম এটা পাইছে। তাতেই তাৰ গাত তৎ নাই, যেন কিবা এটা হে হ'ল। আমাক নমনাতেই পৰিল।
মনো।আও! কিবা কৰিছে নে কি?
শিৱ। সৌ বৰ পথাৰত নোৰ অলায়ক মাটি এডোখৰ আছিল; তাকে সৰহীয়া দাম পাই মৈমনচিঙীয়াক বেচিলোঁ। মই টকা কেইটা পোৱা দেখি তাৰ চকু পুৰিছে। এতিয়া সি তাত মাটি থকা মানুহবিলাকৰ চহী লৈ সেই বিক্ৰী ৰদ কৰিবৰ নিমিত্তে বৰচাহাবৰ ওচৰত দৰ্খাস্ত দিছে। তাত তাৰ মাটি থকা হ'লেও এক কথা আছিল। লোকৰ নিমিত্তে তাৰ ইমান মূৰৰ বিষ কিয়! আচল কথা হৈছে মোলৈ তাৰ হিংসা।
মনো। তেন্তে তাৰ কম সাহ নহয়। মই বোলো বিদেশী মানুহ দেখি মোৰ গাত হে লাগিছে। পিচে আপোনাৰ গালৈকে যেতিয়া হাত মেলিলে আমি নো কোন কুটা! [ ৪৫ ] শিৱ। তোমাৰ লগত আকৌ কি লাগিল?
মনো।মই ডাক্তৰি পাচ কৰা নাই যদিও ডাক্তৰি বিষয়ে সকলো কথা জানো। বৰং বহুতো পাচ কৰা ডাক্তৰতকৈ মোৰ চিকিৎসা ভাল বুলি বহুতে কোৱা-মেলা কৰে। এই ব্যবসায়েৰেই যেনে-তেনে খোৰাকিটো উলিয়াই আছিলোঁ।
শিৱ। পিচে?
মনো। পিচে সি মানুহক মই একো নাজানো বুলি তো কৈছেই, আকৌ হেনো চিভিল চাৰ্জ্জনলৈকো লিখিছে। সেয়ে যদি হয়, মই বৰ বিপদত পৰিম।
শিৱ। বিপদত পৰিবা কিয়? তুমি জানো কাৰবাক বলেৰে ঔষধ খুৱাবলৈ গৈছা?
মনো। নাই যোৱা। তথাপি তাত অলপ লেঠা আছে। পাচ নকৰাকৈ আৰু চিভিল চাৰ্জ্জনৰ অনুমতি নোলোৱাকৈ নিজে ব্যৱস্থা বা ঔষধ তৈয়াৰ কৰি দিয়াটো অপৰাধ। সেইটো প্ৰমাণ হ'লে মোৰ শাস্তি হ'ব পাৰে।
শিৱ।তেন্তে কি কৰিব খোজা?
মনো।। তাৰ উপায় বিচাৰ হে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যদি দয়া কৰে, সাৰিব পাৰোঁ।
শিৱ। কি কৰিব লাগে কোৱাঁ।
মনো। মই ক'ম যে মই পেটেন্ট ঔষধ হে বেচোঁ। মই নিজে কাকো চিকিৎসা নকৰোঁ, আৰু নিজৰ তৈয়াৰী কোনো ঔষধো নিদিওঁ। সেই কথাকে যদি গাৱঁৰ সকলোৱে [ ৪৬ ] কয়, তেন্তে আগলৈ জীবিকাৰ মূৰ মৰিলেও এইবাৰলৈ ৰক্ষা পাম।
শিৱ। সেইটো নো কি কথা! মই আজিয়েই সকলোৰে কৈ দিম। তুমি ভয় নকৰিবা। পিচে এটা কথা,-লোকনাথৰ কিবা এটা কৰিব নোৱাৰিলে তোমাৰেই হওক, বা মোৰে হওক, সদায় এটা ভয়ৰ কাৰণ থাকি যাব। তাৰ বিৰুদ্ধে কিবা এটা ফৌজদাৰী মোকৰ্দ্দমা তৈয়াৰ কৰিব লাগিব। তোমাৰ সাহায্যৰো প্ৰয়োজন হ'ব পাৰে।
মনো। যি কৰিব লাগে, আপুনি ক'লেই হ’ল। এতিয়া মই আহোঁহে। মই কোৱা কথাটো যেন নাপাহৰে।
শিৱ। যোৱাঁ, ভয় নকৰিবা। মই তেনে কথা পাহৰা মানুহ নহওঁ।
( মনোমোহন ওলাই যায়।)
ই লোকনাথে মোৰ লগত ফেৰ মাৰিব খোজে। হওঁতে তাৰ মতিগতি দেখি কেতিয়াবাই মোৰ সন্দেহ হৈছিল। সেই দেখিয়েই স্কুল এৰুৱাবলৈ বহুত চক্ৰান্তও কৰিলোঁ। কিন্তু মিছা হল; সি পঢ়িলে যি পঢ়িলেই। এতিয়া তাক কিবা এটা কৰিব নোৱাৰিলে মোৰ মান-সম্ভ্ৰম ৰক্ষা কৰাই টান হ’ব।
( পেটুৱা বৈদ্যৰ প্ৰবেশ।)
শিৱ। অ' বৈদ, আহাঁ, বহাঁ।
(পেটুৱা বহে।)
পিচে খবৰ কি? [ ৪৭ ] পেটুৱা। কি নো ক'ম! বোলে ৰাম ভাল, ৰাম ভাল; ৰাম নহয়, যমকাল। সেই লোকনাথৰ তাপত এতিয়া ভাত মুঠিৰো মূৰ মৰাত পৰিল।
শিৱ।তোমাক আকৌ কি কৰিলে?
পেটুৱা। শুনা নাই জানো? সেই ভকতৰামৰ লৰাটোক ভূতে ধৰিছিল। বাপেকে পোনতে মোক খবৰকে নিদিলে। লগালে সৌ মনোমোহন ডাক্তৰক। পিচে ডাক্তৰে কি ভূত খেদাব! উপায় নাপাই শেহত মোক মাতিব লগাত পৰিল। মই গৈ দেখিয়েই কথাটো কি বুজিলোঁ আৰু ভালকৈ জাৰিবলৈ ধৰিলোঁ। ভূতে তৎ-মৎ নাপাই যাওঁ বুলি সৈ কাঢ়িলে। এনেতে লোকনাথ আহিল জিলাৰ ডাক্তৰ এটা লৈ। সি চাই ক’লে বোলে 'নিমনিয়া' আৰু তেতিয়াই তাৰ দৰব খুৱাব লাগিব। মই জানো মই ভূত খেদিলোঁৱেই; লৰা ভাল হ'বই; মাজতে এতিয়া ডাক্তৰে নাম কৰে। সেই দেখি মই এদিন বাট চাবলৈ ক'লোঁ: কিন্তু সিহঁতে নুশুনিলে। তেতিয়া মই খং কৰি গুচি আহিলোঁ। তিন দিনৰ মূৰত লৰাটো ভাললৈ আহিল। এতিয়া লোকনাথে যাকে-তাকে কৈ ফুৰিছে বোলে জিলাৰ ডাক্তৰে নোপোৱা হ'লে মনোমোহন আৰু পেটুৱাই ল'ৰাটো মাৰিলেহেতেন। মনোমোহনৰ ওপৰত কিবা দৰখাস্ত দিছে বুলিও শুনিছোঁ।
শিৱ।ময়ো শুনিছোঁ। এই দুদিনতে তাৰ উদ্ভণ্ডালি ইমান বাঢ়িছে যে আগলৈ কি কৰিব ক’বই নোৱাৰিছোঁ। [ ৪৮ ] পেটুৱা। ই থাকিবৰ হ'লে আমাৰ ভাতেই মৰিল এতিয়াই আগৰ দৰে মানুহ নোযোৱা হৈছে।
শিৱ। তাক কেনেকৈ সেঁকা দিব পাৰি তাৰ এটা উপায় বিচাৰাঁ।
পেটুৱা। মই কি উপায় বিচাৰিম! উপায় উলিওৱা গৰাকী আপুনি হে। কিবা উপায়েৰে তাক আতৰাব নোৱাৰিলে আমাৰ কাৰবাৰ ৰাখিব নোৱাৰোঁ।
শিৱ। কিয়?
পেটুৱা। মোৰ ঘৰলৈ দিনে-ৰাতিয়ে সকলো ৰকমৰ মানুহ যায়। কাৰবাক পানী জাৰি দিব লাগে, কাৰবাক দৰব লাগে কাৰবাক জৰি-ফহতি লাগে। তাৰ মাজতে দুই-চাৰিটা কানীয়া গলেও যাৰে তাৰে চকুত নপৰে। এতিয়া যদি আন মানুহ যাবলৈ এৰে, মুঠেই কানীয়াকেইটা যায়, তেনেহলে আচল কথাটো ওলাই পৰিব। আনে নমনিলেও লোকনাথৰ চকু পৰিবই।
শিৱ। এৰা, তোমাৰ অনুমানটো মিছা নহয়। ইমান দিন তোমাৰ হাতে দি কাৰবাৰটো চলাত ধৰা পৰাৰ ভয় নাছিল। এতিয়া অলপ ভয়ৰ কাৰণ যে ওলাইছে তাত সন্দেহ নাই কেনেবাকৈ ধৰা পৰিব লাগিলে আন নহলেও বাৰুকৈয়ে এগাল টকা সিঁচিব লাগিব।
পেটুৱা। লোকনাথে শান্তি-ফৌজ পাতোঁতেই দুই-এদিন ভয় খাব লগা হৈছিল। ৰাতি কানি লৈ আহোঁতে এদিন এটা [ ৪৯ ] সিহঁতৰ হাতত পৰিছিলেই। পিচে যেনিবা আচল কথাটোৰ গম নিদিয়াকৈ কোনোমতে সাৰিল।
শিৱ। সেইবোৰ কাৰণেই ফাটেকত দিয়াম বুলি ভয় খুৱাই ফৌজটো ভাঙি দিলোঁ। শান্তি-ফৌজৰ পৰা আনৰ লাভ হ'লেও মোৰ লোকচান হোৱাৰেই সম্ভাৱনা আছিল। মোৰ হাতত মৈমনচিঙীয়াহঁত আছে যেতিয়া, আনৰ সাহায্যৰ মোৰ দৰকাৰ নাই।
পেটুৱা। এতিয়া পিচে কি কৰিব খুজিছে?
শিৱ। তাৰ ওপৰত এটা মোকৰ্দ্দমা লগাই দিয়া যাওক।
পেটুৱা। কি বুলি?
শিৱ। মই ভাবিব লাগিছোঁ; এতিয়াও ঠিক কৰিব পৰা নাই। দৰকাৰ হলে তুমিও সাক্ষী হ'ব লাগিব।
পেটুৱা। নিশ্চয় হ'ম। আপুনি ঠিক কৰক মুঠেই; যি কৰিব লাগে কৰিবলৈ মই গাত ললোঁ। এতিয়া আহোঁ।
শিৱ। বাৰু।
( পেটুৱা ওলাই যায় আৰু নেনাই মেধি সোমাই আহে। )
অ' মেধি দেখোন! যোৱা কলৈ?
নেনাই। আপোনাৰ ওচৰলৈকে আহিছিলোঁ।
(বেঞ্চত বহে।)
শিৱ। কিয়? কিবা সকাম আছে নে কি?
নেনাই। হয়। পিচে কাম বুলি এলা-পেচা কাম নহয়। জানো মাৰেই নে তাৰেই! [ ৫০ ] শিৱ। মই কাকো মাৰিবও নোৱাৰোঁ, তাৰিবও নোৱাৰোঁ। কি কামত আহিছা তাকে ভাঙি কোৱাঁ।
নেনাই। আপনি চাগৈ শুনিছে, মোৰ ছোৱালীজনীৰ লৰা এটা হৈছে; আজি এঘাৰ দিন। এতিয়া ৰাইজে বোলে চোৰ ধৰি দে, নহ'লে তোৰ লগত খোৱা-পিয়া বন্ধ কৰিম।
শিৱ। সেইটো ক'বলগীয়া কথাই।
নেনাই। এতিয়া চোৰ ধৰিব লাগিলে আপোনাৰ লৰাই পৰে।
শিৱ। ( খঙেৰে ) মুখ চম্ভালি কথা ক'বা। প্ৰমাণ দিব পাৰিবা?
নেনাই। পাৰিম। লৰাটো গাত থাকোঁতেই আপোনাৰ লৰাই নিজে দোষী বুলি সৈ লৈছিল আৰু ছোৱালীজনীও বিয়া কৰাবলৈ গত লৈছিল।
শিৱ। মিছা কথা। এইবোৰ তোমাৰ চক্ৰান্ত।
নেনাই। মিছা হ’বলৈ মই এনেয়ে কোৱা নাই; সাক্ষী আছে। তাৰ উপৰি আপোনাৰ লৰাই নিজে দিয়া লেখা এখনো আছে।
শিৱ। চাওঁ কোনখন লেখা।
নেনাই। অনা নাই, ছোৱালীজনীৰ হাততে আছে।
শিৱ। সেইখন জাল, মোৰ লৰাই লিখা নহয়।
নেনাই। সি চাৰিজন সাক্ষীৰ আগত নিজ হাতে লিখি [ ৫১ ] দিছে। বহুতে মোক কৈছে বোলে সেইখন দাখিল দি মোকৰ্দ্দমা কৰা ভাল।
শিৱ। কৰিব পাৰা, কিন্তু মোৰ লৰাক একো কৰিব নোৱাৰা। সেইখন জাল বুলি মই প্ৰমাণ কৰি দিম। অকল সেয়ে নহয়, তোমাৰ ছোৱালীক গোচৰৰ দিনা আদালতত হাজিৰ হবলৈকে নিদিওঁ। তাৰ আগতে তেওঁৰ দিহা কৰা হ'ব। মোৰ হাতত কেনে মানুহ আছে গম পোৱা নাই জানো?
নেনাই। সেই দেখিয়েই তো মই কাৰো কথালৈ কাণ নিদি বুধি সুধিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ।
শিৱ।( কিছু সময় ভাবি) মোৰ বুধিমতে কাম কৰিবা?
নেনাই। আগেয়ে শুনিলেহে ক'ব পাৰোঁ।
শিৱ। মোৰ বুধিমতে কাম কৰিলে তোমাৰো লাভ, ছোৱালীজনীৰো লাভ। মাত্ৰ মোৰ হে সৰহকৈ কিছুমান টকা যাব।
নেনাই। মই একো বুজা নাই।
শিৱ। ছোৱালীজনী যাতে লোকনাথে বিয়া কৰায় তাৰ উপায় কৰা হওক।
নেনাই। সেইটো কেনেকৈ হ'ব! কত ডাঙৰ মানুহে তেওঁক ছোৱালী যাচিছে, সেইবোৰতে তেওঁ মত দিয়া নাই। আমাৰ নিচিনা মানুহৰ ঘৰত তেওঁ বিয়া কৰাব নে। তাতে আগেয়ে হোৱা হ'লেও এক কথা আছিল। এতিয়া তেওঁক ক'মেই বা কি বুলি! [ ৫২ ]
শিৱ। মই তোমাক কবলৈ কোৱা নাই। ক'লে যে গাত নলয় তাক মই জানো। কিন্তু গাত ল’বলৈ বাধ্য কৰিব লাগিব।
নেনাই। কেনেকৈ?
শিৱ। শুনা। তুমি তোমাৰ ছোৱালীৰ হতুৱাই লোক- নাথেই দোষী বুলি মোকৰ্দ্দমা কৰোৱা। সেই কথা প্ৰমাণ কৰিবলৈ যিমান খৰচ কৰিব লাগে মই কৰিম। সাক্ষী বাদী উকীল-মহৰীৰ সকলো খৰচ মোৰ।
নেনাই। যি লোকনাথে গাভৰু ছোৱালীৰ ছাঁতো ভৰি নিদিয়ে, তেওঁৰ গাত এনে বদনাম দিলে কোনে শুনিব! তাতে আপোনাৰ লৰাই যে দোষী তাক প্ৰায় সকলোৱে জানে।
শিৱ। কোনে কি জানে সেইটো লৈ আদালতত প্ৰমাণ নহয়। প্ৰমাণ হয় ধন খৰচৰ ওপৰত।
নেনাই। লোকনাথৰ গাত কোনো দোষ নাই। বিদ্যাই বৃদ্ধিতে স্বভাৱে-চৰিত্ৰই এনে ভাল লৰা পোৱা নাযায়। লৰাটোক মিছাতে লটিঘটি কৰিলে মানুহে কি বুলিব! মই এনে কাম কৰিব নোৱাৰোঁ। আপুনি আন কিবা এটা উপায় উলিয়াওক!
শিৱ।।আৰু কোনো উপায় উলিয়াব নোৱাৰোঁ! তুমি ছোৱালীজনী মোৰ ওচৰলৈ লৈ আহিবা। মই উকীলৰ লগত পৰামৰ্শ কৰি যি কৰিব লাগে কৰিম। তাকে নকৰি যদি মোৰ লৰাৰ বদনাম উলিওৱা, তেতিয়া হ'লে ভেটি এৰিব লাগিব। [ ৫৩ ] গোচৰৰ শোধ নৌ হওঁতেই তোমাৰ ছোৱালী কোনোবা অজাতিৰ ঘৰ পাবগৈ! সেই মানুহেই যে তাইক আগৰে পৰা ৰাখিছিল তাকো প্ৰমাণ কৰি দিম।।ভাবি চাই কাম কৰিবা।
নেনাই। ছোৱালীজনীকো সুধি চাওঁ। তাই বা কি কয়।
শিৱ। সোধাঁগৈ। তাইক বুজাই ক’বা মোৰ লৰাই তাইক বিয়া কৰোৱাৰ কথা যেন সাপোনতো নাভাবে। সেই চেষ্টা কৰিলে তাইৰ বেয়া হ'ব। যদি মোৰ কথা শুনে মই এনেকৈ প্ৰমাণ কৰি দিম যাতে তাইক বিয়া কৰিবলৈ লোকনাথ বাধ্য হয়। তেতিয়া তাই মোৰ যহতে এটা ভাল দৰা পাব, ৰাইজৰো আপত্তি যাব। বুজিছা?
নেনাই। বুজাত বুজিছোঁ। ( বিশেষভাবে চিন্তিত হয়।)
শিৱ। অকল বুজিলেই নহয়, কি কৰিব খোজা মোক কালিলৈকে জানিবলৈ দিবা। মই উকীলৰ লগত আলচ কৰি গোচৰটো সজাব লাগিব। মোকৰ্দ্দমা যেতিয়া ছোৱালী আদালতলৈ যাব পৰা হ'ব তেতিয়া দাখিল কৰিলেই হ’ব। তুমি একোকে কৰিব নালাগে, মাত্ৰ এটা সাক্ষী হ’ব লাগিব। বাকীবোৰ সাক্ষী মই যোগাৰ কৰিম। তুমি কি ক'ব লাগিব সময়ত জানিবলৈ পাবা। এতিয়া যোৱাঁ।
(নেনাই তলমূৰকৈ লাহে লাহে যায়।)
শিৱ।(ভিতৰৰ পৰা টকা পাঁচোটা আনি) ৰ'বা। শুনা। এতিয়া তোমাৰ জীয়েৰাৰ কিবাকিবি দৰকাৰ হ'ব পাৰে। এই [ ৫৪ ] পাঁচ টকা লৈ যোৱাঁ। এইবোৰ কথাৰ কিন্তু কাকো ফুটকে নিদিবা।
( টকা দিয়ে। টকা লৈ নেনাই ওলাই যায়।)
শিৱ। (নেনাইৰ ফাললৈ চাই) তই কিমান পানীৰ মাছ! মোৰ কথামতে কাম কৰিব'ই লাগিব। একেপাট শৰেৰেই দুটা লক্ষ্য ভেদ কৰিম;—লোকনাথৰ ওপৰত প্ৰতিশোধ ল'ম : মোৰ লৰাকো দোষৰ পৰা মুক্ত কৰিম। ( অলপ বেলি ইফাল-সিফালকৈ ফুৰি) লোকনাথ! স্কুলত পঢ়াৰে পৰা তই মোৰ সকলো চেষ্টা ব্যৰ্থ কৰিলি! কিন্তু এইবাৰ নোৱাৰ। সামান্য মানুহৰ লৰা এটাক ইমানকৈ টিঘিলঘিলাবলৈ এৰি দিব নোৱাৰোঁ। এইবাৰ তোক জোলোকা-জোলোকে পানী খুৱাইহে এৰিম।
ভকতৰাম বাটে বাটে আহি থাকে। বিপৰীত ফালৰ পৰা মোবাৰক সোমায়।
ভকত। অ' গাওঁবুঢ়া দেখোন। ক'লৈ গৈছিল?
মোবা। গৈছিলোঁ ছোৱালীজনীৰ তালৈ। তোমালোকৰ গাৱঁৰ মাজে দি গ'লে তেনেই ওচৰ। পিচে তোমালোকৰ বাটৰ মাজে মাজে যিহে হুৰণি আহিবলৈকে ভয় লাগে। সেই দেখি যাওঁতে চৰকাৰী আলিয়ে দি ঘূৰি গ'লোঁ। এতিয়া গধূলি হোৱা দেখি এই ফালেই আহিলোঁ, বোলো ইমান বাট ঘূৰি যোৱাতকৈ লাগিলে জোতাজোৰকে সোলোকাই হাতত লৈ যাম।
ভকত। এতিয়া আৰু আগৰ বাট নাই। আজি-কালি জোতা সোলোকাব লগা নহয়।
মোবা। আও! ইমান দিনৰ মূৰত তোমালোকৰো বাট বান্ধিবলৈ মনত পৰিল নে?
ভকত। অইনৰ ক'ত মনত পৰে? মনত পৰিল লোকনাথৰ। বাটত পানীবন্ধ যোৱা দেখি তেওঁ তাক বান্ধিবৰ মনেৰে গাৱঁৰ ডেকাসকলক লগ ল'লে, কিন্তু প্ৰথমতে সিহঁত [ ৫৬ ] ওলাব নুখুজিছিল। সিহঁতে বোলে হ'ব নোৱাৰিছে বোকা, ভৰি ধুই পেলালেই হ'ব। জোতা নিপিন্ধিলেই হ’ল।
মোবা। এৰা আমাৰ অসমীয়া লৰাবোৰ বৰ ঢোদ হৈ পৰিছে। দিনে-ৰাতিয়ে বোকাকে খচিব, তেও দুচপৰা মাটি দি নলয়।
ভকত। কোনো নোলোৱা দেখি লোকনাথে অকলৈ এডোখৰ বান্ধিলে। তেতিয়া লাজ পাই হবলা এটা এটাকৈ দহোটামান ডেকা আহি তেওঁৰ লগ ল'লে আৰু কেইদিনমানৰ ভিতৰতে বাকী কেইডোখৰো বান্ধি পেলালে।
মোবা। তোমালোকে ভাগ্যৰ বলত হে তোমালোকৰ মাজত লোকনাথৰ দৰে এটা লৰা পাইছা। মই আন মানুহকো কওঁ,—লোকনাথ যেনে-তেনে লৰা নহয়, এটা মাণিক। ঈশ্বৰে ভালে কুশলে ৰাখিলে এদিন তেওঁ তোমালোকৰ গাওঁখন জাকত জিলিকা কৰিব, দেশখনৰো উন্নতি সাধিব।
ভকত। সেইটো আমিও আশা কৰিছিলোঁ। পিচে তেওঁ ইয়াত টিকিবই নোৱাৰিব হবলা। শত্ৰু বহুত।
মোবা। কিয়?
ভকত। দেখিছেই নহয়, আমাৰ মানুহে কাৰবাৰ ভাল দেখিলে, কাৰবাৰ সুখ্যাতি শুনিলে বৰ পুতেকৰ মূৰ খোৱাৰ সমান বেজাৰ পায়। লোকনাথে বি, এ, পাচ কৰাৰ দিন ধৰি আনৰ কথা নধৰিলেও শিৱ বৰুৱাৰ পেটৰ ভোক, চকুৰ টোপনি নোহোৱা হৈছে। [ ৫৭ ] মােবা। অ', সেই বৰ পথাৰৰ মাটিখিনিৰ বিক্ৰী ৰদ কৰাৰ বাবে হবলা ?
ভকত | তলে তলে আগৰে পৰা। তেতিয়াৰ পৰা যেনিবা দেখাদেখিকৈ লাগিছে।
মােবা। এতিয়া কিবা কৰিছে হবলা?
ভকত। আকৌ সুধিছে হে নে ! বৰ বেয়া বদনাম এটা দি আদালতত তুলিছে।
মােবা। আদালতত ! কি হৈছে ভালকৈ কোৱাঁচোন ।
ভকত। হ’ব আৰু কি ! সেই আমাৰ নেনাই মেধিক জানে নহয়। তেওঁৰ ছােৱালী এজনী গাভৰু হৈ আছিল, নাম চম্পা। শিৱৰ পুতেক মদন সদায় তেওঁৰ ঘৰলৈ যােৱা হ'ল। মেধি হ'ল একেবাৰেই হােলগোজ ভকত। ডাঙৰ মানুহৰ লৰা তেওঁৰ ঘৰলৈ যায়, সেইটো তেওঁ গৌৰৱৰ কথা বুলি ভাবে। মদনৰ যে তাত কিবা অসৎ উদ্দেশ্য থাকিব পাৰে মেধিৰ সেই বিষয়ে ভুৱেই নাই। লাহে লাহে ছােৱালীৰ গাত লেঠা লাগিল, সকলােৱেই গম পালে । এদিন কেইজনমান মানুহে চোপা লৈ থাকি মদনক ধৰা পেলালে । মদনে উপায় নাপাই ছােৱালীজনী বিয়া কৰাম আৰু সন্তানটোৰ পােহপাল দিম বুলি লিখি দিলে আৰু তেতিয়াৰে পৰা কোনো লুক-ঢুক নকৰাকৈ মেধিৰ ঘৰলৈ যােৱা হ'ল।
মােবা। তুমি কি কৈছা মই একো বুজা নাই। তাৰ লগত লােকনাথৰ সম্পৰ্ক কি ? [ ৫৮ ] ভকত। ৰ'ব। গোটেইখিনি কথা ক'লেহে হ’ব। এতিয়া চম্পাৰ এটা ল'ৰা হ'ল। মেধিয়ে শিৱক সকলো কথা ভাঙি- পাতি ক’লে। শিৱই কেনেবাকৈ ছোৱালীজনী হাত কৰি লৈ পুতেকক সৰুৱাবৰ মনেৰে লোকনাথক জগৰীয়া কৰি গোচৰ চলাইছে।
মোবা। তোমালোকে গাৱঁৰ মানুহবিলাকে কি কৰিছা! বাপেক-পুতেক হালকে সাঙুৰি লৈ এখুন্দা দিব নোৱাৰিলা! আমাৰ গাৱঁত হ’ব লাগিছিল।
ভকত। আপুনি এখুন্দা দিয়াৰ কথা কৈছে! শিৱ বৰুৱাৰ আগত কোনোবাটোৱে মুখ ফুটাই একেষাৰ কথা ক'ব পাৰে জানো! এতিয়া মোৰ বাহিৰে সঁচা কথাটোকে ক’বলৈ কোনেও সাহ নকৰিলে নহয়।
মোবা। গোচৰৰ সোধ-পোছ জানো হ'ল?
ভকত।এক প্ৰকাৰ হ'ল। লোকনাথৰ সাক্ষী দুজনমানৰ জবানবন্দী বাকী। তেওঁলোক গুৱাহাটীৰ। তেওঁলোকৰ জবানবন্দী পালেই ৰায় দিব। কালি কি পৰহিলৈকে দিন আছে।
মোবা। অস্ অস্! ইয়াকেহে কৰিলা! এৰা, বান্দৰে কি নাৰিকলৰ মোল বুজিবা।
নেনাই। গোসাঁই ঈশ্বৰৰ ওচৰলৈ গৈছিলোঁ। [ ৫৯ ] মোবা। তুমি বোলে বৰ ভকত! পিচে এইখন কি কৰিছা? এনে এটা লৰাৰ বদনাম উলিয়াই কোনখন স্বৰ্গলৈ যাব খুজিছা?
নেনাই। মই কি কৰিম! শিৱই বাৰে বাৰে কোৱাতো মই তাৰ কথাত মত নিদিলোঁ। তেতিয়া সি ক'লে বোলে “মই তোমাক জুখিহে চাইছিলোঁ, আচলতে সেইবোৰ একো কৰিব নালাগে। কোনো গোলমাল নকৰাকৈ মোৰ জন মোক চমজাই দিয়াঁ, লেঠা মৰক।” ময়ো হোল-গোজ ভকত! দিলোঁ ছোৱালীজনী তাৰ লগত পঠিয়াই। তাইক হাত কৰি লৈ সি এতিয়া এইখন কৰিছে।
মোবা। তুমি গোচৰৰ দিনা সঁচা কথা কৈ নিদিলা কিয়?
নেনাই। কম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। মই সেই দিনা গৰু মেলামান বেলিতে কাছাৰীলৈ বুলি ওলাইছিলোঁ। এনেতে মটৰ এখন লৈ মানুহ এটা আহি ক'লে বোলে উকীলে মোক মাতিছে, তেওঁ কথাটো সঁচা নে মিছা আগতে জানিব খোজে। মই ভালকে পালোঁ আৰু তেওঁৰ কথামতেই মটৰত উঠিলোঁ। পিচে মটৰখন জিলালৈ নিনি নিলে ঢেকিয়াজুলিৰ ফাললৈ। বহুত বাট যোৱাৰ পাচত ইয়াতে উকীল আছে বুলি এঠাইত মোক নমাই দিয়েই মটৰখন ওলোটাই চলাই দিলে। মই তেতিয়াহে সিহঁতৰ ফাকিটো বুজিলোঁ। কিন্তু কি কৰিম! খোজ কাঢ়ি ঘূৰি আহি ভালেখিনি ৰাতিহে ঘৰ পালোঁ। তাৰ পাচতো আজিলৈকে মই গাৱঁৰ বাহিৰ-
৪ [ ৬০ ] লৈকে ওলাব নোৱৰা হৈছোঁ। শিৱৰ মানুহে পহৰা দি থাকে।
মোবা। এইখন গাৱৰ আৰু উদ্গতি নহয়। ইয়াত মানুহ নাই; সকলো জানোৱাৰ। তাৰ মাজত মানুহ থকা সম্ভব নহয়। বাৰু থাকিবা। মোৰ বৰ বেজাৰ লাগিছে। বুজিছোঁ শিৱক তোমালোকে বলে নোৱাৰা, লোকনাথেও নোৱাৰে। গোচৰৰ কি ৰায় দিয়ে দিওক। তাৰ পাচত মই এবাৰ চাম। এনেকুৱা অধম জীৱৰ শাস্তি কি মই তাক নিৰ্ণয় কৰিম; হুলেৰে হুল কাঢ়িম!
(এফালে মোবাৰক আৰু আনফালে বাকী দুজন ওলাই যায়।)
মদনে চকী এখনত বহি মেজত ভৰি তুলি চিগাৰেট হুঁপি থাকে। এনেতে পুণাই সোমায়।
পুণাই। গোটেই নবাবী আয়মত দেখোন!
মদন। দেউতা নাই, কাছাৰীলৈ গৈছে।
পুণাই। কিয়?
মদন। লোকনাথৰ ওপৰত মেধিৰ জীয়েকে কৰা মোকৰ্দ্দমাৰ আজি ৰায় দিব। [ ৬১ ] পুণাই। ৰায় নো কেনে হ'ব বুলি ভাবা?
মদন। কেনে হ'ব আৰু! যেনে হ’ব লাগে তেনে। ( হাঁহে।) বহাঁ। (পুণাই বহে।)
মদন।( ভিতৰলৈ মুখ কৰি ) বচিৰ!
বচিৰ। (প্ৰবেশ কৰি চালাম দি) হজুৰ।
মদন। দুকাপ চাই আন। লগতে বিস্কুটো। (চালাম দি বচিৰ ওলাই যায়।)
পুণাই। ইয়াক যে ক'লা, হিন্দু চাকৰ নাই জানো?
মদন। নাই। দেউতাই আজি কালি মৈমনচিঙীয়াৰ বাহিৰে আনক বিশ্বাস নকৰে।
পুণাই। গাৱঁৰ মানুহে জানো ই ছোৱা তামোল-ছালি, চাহ-জলপান খায়?
মদন। গাৱঁৰ মানুহক তামোল-ছালি, চাহ-জলপান দিয়া অভ্যাস আমাৰ ঘৰত নাই। তোৰ দৰে যাৰ আপত্তি নাই বুলি জানো, তেনে মানুহকহে কেতিয়াবা দিয়া যায়।
( বচিৰে এখন ট্ৰে'ত চাহ আৰু বিস্কুট আনি দিয়ে। খাবলৈ ধৰে। এনেতে লাখুটিত ভৰ দি এটা বুঢ়া মগনীয়া সোমায়।)
মগনীয়া। ভিখ্ মিলে বাবু!
মদন। নিমিলে। গুচ।
মগনীয়া। বুডঢা মানুষ, কাণে নাই শুনো। হাটিব [ ৬২ ] নোৱাৰোঁ। দুই দিন কুচ খোৱা নাই। এক মুঠা ভাত মিলে।
মদন। খোৱা নাই মৰি যা। ইয়াত গোলমাল নকৰিবি। মগনীয়া।
মগনীয়া। এক মুঠা ভাত।
(বহে।)
মদন। আকৌ বহিছ হে! ৰ, তোক বাপেৰে! বচিৰ এইটোক ঢকাচেৰেক দি উলিয়াই দে।
(বচিৰে মগনীয়াটো গতিয়াই উলিয়াই দিয়ে। ইয়াৰ ভিতৰতে দুয়োৰে চাহ খোৱা শেষ হয়। বচিৰে কাপ-প্লেট লৈ যায়। মদন আৰু পুণায়ে চিগাৰেট একোটা মুখত লৈ জ্বলাবলৈ দিয়াচলাই মাৰে।)
মদন। ( বাহিৰলৈ চাই) অ' দেউতা আহিলেই। তেওঁ দেখোন গম্ভীৰ দেখিছোঁ। কথা বিষম নে কি?
(দিয়াচলাইৰ জ্বলা কাঠি সুমুৱাই পেলায় আৰু চিগাৰেট লুকুৱায়। শিৱ সোমাই আহে আৰু একোলৈকে মন-কাণ নকৰি ভিতৰলৈ সোমাই যায়।)
পুণাই। কথা বৰ ভাল নহয় হবলা। তেখেত নৌ ওলাওঁতেই আমি আঁতৰাই ভাল।
মদন। এৰা, ব'ল।
( দুয়ো ওলাই যায়। অলপ পিচতেই কাপোৰ-কানি সলাই শিৱ সোমায় আৰু চকী এখনত চিন্তান্বিত হৈ বহে।) [ ৬৩ ] শিৱ। গালোঁ, বালোঁ খোলাকটিৰ ভাল। এইবাৰো ইয়াক নোৱাৰিলোঁ। (পেটুৱাৰ প্ৰবেশ।)
পেটুৱা। অ’ আপুনি আহিল! মোকৰ্দ্দমাৰ কি ৰায় দিলে?
শিৱ। মিছা হ’ল। ইমান টকা এনেয়ে পানী হ’ল। এনে সুন্দৰকৈ গোচৰটো সজোৱা হৈছিল, সাক্ষী-বাদীও এনে সুন্দৰকৈ শিকাই লোৱা হৈছিল যে জিকিম বুলি একেবাৰেই নিশ্চিন্ত হৈ আছিলোঁ। হাকিম, পেস্কাৰ সকলো আমাৰ ওপৰত সন্তুষ্ট আছিল।
পেটুৱা। তেনেহ'লে নো বেয়া হ'ল কিয়?
শিৱ। মোকৰ্দ্দমাটো সজোৱাত অলপ খুঁত থাকিল। সেইটো তেতিয়া কাৰো মনত নেখেলালে।
পেটুৱা। কি খুঁত?
শিৱ। সি যে যোৱা বছৰৰ আষাৰ মাহৰে পৰা গুৱাহাটীতে আছিল, ঘৰলৈ অলপতে হে আহিছে, সেইটো প্ৰমাণ কৰিব পাৰিব বুলি আমি ভবাই নাছিলোঁ।
পেটুৱা। কিয় আমাৰ সাক্ষীয়ে জানো সি পূজাত আহি- ছিল বুলি কোৱা নাই?
শিৱ। কৈছিল। পিচে ক'লে কি হ'ব! সি গুৱাহাটীৰ বৰ হাকিমৰ লৰাৰ ঘৰুৱা শিক্ষক হৈ আছিল আৰু হাকিমে এৰি নিদিয়াত পূজাৰ বন্ধতো তাতে থাকিব লগা হৈছিল। সি যে পূজাত অহা নাছিল, বৰ হাকিমেই হ’ল তাৰ সাক্ষী। [ ৬৪ ] পেটুৱা। বন্ধত নাহিল বুলি তাৰ দুই-চাইদিন আগত বা পাচতে জানো আহিব নোৱাৰে?
শিৱ। নোৱৰাটোৱেইহে প্ৰমাণ হ'ল। হাকিমৰ সাক্ষীয়েই যথেষ্ট। তাৰ উপৰি কলেজৰ প্ৰিন্সিপালৰ ৰিপোৰ্টৰ পৰাও প্ৰমাণ হ'ল যে সি কোনো দিনে কলেজ খতি কৰা নাই।
পেটুৱা। আষাৰৰ পৰা ধৰিলে কেই মাহ হয়?
শিৱ। চৈধ্য মাহ। সেইটোৱেই আমাৰ সকলো চেষ্টা মাটি কৰিলে, সকলো প্ৰমাণ উৰুৱাই দিলে। মোকৰ্দ্দমা ডিচমিচ হ'ল।
পেটুৱা। আকৌ বোলে হাকিম সন্তুষ্ট আছিল।
শিৱ। থাকিলে কি হ’ব! বাট থাকিলেহে।
পেটুৱা। আন যি হওক নহওক, এতিয়া আৰু নেনাই মেধিয়ে আপোনাৰ লৰাৰ গাত বদনাম দিব নোৱাৰে।
শিৱ। গোচৰৰ লাভ সিমানখিনিয়েই। লি চাৰিওফালে মোৰ লৰাৰ বদনাম উলিয়াই ফুৰিছিল। এতিয়া তাৰ মুখ বন্ধ হ’ব। লোকনাথৰ শাস্তি নহব পাৰে, কিন্তু মোৰ লৰা কেলেঙ্কাৰীৰ হাত সাৰিল। এতিয়া কিবা উলিয়াবৰ হ'লে মই তাৰ ওপৰত মান হানিৰ মোকৰ্দ্দমা কৰিম।
পেটুৱা। নিজৰ গাভৰু ছোৱালী চম্ভালি ৰাখিব নোৱাৰে, জগৰটো লাগে লোকৰ লৰাৰ গাত। বেচ হৈছে; তাৰ জোৰাই জোখাই হৈছে। [ ৬৫ ] শিৱ। লোকনাথকো আটিছে। মোকৰ্দ্দমাত শাস্তি নহলেও লাজ-অপমান বাৰুকৈয়ে পাইছে।
পেটুৱা। ইমানতেই তাক এৰি দিব নে?
শিৱ। এৰি দিম! মই জীয়াই থাকোঁতে সি ইয়াত এসাজো সুখেৰে ভাত খাব নোৱাৰে। এইবাৰ তাক গাৱঁৰ পৰা বাহিৰ কৰিহে এৰিম।
পেটুৱা। কেনেকৈ?
শিৱ। যেনেকৈ হওক, তাক খেদাব লাগিব'ই। মই বুজিছোঁ, এই কাম গাৱঁৰ মানুহৰ দ্বাৰাও নহয়, আইন- আদালতৰ দ্বাৰাও নহয়।
পেটুৱা। কাৰ দ্বাৰা নো হ’ব?
শিৱ। নিজৰ বলেৰে, নিজৰ বুধিৰে কাম সমাধা কৰিব লাগিব। আজি হওক, কালি হওক সি লোকনাথে এই গাওঁ এৰি যাব'ই লাগিব। অ’, পিচে তুমি আহিছিল কিয়?
পেটুৱা। দৰৱ এফেৰা লাগে।
শিৱ। কিমান?
পেটুৱা। সৰহকৈ নিবলৈ ভয় লাগে। আজিলৈ পাঁচ তোলামানকে দিয়ক।
শিৱ। আগৰ টকা আনিছা?
পেটুৱা। হয়, এইয়া।
( নোট কেইখনমান দিয়ে। তাকে লৈ শিৱ ভিতৰলৈ যায়।) [ ৬৬ ] আজি কালি বেজালিৰো মূৰ মৰি আহিছে। এইটো কাৰবাৰো যাব লাগিলে খোৱমুঠিৰেই টান পৰিব।
শিৱ। (হাতত টোপোলা এটাৰে সোমাই আহি পেটুৱাৰ হাত দি) আমাৰ শত্ৰু বহুত। খুব সাৱধানে চলিবা।
পেটুৱা। সেইটো ক'ব লাগিছে নে! এই কাৰবাৰৰ আপোনাতকৈ মোৰ হে বেচি প্ৰয়োজন। যাওঁ হে এতিয়া।
(প্ৰস্থান)
শিৱ। চোৰাং কানিৰ ব্যৱসায়ত ধন ঘটিলোঁ। মৈমনচিঙীয়াহঁতক হাতত ৰাখি সকলোকে দমাই ৰাখিছোঁ। আজিলৈকে কোনেও মোৰ চকুলৈ চাবলৈ সাহ কৰা নাই। ই কালিৰ ল'ৰা লোকনাথে মোক নামানে! সি মোৰ ভৰিত ধৰে নে নধৰে এইবাৰ দেখা যাব। এইবাৰ সি চিনি পাব শিৱ বৰুৱা কোন।
বিহুৱা। “যত দেখা পুত্ৰ ভাৰ্য্যা সৱে অকাৰণ।
ছাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ।।
বিষয়ৰ সুখ একতিলে কৰি চুৰ।
যাৰ কিঙ্কৰে ধৰি নিবে যমপুৰ।।”
( বিপৰীত ফালৰ পৰা ভেকোলা সোমায়।)
ভেকোলা। তোৰ লগত মোৰ ৰাহি-পুজিয়েই আহিছে নে কি ক'ব নোৱাৰোঁ। ওলালেই দেখোন তোক লগ পাওঁ। এতিয়া ৰাতিপুৱা চকু-মুখ মোহাৰি এই ওলাই আহিছোঁ মাথোন, পোনেই তোকে দেখিলোঁ। আজি দিনটো ভালে-কালে নাযাবৰ হ'লে তোৰ গাত হে লাগিম। পিচে তে-ৰে-ৰে ৰাগ টানি এই পুৱাতে আহিলি ক'ৰ পৰা?
বিহুৱা। লোকনাথৰ ঘৰৰ পৰা। কালি ৰাতি কোনোবাই জুই লগাই লোকনাথৰ ঘৰ-দুৱাৰ সোপাকে পুৰিলে। তই খবৰ পোৱা নাই? [ ৬৮ ] ভেকোলা। নাই। ক’তা। আমাৰ ঘৰত দেখোন কোনেও গম পোৱা নাই।
বিহুৱা। বহুতেই গম নাপালে। মানুহৰ ভাত-ঘুমটিয়ে ধৰাৰ পাচত জুই দিছে।
ভেকোলা। বস্তু-বাহানি উলিয়াব পাৰিলে নে?
বিহুৱা। তই বস্তু উলিওৱাৰ কথাহে কৈছ! মানুহ কেইটাৰ কি বিলৈ হৈছিল তাৰ জানো ভু পাইছ!
ভেকোলা। কি হৈছিল? লোকনাথৰ একো হোৱা নাই তো?
বিহুৱা। কোনোমতে প্ৰাণটো ৰক্ষা পৰিছে। যেতিয়া জুই দিয়ে তেতিয়া সকলো ভৰ টোপনিত। জুইৰ তাপ গাত লাগিলতহে সাৰ পালে। সাৰ পাই দেখে দুৱাৰ মুখৰ ফালে জুয়ে জুৰি ধৰিছে। সেই ফালে ওলাবৰ উপায় নাই। লোকনাথে বহুত যতন কৰি ঘৰৰ পোলা এটা ফালিলে আৰু সেই ফালেই বুঢ়া-বুঢ়ীক লৈ কোনোমতে বাহিৰ ওলাল।
ভেকোলা। আটাইকেইটা ঘৰ পুৰিলে নে?
বিহুৱা। বৰ ঘৰ, মাৰল, ভঁৰাল, গোহালি একোৰে চিন-মোকাম নাই।
ভেকোলা। গৰু-গাই কেইটা?
বিহুৱা। পিয়ন ছাৰিলত গাই দুজনী আগতে নেপালী খুটিত থৈছিল। বলদহালো পঘা ছিঙি সাৰিল।
ভেকোলা। আন বস্তু একেবাৰে নাই? [ ৬৯ ] বিহুৱা। আৰু ক'ত থাকিব! জুয়ে পোৰা ঘটি-বাটি দুডোখৰমান পাইছে হ'বলা।
ভেকোলা। গাওঁখনত কোনোমতে এজন মানুহ ভাল হৈছিল। ক’ত তাত সকলোৱে আনন্দ পাব, নে ঘৰ-দুৱাৰ পুৰি নান্নং নবস্ত্ৰং কৰিব। এইখন গাৱঁৰ আৰু কি উদ্গতি হ'ব!
বিহুৱা। এইবোৰ শিৱ বৰুৱাৰ বাহিৰে আনৰ কাম নহয়। ধৰ্ম্ম আছে, এদিন তাৰ গতি কাউৰে-শগুণে নোখোৱা হ'ব, চাবি।
ভেকোলা। জানো ধৰ্ম্ম আছে নে নাই! ঈশ্বৰে দেখোন তাক বৰকৈ বঢ়াই দিছে।
বিহুৱা। যি বৰ ওপৰলৈ উঠে, সি পৰোঁতেও ভালকৈ এঠেকেচা লয়। তাৰো গতি সেয়ে হ’ব।
ভেকোলা। যাওঁচোন, ময়ো এবাৰ চায়েই আহোঁ।
(প্ৰস্থান।)
বিহুৱা। সি ধনৰ গৰ্ব্বত পাপ-পুণ্য একো নমনা হৈছে পিচে সেই ধন বা কলৈ উৰি যায়!
( সুৰ লগাই গায়)⸺
ধনক ধনে কৰি ধনকে ঘটিলি
পৰমে যতনে কৰি,
ধন গ'ল উছলি ধন গ’ল পিছলি,
লগত গ’ল দুছলি খৰি। (প্ৰস্থান। )
প্ৰথম গঞা। পিচে বোপা! একবাৰেই ওলালা নে কি?
লোকনাথ। আৰু কি কৰিম! সৰুৰে পৰা ভাবিছিলোঁ পঢ়ি-শুনি আহি গাওঁখনৰ উন্নতি কৰিম; অন্ধবিশ্বাস, কুসংস্কাৰ গুচাই সকলো মানুহকে সময়ৰ উপযোগী কৰি গঢ়িম। সঙ্কল্প আছিল আমাৰ গাৱঁৰ কাকো নিৰক্ষৰ হৈ থাকিবলৈ নিদিওঁ। খেতি-বাতি, বেহা-বেপাৰ সকলোতে যাতে আমাৰ গাওঁ আগৰণুৱা হৈ সকলোৰে আৰ্হিস্বৰূপ হয় তাৰ দিহা কৰিম। আহিয়েই মোৰ সঙ্কল্প কাৰ্য্যত পৰিণত কৰিবলৈ লাগিছিলোঁ,কিন্তু নোৱাৰিলোঁ। আপোনালোকে নিজৰ ভাল-বেয়া বুজে এজন স্বাৰ্থপৰ মানুহৰ ঈঙ্গিতমতে। তেওঁ যে আপোনালোকৰ সৰ্ব্বনাশ সাধন কৰিছে তাক দেখিও আপোনালোকে নেদেখা ভাও জোৰে।
দ্বিতীয় গঞা। কি কৰিম! তোমাকেই সি কি নকৰিছে! আমি নো তাৰ ওচৰত কোন কুটা!
লোক। মোৰ ওপৰত অত্যাচাৰ কৰিছে; চাৰিওফালে অপযশ ৰটিছে; অপমান লাঞ্ছনাৰ সীমা নাই। তাৰ কাৰণ [ ৭১ ] আপোনালোক। আপোনালোকে তাক সমৰ্থন কৰিছে। আপনালোকে নুবুজিলে— আজিলৈকে মই যি কৰিছোঁ আপোনালোক সকলোৰে ভালৰ নিমিত্তে। তাত মোৰ কোনো সুকীয়া স্বাৰ্থ নাই। আপোনালোকে মুঠ বান্ধি যদি মোক সমৰ্থন কৰিলেহেতেন তেন্তে তাৰ এনে অত্যাচাৰ কৰিবলৈ সাহ নহ'লহেতেন। আপোনালোক ধনীৰ গোলাম। এতিয়া মই দেখিছোঁ, ইয়াত মোৰ ঠাই নাই। ইমান অপযশ, লাঞ্ছনাতো মোৰ আপোনালোকক এৰি যাবলৈ সত যোৱা নাছিল; এদিন নহয় এদিন আপোনালোকৰ সুমতি ঘূৰি আহিব বুলি আশা কৰিছিলোঁ। কিন্তু এতিয়া আৰু উপায় নাই। সোমাই থাকিবলৈ যি ভগা বহাডোখৰ আছিল তাকো ছাই কৰি দিলে। আগেয়ে গাৱঁৰ মানুহ শিক্ষিত হৈ গাওঁ এৰি নগৰীয়া হোৱা দেখি মোৰ খং উঠিছিল, সমালোচনা কৰিছিলোঁ। কিন্তু আজি বুজিছোঁ কিয় তেওঁলোক নিজৰ অতি মৰমৰ ওপজা ঠাইডোখৰ এৰি যাবলৈ বাধ্য হয়। উস্! মোৰ চকু-লো ওলাব খুজিছে! মোৰ প্ৰাণতকৈও প্ৰিয় এই পিতৃ-পিতামহৰ ভেটি এৰি যাবলৈ ওলাইছোঁ। মোৰ বুকু ফাটি গেছে। অন্তৰত যি ভাবৰ ধুমুহা উঠিছে তাক চম্ভালিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰিব লগা হৈছে। তথাপিও যাব'ই লাগিব। আই-দেউতাক মটৰত তুলি থৈ আহিছোঁ। মই যাওঁ, আৰু পলম কৰিব নোৱোৰোঁ।
প্ৰ,গ। তুমি থানাত এজাহাৰ এখন নিদিয়া কিয়?
লোক। লাভ নাই। এইটো কাৰ কাম ময়ো জানো, [ ৭২ ] আপোনালোকেও জানে; কিন্তু প্ৰমাণ কৰিবৰ উপায় নাই। কোনোবাই কিবা গম পাইছে যদিও মুখ ফুটাই ক’বলৈ সাহ নকৰে। ঈশ্বৰৰ বাহিৰে ইয়াৰ প্ৰতীকাৰ কৰোঁতা কোনো নাই। মনত ৰাখিব এদিন পাপৰ প্ৰায়শ্চিত হ'বই। পাপৰ জোখ যেতিয়া অতিপাতকৈ বাঢ়িব, প্ৰায়শ্চিত্তও সেই অনুপাতে গুৰুতৰ হ’ব। সেই দিনলৈ বাট চাব লাগিব।
দ্বি, গ। তুমি তেন্তে এই গাওঁ একেবাৰেই এৰি যাবা?
লোক। যাবই লাগিব, কিন্তু ভেটিটো পৰি থাকিব। বিহুৱে-সংক্ৰান্তিয়ে ইয়াতে এটা সেৱা কৰি যাম। যদি কেতিয়াবা এনে দিন আহে, যিদিনা আপোনালোকে মোৰ প্ৰয়োজন বোধ কৰে, যিদিনা ধনীৰ গচকৰ পৰা নিজক মুক্ত কৰি মূৰ তুলি থিয় দিব পাৰে, সেই দিনা মোক আপোনালোকৰ মাজত পাব। নহ'লে এয়ে শেষ বিদায়।
( সকলোকে নমস্কাৰ জনাই চকুলো মচি লোকনাথ ওলাই যায়। বাহিৰত মটৰৰ হৰ্ণ বাজে। লগে লগে বাকীবিলাক মানুহে বাহিৰ ওলায়।)
শিৱ। আপদ আঁতৰ হ’ল। আজি হে মোৰ প্ৰাণলৈ শান্তি আহিছে। ইমান দিনৰ পৰিশ্ৰম, ইমান ধন খৰচৰ আজিহে মূল উঠিল। এতিয়া আৰু মোক কোনে পায়! মৈমনচিঙীয়াহঁত হাতত আছে যেতিয়া যেয়ে মোৰ বিৰুদ্ধে একাষাৰ কথা কয় তাৰেই দিহা লগাম। আজি লোকনাথে বুজিছে মোৰ লগত ফেৰ মাৰিবলৈ ওলোৱাৰ ফল কি।
( চুচুক-চামাককৈ মদন সোমাই আহে।}
মদন!
মদন। দেউতা!
শিৱ। তই ইমান ৰাতিলৈ ক’ত অনাই-বনাই ফুৰ? কলৈ গৈছিলি?
মদন। পুণায়ে চাহ খাবলৈ মাতিছিল, তালৈকে গৈছিলোঁ।
শিৱ। এনেকুৱা সাধাৰণ মানুহৰ ঘৰত চাহ খাই ফুৰা মই ভাল নাপাওঁ। এনে কৰিলে আগলৈকো সিহঁতে আসৈ পাব।
মদন। এনেয়ে নাযাওঁ। পিচে সি বহুত দিন পামত থাকি ঘৰলৈ আহিছে, মতাতো নগ'লে বেয়া পাব। সেই
দেখিহে গলোঁ। আজিৰ পৰা আৰু নাযাওঁ। [ ৭৪ ]শিৱ। নিজৰ মান নিজে নাৰাখিলে আন কোনে ৰাখিব। নেনাই মেধিৰ ঘৰলৈ অহা-যোৱা কৰি তই কি কেলেঙ্কাৰীখনেই নকৰিলি! নানা পাক-চক্ৰ লগাই, মুঠিয়ে মুঠিয়ে ধন ভাঙি কোনোমতে সেইবোৰ কথা সম্প্ৰতি আদালতলৈ নোযোৱাকৈ ৰাখিলোঁ। পিচত বা কি হয়, কোনে জানে! হাকিমে ৰায়ত চম্পাৰ গোচৰটো সজা বুলি মন্তব্য কৰিছেই, আকৌ বোলে তই কিবা এখন লেখা দিও থৈছ। যি হওক, মৈমনচিঙীয়াহঁত হাতত থাকোঁতে ভয় নাই। সেই দেখিয়েই মোৰ হাত খালি কৰিও সকলো টকা সিহঁতক ধাৰে দিছোঁ। পিচে তই এতিয়া আগৰ স্বভাৱ এৰ। তোৰ স্বভাৱৰ গুণেই কোনো ভাল মানুহে ছোৱালী দিবলৈ নোলায়। এতিয়া কোনোমতে সৌ মৌজাদাৰৰ ছোৱালীজনী বন্দবস্ত কৰিছোঁ। তই এইদৰে উৎপাত কৰি ফুৰিলে সিও ভাগিব। বেচি নহ'লেও, বিয়াখন হৈ নোযোৱালৈকে তই ঘৰত থাকিবলৈ শিক।
(পাঁচোটা মৈমনচিঙীয়া সোমাই চালাম দিয়ে। সিহঁতৰ প্ৰত্যেকৰ হাততে একোডাল লাঠি)
কি! এই ৰাতিখন আহিলা যে! কিবা ডাঙৰ কথা আছে নে কি?
প্ৰ, মৈ। অত ৰাইতে যে আইছি, কতা আছে কিছু। বিশেষ বৰ কত না, ধৰ্তে গেলে বৰ।
শিৱ। কেনেকুৱা? [ ৭৫ ]দ্বি, মৈ। আপনাৰ যে টেহা কয়ডা নিছিলাম তা দিয়া আইছি।
শিৱ। আটাইকেইজনে দিবা নে?
তৃ, মৈ। বেহেইতা দিয়া যাইবাম। আপনি বয় পাইলেন নে কি?
শিৱ। একে দিনাই আটাইকেইজনে ইমান টকা ক’ত পালা?
প্ৰ, মৈ। যেহানেই পায় দৰকাৰ কি?
শিৱ। সেইটো হয়। পিচে ইমান ৰাতি খত-পত্ৰ বিচৰা বৰ টান হ’ব। এতিয়া তোমালোক যোৱাঁ; ৰাতিপুৱা আহিবা।
প্ৰ, মৈ। চহাল পৰ্য্যন্ত যদি থাকতাম, তে আৰ অহন আইতাম না। ৰাইত যদি থাকি তা ঐলে কুনু অসুবিদা ঐতে পাৰে। এইৰ লাইগা অহন আইছি।
শিৱ। তোমালোকৰ ঘৰত থাকিলে চুৰ কৰিব বুলি ভয় কৰিছা! তেন্তে মোৰ হাততে দি যোৱাঁ; কালিলৈ ৰচিত দিম।
দ্বি, মৈ। আমাৰে অহন দলীলগুলি লাগে।
শিৱ। মোৰ ওপৰত তোমালোকৰ ইমানখিনিও বিশ্বাস নাই নে?
প্ৰ, মৈ। এতে বিশ্বাহেৰ কি কতা আছে! টেহা লেও, দলীল দেও। [ ৭৬ ]শিৱ। তেনেহলে তোমালোক ৰাতিটো ইয়াতে থাকাঁ। ৰাতিপুৱা দলীল বিচাৰিম। এতিয়া ইমান ৰাতি বিচাৰিব নোৱাৰোঁ।
দ্বি, মৈ। আমি যদি এই নু থাকি আপনাৰ মহাজন বিপদেৰ বয় আছে। আপনাৰ বালেৰ লাইগা তাড়াতাড়ি খেদানি উচিত।
শিৱ। তেনেহলে তোমালোকে ক'ৰবাৰ পৰা টকা চুৰ কৰি আনিছা!
তৃ,মৈ। আৰে আপনাৰ হেইটা দৰকাৰ কি? আমি যেহানতন পাইছি, হেই হানতনেই আনছি। আপনাৰ লেঠা মাইৰা নিয়ুক।
শিৱ। সুত আনিছা?
প্ৰ, মৈ। লেঠা যদি মাৰবাৰ আইলাম, সুদে-আচলে সব দিয়াম।
শিৱ। তোমালোকৰ ধাৰ গাই পতি দুহেজাৰ। এতিয়া শত ২৫ টকা হিচাপে দুবছৰৰ সুত গাই-পতি এহেজাৰ। বন্ধকত দিয়া মাটি তোমালোকেই দখল কৰি আছা। মুঠতে প্ৰত্যেকৰ দেনা তিনি হেজাৰকৈ মুঠ পোন্ধৰ হেজাৰ টকা।
দ্বি, মৈ। যা অয় তাতো দিয়ামেই। আপনি তাড়াতাড়ি কইৰা দলীলগুলি আনুক।
শিৱ। চাওঁ টকা।
তৃ, মৈ। দলীল আইনা ওৱাছিল লেখক। তাৰ পাছে টেহা দিয়াম। মনে বয় পান কিয়া?
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )