এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩০
[দ্বিতীয় অঙ্ক
পৰাচিত


 মদন। কিতাপ পঢ়ি পঢ়ি ভাব মগজু বেয়া হোৱা যেন লাগিছে। ডেকা তেজ তাৰ গাত সমূলি নাই। কোনোবা লগৰীয়াই কোনোবা গাভৰু ছোৱালীৰ কথা একেষাৰ উলিয়াব হে লাগে, সি দলকে এৰি পলায়। সিদিনা সেই ফালৰ পৰা জাকৈয়া ছোৱালী কেইজনীমানে কিবাকিবি ধেমালি কৰি ঠেলা-হেঁচাকৈ আহি আছিল, সি গৈছিল এই ফালৰ পৰা। মই সি নো কি কৰে, মনে মনে চাই আছিলোঁ। সি দেখোন সিহঁতৰ ওচৰ পাবলৈ দুনলমান থাকোঁতেই ফালৰি কাটি সেই হোলাত নামিল। ছোৱালীহঁত পাৰ হৈ আহিলত হে আকৌ আলিলৈ উঠিল। তাৰ সাহটো দেখি মোৰ হ'লে উকটি উকটি হাঁহি উঠিছিল। ছোৱালীহঁতেও ফিচিঙাফিচিঙি কৰি হাঁহি গ'ল।

 পুণাই। গাভৰু ছোৱালী দেখি যি ভয় খায়, সিও আকৌ পুৰুষ! এনে মানুহৰ পৰাই আমাৰো মান-ইজ্জত নষ্ট হয়?

 মদন। মোৰো সেয়ে কথা। সংসাৰত সুখেৰে দিন নিয়াবৰ প্ৰধান সামগ্ৰীয়েই হ’ল মদ আৰু মাইকী। যাক এই কেইটা নালাগে সি মানুহৰ মাজত থকাই উচিত নহয়। মানুহ পৰ্ব্বতৰ গুহাত নাইবা হাবিৰ মাজত সোমাই থাকিব লাগে।

 পুণাই। সেইবোৰ আলচ কৰিলে কি হ'ব! আমাৰ নিজৰ কথালৈ অহা যাওক। এই দোকানত থকা আমাৰ পুৰণি আড্ডাটো আজি কালি আছে নে নাই?