এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪
[চতুৰ্থ অঙ্ক
পৰাচিত
 

 শিৱ। নিজৰ মান নিজে নাৰাখিলে আন কোনে ৰাখিব। নেনাই মেধিৰ ঘৰলৈ অহা-যোৱা কৰি তই কি কেলেঙ্কাৰীখনেই নকৰিলি! নানা পাক-চক্ৰ লগাই, মুঠিয়ে মুঠিয়ে ধন ভাঙি কোনোমতে সেইবোৰ কথা সম্প্ৰতি আদালতলৈ নোযোৱাকৈ ৰাখিলোঁ। পিচত বা কি হয়, কোনে জানে! হাকিমে ৰায়ত চম্পাৰ গোচৰটো সজা বুলি মন্তব্য কৰিছেই, আকৌ বোলে তই কিবা এখন লেখা দিও থৈছ। যি হওক, মৈমনচিঙীয়াহঁত হাতত থাকোঁতে ভয় নাই। সেই দেখিয়েই মোৰ হাত খালি কৰিও সকলো টকা সিহঁতক ধাৰে দিছোঁ। পিচে তই এতিয়া আগৰ স্বভাৱ এৰ। তোৰ স্বভাৱৰ গুণেই কোনো ভাল মানুহে ছোৱালী দিবলৈ নোলায়। এতিয়া কোনোমতে সৌ মৌজাদাৰৰ ছোৱালীজনী বন্দবস্ত কৰিছোঁ। তই এইদৰে উৎপাত কৰি ফুৰিলে সিও ভাগিব। বেচি নহ'লেও, বিয়াখন হৈ নোযোৱালৈকে তই ঘৰত থাকিবলৈ শিক।

 (পাঁচোটা মৈমনচিঙীয়া সোমাই চালাম দিয়ে। সিহঁতৰ প্ৰত্যেকৰ হাততে একোডাল লাঠি)

 কি! এই ৰাতিখন আহিলা যে! কিবা ডাঙৰ কথা আছে নে কি?

 প্ৰ, মৈ। অত ৰাইতে যে আইছি, কতা আছে কিছু। বিশেষ বৰ কত না, ধৰ্‌তে গেলে বৰ।

 শিৱ। কেনেকুৱা?