এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৮
[তৃতীয় অঙ্ক
পৰাচিত

 ভকত। ৰ'ব। গোটেইখিনি কথা ক'লেহে হ’ব। এতিয়া চম্পাৰ এটা ল'ৰা হ'ল। মেধিয়ে শিৱক সকলো কথা ভাঙি- পাতি ক’লে। শিৱই কেনেবাকৈ ছোৱালীজনী হাত কৰি লৈ পুতেকক সৰুৱাবৰ মনেৰে লোকনাথক জগৰীয়া কৰি গোচৰ চলাইছে।

 মোবা। তোমালোকে গাৱঁৰ মানুহবিলাকে কি কৰিছা! বাপেক-পুতেক হালকে সাঙুৰি লৈ এখুন্দা দিব নোৱাৰিলা! আমাৰ গাৱঁত হ’ব লাগিছিল।

 ভকত। আপুনি এখুন্দা দিয়াৰ কথা কৈছে! শিৱ বৰুৱাৰ আগত কোনোবাটোৱে মুখ ফুটাই একেষাৰ কথা ক'ব পাৰে জানো! এতিয়া মোৰ বাহিৰে সঁচা কথাটোকে ক’বলৈ কোনেও সাহ নকৰিলে নহয়।

 মোবা। গোচৰৰ সোধ-পোছ জানো হ'ল?

 ভকত।এক প্ৰকাৰ হ'ল। লোকনাথৰ সাক্ষী দুজনমানৰ জবানবন্দী বাকী। তেওঁলোক গুৱাহাটীৰ। তেওঁলোকৰ জবানবন্দী পালেই ৰায় দিব। কালি কি পৰহিলৈকে দিন আছে।

 মোবা। অস্ অস্! ইয়াকেহে কৰিলা! এৰা, বান্দৰে কি নাৰিকলৰ মোল বুজিবা।

( নেনাইৰ প্ৰবেশ)
অ'মেধি! কলৈ গৈছিলা?

 নেনাই। গোসাঁই ঈশ্বৰৰ ওচৰলৈ গৈছিলোঁ।