পৃষ্ঠা:পৰাচিত.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
[দ্বিতীয় অঙ্ক
পৰাচিত


পাঁচ টকা লৈ যোৱাঁ। এইবোৰ কথাৰ কিন্তু কাকো ফুটকে নিদিবা।

   ( টকা দিয়ে। টকা লৈ নেনাই ওলাই যায়।)

 শিৱ। (নেনাইৰ ফাললৈ চাই) তই কিমান পানীৰ মাছ! মোৰ কথামতে কাম কৰিব'ই লাগিব। একেপাট শৰেৰেই দুটা লক্ষ্য ভেদ কৰিম;—লোকনাথৰ ওপৰত প্ৰতিশোধ ল'ম : মোৰ লৰাকো দোষৰ পৰা মুক্ত কৰিম। ( অলপ বেলি ইফাল-সিফালকৈ ফুৰি) লোকনাথ! স্কুলত পঢ়াৰে পৰা তই মোৰ সকলো চেষ্টা ব্যৰ্থ কৰিলি! কিন্তু এইবাৰ নোৱাৰ। সামান্য মানুহৰ লৰা এটাক ইমানকৈ টিঘিলঘিলাবলৈ এৰি দিব নোৱাৰোঁ। এইবাৰ তোক জোলোকা-জোলোকে পানী খুৱাইহে এৰিম।

পট।