এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য]
১৩
পৰাচিত
বিহু। দিয়া হ'লে ভালেই আছিল। তেতিয়া মই নাচি ফুৰিলোঁহেতেন।
ভেকো। ময়ো ঢোলত চেও মাৰিলোঁহেতেন।
বিহু। তেন্তে আহ, আজিয়েই বাটে বাটে আখৰা কৰি যাওঁ।
ভেকো। ব'ল।
( ভেকোলাই ঢোল বজায়, বিহুৱাই নাচে আৰু তেনেকৈয়ে দুয়ো ওলাই যায়।)
মজিয়াত চাপৰ চালপীৰা এখনত এটা নগা ঢাৰী পৰা। তাৰ
ওপৰত এখন কম্বল আৰু এটা গাৰু। পাটীত ভকতৰামৰ
পোন্ধৰ বছৰীয়া লৰা সৰুকণ শুই থাকে; মাজে
মাজে ছটফট কৰে। ওচৰতে পীৰা এখনত
বহি ভকতৰাম। মূৰৰ তলত এটা
তামোলৰ ঢকুৱা দি লোকনাথে
পানী ঢালি থাকে।
লোক। ই কথাই কথা নহয় : এজন ভাল ডাক্তৰ আনিব লাগে। জ্বৰ ১০৪ ডিগ্ৰীৰ তললৈ অহাই নাই। কাহো আছে, বুকুৰ বিষো আছে। মনোমোহনৰ দ্বাৰা একো নহয়। সি ডাক্তৰি কি জানে! মিছাকৈয়ে ডাক্তৰ বোলাই গাৱঁৰ মানুহক ঠগি পইচা খাই আছে।