এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দ্বিতীয় দৃশ্য ]
১১
পৰাচিত

 বিহু। তেনেকৈয়ে তেওঁ গাৱঁৰ দুই-এজনৰ বাহিৰে সকলোকে বহতীয়া কৰি ৰাখিছে। সকলোৱেই পেটে পেটে তেওঁক বেয়া পায়, মুখৰ আগত মাতিবলৈ হ'লে কাৰো সাহ নাই।

 ভেকো। অকল লোকনাথৰেই সাহ আছিল। পিচে কি হ'ব! তেওঁ হ’ল দুখীয়া। ৰাইজে তেওঁৰ কথাত হয় হয় হে কৰে, কিন্তু কাম কৰে শিৱ বৰুৱাৰ কথামতে। ইস্কুলখনৰ কথাটোকে চাচোন; লোকনাথে ৰাইজক মাতি ক'লে বোলে আমাৰ সকলো লৰা-ছোৱালীয়ে লিখা-পঢ়া শিকা উচিত। নিলগৰ স্কুলত তেনে সুবিধা নহয়। সেই দেখি গাৱঁতে সকলো লাগি-ভাগি এখন ইস্কুল পাতিব লাগে। গধূলি গধূলি তেওঁ নিজে পঢ়াবলৈকো গাত ললে। ৰাইজে বৰ ভাল কথা বুলি পিচ দিনাৰে পৰা কামত লাগিবলৈ ঠিক কৰিলে। এনেতে পালেহি শিৱ বৰুৱা। তেওঁ যেই নালাগে বুলি ক'লে তেতিয়াই সকলোৰে মাত হৰিল।

 বিহু। তেওঁক নো নালাগে কিয়?

 ভেকো। মোক যে সুধিছ, তই জানো নাছিলি?

 বিহু। এৰা মই যাবলৈ নহ'ল। মোৰ ঘৰত লৰা- ছোৱালী নায়েই যেতিয়া, বোলো গৈ নো কি কৰিম!

 ভেকো। শুন তেন্তে। বৰুৱা আহিয়েই ক'লে বোলে নতুন স্কুল পতাতকৈ যিবোৰ আছে তাৰো কিছুমান উঠাই হে দিব লাগে। এতিয়া দুই তিনি মাইল আঁতৰত ইস্কুল থাকোঁতেই