পৃষ্ঠা:পৰাচিত.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পৰাচিত

প্ৰথম অঙ্ক।

প্ৰথম দৃশ্য।

মোবাৰকৰ চ'ৰা। মাজত এখন মেজ, ওচৰত
দুখন চকী আৰু কেইটামান মূঢ়া।
এফালে দাঁতিত এখন বেঞ্চ।

(লোকনাথৰ প্ৰবেশ।)

 লোক। দদাইটি আছে নে?

 মোবা। (ভিতৰৰ পৰা) আছোঁ। কোন? (প্ৰৱেশ কৰি) অ’ বাপা, বহাঁ।

 (লোকনাথ এখন চকীত আৰু মোবাৰক আন খনত বহে।)

 মোবা। পিচে বাপা, গুৱাহাটীৰ পৰা কেতিয়া আহিলা?

 লোক। গুৱাহাটী এৰা এক ৰকম তিনি মাহেই হ’ল। পিচে ঘৰত কেইদিনমান থাকিয়েই ইফালে সিফালে ঘূৰিব লগাত পৰিলোঁ। এতিয়া ঘৰলৈ অহা দহ দিন মান হে হৈছে।

 মোবা। পঢ়া জানো শেষ কৰিলা?

  লোক। হয়। এইবাৰ বি, এ, দিলোঁ। অলপতে পাচ হৈছে বুলি খবৰ পাইছোঁ।