এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দ্বিতীয় দৃশ্য]
৬১
পৰাচিত

আপোনালোক। আপোনালোকে তাক সমৰ্থন কৰিছে। আপনালোকে নুবুজিলে— আজিলৈকে মই যি কৰিছোঁ আপোনালোক সকলোৰে ভালৰ নিমিত্তে। তাত মোৰ কোনো সুকীয়া স্বাৰ্থ নাই। আপোনালোকে মুঠ বান্ধি যদি মোক সমৰ্থন কৰিলেহেতেন তেন্তে তাৰ এনে অত্যাচাৰ কৰিবলৈ সাহ নহ'লহেতেন। আপোনালোক ধনীৰ গোলাম। এতিয়া মই দেখিছোঁ, ইয়াত মোৰ ঠাই নাই। ইমান অপযশ, লাঞ্ছনাতো মোৰ আপোনালোকক এৰি যাবলৈ সত যোৱা নাছিল; এদিন নহয় এদিন আপোনালোকৰ সুমতি ঘূৰি আহিব বুলি আশা কৰিছিলোঁ। কিন্তু এতিয়া আৰু উপায় নাই। সোমাই থাকিবলৈ যি ভগা বহাডোখৰ আছিল তাকো ছাই কৰি দিলে। আগেয়ে গাৱঁৰ মানুহ শিক্ষিত হৈ গাওঁ এৰি নগৰীয়া হোৱা দেখি মোৰ খং উঠিছিল, সমালোচনা কৰিছিলোঁ। কিন্তু আজি বুজিছোঁ কিয় তেওঁলোক নিজৰ অতি মৰমৰ ওপজা ঠাইডোখৰ এৰি যাবলৈ বাধ্য হয়। উস্! মোৰ চকু-লো ওলাব খুজিছে! মোৰ প্ৰাণতকৈও প্ৰিয় এই পিতৃ-পিতামহৰ ভেটি এৰি যাবলৈ ওলাইছোঁ। মোৰ বুকু ফাটি গেছে। অন্তৰত যি ভাবৰ ধুমুহা উঠিছে তাক চম্ভালিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰিব লগা হৈছে। তথাপিও যাব'ই লাগিব। আই-দেউতাক মটৰত তুলি থৈ আহিছোঁ। মই যাওঁ, আৰু পলম কৰিব নোৱোৰোঁ।

 প্ৰ,গ। তুমি থানাত এজাহাৰ এখন নিদিয়া কিয়?

 লোক। লাভ নাই। এইটো কাৰ কাম ময়ো জানো,