এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দ্বিতীয় দৃশ্য]
২৯
পৰাচিত


 পুণাই। এনেয়ে নাজানিব পাৰা, পিচে মোকৰ্দ্দমা কৰে যদি?

 মদন। খাবলৈ নোপোৱা নেনাই মেধিয়ে মোৰ ওপৰত মোকৰ্দ্দমা কৰে! তাৰ নাম নাজানো!

 পুণাই। বাৰু সেইটো সেয়ে, এতিয়া আকৌ ক’ববাত নতুন চিকাৰ মিলিছে নে নাই?

 মদন। থ, এইখন জানো তেনেবোৰ কথা পতাৰ ঠাই! এতিয়া সেইবোৰ কথা তল পেলা। পিচে তই দেখোন সত্ৰকে এৰিলি। ইমান দিন ক’ত আছিলি?

 পুণাই। পামত। তোৰ দৰে বহি-শুই ধিতিঙালি কৰি খাবলৈ আমাৰ কপালত থাকিলে হে। পিচে তই এইবাৰ পাচ কৰিলি নে নাই?

 মদন। নাই। মই তো পাচ কৰিবলৈ পৰীক্ষা দিয়া নাই। দেউতাৰ কথা পেলাব নোৱাৰি মুঠেই বছৰে বছৰে হাজিৰ হৈ আছোঁ। মোৰ খাবলৈ নাই নে পিন্ধিবলৈ নাই, তাতে দিনে- ৰাতিয়ে কিতাপ মুখস্থ ক'ৰি মৰিবলৈ যাম! পৰীক্ষা পাচ কৰা কাম সেই লোকনাথৰ নিচিনা মানুহৰ। তাৰ দুবেলা দুসাজ খাবলৈ নাই; আমোদ-প্ৰমোদত যোগ দিবলৈ হাতত পইচা নাই; ডাঙৰ মানুহৰ লৰাৰ লগত তাৰ ঠাই নাই। সি আৰু কিতাপ পঢ়াৰ বাহিৰে আন কিটো কৰিব!

 পুণাই। অকল সেয়ে নহয়; পাচ কৰিব নোৱাৰিলে আগলৈকো তাৰ খোৱামুঠি মিলাই টান। সেই দেখি হে সি পঢ়াতেই কোঢ়ামুঠীয়াকে লাগিছে।