পৃষ্ঠা:পৰাচিত.pdf/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
[চতুৰ্থ অঙ্ক
পৰাচিত
 

 শিৱ। তেনেহলে তোমালোক ৰাতিটো ইয়াতে থাকাঁ। ৰাতিপুৱা দলীল বিচাৰিম। এতিয়া ইমান ৰাতি বিচাৰিব নোৱাৰোঁ।

 দ্বি, মৈ। আমি যদি এই নু থাকি আপনাৰ মহাজন বিপদেৰ বয় আছে। আপনাৰ বালেৰ লাইগা তাড়াতাড়ি খেদানি উচিত।

 শিৱ। তেনেহলে তোমালোকে ক'ৰবাৰ পৰা টকা চুৰ কৰি আনিছা!

 তৃ,মৈ। আৰে আপনাৰ হেইটা দৰকাৰ কি? আমি যেহানতন পাইছি, হেই হানতনেই আনছি। আপনাৰ লেঠা মাইৰা নিয়ুক।

 শিৱ। সুত আনিছা?

 প্ৰ, মৈ। লেঠা যদি মাৰবাৰ আইলাম, সুদে-আচলে সব দিয়াম।

 শিৱ। তোমালোকৰ ধাৰ গাই পতি দুহেজাৰ। এতিয়া শত ২৫ টকা হিচাপে দুবছৰৰ সুত গাই-পতি এহেজাৰ। বন্ধকত দিয়া মাটি তোমালোকেই দখল কৰি আছা। মুঠতে প্ৰত্যেকৰ দেনা তিনি হেজাৰকৈ মুঠ পোন্ধৰ হেজাৰ টকা।

 দ্বি, মৈ। যা অয় তাতো দিয়ামেই। আপনি তাড়াতাড়ি কইৰা দলীলগুলি আনুক।

 শিৱ। চাওঁ টকা।

 তৃ, মৈ। দলীল আইনা ওৱাছিল লেখক। তাৰ পাছে টেহা দিয়াম। মনে বয় পান কিয়া?