এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০
[প্ৰথম দৃশ্য
পৰাচিত


 বিহু। মোৰ হ'লে লোকে ভাল বোলা বেয়া বোলালৈ কথা নাই। ক'ৰবাত ঢোলৰ চেও শুনিলে আনহে নালাগে ভাতৰ পাততো নাচোন উঠি আহে। বাৰু তোৰ আমনি লাগিল যদি থাওক।

 ভেকো। অ' পিচে তোক সুধিবলৈকে পাহৰিছো,—তে- ৰে-ৰে ৰাগটানি আহিলি ক'ৰ পৰা?

 বিহু। মই গৈছিলোঁ শিৱ বৰুৱাৰ ঘৰলৈ।

 ভেকো। কিয়?

 বিহু। কাম আছিল খাজানাৰ বাবে সিদিনা মৌজাদাৰৰ টেকেলাই ঘৰ কোৰোক কৰিলে। উপায় নাপাই বৰুৱাৰ পৰা ৰূপ একুৰি ধাৰে লৈ লেঠাটো মাৰি আহিলোঁ।

 ভেকো। লেঠাটো মাৰিলি ভাল হ'ল। এতিয়া যিমান সোনকালে পাৰ তেওঁৰ ধাৰটোও মাৰিবলৈ চাবি। সুত কেনেকৈ?

 বিহু। মাহে টকাত এক অনা।

 ভেকো। তেওঁৰ টকা ধাৰ কৰাও বিপদ, নকৰিলেও সময়ত উপায় নাই। এনেয়ে তেওঁৰ সুতো সৰহ, আকৌ ঘৰতো খাটি দিব লাগে। আজি ক’ব হাল এখন বাই দে, কালিলৈ ক'ব ঘৰটোৰ মূধচটো কৰি দে, পৰহিলৈ ক'ৰ বোলে শাকনিৰ ভেটাখন দে,—এই অনুক্ৰমে বছৰত দুই-তিনি মাহমান তেওঁৰ ঘৰত কাম কৰিব লগা হয়। ইফালে সুতৰ এটা পইচাও নেৰে। মই সেইখন ফলা পঢ়ি থৈছোঁ।