পৃষ্ঠা:পৰাচিত.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
[তৃতীয় অঙ্ক
পৰাচিত


 পেটুৱা। বন্ধত নাহিল বুলি তাৰ দুই-চাইদিন আগত বা পাচতে জানো আহিব নোৱাৰে?

 শিৱ। নোৱৰাটোৱেইহে প্ৰমাণ হ'ল। হাকিমৰ সাক্ষীয়েই যথেষ্ট। তাৰ উপৰি কলেজৰ প্ৰিন্সিপালৰ ৰিপোৰ্টৰ পৰাও প্ৰমাণ হ'ল যে সি কোনো দিনে কলেজ খতি কৰা নাই।

 পেটুৱা। আষাৰৰ পৰা ধৰিলে কেই মাহ হয়?

 শিৱ। চৈধ্য মাহ। সেইটোৱেই আমাৰ সকলো চেষ্টা মাটি কৰিলে, সকলো প্ৰমাণ উৰুৱাই দিলে। মোকৰ্দ্দমা ডিচমিচ হ'ল।

 পেটুৱা। আকৌ বোলে হাকিম সন্তুষ্ট আছিল।

 শিৱ। থাকিলে কি হ’ব! বাট থাকিলেহে।

 পেটুৱা। আন যি হওক নহওক, এতিয়া আৰু নেনাই মেধিয়ে আপোনাৰ লৰাৰ গাত বদনাম দিব নোৱাৰে।

 শিৱ। গোচৰৰ লাভ সিমানখিনিয়েই। লি চাৰিওফালে মোৰ লৰাৰ বদনাম উলিয়াই ফুৰিছিল। এতিয়া তাৰ মুখ বন্ধ হ’ব। লোকনাথৰ শাস্তি নহব পাৰে, কিন্তু মোৰ লৰা কেলেঙ্কাৰীৰ হাত সাৰিল। এতিয়া কিবা উলিয়াবৰ হ'লে মই তাৰ ওপৰত মান হানিৰ মোকৰ্দ্দমা কৰিম।

 পেটুৱা। নিজৰ গাভৰু ছোৱালী চম্ভালি ৰাখিব নোৱাৰে, জগৰটো লাগে লোকৰ লৰাৰ গাত। বেচ হৈছে; তাৰ জোৰাই জোখাই হৈছে।