এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৪
[দ্বিতীয় অঙ্ক
পৰাচিত

 (মোবাৰক, লোকনাথ আৰু দহ জন অসমীয়া ডেকা মুচলমান অলপ দূৰত সোমায়। মৈমনচিঙীয়াহঁতে নেদেখাকৈ ডেকা কেইজন সিহঁতৰ পিচফালে হাবিত সোমায়। মোবাৰক আৰু লোকনাথ আগ বাঢ়ি যায়।)

 মোবাৰক। হেৰৌ কেলেহুৱাহঁত! তহঁতে ইয়াত কাৰ হুকুমত মাটি ভাঙিছ? বাপেৰৰ ঘৰৰ মাটি পাইছ নে কি?

 প্ৰ, মৈ। জংগল মাটি, এম্‌নি পইৰা আছে, আমি বাইঙা-তাইঙা লৈছি।

 মোবাৰক। জংঘলীয়েই হ'ল বাৰু, লোকৰ পট্টাৰ মাটিত সোমালি কিয়?

 দ্বি, মৈ। আগে পট্টা কে লাইগা কৰ্ ছিন না কৰছিন হেটা আমি কি জানি! আমি বাংছি কত কষ্ট-মষ্ট ক’ইৰা, অহন আমাৰেই। এই মাটি যদি যায়েগা জীবন থাক্ তে ছাড়্ তাম না কিন্তু।

 মোবাৰক। বাৰু তোৰেই হওক, বা তোৰ বাপেৰৰেই হওক, এতিয়া ভালে ভালে ওলাই যাবি নে নাযাৱ ক।

 তৃ, মৈ। অহন আমাৰে কয় যে উইটা যাও। তোমৰা মনে কৰ অহন যাইতাম গা। কে লাইগা আমি যাইতাম! আমি ছাইড়া যাইবাৰ লাইগা অত কষ্ট-মষ্ট কৰ্ ছি, এটা কুনু ঠাট্টা না। (লগৰীয়াকেইটাক ) তোমৰা বেহেই আমাৰ কাছে থাইক, দেহি কে কি কৰে।

 মোবা। তহঁতে নেৰ?