পৃষ্ঠা:পৰাচিত.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম দৃশ্য]
৪৭
পৰাচিত


 মােবা। অ', সেই বৰ পথাৰৰ মাটিখিনিৰ বিক্ৰী ৰদ কৰাৰ বাবে হবলা ?

 ভকত | তলে তলে আগৰে পৰা। তেতিয়াৰ পৰা যেনিবা দেখাদেখিকৈ লাগিছে।

 মােবা। এতিয়া কিবা কৰিছে হবলা?

 ভকত। আকৌ সুধিছে হে নে ! বৰ বেয়া বদনাম এটা দি আদালতত তুলিছে।

 মােবা। আদালতত ! কি হৈছে ভালকৈ কোৱাঁচোন ।

 ভকত। হ’ব আৰু কি ! সেই আমাৰ নেনাই মেধিক জানে নহয়। তেওঁৰ ছােৱালী এজনী গাভৰু হৈ আছিল, নাম চম্পা। শিৱৰ পুতেক মদন সদায় তেওঁৰ ঘৰলৈ যােৱা হ'ল। মেধি হ'ল একেবাৰেই হােলগোজ ভকত। ডাঙৰ মানুহৰ লৰা তেওঁৰ ঘৰলৈ যায়, সেইটো তেওঁ গৌৰৱৰ কথা বুলি ভাবে। মদনৰ যে তাত কিবা অসৎ উদ্দেশ্য থাকিব পাৰে মেধিৰ সেই বিষয়ে ভুৱেই নাই। লাহে লাহে ছােৱালীৰ গাত লেঠা লাগিল, সকলােৱেই গম পালে । এদিন কেইজনমান মানুহে চোপা লৈ থাকি মদনক ধৰা পেলালে । মদনে উপায় নাপাই ছােৱালীজনী বিয়া কৰাম আৰু সন্তানটোৰ পােহপাল দিম বুলি লিখি দিলে আৰু তেতিয়াৰে পৰা কোনো লুক-ঢুক নকৰাকৈ মেধিৰ ঘৰলৈ যােৱা হ'ল।

 মােবা। তুমি কি কৈছা মই একো বুজা নাই। তাৰ লগত লােকনাথৰ সম্পৰ্ক কি ?