এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য]
৬৩
পৰাচিত
শিৱ। আপদ আঁতৰ হ’ল। আজি হে মোৰ প্ৰাণলৈ শান্তি আহিছে। ইমান দিনৰ পৰিশ্ৰম, ইমান ধন খৰচৰ আজিহে মূল উঠিল। এতিয়া আৰু মোক কোনে পায়! মৈমনচিঙীয়াহঁত হাতত আছে যেতিয়া যেয়ে মোৰ বিৰুদ্ধে একাষাৰ কথা কয় তাৰেই দিহা লগাম। আজি লোকনাথে বুজিছে মোৰ লগত ফেৰ মাৰিবলৈ ওলোৱাৰ ফল কি।
( চুচুক-চামাককৈ মদন সোমাই আহে।}
মদন!
মদন। দেউতা!
শিৱ। তই ইমান ৰাতিলৈ ক’ত অনাই-বনাই ফুৰ? কলৈ গৈছিলি?
মদন। পুণায়ে চাহ খাবলৈ মাতিছিল, তালৈকে গৈছিলোঁ।
শিৱ। এনেকুৱা সাধাৰণ মানুহৰ ঘৰত চাহ খাই ফুৰা মই ভাল নাপাওঁ। এনে কৰিলে আগলৈকো সিহঁতে আসৈ পাব।
মদন। এনেয়ে নাযাওঁ। পিচে সি বহুত দিন পামত থাকি ঘৰলৈ আহিছে, মতাতো নগ'লে বেয়া পাব। সেই দেখিহে গলোঁ। আজিৰ পৰা আৰু নাযাওঁ।