পৃষ্ঠা:পৰাচিত.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অঙ্ক।
প্ৰথম দৃশ্য।
গাৱঁলীয়া বাট।
(ৰাগ টানি টানি বিহুৱাৰ প্ৰবেশ।)

 বিহুৱা। “যত দেখা পুত্ৰ ভাৰ্য্যা সৱে অকাৰণ।

   ছাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ।।

   বিষয়ৰ সুখ একতিলে কৰি চুৰ।

   যাৰ কিঙ্কৰে ধৰি নিবে যমপুৰ।।”

   ( বিপৰীত ফালৰ পৰা ভেকোলা সোমায়।)

 ভেকোলা। তোৰ লগত মোৰ ৰাহি-পুজিয়েই আহিছে নে কি ক'ব নোৱাৰোঁ। ওলালেই দেখোন তোক লগ পাওঁ। এতিয়া ৰাতিপুৱা চকু-মুখ মোহাৰি এই ওলাই আহিছোঁ মাথোন, পোনেই তোকে দেখিলোঁ। আজি দিনটো ভালে-কালে নাযাবৰ হ'লে তোৰ গাত হে লাগিম। পিচে তে-ৰে-ৰে ৰাগ টানি এই পুৱাতে আহিলি ক'ৰ পৰা?

 বিহুৱা। লোকনাথৰ ঘৰৰ পৰা। কালি ৰাতি কোনোবাই জুই লগাই লোকনাথৰ ঘৰ-দুৱাৰ সোপাকে পুৰিলে। তই খবৰ পোৱা নাই?