পৃষ্ঠা:পৰাচিত.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
[তৃতীয় অঙ্ক
পৰাচিত

 আজি কালি বেজালিৰো মূৰ মৰি আহিছে। এইটো কাৰবাৰো যাব লাগিলে খোৱমুঠিৰেই টান পৰিব।

 শিৱ। (হাতত টোপোলা এটাৰে সোমাই আহি পেটুৱাৰ হাত দি) আমাৰ শত্ৰু বহুত। খুব সাৱধানে চলিবা।

 পেটুৱা। সেইটো ক'ব লাগিছে নে! এই কাৰবাৰৰ আপোনাতকৈ মোৰ হে বেচি প্ৰয়োজন। যাওঁ হে এতিয়া।

(প্ৰস্থান)

 শিৱ। চোৰাং কানিৰ ব্যৱসায়ত ধন ঘটিলোঁ। মৈমনচিঙীয়াহঁতক হাতত ৰাখি সকলোকে দমাই ৰাখিছোঁ। আজিলৈকে কোনেও মোৰ চকুলৈ চাবলৈ সাহ কৰা নাই। ই কালিৰ ল'ৰা লোকনাথে মোক নামানে! সি মোৰ ভৰিত ধৰে নে নধৰে এইবাৰ দেখা যাব। এইবাৰ সি চিনি পাব শিৱ বৰুৱা কোন।