এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৬
[তৃতীয় অঙ্ক
পৰাচিত


ওলাব নুখুজিছিল। সিহঁতে বোলে হ'ব নোৱাৰিছে বোকা, ভৰি ধুই পেলালেই হ'ব। জোতা নিপিন্ধিলেই হ’ল।

 মোবা। এৰা আমাৰ অসমীয়া লৰাবোৰ বৰ ঢোদ হৈ পৰিছে। দিনে-ৰাতিয়ে বোকাকে খচিব, তেও দুচপৰা মাটি দি নলয়।

 ভকত। কোনো নোলোৱা দেখি লোকনাথে অকলৈ এডোখৰ বান্ধিলে। তেতিয়া লাজ পাই হবলা এটা এটাকৈ দহোটামান ডেকা আহি তেওঁৰ লগ ল'লে আৰু কেইদিনমানৰ ভিতৰতে বাকী কেইডোখৰো বান্ধি পেলালে।

 মোবা। তোমালোকে ভাগ্যৰ বলত হে তোমালোকৰ মাজত লোকনাথৰ দৰে এটা লৰা পাইছা। মই আন মানুহকো কওঁ,—লোকনাথ যেনে-তেনে লৰা নহয়, এটা মাণিক। ঈশ্বৰে ভালে কুশলে ৰাখিলে এদিন তেওঁ তোমালোকৰ গাওঁখন জাকত জিলিকা কৰিব, দেশখনৰো উন্নতি সাধিব।

 ভকত। সেইটো আমিও আশা কৰিছিলোঁ। পিচে তেওঁ ইয়াত টিকিবই নোৱাৰিব হবলা। শত্ৰু বহুত।

 মোবা। কিয়?

 ভকত। দেখিছেই নহয়, আমাৰ মানুহে কাৰবাৰ ভাল দেখিলে, কাৰবাৰ সুখ্যাতি শুনিলে বৰ পুতেকৰ মূৰ খোৱাৰ সমান বেজাৰ পায়। লোকনাথে বি, এ, পাচ কৰাৰ দিন ধৰি আনৰ কথা নধৰিলেও শিৱ বৰুৱাৰ পেটৰ ভোক, চকুৰ টোপনি নোহোৱা হৈছে।