পৃষ্ঠা:পৰাচিত.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
[তৃতীয় অঙ্ক
পৰাচিত


নোৱাৰোঁ। দুই দিন কুচ খোৱা নাই। এক মুঠা ভাত মিলে।

 মদন। খোৱা নাই মৰি যা। ইয়াত গোলমাল নকৰিবি। মগনীয়া।

 মগনীয়া। এক মুঠা ভাত।

(বহে।)

 মদন‌। আকৌ বহিছ হে! ৰ, তোক বাপেৰে! বচিৰ এইটোক ঢকাচেৰেক দি উলিয়াই দে।

 (বচিৰে মগনীয়াটো গতিয়াই উলিয়াই দিয়ে। ইয়াৰ ভিতৰতে দুয়োৰে চাহ খোৱা শেষ হয়। বচিৰে কাপ-প্লেট লৈ যায়। মদন আৰু পুণায়ে চিগাৰেট একোটা মুখত লৈ জ্বলাবলৈ দিয়াচলাই মাৰে।)

 মদন। ( বাহিৰলৈ চাই) অ' দেউতা আহিলেই। তেওঁ দেখোন গম্ভীৰ দেখিছোঁ। কথা বিষম নে কি?

 (দিয়াচলাইৰ জ্বলা কাঠি সুমুৱাই পেলায় আৰু চিগাৰেট লুকুৱায়। শিৱ সোমাই আহে আৰু একোলৈকে মন-কাণ নকৰি ভিতৰলৈ সোমাই যায়।)

 পুণাই। কথা বৰ ভাল নহয় হবলা। তেখেত নৌ ওলাওঁতেই আমি আঁতৰাই ভাল।

 মদন। এৰা, ব'ল।

 ( দুয়ো ওলাই যায়। অলপ পিচতেই কাপোৰ-কানি সলাই শিৱ সোমায় আৰু চকী এখনত চিন্তান্বিত হৈ বহে।)