পৃষ্ঠা:পৰাচিত.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
[প্ৰথম অঙ্ক
পৰাচিত


 ডাক্তৰ। ( প্ৰথমতে উত্তাপ জুখি তাৰ পাচত ষ্টেথ'স্কোপেৰে বুকুখন ভালকৈ পৰীক্ষা কৰি চাই) ডবল নিউমোনিয়া। বেমাৰ বহুতো আগ বাঢ়িল। কোনে চিকিৎসা কৰিছিল?

 ভকত। আমাৰ গাৱঁত থকা মনোমোহন ডাক্তৰে।

 ডাক্তৰ। সি ডাক্তৰ হ’ল কেতিয়াৰ পৰা? নিউ ফাৰ্ম্মেচীত কেইদিনমান কম্পাউণ্ডাৰ আছিল। তাতেই সি ডাক্তৰ হ’ল নে সি জানো বেমাৰ চিনি পায়? সি নিজৰ ব্যৱস্থা-মতে ঔষধ দিয়ে বুলি প্ৰমাণ দিব পাৰিলে তাৰ শাস্তি হব। তাৰ চিকিৎসাত বেমাৰী মৰিলে যদি কোনোবাই মোকৰ্দ্দমা কৰে তেন্তে সি যে অকল ক্ষতিপূৰণেই দিব লাগিব এনে নহয়, ফাটেকো খাটিব। এনে মানুহৰ হতুৱাই চিকিৎসা কৰোৱাতকৈ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি বহি থকাই ভাল।

 লোক। সি যে একো নাজানে তাত সন্দেহ নাই। বেমাৰৰ লক্ষণ দেখি নিউমোনিয়া বুলি মই আগতেই সন্দেহ কৰিছিলোঁ। পিচে সি বাৰে বাৰে পৰীক্ষা কৰিও কয় বোলে কলিজা বা হাওঁ ফাঁওৰ দোষ সমূলি নাই। ব্যৱহাৰ নজনাকৈ যে সি ষ্টেথ'স্কোপ ডাল লৈ ফুৰায় সেইটো সন্দেহ মোৰ তেতিয়াই জন্মিছিল।

 ডাক্তৰ। ব্যৱহাৰ জানক বা নাজানক, সেইডাল লৈ নুফুৰালে সি ডাক্তৰ বুলি মানুহক ফাকি দি ফুৰিব কেনেকৈ!

 লোক। পিচে বেমাৰৰ গঢ় কেনে দেখিলে?

 ডাক্তৰ। তথাপি এতিয়াই চিকিৎসা আৰম্ভ কৰিলে ভাল হোৱাৰ সম্ভাবনা আছে। পলম কৰিলে