এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬০
[চতুৰ্থ অঙ্ক
পৰাচিত


দ্বিতীয় দৃশ্য।
পোৰা ঘৰৰ ভেটি আৰু ছাই।
(লোকনাথ আৰু কিছুমান গঞা)।

 প্ৰথম গঞা। পিচে বোপা! একবাৰেই ওলালা নে কি?

 লোকনাথ। আৰু কি কৰিম! সৰুৰে পৰা ভাবিছিলোঁ পঢ়ি-শুনি আহি গাওঁখনৰ উন্নতি কৰিম; অন্ধবিশ্বাস, কুসংস্কাৰ গুচাই সকলো মানুহকে সময়ৰ উপযোগী কৰি গঢ়িম। সঙ্কল্প আছিল আমাৰ গাৱঁৰ কাকো নিৰক্ষৰ হৈ থাকিবলৈ নিদিওঁ। খেতি-বাতি, বেহা-বেপাৰ সকলোতে যাতে আমাৰ গাওঁ আগৰণুৱা হৈ সকলোৰে আৰ্হিস্বৰূপ হয় তাৰ দিহা কৰিম। আহিয়েই মোৰ সঙ্কল্প কাৰ্য্যত পৰিণত কৰিবলৈ লাগিছিলোঁ,কিন্তু নোৱাৰিলোঁ। আপোনালোকে নিজৰ ভাল-বেয়া বুজে এজন স্বাৰ্থপৰ মানুহৰ ঈঙ্গিতমতে। তেওঁ যে আপোনালোকৰ সৰ্ব্বনাশ সাধন কৰিছে তাক দেখিও আপোনালোকে নেদেখা ভাও জোৰে।

 দ্বিতীয় গঞা। কি কৰিম! তোমাকেই সি কি নকৰিছে! আমি নো তাৰ ওচৰত কোন কুটা!

 লোক। মোৰ ওপৰত অত্যাচাৰ কৰিছে; চাৰিওফালে অপযশ ৰটিছে; অপমান লাঞ্ছনাৰ সীমা নাই। তাৰ কাৰণ