এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য]
৫৫
পৰাচিত
শিৱ। লোকনাথকো আটিছে। মোকৰ্দ্দমাত শাস্তি নহলেও লাজ-অপমান বাৰুকৈয়ে পাইছে।
পেটুৱা। ইমানতেই তাক এৰি দিব নে?
শিৱ। এৰি দিম! মই জীয়াই থাকোঁতে সি ইয়াত এসাজো সুখেৰে ভাত খাব নোৱাৰে। এইবাৰ তাক গাৱঁৰ পৰা বাহিৰ কৰিহে এৰিম।
পেটুৱা। কেনেকৈ?
শিৱ। যেনেকৈ হওক, তাক খেদাব লাগিব'ই। মই বুজিছোঁ, এই কাম গাৱঁৰ মানুহৰ দ্বাৰাও নহয়, আইন- আদালতৰ দ্বাৰাও নহয়।
পেটুৱা। কাৰ দ্বাৰা নো হ’ব?
শিৱ। নিজৰ বলেৰে, নিজৰ বুধিৰে কাম সমাধা কৰিব লাগিব। আজি হওক, কালি হওক সি লোকনাথে এই গাওঁ এৰি যাব'ই লাগিব। অ’, পিচে তুমি আহিছিল কিয়?
পেটুৱা। দৰৱ এফেৰা লাগে।
শিৱ। কিমান?
পেটুৱা। সৰহকৈ নিবলৈ ভয় লাগে। আজিলৈ পাঁচ তোলামানকে দিয়ক।
শিৱ। আগৰ টকা আনিছা?
পেটুৱা। হয়, এইয়া।
( নোট কেইখনমান দিয়ে। তাকে লৈ শিৱ ভিতৰলৈ যায়।)