এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৬
[প্ৰথম অঙ্ক
পৰাচিত


 ভকত। অ' বৈদ, আহক।

  ( নৰিয়াৰ ওচৰতে ঢাৰী এখন পাৰি দি) বহক।

   (বেজে জোলোঙাখন নমাই থৈ বহে।)

 সৰু। খালে! খালে! এৰি দে। এৰি দে।

 পেটুৱা। ( একে থৰে কিছু সময় চাই থাকি ) ওঁ, বুজিছোঁ। পিচে কেতিয়াৰ পৰা জ্বৰ।

 ভকত। কেইদিনমান আগৰে পৰা পানী লাগিছিল। জ্বৰ বেচি নাছিল। চ’ঠাদিনা দুপৰীয়া সেই মৰিশালিখনৰ ফালে বাহিৰ ফুৰিবলৈ গৈছিল। ঘূৰি অহাৰ লগে লগেই একেবাৰেই তই থাক মই থাক জ্বৰ। ছটফটাই থাকে, বকে, উঠি যাব খোজে।

 পেটুৱা। এওঁ এলাপেচা ভকত নহয়; আচল শাসন শলীয়া। পিচে মই পাইছোঁহি যেতিয়া ভয় নাই, মই তাৰ সৈ লোৱাইহে এৰিম। এমুঠি বিহলঙনি আনা। ইয়াৰ ভিতৰতে ভাল জলা চাই কেইটামান ভোট জলকীয়া আৰু এটা বা দুটা কুমটি বিচাৰি থ’বা। ই যদি সহজে নাতৰে চকুত জলকীয়া দিব আৰু নাইত কুমটি মেলিব লাগিব।

 লোক। মই ঘৰলৈ যাওঁ, ডাক্তৰ আহিব পাৰে। যদি আহে লৈ আহিম।

(প্ৰস্থান)

 ( ভকতৰামে ৰূপ এটকা আৰু তামোল-পাণ এজোৰেৰে ভোজনী এটা আৰু বিহলঙনী একোছাৰে সৈতে ডাঙৰ বটা এটা