এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
[ দ্বিতীয় অ
পৰাচিত


 পেটুৱা। ই থাকিবৰ হ'লে আমাৰ ভাতেই মৰিল এতিয়াই আগৰ দৰে মানুহ নোযোৱা হৈছে।

 শিৱ। তাক কেনেকৈ সেঁকা দিব পাৰি তাৰ এটা উপায় বিচাৰাঁ।

 পেটুৱা। মই কি উপায় বিচাৰিম! উপায় উলিওৱা‌ গৰাকী আপুনি হে। কিবা উপায়েৰে তাক আতৰাব নোৱাৰিলে আমাৰ কাৰবাৰ ৰাখিব নোৱাৰোঁ।

 শিৱ। কিয়?

 পেটুৱা। মোৰ ঘৰলৈ দিনে-ৰাতিয়ে সকলো ৰকমৰ মানুহ যায়। কাৰবাক পানী জাৰি দিব লাগে, কাৰবাক দৰব লাগে কাৰবাক জৰি-ফহতি লাগে। তাৰ মাজতে দুই-চাৰিটা কানীয়া গলেও যাৰে তাৰে চকুত নপৰে। এতিয়া যদি আন মানুহ যাবলৈ এৰে, মুঠেই কানীয়াকেইটা যায়, তেনেহলে আচল কথাটো ওলাই পৰিব। আনে নমনিলেও লোকনাথৰ চকু পৰিবই।

 শিৱ। এৰা, তোমাৰ অনুমানটো মিছা নহয়। ইমান দিন তোমাৰ হাতে দি কাৰবাৰটো চলাত ধৰা পৰাৰ ভয় নাছিল। এতিয়া অলপ ভয়ৰ কাৰণ যে ওলাইছে তাত সন্দেহ নাই কেনেবাকৈ ধৰা পৰিব লাগিলে আন নহলেও বাৰুকৈয়ে এগাল টকা সিঁচিব লাগিব।

 পেটুৱা। লোকনাথে শান্তি-ফৌজ পাতোঁতেই দুই-এদিন ভয় খাব লগা হৈছিল। ৰাতি কানি লৈ আহোঁতে এদিন এটা