পৃষ্ঠা:পৰাচিত.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য]
৩১
পৰাচিত


 মদন। থকাত আছে। পিচে তয়েই নোহোৱা হলি। কি হ'ব? কোনোমতে ঢিমা-তেতালাত চলি আছে।

 পুণাই। মই ভাবিছিলোঁ বোলো তই এইবাৰ মেট্ৰিক পাচ কৰিলি;আজি তোৰ পৰা এটা ‘ফীষ্ট' আদায় কৰিম। পিচে—

 মদন। পাচ কৰাৰ লগত ফীষ্টৰ সম্বন্ধটো কি!লোকনাথৰ লগত একেলগে পঢ়িছিলোঁ। পাচ কৰা হ'লে ময়ো কলেজলৈ যাব লগাত পৰিলোহেতেন। তেতিয়া লগৰীয়া, ‘ফীষ্ট', আমোদ-প্ৰমোদ,নাচ-গান,মজলিচ—সকলোবোৰ এৰিব লাগিলহেতেন। সেই দেখিয়েই তো মই পাচ কৰিবলৈ চেষ্টাকে কৰা নাই। নহলে পাঁচ বাৰ মেট্ৰিক্যুলেশ্যন দি ফেইল কৰোঁ নে!

 পুণাই। পাচ কৰি নো কিটো কৰিবি! দেউতাৰৰ ইমান মাটি-বাৰী, ইমান ধন-সম্পত্তি খায় কোনে! তাতে তই হ'লি একেটা ল'ৰা, অকল বহি-শুই খাই থাকিলেও তোৰ সম্পত্তি নুঢুকায়। ফীষ্টৰ আয়োজন তেন্তে আজিয়েই হওক।

 মদন। সেইটো নো কি বৰ কথা! মুঠেই তই আন আন লগৰীয়া কেইজনকো খবৰ দিব লাগিব। আয়োজন কৰিবলৈ দোকানী আছেই। ধৰম!

 ( ভিতৰৰ পৰা )—কি কয়?

( ধৰমৰ প্ৰৱেশ।)

 মদন। এতিয়াই এটা পাঠা যোগাৰ কৰিব পাৰিবি? গধূলিলৈ ‘ফীষ্ট হ’ব।