এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
[প্ৰথম অঙ্ক
পৰাচিত


 ভকত। ৰাতিও যাও যাওঁ কৰিছিল আৰু উঠি যাব খুজিছিল।

 পেটুৱা। সেইবোৰ তাৰ দুষ্টালি। এতিয়া আৰু সেই দুষ্টালি নাখাটে। (সৰুকণক) যাব খুজিছ, ভাল কথা। ত‌ই ক’ৰ পৰা আহিছিলি ক। ( অলপ ৰৈ থাকি) কি! নকৱ বাপেৰক চিনি পোৱা নাই!

 (পুথিখন জপাই জোলোঙাত সুমায় আৰু আন এখন উলিয়াই মেলি লয়। তাৰ পাচত ৰোগীৰ পেটত হাতেৰে খামুচি চিঞৰি চিঞৰি জাৰিবলৈ ধৰে। ৰোগীয়ে মাজে মাজে হাত ভৰি আছাৰি ছটফট কৰে।)

 পেটুৱা। শ্ৰীকৃষ্ণায়ে নমো! শ্ৰীধন্বন্তৰিয়ে নমো। যৈসানি দক্ষৰ দুহিতা দেহ এৰিলা। ক্ৰোধত মহাদেৱে জঁটা ছিড়ি সিঞ্চি দিলা। সেহি জঁটা হন্তে ভূতগণ বাজ হৈলা। তেতিক্ষণে দক্ষৰ পালি-প্ৰহৰীক বধ কৰিলা। মহাদেৱক পাচে বুলিল গোসাঁই। আমি কৈক যাওঁ, থাকোঁ কেন মতে খাই। শুনি মহাদেৱে বোলে নানাৰূপ ধৰি। জলসাই, থলসাই, হীৰা, বীৰ, আদি কৰি। ভূত-প্ৰেত-পিশাঞ্চ-বেতাল।ব্ৰহ্মদৈত্য, কবহু মহাকাল। তিনি-মুনি বাটত, শ্মশান-শালিত লৈবি ঠাই পোতা নাদ-পুখুৰীত থাকিবি সোমাই। বৰ গছৰ পেৰেঙনি থাকিবি বহি। ভৰত ডাল-পাত পৰিব খহি।থাকিবি তাতে হই ময়া। যদি কোনোবাই গছকে ছয়া। লম্ভিবি তেতিক্ষন দেহাত তাৰ। তেজ মাংস চুহি খাবি দেহাৰ। কোনোবাই যদি