পৃষ্ঠা:পৰাচিত.pdf/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
[চতুৰ্থ অঙ্ক
পৰাচিত


আপোনালোকেও জানে; কিন্তু প্ৰমাণ কৰিবৰ উপায় নাই। কোনোবাই কিবা গম পাইছে যদিও মুখ ফুটাই ক’বলৈ সাহ নকৰে। ঈশ্বৰৰ বাহিৰে ইয়াৰ প্ৰতীকাৰ কৰোঁতা কোনো নাই। মনত ৰাখিব এদিন পাপৰ প্ৰায়শ্চিত হ'বই। পাপৰ জোখ যেতিয়া অতিপাতকৈ বাঢ়িব, প্ৰায়শ্চিত্তও সেই অনুপাতে গুৰুতৰ হ’ব। সেই দিনলৈ বাট চাব লাগিব।

 দ্বি, গ। তুমি তেন্তে এই গাওঁ একেবাৰেই এৰি যাবা?

 লোক। যাবই লাগিব, কিন্তু ভেটিটো পৰি থাকিব। বিহুৱে-সংক্ৰান্তিয়ে ইয়াতে এটা সেৱা কৰি যাম। যদি কেতিয়াবা এনে দিন আহে, যিদিনা আপোনালোকে মোৰ প্ৰয়োজন বোধ কৰে, যিদিনা ধনীৰ গচকৰ পৰা নিজক মুক্ত কৰি মূৰ তুলি থিয় দিব পাৰে, সেই দিনা মোক আপোনালোকৰ মাজত পাব। নহ'লে এয়ে শেষ বিদায়।

 ( সকলোকে নমস্কাৰ জনাই চকুলো মচি লোকনাথ ওলাই যায়। বাহিৰত মটৰৰ হৰ্ণ বাজে। লগে লগে বাকীবিলাক মানুহে বাহিৰ ওলায়।)