এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
তৃতীয় দৃশ্য]
১৭
পৰাচিত


আনি বেজৰ আগত থয়। বেজে জোলোঙাৰ পৰা পুথি এখন উলিয়াই বটাৰ ওপৰত মেলি লয় আৰু মন্ত্ৰ গাই, বিহলঙনীৰে কোবাই জাৰিবলৈ ধৰে। )

 পেটুৱা। শ্ৰীকৃষ্ণায়ে নমো৷ শ্ৰীধন্বন্তৰিয়ে নমো। (ফু) ঘৰে ঘৰে অভকতীয়া জাতি। তোৰ জানো জনম জাতি। মিৰিৰ মদৰ হাড়িত ভৈলি উতপতি। মিৰিয়নীয়ে কোবালে বাঢ়নিৰে পাই। বাঢ়নিৰ কোব খাই বাঁহৰ তলক গৈলি। বাহিৰ ফুৰোঁতে মনুষ্যক পাইলি। আসুৰী দেৱক বান্ধোঁ। চমাই দেৱক বান্ধোঁ। মিৰিনী দেৱক বান্ধোঁ। ঘোলুক দেৱক বান্ধোঁ। ধক্ ধকীয়া দেৱক বান্ধোঁ। ভোবোৰা দেৱক বান্ধোঁ। জালোৱা দেৱক বান্ধোঁ। পগলা দেৱক্ বান্ধোঁ। কুকুৰ দেৱক বান্ধোঁ। স্বাহা স্বাহা। মোৰ হাক,পাৰ্ব্বতীৰ ডাক। সবে দেৱগণ বন্দী হৈয়া পৰি থাক। (ফু) পূবে বান্ধোঁ, পশ্চিমে বান্ধোঁ, উত্তৰে বান্ধোঁ, দক্ষিণে বান্ধো, অগ্নিয়ে বান্ধোঁ, বায়বে বান্ধোঁ, ঐশানে বান্ধোঁ, নৈঋতে বান্ধোঁ, অধে বান্ধোঁ, উৰ্দ্ধে বান্ধোঁ, বান্ধি থওঁ আপোনোৰ গাওঁ। সবে দেৱতাগণ থাক বান্ধত পৰি। মই আহোঁ গুৰু সেৱা কৰি। মোৰ হাক, গুৰুৰ ডাক, নাথাকিবি ভূত-প্ৰেত-দানৱজাক। হুংহুঙ্কাৰ ছাৰি যা লঙ্কাৰ পাৰ। নাহিবি অমুকাৰ সীমা-সঞ্চাৰ। ( ফু)।

 সৰুকণ। মই যাওঁ। মই যাওঁ। এৰি দে। এৰি দে।

 পেটুৱা। (হেঁচা মাৰি ধৰি) সৈ লৈছে। তাক খেদাবলৈ আৰু বেচি পৰ নালাগে।