এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
[ দ্বিতীয় অঙ্ক
পৰাচিত


কয়, তেন্তে আগলৈ জীবিকাৰ মূৰ মৰিলেও এইবাৰলৈ ৰক্ষা পাম।  শিৱ। সেইটো নো কি কথা! মই আজিয়েই সকলোৰে কৈ দিম। তুমি ভয় নকৰিবা। পিচে এটা কথা,-লোকনাথৰ কিবা এটা কৰিব নোৱাৰিলে তোমাৰেই হওক, বা মোৰে হওক, সদায় এটা ভয়ৰ কাৰণ থাকি যাব। তাৰ বিৰুদ্ধে কিবা এটা ফৌজদাৰী মোকৰ্দ্দমা তৈয়াৰ কৰিব লাগিব। তোমাৰ সাহায্যৰো প্ৰয়োজন হ'ব পাৰে।

 মনো। যি কৰিব লাগে, আপুনি ক'লেই হ’ল। এতিয়া মই আহোঁহে। মই কোৱা কথাটো যেন নাপাহৰে।

 শিৱ। যোৱাঁ, ভয় নকৰিবা। মই তেনে কথা পাহৰা মানুহ নহওঁ।

( মনোমোহন ওলাই যায়।)

 ই লোকনাথে মোৰ লগত ফেৰ মাৰিব খোজে। তাৰ মতিগতি দেখি কেতিয়াবাই মোৰ সন্দেহ হৈছিল। সেই দেখিয়েই স্কুল এৰুৱাবলৈ বহুত চক্ৰান্তও কৰিলোঁ। কিন্তু মিছা হল; সি পঢ়িলে যি পঢ়িলেই। এতিয়া তাক কিবা এটা কৰিব নোৱাৰিলে মোৰ মান-সম্ভ্ৰম ৰক্ষা কৰাই টান হ’ব।

( পেটুৱা বৈদ্যৰ প্ৰবেশ।)

 শিৱ।অ বৈদ, আহাঁ, বহাঁ।

(পেটুৱা বহে।)

 পিচে খবৰ কি?