এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[প্ৰথম অঙ্ক
পৰাচিত


 মোবা। ভাল বোপা, যোৱাঁ। তুমি কোনো চিন্তা নকৰিবা। এই বুঢ়া থকাত তোমাৰ মাটি মৈমনচিঙীয়াই নিব নোৱাৰে।

(লোকনাথৰ প্ৰস্থান।)

 আমাৰ অসমীয়া হিন্দু-মুচলমান দুটা জাতি নহয়। হিন্দুৱে নামঘৰত নাম গায়, আমি মছজিদত নামাজ পঢ়োঁ। ইয়াৰ বাহিৰে আমাৰ সকলো একে। খোৱা-লোৱা, পিন্ধা-উৰা, মাত-কথা, আমোদ-উৎসৱ সকলোতে আমাৰ মিল আছে, সহযোগিতা আছে; বিৰোধ নাই। বিদেশীক লাই দি আমাৰ ঘৰখন লণ্ডভণ্ড কৰিবলৈ এৰি দিব নোৱাৰোঁ। ইহঁতৰ উপদ্ৰৱ বন্ধ কৰা প্ৰত্যেক অসমীয়াৰ কৰ্তব্য, তেহেলেই তেওঁ হিন্দুৱেই হওক, মুচলমানেই হওক, নাইবা খৃষ্টানেই হওক।

দ্বিতীয় দৃশ্য।
গাৱঁলীয়া বাট।

 (নেপথ্যত)  কৃষ্ণ এক দেৱ দুঃখহাৰী,

    কালমায়াদিৰো অধিকাৰী,

     কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।

 (ৰাগ টানি টানি চৌবিশ বছৰীয়া বিহুৱা সোমায়।),

 বিহুৱা। পৰ পুৰুষ ভগৱন্ত,

    নাহি পূৰ্বাপৰ আদি-অন্ত,

     জানিবা বিষ্ণু সে সমস্ত জগতে সাৰ।।