পৃষ্ঠা:পৰাচিত.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য]
৩৩
পৰাচিত
তৃতীয় দৃশ্য
শিৱ বৰুৱাৰ চ'ৰা। চকী,মেজ,বেঞ্চ আদি পৰিপাটীকৈ

সজোৱা। বাৰত কেইখনমান ছবি। শিৱ আৰু

মনোমোহন উপৱিষ্ট।

 শিৱ। লোকৰ দুবেলা দুসাজ লোণ-ভাত খাবলৈ নোপোৱা মানুহৰ লৰায়ো বি, এ, পাচ কৰিলে। মোৰ লৰাই ঘিউ-মৌ, মাছ-মাংস, গাখীৰ-মাখন খাই পাঁচবাৰ পৰীক্ষা দিও মেট্ৰিক্যুলেশ্যনকে পাচ কৰিব নোৱাৰিলে। আজি-কালি দেখিছোঁ চহা-ভিকহুৰ হে দিন।

 মনো। মই হ'লে আপোনাৰ লৰাক বেচি দোষ দিব নোৱাৰোঁ। লোকনাথৰ লগত তুলনা কৰে কিয়? লোকনাথৰ কথা হৈছে সি যেনে-তেনে মৰি-মুজি পঢ়ি বি, এ, পাচ কৰিব নোৱাৰিলে তাৰ চাউল কঠা উলিয়াবৰে উপায় নাই। সেই দেখি সি নাখাই-নব’য়ো পঢ়া-শুনাকে কৰিলে। আপোনাৰ লৰাৰ অভাব কিহৰ! আপোনাৰ ইমান ধন-সম্পত্তি খায় কোনে! তেনে স্থলত মিছাতে পঢ়ি পঢ়ি মগজু শুকুওৱাৰ কি প্ৰয়োজন!

 শিৱ। সেইটো হয়। ময়ো ধন ঘটাৰ আশাত তাক পঢ়াব খোজা নাছিলোঁ। মোৰ কথা হৈছে গাওঁখনৰ ভিতৰত ময়ে ডাঙৰ মানুহ। এতিয়া যদি বিদ্বান হৈ লোকনাথে মান-