এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
তৃতীয় দৃশ্য]
৩৯
পৰাচিত


সিহঁতৰ হাতত পৰিছিলেই। পিচে যেনিবা আচল কথাটোৰ গম নিদিয়াকৈ কোনোমতে সাৰিল।

 শিৱ। সেইবোৰ কাৰণেই ফাটেকত দিয়াম বুলি ভয় খুৱাই ফৌজটো ভাঙি দিলোঁ। শান্তি-ফৌজৰ পৰা আনৰ লাভ হ'লেও মোৰ লোকচান হোৱাৰেই সম্ভাৱনা আছিল। মোৰ হাতত মৈমনচিঙীয়াহঁত আছে যেতিয়া, আনৰ সাহায্যৰ মোৰ দৰকাৰ নাই।

 পেটুৱা। এতিয়া পিচে কি কৰিব খুজিছে?

 শিৱ। তাৰ ওপৰত এটা মোকৰ্দ্দমা লগাই দিয়া যাওক।

 পেটুৱা। কি বুলি?

 শিৱ। মই ভাবিব লাগিছোঁ; এতিয়াও ঠিক কৰিব পৰা নাই। দৰকাৰ হলে তুমিও সাক্ষী হ'ব লাগিব।

 পেটুৱা। নিশ্চয় হ'ম। আপুনি ঠিক কৰক মুঠেই; যি কৰিব লাগে কৰিবলৈ মই গাত ললোঁ। এতিয়া আহোঁ।

 শিৱ। বাৰু।

 ( পেটুৱা ওলাই যায় আৰু নেনাই মেধি সোমাই আহে। )

 অ' মেধি দেখোন! যোৱা কলৈ?

 নেনাই। আপোনাৰ ওচৰলৈকে আহিছিলোঁ।

(বেঞ্চত বহে।)

 শিৱ। কিয়? কিবা সকাম আছে নে কি?

 নেনাই। হয়। পিচে কাম বুলি এলা-পেচা কাম নহয়। জানো মাৰেই নে তাৰেই!