পৃষ্ঠা:পৰাচিত.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
[দ্বিতীয় অঙ্ক
পৰাচিত


ৰাখিবা যি জাতিয়ে সময়ৰ লগত খোজ মিলাই আগুৱাব নোৱাৰে, সেই জাতিৰ অধঃপতন অনিবাৰ্য।

দ্বিতীয় দৃশ্য।
এখন দোকানৰ বাৰাণ্ডা। তাত এখন বেঞ্চ।
মদনে বেঞ্চত বহি বাঁহী বজাই থাকে।
অলপ পাচত বাঁহীটো থৈ গীত গায়।

মদন।

 বগাকৈ বগলী  উৰে কেনে কৰি
  পাখিতে পাখি লগাই!
 কাৰে নো উৰিব ডেকা চেঙেলীয়া
  ডেকেৰী লগতে নাই!
 হাঁহ হৈ পৰিম গৈ তোমাৰে পুখুৰীত
  পাৰ হৈ পৰিম গৈ চালত;
 ঘাম হৈ বিৰিঙিম তোমাৰে কপালত
  মাখি হৈ চুমা খাম গালত।

(মদনে মন নকৰাতে পুণাই সোমাই আহে।)

 পুণাই। বোলো কাৰ গালত? নেনাই মেধিৰ জীয়েক চম্পাৰ নে আন কাৰবাৰ?

 মদন। ক’ৰ চম্পা মই চিনি নাপাওঁ।

 পুণাই। এৰা, হওঁতে এতিয়া চিনি নোপোৱাই ভাল। শুনিছোঁ চম্পাৰ লৰা এটা হোৱা আজি এসপ্তাহ হৈছে। তাৰ দিহা কি কৰিবা?

 মদন। মই কি কৰিম! মই সেইবোৰ একো নাজানো।