এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[প্ৰথম অঙ্ক
পৰাচিত

দেখিব তাতে কমকৈও পোন্ধৰ কি কুৰি ঘৰ মৈমনচিঙীয়া বহিব। তাৰ পাচত সিহঁতে সেই মাটিত আমাৰ মানুহৰ গৰু-গাই সোমালে ঠেং ভাঙিব; ভূঁই ৰুবলৈ যোৱা তিৰুতাক ধৰি টনা- আজোৰা লগাব; সঁজাল ধৰা ৰোৱাত সিহঁতৰ গৰু চৰাব। অনুক্ৰমে সিহঁতে এনে উপদ্ৰব আৰম্ভ কৰিব যে শেহত নিৰ্জ্জু অসমীয়া কেইটাই সকলো মাটি সিহঁতকে গতাই দিবলৈ বাধ্য হ’ব। সিহঁতৰ মতলবেই বেলেগ। এনেয়ে সিহঁতে আপোনাৰ সেই মাটিত আঢ়ৈ হেজাৰ টকা দিয়া নাই। আপুনি টকাৰ লোভত নিজৰ জ্ঞাতিৰ, নিজৰ ভাই-বন্ধুৰ এনে অমঙ্গল সাধিব বুলি মই ভাবিব নোৱাৰোঁ। আপুনি কথাটো অলপ দকৈ ভাবি চাই কাম কৰিব বুলি আশা কৰিলোঁ।

 শিৱ। মই এতিয়া যাওঁ হে। কৈছোঁ নহয় সেই ৰাতিপুৱাতে যোৱা।

(প্ৰস্থান।)

 মোবা। দেখিছা বোপা! আমাৰ মানুহৰ স্বভাব। নিজৰ মূৰ নিজে খালে আনে কেনেকৈ তাত বাধা দিব!

 লোক। মই আৰ তাৰ মুখে শুনিছোঁ বোলে এৱেঁই মণ্ডলৰ লগত কিবা যুক্তি কৰি মৈমনচিঙীয়াকেইটাক মোৰ মাটি ভাঙিবলৈ লগাই দিছে, আৰু হেনো একচনীয়া পট্টাৰ মাটি যেয়ে দখল কৰে সেয়ে পাব বুলি সিহঁতক উচটাই দিছে।

 মোবা। অসম্ভব নহয়। তেওঁ যে তোমাৰ অন্যায় চিন্তে তেওঁৰ কথাতে কেইবাদিনো গম পাইছোঁ।