এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
তৃতীয় দৃশ্য]
১৯
পৰাচিত


কয় উৎপত্তি-কথা। তিলেকো নাথাকিবি তথা। শুন শুন ভূত দুয়ো কাণ পাতি। মই জানো তোৰ জনম-জাতি। এতিক্ষণে ঐৰ পৰা অন্তৰ। নতু মহাদেৱৰ ত্ৰিশূলত পৰি মৰ। মোৰ হাক গুৰুৰ ডাক। নাথাকিবি ভূত-প্ৰেত-দানৱজাক। হুংহুঙ্কাৰ ছাৰি যা লঙ্কাৰ পাৰ। নাহিবি অমুকাৰ সীমা সঞ্চাৰ। (ফু)।

 সৰুকণ। আই ঔ! মৰিলোঁ ঔ! এৰি দে ঔ!

 পেটুৱা। এৰিব লাগে যদি ক ক'ৰ পৰা আহিছ।

  (লোকনাথ আৰু ডাক্তৰ ফুকনৰ প্ৰবেশ।)

 লোক। আপুনি অলপ ৰ'বচোন। এওঁ এবাৰ চাওক।

 পেটুৱা। চাব পাৰিব, কিন্তু বেমাৰটো এওঁৰ পাকৰ নহয়। আচল শাশনশলীয়াই পাইছে। সি এই অলপতে সৈ লৈছিলেই।

 লোক। এওঁ এতিয়া চাব হে মুঠেই, আন একো নকৰে। আপোনালোকে যি কৰে কৰি থাকিব।

 পেটুৱা। মাজতে আমনি কৰিলে তাক খেদোৱাত পলম হ’ব। আজিলৈ ডাক্তৰ লগোৱাটো এৰাইচোন।

 লোক। ডাক্তৰ লগোৱা নলগোৱাটো পিচৰ কথা। তথাপি হাততে ডাক্তৰজন পাইছোঁ যেতিয়া, এবাৰ দেখুওৱা উচিত বুলি ভাবিছোঁ। ( ভকতৰামক} কি কোৱা, ককাই?

 ভকত। মই নো কি জানো! কৰা যি ভাল দেখা তাকে।

 লোক। (ডাক্তৰক) আপুনি কাৰো কথালৈ কাণ দিব নালাগে। এবাৰ ভালকৈ পৰীক্ষা কৰি চাওক।