এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভকতৰাম বাটে বাটে আহি থাকে। বিপৰীত ফালৰ পৰা মোবাৰক সোমায়।
ভকত। অ' গাওঁবুঢ়া দেখোন। ক'লৈ গৈছিল?
মোবা। গৈছিলোঁ ছোৱালীজনীৰ তালৈ। তোমালোকৰ গাৱঁৰ মাজে দি গ'লে তেনেই ওচৰ। পিচে তোমালোকৰ বাটৰ মাজে মাজে যিহে হুৰণি আহিবলৈকে ভয় লাগে। সেই দেখি যাওঁতে চৰকাৰী আলিয়ে দি ঘূৰি গ'লোঁ। এতিয়া গধূলি হোৱা দেখি এই ফালেই আহিলোঁ, বোলো ইমান বাট ঘূৰি যোৱাতকৈ লাগিলে জোতাজোৰকে সোলোকাই হাতত লৈ যাম।
ভকত। এতিয়া আৰু আগৰ বাট নাই। আজি-কালি জোতা সোলোকাব লগা নহয়।
মোবা। আও! ইমান দিনৰ মূৰত তোমালোকৰো বাট বান্ধিবলৈ মনত পৰিল নে?
ভকত। অইনৰ ক'ত মনত পৰে? মনত পৰিল লোকনাথৰ। বাটত পানীবন্ধ যোৱা দেখি তেওঁ তাক বান্ধিবৰ মনেৰে গাৱঁৰ ডেকাসকলক লগ ল'লে, কিন্তু প্ৰথমতে সিহঁত