পৃষ্ঠা:পৰাচিত.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
[দ্বিতীয় অঙ্ক
পৰাচিত


 শিৱ। মই কাকো মাৰিবও নোৱাৰোঁ, তাৰিবও নোৱাৰোঁ। কি কামত আহিছা তাকে ভাঙি কোৱাঁ।

 নেনাই। আপনি চাগৈ শুনিছে, মোৰ ছোৱালীজনীৰ লৰা এটা হৈছে; আজি এঘাৰ দিন। এতিয়া ৰাইজে বোলে চোৰ ধৰি দে, নহ'লে তোৰ লগত খোৱা-পিয়া বন্ধ কৰিম।

 শিৱ। সেইটো ক'বলগীয়া কথাই।

 নেনাই। এতিয়া চোৰ ধৰিব লাগিলে আপোনাৰ লৰাই পৰে।

 শিৱ। ( খঙেৰে ) মুখ চম্ভালি কথা ক'বা। প্ৰমাণ দিব পাৰিবা?

 নেনাই। পাৰিম। লৰাটো গাত থাকোঁতেই আপোনাৰ লৰাই নিজে দোষী বুলি সৈ লৈছিল আৰু ছোৱালীজনীও বিয়া কৰাবলৈ গত লৈছিল।

 শিৱ। মিছা কথা। এইবোৰ তোমাৰ চক্ৰান্ত।

 নেনাই। মিছা হ’বলৈ মই এনেয়ে কোৱা নাই; সাক্ষী আছে। তাৰ উপৰি আপোনাৰ লৰাই নিজে দিয়া লেখা এখনো আছে।

 শিৱ। চাওঁ কোনখন লেখা।

 নেনাই। অনা নাই, ছোৱালীজনীৰ হাততে আছে।

 শিৱ। সেইখন জাল, মোৰ লৰাই লিখা নহয়।

 নেনাই। সি চাৰিজন সাক্ষীৰ আগত নিজ হাতে লিখি