পৃষ্ঠা:পৰাচিত.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য]
৩৭
পৰাচিত


 পেটুৱা। কি নো ক'ম! বোলে ৰাম ভাল, ৰাম ভাল; ৰাম নহয়, যমকাল। সেই লোকনাথৰ তাপত এতিয়া ভাত মুঠিৰো মূৰ মৰাত পৰিল।

 শিৱ।তোমাক আকৌ কি কৰিলে?

 পেটুৱা। শুনা নাই জানো? সেই ভকতৰামৰ লৰাটোক ভূতে ধৰিছিল। বাপেকে পোনতে মোক খবৰকে নিদিলে। লগালে সৌ মনোমোহন ডাক্তৰক। পিচে ডাক্তৰে কি ভূত খেদাব! উপায় নাপাই শেহত মোক মাতিব লগাত পৰিল। মই গৈ দেখিয়েই কথাটো কি বুজিলোঁ আৰু ভালকৈ জাৰিবলৈ ধৰিলোঁ। ভূতে তৎ-মৎ নাপাই যাওঁ বুলি সৈ কাঢ়িলে। এনেতে লোকনাথ আহিল জিলাৰ ডাক্তৰ এটা লৈ। সি চাই ক’লে বোলে 'নিমনিয়া' আৰু তেতিয়াই তাৰ দৰব খুৱাব লাগিব। মই জানো মই ভূত খেদিলোঁৱেই; লৰা ভাল হ'বই; মাজতে এতিয়া ডাক্তৰে নাম কৰে। সেই দেখি মই এদিন বাট চাবলৈ ক'লোঁ: কিন্তু সিহঁতে নুশুনিলে। তেতিয়া মই খং কৰি গুচি আহিলোঁ। তিন দিনৰ মূৰত লৰাটো ভাললৈ আহিল। এতিয়া লোকনাথে যাকে-তাকে কৈ ফুৰিছে বোলে জিলাৰ ডাক্তৰে নোপোৱা হ'লে মনোমোহন আৰু পেটুৱাই ল'ৰাটো মাৰিলেহেতেন। মনোমোহনৰ ওপৰত কিবা দৰখাস্ত দিছে বুলিও শুনিছোঁ।

 শিৱ।ময়ো শুনিছোঁ। এই দুদিনতে তাৰ উদ্ভণ্ডালি ইমান বাঢ়িছে যে আগলৈ কি কৰিব ক’বই নোৱাৰিছোঁ।