পৃষ্ঠা:পৰাচিত.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম দৃশ্য]
২৭
পৰাচিত
 

 প্ৰ, মৈ। আচ্ছা, তোমৰা যদি নাও দেও তা অইলে আমাৰে খেদাইয়া দেও।

 মোবা। খোদাৰ কচম খা আৰু নাহোঁ বুলি।

 তিনিওটাই। খদাৰ কচম, আমি আৰ আইতাম না। আমাৰ কপালে যা আছিন তা অইছে'।

 মোবা। দে, সিহঁতক মেলি দে।

(মেলি দিয়ে।চালাম দি তিনিও ওলাই যায়।)

 এই বাৰ কেলেহুৱা বঙালে গম পাব পায়। পিচে বোপা, এটা কথা কওঁ। তোমালোক ভয়াতুৰ হ’লে ইহঁতৰ হাতৰ পৰা মাটি-ভেটি ৰখা টান হ’ব। জাত যোৱাৰ ভয়ত নিজৰ ঘৰ-বাৰী এৰা মানুহৰ কাম নহয়। ই ধৰ্ম্মও হ'ব নোৱাৰে। এই বাৰেই চোৱাঁ আমি তোমালোকৰ মাটিৰ পৰা সিহঁতক খেদাই দিলোঁ। কিন্তু তোমালোকৰ পৰা জানো আমি ইমানখিনি আশা কৰিব পাৰিম! তোমালোকৰ নিজৰ মাটি ৰাখিবলৈকে তোমালোকে ইহঁতৰ কাষ চাপিবলৈ সাহ নকৰা, আমাক আৰু কি তৰাবা! তোমালোকৰ পৰা সাহায্য নাপালে আমাৰ ডেকাহঁতে বা তোমালোকক সাহায্য কৰিব কিয়! সেই কাৰণে তোমালোক হিন্দু ডেকাসকলো সাহিয়াল হোৱাঁ; অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ বল গোটোৱাঁ; নিজৰ দুৰ্বলতা, ভীৰুতা লুকুৱাবলৈ জাত যোৱাৰ কথা কৈ ধৰ্ম্মৰ অবমাননা নকৰিবা। নিজক নিজে ৰক্ষা কৰিব নোৱাৰিলে আন কোনে ৰক্ষা কৰি দিব! মনত