এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
প্ৰথম দৃশ্য
পৰাচিত

(শিৱৰ প্ৰবেশ।)

 মোবা। আহক, বহুক।

 শিৱ। বহিব নোৱাৰোঁ। মই সেই বৰ পথাৰলৈ গৈছিলোঁ, ৰাতিপুৱাই। সেই হে পলম হোৱা দেখি মাত নিদিয়াকৈ যাব খুজিছিলোঁ। (লোকনাথলৈ চাই) অ' তুমিও দেখোন! (কপট হাঁহি মাৰে।)

 লোক। ময়ো পামলৈ আহিছিলোঁ।

 শিৱ। এৰা, গাওঁবুৰাই আলিৰ দাঁতিত ঘৰখন নাসাজি যেনিবা পমুৱা মানুহৰ জিৰণি-ঘৰ হে সাজিলে।

 মোবা। পিচে বৰুৱা! কথা এটা সুধিবলৈহে আপোনাক মাতিছিলোঁ। আপুনি বোলে বৰ পথাৰৰ পাঁচ পূৰা মাটি মৈমনচিঙীয়াক বেচিছে?

 শিৱ। বেচা নাই,বেচাৰ কথাহে হৈছে। অকামিলা মাটি; —তিনি পূৰামান জলাকত, এপূৰা ফৰিঙতি, এপূৰাহে ধান খেতিব উপযুক্ত; খাজানাখিনিয়েই নোলায়। সেই দেখি বেচিব খুজিছোঁ।

 মোবা। তাত যিবোৰ মানুহৰ মাটি আছে সকলো অসমীয়া। তাত বিদেশীক ঠাই দিয়া জানো ভাল হৈছে?

 শিৱ। সিহঁতে সেই মাটিত আঢ়ৈ হাজাৰ দিব খুজিছে। অসমীয়া মানুহে আঢ়ৈ শ তো নিকিনে।

 মোবা। অকল ধনৰ হিচাপ চালেই নহয় বৰুৱা, দেশী ভাই- সকললৈকো চাব লাগে। এই যে আপোনাৰ পৰা মাটি ল’ব,