এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
তৃতীয় দৃশ্য]
১৫
পৰাচিত

 মনো। নই, হাঁওফাঁওত একো নাই। বাৰু,আকৌ এবাৰ চাওঁ।

 ( আকৌ ষ্টেথ'স্কোপ দি চাই ) নাই, হাঁওফাঁও একেবাৰেই পৰিষ্কাৰ। মই এতিয়া যাওঁ। ঔষধ আনিবলৈ মানুহ পঠিয়াই দিবা।

    ( প্ৰস্থান।)

 লোক। ইয়াৰ দ্বাৰা চিকিৎসা কৰালে ফল ভাল নহ'ব। একেটা বেমাৰকে ই চ’ঠা দিনা পাতিলে পেলুৰ দোষ, পৰহি আই, কালি মেলেৰিয়া আজি আকৌ হ’ল টাইফয়েড়। মুঠতে ই বেমাৰ ধৰিব নোৱাৰে। চিকিৎসা কৰিব কি!

 ভকত। মই হ'লে বেমাৰটো ডাক্তৰৰ পাকৰ নহয় যেন হে পাইছোঁ। সেই দেখি পেটুৱা বৈদ্যলৈ খবৰ পঠাইছোঁ।

 লোক। এইদৰে পলম কৰিবৰ হ'লে পিচত ভাল কৰা টান হ'ব। আজি এজন ভাল ডাক্তৰ সৌ ফালে ৰোগী চাবলৈ যাব। ঘূৰি আহোঁতে তেওঁ মোৰ ঘৰত সোমোৱাৰ কথা আছে। তেওঁ মোৰ বন্ধু। তেওঁক এবাৰ দেখুৱাম বুলি ভাবিছোঁ। কি কোৱা?

 ভকত।বেজে নো কি কৰে চাওঁচোন।

 লোক। ডাক্তৰ অহাত পলম হ'ব। ইয়াৰ ভিতৰতে কি চোৱা চোৱাঁ।

 (পেটুৱা বৈদ্যৰ প্ৰবেশ। তেওঁৰ কান্ধত এখন জোলোঙা। তাত গুঁই-ছালেৰে মেৰিওৱা কেইবাখনো পুথি। হাতত এডাল সৌকাৰ লাখুটি।)