এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৪
[দ্বিতীয় অঙ্ক
পৰাচিত


সৎকাৰ পায়, আৰু মোৰ লৰাই নাপায়, মই সহিবলৈ টান পাম। তদুপৰি মোৰ ল'ৰা তাৰ সমান বিদ্বান হোৱা হ'লে সি মোৰ লগত ফেৰ মাৰিবলৈ সাহ নকৰিলেহেতেন।

 মনো। আপোনাৰ লগত ফেৰ মাৰে! তাৰ এই জন্মত নহয়। আপোনাৰ বিৰুদ্ধে, কিবা কৰিবলৈ লোকনাথৰ হে নালাগে তাৰ চৈধ্য পুৰুষৰো সাধ্য নাই।

 শিৱ। সাধ্য নাই বুলিছা! পিচে নহয়। কৈছেই নহয় বোলে “নীচ লোকে উচ্চ পদ পায়, টেৰিয়াকৈ পাগ মাৰি ঘূৰি ঘূৰি চায়।” সি হেনো পঁয়সত্তৰটকীয়া মাষ্টৰি কাম এটা পাইছে। তাতেই তাৰ গাত তৎ নাই, যেন কিবা এটা হে হ'ল। আমাক নমনাতেই পৰিল।

 মনো।আও! কিবা কৰিছে নে কি?

 শিৱ। সৌ বৰ পথাৰত নোৰ অলায়ক মাটি এডোখৰ আছিল; তাকে সৰহীয়া দাম পাই মৈমনচিঙীয়াক বেচিলোঁ। মই টকা কেইটা পোৱা দেখি তাৰ চকু পুৰিছে। এতিয়া সি তাত মাটি থকা মানুহবিলাকৰ চহী লৈ সেই বিক্ৰী ৰদ কৰিবৰ নিমিত্তে বৰচাহাবৰ ওচৰত দৰ্খাস্ত দিছে। তাত তাৰ মাটি থকা হ'লেও এক কথা আছিল। লোকৰ নিমিত্তে তাৰ ইমান মূৰৰ বিষ কিয়! আচল কথা হৈছে মোলৈ তাৰ হিংসা।

 মনো। তেন্তে তাৰ কম সাহ নহয়। মই বোলো বিদেশী মানুহ দেখি মোৰ গাত হে লাগিছে। পিচে আপোনাৰ গালৈকে যেতিয়া হাত মেলিলে আমি নো কোন কুটা!