[ বেটুপাত ]

গদাধৰ।
(স্বৰ্গদেৱ গদাধৰসিংহৰ ৰাজ্যাভিষেক নাটক)
⸻⯇●●●⯈⸻
অসমসাহিত্যিক পেঞ্চনাৰ,
শ্ৰীযুত পদ্মনাথ গােহাঞি বৰুৱা,
এম, আৰ, এ, এচ, ৰচিত
⸺✾✾✾✾⸺
দ্বিতীয় তাঙ্গৰণ।
⸺◁✾▷⸺

তেজপুৰ
লীলা-এজেঞ্চিৰপৰা
গ্রন্থকাৰৰ দ্বাৰাই প্রকাশিত।
⸻✾✾✾⸻

১৮৫৪ শঁক।
—🞉🞉🞉—
বেচ, ৸৹ তিনিসিকি মাথােন।

[ প্ৰকাশন ]


কলিকতা,
২নং বেথুন ৰো, ভাৰতমিহিৰ ছপাখানাত
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰাই ছাপা কৰা হল।


[ উছৰ্গা ]

উছৰ্গা।

মোৰ
আজন্ম আদিগুৰু
পৰম পূজনীয়
৺ডাঙ্গৰীয়া ঘিণাৰাম
গোহাঞিবৰুৱা
জন্মদাতা পিতৃদেৱতাৰ
দুখানি চৰণত
অভাজন পুত্ৰৰ
ভক্তিপুষ্পাঞ্জলি।


গ্ৰন্থকাৰ ।

[ পাতনি ]
১। পাতনি।

 “জয়মতী” উলিয়াই উঠি, আমি আকৌ ৰাইজৰ ওচৰত ভালেমান দিনৰপৰা “গদাধৰ” উলিওৱাৰ সংকলোৰ ধৰুৱা আছিলোঁ। সেইবাবে আমি ৰাইজৰপৰা বিস্তৰ সাধনি সহিব লগা হৈছিল। পিচে, বিবিধ লগৰীয়া চিন্তা আৰু গোটাদিয়েক গুৰুতৰ কাৰ্য্যৰ ভৰত, মূৰ দাঙ্গিবলৈ ছেগ ধৰিব নোৱাৰা হেতুকে, সেই ধাৰ অনতিপলমে শুজিব পৰা নাছিলোঁ; পলম হোৱা বাবে ক্ষমাশীল ৰাইজৰ ওচৰত ক্ৰটী মাৰ্জ্জনা মাগিছোঁ।

 “গদাধৰ” হাতে-লিখা অৱস্থাত থাকোতে, আমাৰ সুযোগ্য সমনীয়া বন্ধুবৰ ৺হেমচন্দ্ৰ গোস্বামীদেৱে ভালেমান সজ পৰামৰ্শ দি সহায় কৰিছিল; আৰু নাটকৰ অন্তৰাঙ্গত সন্নিবিষ্ট হোৱা গীতবোৰ ৰচনা কৰোঁতে, আমাৰ অন্যতম সমনীয়া বন্ধু ৺লক্ষ্মীৰাম বৰুৱাদেৱে তাল-মান-সুৰ বান্ধি দি, আমাক নথৈ সহায় কৰিছিল। সেইবাবে, আমি সিবিলাক দুইৰো শলাগ লৈছোঁ। ইতি

তেজপুৰ, অসম।
২০ আঘোণ, ১৮২৯ শঁক।
গ্ৰন্থকাৰ।
 
⸺⯇●●●⯈⸺
[ পাতনি ]
২। পাতনি।

 “গদাধৰ”ৰ মূল-ধাৰ শুজি উঠি, আমি ৰাইজৰ ওচৰত আকৌ সুদৰ ধৰুৱা হব লগাত পৰিলোঁ;—প্ৰথম তাঙ্গৰণৰ কিতাপ সমুদায় বেছা গৈ অন্ত পৰাত, ভালেমান দিন গুণগ্ৰাহী গ্ৰাহকক “গদাধৰ” যোগাব পৰা নাই। যোৱা বছৰদহেক একেৰাহে আমাৰ ভালেমান পঢ়াশলীয়া কিতাপৰ নতুন নতুন তাঙ্গৰণ উলিয়াব লগীয়া হোৱাত, আৰু তাৰোপৰি খনদিয়েক সৰু-বৰ নতুন কিতাপ-পুথি প্ৰণয়ণত একাণপতীয়াকৈ লাগি থকাত, দ্বিতীয় বাৰৰ ধাৰত সুদ লাগিল। এতিয়া, আমাৰ গ্ৰন্থাৱলীৰ এছোৱা একেলগকৈ উলিয়াবলৈ দিহা লাগোৱাৰ সু-ছেগতে, ইয়াৰ নতুন তাঙ্গৰণ অনতিপলমে ৰাইজক শোধাই সুদে-মুলে ধাৰ শুজিছোঁ,নিজগুণে গ্ৰহণ কৰে যেন।

“পদ্মকুটীৰ”, তেজপুৰ, অসম।
৭ আহিন, ১৮৫৪ শঁক।
গ্ৰন্থকাৰ।
 
⸺◁✾▷⸺

[ ভাৱৰীয়া ]


ভাওবিলাক।

মতা।

চুলিক্‌ফা বা লৰা-ৰজা  •••  •••  অসমদেশৰ ৰজা।
দীঘল বুঢ়াগোহাঞি ডাঙ্গৰীয়া। •••  ঘাই মন্ত্ৰী।
লাইথেপেনা বৰগোহাঞি ডাঙ্গৰীয়া  •••  মন্ত্ৰী।
লাচমকলা বৰপাত্ৰগোহাঞি ডাঙ্গৰীয়া ••• মন্ত্ৰী।
গোপীনাথ গোহাঞি ফুকন  ••• •••  ন্যায়সোধা-ফুকন।
গদাপাণি (পাচত গদাধৰ সিংহ)  •••  তুঙ্গখুঙ্গীয়া ফৈদৰ কোৱঁৰ।
লাই আৰু লেচাই  ••• ••• •••  জয়মতী-গদাপাণিৰ পুত্ৰদ্বয়।
বন্দৰ বৰফুকন ••• ••• ••• গুৱাহাটীৰ শাসনকৰ্ত্তা।
লেচাইডাং সলালগোহাঞি  •••  •••  দৰঙ্গৰ শাসনকৰ্ত্তা।

পানীফুকন, মৰাণ-বৰুৱা, মজিন্দাৰ-বৰুৱা, বৰা, বিষয়া, শইকীয়া, হাজৰিকা, দূত, দুৱৰী, বন্দীপাল, কটোৱাল, চোৰাংচোৱা, গৰখীয়া, বাটৰুৱা, হাটৰুৱা, সৈন্য, সেনাপতি, ৰাজপ্ৰতিনিধি, দেওধাই, বাইলুং ইত্যাদি।

মাইকী।

ৰাজমাও (আই-কুৱঁৰী)  ••• •••  লৰা-ৰজাৰ মাতৃ।
পদ্মাৱতী   ••• •••  ৺জয়মতী কুৱঁৰীৰ সখী।
ৰম্ভাৱতী  •••  •••  সলালগোহাঞিৰ জীয়াৰী।
বৰফুকননী {গদাপাণিৰ বাইদেৱাক)•••  বন্দৰ বৰফুকনৰ ভাৰ্য্যা।
আহিনী  •••  •••  জয়মতী কুৱঁৰীৰ লিগিৰী।
লুকী  •••  •••  এজনী গাৰোৱনী পোহাৰী।

  নাচনী, লিগিৰী গঞানী, অপৰাধিনী ইত্যাদি।

[ আভাস ]

গদাধৰ।
(স্বৰ্গদেৱ গদাধৰ সিংহৰ ৰাজ্যাভিষেক নাটক)
⸺❲⌾❳⸺

আভাস।
(দুফালৰপৰা দুগৰাকী গায়িকাৰ প্ৰৱেশ)
গীত।

  ৰাগিণী দেশ—তাল কাৰ্‌ফা।
 মউ পিওঁ পিওঁ কৰে প্ৰাণ ভৰি।
 প্ৰেম সুধা সৰে জৰি জৰি॥
  কিনো চাবাঁ শোভা,
  জ্বলে পুণ্য প্ৰভা;
 বয় শান্তি নই ৰূপে ৰস চৰি।
  যাওঁ উটি বুৰি,
  চাওঁ উৰি ঘূৰি;
 গাথোঁ তৰা-ফুল, নাচো চালি ধৰি॥
      (দুইৰো দুফালে প্ৰস্থান)

⸺●⸺
[ ২০৪ ]
 

১। অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

ৰজাৰ বৰচৰা।

বুঢ়াগোহাঞি|—(হুমুনিয়াহ কাঢ়ি) অসাৰ অংসাৰ!
ন্যায়সোধাফুকন|—কিয় এনে ভাব আপ?
মায়া-সংসাৰত আসক্তি তোমাৰ দেখোঁ
নাই সমতুল!— কিয় বা বিৰাগ আৰ্জি?
বৰপাত্ৰগোহাঞি|— ময়ো কওঁ তাকে;
সংসাৰ-প্ৰেমত আপ প্ৰেমিক নায়ক,
বিৰাগৰ নেদেখোঁ কাৰণ।
বুঃ গোঃ|—আটিছে ইমানে আপ!
নেৰেপিবাঁ আৰু। আচৰিলোঁ মহাপাপ
কু-মন্ত্ৰণা ধৰি; অবাবত মহাসতী
পীড়ালোঁ বিস্তৰ! ত্য়েজি এই পাপপুৰি,
পুণ্যাত্মা এতিয়া, আলোকে গোলোকধাম
সতীত্ব প্ৰভাৰে|—নৰকতো নাই স্থান
এই পাপীলই!

[ ২০৫ ]

ৰজা।— আপুনি যে ডুবিলাঁই আনকো
ডুবালাঁ। কুমন্ত্ৰণা কাল হল
এই জীৱনৰ! সমুখে নাহিলাঁ তুমি,
হানিলাঁ পিঠিয়ে।— বিকাৰত প্ৰাণে মোৰ
কৰে চাটিফুটি! ঘোৰ ৰাজদ্ৰোহী তুমি;
উচিত তোমাক দিয়া তুৰন্তে শালত।
কিন্তু, ফল নাই আৰু সি প্ৰতিবিধানত,——
মৃত্যুৰ পাচত যেনে ঔষধ ব্যবস্থা!
বুঃ গোঃ।— ক্ষমা কৰাঁ স্বৰ্গদেৱ!
ৰজা।— ক্ষেমে কোনে কাক?
আপুনি নেপাওঁ ক্ষমা। কিমতে ক্ষেমিম
হাঁয়, পাপীয়ে পাপীক!
বঃ গোঃ।— নকৰাঁ আৰোপ
সৰ্ব্বদোষ মন্ত্ৰণাত। আপোন বিবেক
দায়ী অৰ্দ্ধেক-অধিক। ধৰ্ম্ম-বুজনিৰ
নাছিল অভাৱ তৱ; নহল তথাপি
তেতিয়া চেতন লেশ, নুঘুৰিলাঁ তুমি।
বৃথা চিন্তা এতিয়া তোমাৰ, বৃথা আৰু
অৰ্থশূন্য় অনুতাপ।
বৰপাত্ৰ।— ভাগ্য়ত জানোবা
আৰু আছে কিবা লিখা!—নেথাকে নিশ্চিন্তে
শুই সিংহ গদাপাণি।
ৰজা।— নাজানোঁ নিকাৰ
কত লাগিব ভুজিব।

[ ২০৬ ]

বঃ গোঃ।— ভাগ্যৰ কি দোষ?
আপুনি আপোন কাল চপালাঁ সজ্ঞানে।
আৰ্জ্জিছা যতেক পাপ, ভূঞ্জিবাঁ ততেক;
নিকাৰ নিষ্কৃতি নাই। গতস্য শোচনা আৰু
নাই প্ৰয়োজন, নোৱাৰাঁ জীয়াব মৰা।
অনুতাপে দিয়ে লাভ, দিয়ে সি যেতিয়া
দুনাই নকৰা পাপ মনৰ বান্ধনী।
কিন্তু, ক’তা মনোবল?
ৰজা।— নাই মনোবল।
মাগোঁ বুদ্ধিবল তৱ। তাৰাঁ মন্ত্ৰি। মোক
আসন্ন বিপদপৰা।
বঃ গোঃ।— কি শক্তি আমাৰ!
লঙ্ঘিম কিমতে হাঁয়, বিধিৰ বিধান?
লাগিব ভূঞ্জিব ঠিক আৰ্জ্জন যিমান;
এদিনে নহব শেষ, জানিবাঁ ধুৰুপ।
ধৰ্মকৰ্ম্ম কৰাঁ এবে, নেৰিবাঁ সুযোগ,
জানোবা পুণ্যৰ কণা পোৱাঁ সাধনাত,
পাপৰ লাঘৱ হেতু।
ৰজা।— হতাশ পৰাণ!
নাই আৰু মনোবল, নেপাওঁ জিৰণি।
নেদেখোঁ উপায় একো পাপ খণ্ডনৰ,
আৰ্জ্জিত নিকাৰ আৰু!
বৰপাত্ৰ।— কি আছে উপায়?
কিমতে খণ্ডিব দায়।

[ ২০৭ ]

বুঃ গোঃ।— নেদেখোঁ উপায়।
পোৰণিত চাটিফুটি কৰে মন-প্ৰাণ
বাঢ়িছে যতেকমানে পাপৰ আন্ধাৰ,
বাঢ়িছে নৰক ভয়।
ৰজা।— মনৰ বিকাৰ
বাঢ়িছে প্ৰৱল বেগে; শান্তিৰ পোহৰ
কতে নেদেখোঁ এচাটি!
বঃ গোঃ।— কি দিম বুজনি!
তথাপিতো, আছে এক পতিয়ন স্থল;—
অনুতাপ নুমাবৰ ব্যৱস্থা যুগুত।
যি পাপ অৰ্জ্জিলাঁ হই অস্ত্ৰ পৰহাতে,
আৰ্জ্জিলে সি পুণভাগ ভাগ্যৱতীলই;
নাশিলে যি নাম তৱ নৰ্কত ডুবাই,
কৰিলে অমৰ সিয়ে, স্বৰ্গীয় প্ৰভাৰে,
নশ্বৰ দেহাত তাপ সহিলে যি সতী;
আৰু এক সংসাৰৰ সাধনা মহান্‌,
পৱিত্ৰ চানেকি ৰল সতী জীৱনৰ;
ভূঞ্জিবা যদ্যপি বহু আৰ্জ্জিত নিকাৰ,
জ্বলন্ত দৃষ্টান্ত ৰল পাপী তৰিবৰ;
যদিবা পাপৰ ভাগী হলাঁ কৰ্ম্মদোষে,
কাৰ্য্যত কাৰণ হলাঁ পুণ্য আৰ্জ্জনৰ।
ইমানে বুজনি দিলে, শান্তি লভিবৰ,
ক্ষুদ্ৰ মতি অনুসৰি।
বৰপাত্ৰ।— সাধু উপদেশ।

[ ২০৮ ]

ৰজা।— লাগিছে মনত;
সাৰুৱা বুজনি তৱ পালিম যতনে।
বিজ্ঞ মন্ত্ৰী প্ৰতি যেন নকৰোঁ অৱজ্ঞা,
আছোঁমানে ৰজা-নামে।
বঃ গোঃ।— আৰু ভাবি চাবাঁ,
সাত্বিক ভাবত নাই ৰাজত্ব পদ্ধতি,
তমোভাব লাগে যোগ সৰ্ব্বত্ৰে সমানে;
তেবেসে ৰজাৰ যোগ্য;—নতুবা তপসী।
ধৰিবাঁ উভয় বিধি।
ৰজা।— আনিছোঁ প্ৰত্যেক।
বুঃ গোঃ।— ধৰাঁ যুক্তি সাৰ;
নুভুলিবাঁ আৰু মোৰ পাপ-মন্ত্ৰণাত।
যুগুত সময় এবে যুক্তি কৰিবৰ,
পাত্ৰ-মন্ত্ৰী সভাসদে মিলি ঘৰে পৰে।
নাই কিন্তু শক্তি মোৰ স্থিৰে থাকিবৰ।
মাগিছোঁ বিদায় সৱে।

প্ৰস্থান


ৰজা।— যোৱাঁ সৱে আজিলই,
যোৱাঁ ঘৰঘৰি। যাওঁ ময়ো পৰোঁগই,
অশান্তি-শয্যাত।

প্ৰস্থান

[ ২০৯ ]


দ্বিতীয় গৰ্ভাঙ্ক।

নগা-পৰ্ব্বতৰ গুহা।

গদা।—নিজান গুহাত
অহ, অকলই মই।
অকলে আপোন মনে কৰিছোঁ বিহাৰ,
পাহৰি সংসাৰ-মায়া, পুত্ৰ-পৰিয়াল,
আৰু মোৰ ৰাজ্যচিন্তা, আত্ম-বাহুবল।
তপস্যা সাধন নোহে ব্ৰত জীৱনৰ,
নাছিল সমূলি বৈৰাগী জনৰ ভাব
আদি জীৱনত। আজিও বীৰৰ তেজ
বয় প্ৰতি সিৰে; বীৰভাব বীৰকাজ,
আদৰোঁ আজিও,—আজিও জীৱন-ব্ৰত।
তথাপি ই ছদ্মবেশ কিয় আজি মোৰ!
কিয় বা নিজানবাস ভৰ-বয়সত?—
জন-প্ৰাণী অসঞ্চাৰ, নাই সমাগম;
চৰাই-চুকতি আদি নপশে ইঠাই—,
চিন্তাশূন্য প্ৰাণ তাৰ,—অতি নিৰমল—,
উলাহত নাচি নাচি উৰে! কিন্তু হাঁয়
চিন্তাৰ বিকাৰে যাৰ দহে মন-প্ৰাণ,
জন-সমাজত যাৰ নাই শান্তি লেশ

[ ২১০ ]

নাই তৃষ্ণা, নাই লীপ্সা গৌৰৱত যাৰ,
সেই দুৰ্ভগীয়া জনে বিচাৰে ইঠাঁই,
অপাৰ চিন্তাৰ পাৰ পাওঁ বুলি ভাবি।
আতিকে দুৰ্ব্বল আৰু, যদি সি সংসাৰী;
সংসাৰ-ধুমুহা যিটে সহিব নোৱাৰি,
অকলই প্ৰাণ লই বিচাৰে জিৰণি!
তদ্ৰূপ মিলিছে দশা এই জীৱনত৷—
মানিলোঁ বিষম ঘাট্‌ সংসাৰ-যুঁজত;
আহিলোঁ অনাথ কৰি ভাৰ্য্যা-পুত্ৰ মোৰ,
—বাঘৰ চোঙ্গত সিংহী সিংহৰ পোৱালি।
এৰিলে প্ৰিয়াই দেহা পাপীৰ হাতত,
থাকিলোঁ আগতে চাই! ভঞ্জিলে সাক্ষাতে
অশেষ যন্ত্ৰণা ৰাশি,—নাযায় কথন,—
তথাপি নহল হাঁয়, শক্তি উদ্ধাৰৰ।
অনাথ সন্তান দুটি মাতৃ-বিয়োগত
উন্মাদ হইছে জানো?—বাঢ়িছে কোঢ়াল
আৰু বন্ধু বিলাপৰ? শত্ৰু-হাঁহিয়াতে
দুগুণে ধ্বনিছে তাক? হিয়াভেদী ভাবে
কঁপাই মেদিনী যেন বাজিছেহি প্ৰাণে;
মৰ্ম্মান্তিক খেদ তাৰ অতি অসহন।
দুৰ্ব্বল হইছে হিয়া, নাই মনোবল,
ধৈৰ্য্যতাই দিছে এৰি বাট।   (মৌন)

কিন্তু হাঁয়,


মৌনব্ৰত জীৱনৰ উদ্দেশ্য নহয়,

[ ২১১ ]

নোশোভে সি ৰীতি এই কৰ্ম্ম-জীৱনত।
কাপুৰুষ মই?—পশুৱত বনচৰ!
প্ৰাণৰ মায়াত ধৰিছোঁহি গুপ্তবাস!
ভাবিছোঁ মঙ্গল আজি জন-সমাজৰ,
ক্ষুদ্ৰ প্ৰাণ নিৰাপদে আছে দেখি মোৰ!
ধিক্‌ এই জীৱনত! ধিক্কাৰোঁ শতেক!
মোৰ সম নৰাধম, পাশৱ পৰাণ,
নাই পৃথিবীত।—সাধ্বী সতী জয়মতী
প্ৰিয়ভাৰ্য্যা যাৰ; যাৰ হন্তে বীৰজায়া
হল দেহত্যাগী অসহ্য যন্ত্ৰণা সহি;
ৰাখিলে যি কীৰ্ত্তিৰাশি আদৰ্শ সতীৰ;
যাৰ নামে নাৰীবল আজি ধৰণীত;
সেই ভাৰ্য্যা চিন্তা ভুলি, আছোঁ নিজঞ্জালে,
আত্মচিন্তা কৰি সাৰ! —ধিক্ ধিক্ ধিক্‌!
ধিক্‌ মোৰ বীৰ নাম, ধিক্ বাহুবল,
ধিক্‌ আৰু উচ্চ আশা ৰাজপাটলই!—
পাহৰিছোঁ বীৰধৰ্ম্ম আজি? বীৰতেজ
সিৰে মোৰ নবয় এতিয়া? নাই আৰু
সাহ-পিত্‌, জীৱনৰ উদ্দেশ্য মহান্?—
নতুবা, ই ছদ্মবেশ, গুপ্ত গুহাবাস,
কি সতে ধৰিছোঁ আজি? পাহৰিছোঁ আজি
বীৰৰ প্ৰতিজ্ঞা মোৰ, প্ৰতিশোধ লোৱা?—
পীড়িলে যি প্ৰিয়া মোৰ পাশৱ পীড়ণে,
নিতে নৱ শান্তি ঘোৰ যাৰ আদেশত

[ ২১২ ]

সহিলে প্ৰিয়াই মোৰ ধৰণী সমানে,
নলওঁ যদ্যপি তাৰ নৰবধী প্ৰাণ,
নুজুৰায় হিয়া মোৰ নিশ্চয় নিশ্চয়।

(আস্ফালন)


নাই মোৰ সৈন্যবল যুদ্ধৰ সমল,
নাই কোনো বন্ধুজন উপদেশ হেতু;
নুবুজোঁ প্ৰজাৰ মন; নাজানোঁ যতেক
মিত্ৰৰাজ সম্প্ৰদায়,—কাৰ কিবা মতি।
তথাপি প্ৰতিজ্ঞা মোৰ, যুঁজিম অকলে;
অকলে উভালি যত অপায়-বিঘিনি
বায়ুবেগে প্ৰৱেশিম আপোন নগৰ,
আক্ৰমি বিক্ৰমে মোৰ লম সিংহাসন।—
অকলই হনু বীৰে দহি লঙ্কাপুৰী,
যিমতে সাধিলে কাম সীতা উদ্ধাৰৰ;
ছদ্মবেশী ভীমসেনে, প্ৰদমি যিমতে
দুৰ্দ্দান্ত নৃপতিদল সয়ম্বৰ দিনা,
ৰাখিলে গৌৰৱৰাশি দ্ৰৌপদী সতীৰ
তদ্ৰূপ মোহাৰি মই সৈন্য-সেনাপতি,
গৰাহত লম ৰজা, মন্ত্ৰী-পাৰিষদ,
আৰু যত পাত্ৰ-মন্ত্ৰী বিপক্ষ ভাবৰ।
কৰিম যুগুতি শেষে, প্ৰিয়াৰ গৌৰৱ
পূৰ্ণভাৱে ৰাখিবৰ হেতু; —প্ৰতিশ্ৰুত
হলোঁ আজি ধৰ্ম্ম-সাক্ষী কৰি। —লৰে যদি
হিমাচল, নলৰে বচন মোৰ। আৰু,

[ ২১৩ ]

ঘটে যদি বিপৰ্য্যয় —বিধি-বিপাকত,—
গদা নাম পৃথিবীত নধৰোঁ নধৰোঁ
সত্যে, নধৰোঁ নিশ্চয়।

(সবেগে প্ৰস্থান)


তৃতীয় গৰ্ভাঙ্ক।

ৰাজমাওৰ টোল।

ৰাজমাও।— কি মতে গুচাওঁ দায়
অজ্ঞান পুত্ৰৰ; পৰিত্ৰাণ লাভ হেতু
আছে কিবা বাট?—ইষ্টদেৱ চিন্তা বিনে
নাই অন্য গতি।—

স্তুতি।


পাহাড়ী-আড়াঠেকা।


মাগোঁহোঁ কাতৰে প্ৰভো, তোমাৰ সদনে হে।
নেজানি লগালে দায় অবোধ সন্তানে হে॥
নিতে দোষ শতবাৰ,  নাই স্তুতি-নতি তাৰ,
নাই যুক্তি, নাই মুক্তি, তৱ কৃপা বিনে হে।

[ ২১৪ ]

অজ্ঞানে আচৰে পাপ,   জ্ঞানীয়ে খণ্ডায় তাপ,
  নিজ গুণে তুষ্ট হই ৰাখিবাঁ চৰণে হে।
ইমানে ভাৰসা কৰি,   মাতিছোঁ আপদে পৰি,
  ক্ষমাঁ পুত্ৰে, দিয়াঁ শান্তি, শান্তিহীন প্ৰাণে হে॥

( বৰগোহাঞিৰ প্ৰৱেশ )

বঃ গোঃ।— প্ৰণামোহোঁ ৰাজমাও!

ৰাজমাও।— আহাঁ ডাঙ্গৰীয়া!
ৰইছে আসন পতা, বহাঁ সদ্যহতে।
সমদুখী জন তুমি, যথা সময়ত
দিছাঁ আহি দেখা মোক।

বঃ গোঃ—সমদুখী মাত্ৰ সাৰ;
নাই অন্য বল অপায় খণ্ডাব পৰা।
মদাৰৰ ফুলপ্ৰায়, আছোঁ বাব লই
ৰাজমন্ত্ৰী নামে!

ৰাজমাও।—নহবাঁ হতাশ;
তোমাতে সকলো আশা।
নিচিন্তাঁ যদ্যপি তুমি ৰাজ্যৰ মঙ্গল,
ছাৰখাৰ হব দেশ মহা আপদত।
দেখিছাঁ অপায় যত ঘটিছে দিনকে,
দিনকে ৰাজ্যৰ শ্ৰী হইছে মলিন;
দিনে আৰু অত্যাচাৰ লাগিছে চৰিব,
হাহাকাৰ আৰ্ত্তৰাৱ বাঢ়িছে প্ৰজাৰ।

[ ২১৫ ]

বুঃ গোঃ।—বাকী নাই বুজিবৰ;
বিদৰে ই হিয়া মোৰ ভাবিলে সিবোৰ।
পাহৰিব পৰা নাই জয়মতী কথা,
দহিব লাগিছে হিয়া সেই অগ্নিবাণে!
প্ৰজাৰ দুৰ্গতি, ৰাজ-অত্যাচাৰ আৰু,
সহোঁ কোন প্ৰাণে।
ৰাজমাও।—তাতে হে বুলিছোঁ,
মন্ত্ৰি, নহবাঁ হতাশ। দিয়াঁ বল পুনু,
দিয়াঁ মন্ত্ৰণা যুগুত, গুচোক অপায়।
ৰাজ্যৰ মঙ্গ্ল জানাঁ, নাসাধিলে তুমি,
নাই আৰু সাধিবৰ।
বঃ গোঃ।— কি কৰোঁ উপায়!
ব্যৰ্থ আজি মন্ত্ৰ মোৰ, নাই গুণ তাৰ,
নৰজে সি আজি, মাও, ৰাজ-সমাজত।
ঘুৰিছে ৰজাৰ মন পাক-মন্ত্ৰণাত,
বিপৰীত বুজে যত বুজনি আমাৰ।
ৰাজমাও।— কৰাঁ তুমি যুক্তি পুনু,
অতৰ্কিতে ৰাজমন ঘুৰাবৰ হেতু।
পায় যেন দিব্য়জ্ঞান তোমাৰ জ্ঞানত।
বাহিৰি একেটা হই লবাঁ তাৰ মন,
ভিতৰি ঘূৰাবাঁ তাক কাৰ্য্যৰ পাকত;
অভ্যাসত লাহে লাহে লব সজ বাট।
আছে কোন্‌ হেন জন বুদ্ধিৰ বলত
মন্ত্ৰি, তুমি বিনে?

[ ২১৬ ]

বঃ গোঃ।—সাৰুৱা বুজনি।
পাওঁ বুলি ছিদ্ৰ কিবা ৰজাৰ মনত
পুনু ঠাই পাবলই, চান্দিছোঁ সদায়।
কিন্তু মাও। কিনো কম, কুমন্ত্ৰণা জলে
ছাতিলে ৰজাৰ মন। সোমাওঁ কি মতে;
সন্ধি নাই পাবলই।
ৰাজমাও।—যুগুত মন্ত্ৰণা
নেৰিবাঁ তথাপি মন্ত্ৰি! ৰজাৰ মঙ্গল
নিচিন্তাঁ যদ্যপি ঘুৰি, প্ৰজাৰ উদ্ধাৰ
এৰিবাঁ কি সতে? বাঢ়িছে আশঙ্কা নিতে
ৰাজবিপ্লৱৰ। ৰসাতলে যাব দেশ,
নুমাব ‘অসম’ নাম; পুৰণি গৌৰৱ
অকালত যাব মাৰ। হবাঁ দোষভাগী,
যদ্যপি নিৰ্দ্দোষী তুমি মূল-কাৰণত।
কিবা যুক্তি দিম? ভাবি চোৱা যিবা ভাল,
বিজ্ঞ মন্ত্ৰী তুমি।
বঃ গোঃ।—স্বৰূপ কইছাঁ মাও।
বিপদ-ধুমুহা আহি চাপিছে ওচৰ;
ধৰিছে সি ৰূদ্ৰৰূপ অনুকূল বা’ত।
নোহে নিৰুদ্দেশ আৰু, গদাপাণি বীৰ,
ঘুৰিছেহি নগৰত প্ৰকাশ্য উদ্দেশ্যে।—
জিনিব ৰজাক বোলে, দিব প্ৰতিশোধ
নিজ বাহুবলে।

[ ২১৭ ]

ৰাজমাও৷- শুনিছোঁ তদ্ৰূপ ময়ো।
 কিন্তু মন্ত্ৰি, অসংখ্যাত ৰাজসেনামুখে
 চাপিছে অকলে বাছা৷- যদ্যপি সুধীৰ,
 তম্ভিব কিমান পৰ!-মনৰ বেগত
 আহিছে সি উৰি হাঁয়, ধৰা দিবলই।
 নেভাবিবাঁ অন্যৰূপ, নকৰাঁ পলম;
 যুগুত ব্যবস্থা কৰি সৰোৱা গদাক,
 ৰাখাঁ তাৰ প্ৰাণ।

বঃ গো।- বিয়াপিছে ৰাজসেনা,
 ধৰিছে এদলে পিচ, আগচে সিদলে।
 আক্ৰমিছে ঘনে-ঘন ঘাটিছে ঘনাই,
 নোৱাৰি ৰুধিব গতি প্ৰচণ্ড গদাৰ!
 বিষম বিভ্ৰাট এবে, কি কৰোঁ উপায়,
 ৰাজমন্ত্ৰী হই কিমতে সহায় কৰোঁ
 ৰাজশত্ৰু জনে? তথাপি যি পাৰোঁ দিহা
 কৰিছোঁ গুপুতে, দুয়ো পক্ষ ৰক্ষা হেতু।
 জনাম যি হয়।

ৰাজমাও৷-ধন্য তুমি মন্ত্ৰীবৰ!
 শলাগোঁ ব্যৱস্থা তৱ৷ ভাবাঁ দুয়ো কুল,
 দুয়ে ৰক্ষা পৰে যাতে। বাঁচে যদি গদা,
 এদিন অৱশ্যে হব ৰাজ্যৰ উদ্ধাৰ;
 পৰে যদি ৰক্ষা প্ৰাণে মোৰ লৰা-ৰজা,
 ৰক্ষা পৰোঁ মই, তোমাৰ যশস্যা গাই।
 ধৰাঁ যুক্তি সাৰ।

[ ২১৮ ]

বঃ গোঃ।- কৰিম যুগুতি মাও?
শক্তি অনুসৰি। উঠোঁ তেন্তে আজিলই
মাগিছোঁ বিদায়।
ৰাজমাও।— যোৱা বাৰু, ডাঙ্গৰীয়া!
চাওঁ ময়ো, মুক্তিৰ উপায়,
পাওঁ যদি কিবা।

(দুইৰো দুফালে প্ৰস্থান)


চতুৰ্থ গৰ্ভাঙ্ক।

ফুলনি।

পদ্মা।— নোৱাৰোঁ একোতে
পাহৰিব প্ৰাণসখী!
শয়নে, সপোনে, আৰু থাকি ডিঠকত,
কেৱলে সখীৰ ছবি দেখিছোঁ আগত।
অহ, রূপে-গুণে মায়া-মমতাৰে কিনো
আদৰ্শ ৰমণী এটি! অতুলনা আৰু
সাধ্বী সতী বীৰজায়া এই পৃথিবীত।
পাতিছিল বিধাতাই কেনে এটি জোৰা
অনুপম জয়া-গদাপাণি! কিয় বাৰু,
অকালে ঘটালে হাঁয়, অযথা বিচ্ছেদ!

( মৌন )

[ ২১৯ ]
 

গীত।

কানড়া— মিশ্ৰ।

লেখি আকাশৰ ছবি ভাবোঁ বহি বহি
 প্ৰাণ-সখী মোৰ গল এৰি॥
আমন্‌-জিমন্‌,  জোনায় বয়ন্‌,
 দেখি মন মোৰ যায় উৰি৷
মতোঁ ঘনে ঘনে,  কান্দো মনে মনে,
 ঘুৰি লগ পাওঁ কেনে কৰি।
নেদেখি এতিয়া,  বাজে মোৰ হিয়া,
থাকোঁ কিনো মতে প্ৰাণ ধৰি॥

(মৌন)

কিবা ভাব কিবা কথা আহিছে মনত!
উৰুঙা লাগিছে যেন জগত সংসাৰ!

(কান্দি-কান্দি লাইৰ প্ৰৱেশ)


লাই৷-দেখিছিলোঁ দেউতাক,
আক’ গল গুচি!
পদ্মা।- নেকান্দিবাঁ সোণা মোৰ!
ধুনীয়া পুতলা আনি দিব আহিনীয়ে ,
থাকিবাঁ উমলি।
লাই।- আনি দিয়াঁ দেউতাক ,
নেলাগে পুতলা। আহিছিল কালি ৰাতি,
আক’ গুচি গল!

[ ২২০ ]

পদ্মা।— অবুজ বালক হাঁয়,
কি কৰোঁ উপায়! মাউৰা পোনাটি দেহি,
নেমানে বুজনি।
লাই।—নাহিল দেখোন,
নাহিল আইতা, দেউতাক আনোঁ বুলি
গই?—নাহিল আজিও!
পদ্মা।—ফাটে যেন হিয়া মোৰ!
কি দিম উত্তৰ! নেকান্দিবাঁ লাই সোণ,
নেপায় কান্দিব; বীৰৰ সন্তান তুমি,
নহবাঁ অধীৰ।
লাই।—কাহানি আহিব পিচে?
পদ্মা।—আহিব এদিন।

(লেচাই আৰু আহিনীৰ প্ৰৱেশ)


লেচাই।- (লাইৰ ওচৰলৈ লৰি গৈ)কাইদেও।
চোৱাচোঁ এইটি!  (পুতলা দেখুৱায় )
আহিনী।—(কোঁচৰপৰা আৰু এটি উলিয়াই দি) এয়ে এটি, চোঁৱা,
বৰসোণে লবলই, বাঘৰ পোৱালি।

(পুতলা দিয়ে )


লাই।—(অনিচ্ছাত লৈ) পিটিকি ভাঙ্গিম যেন।
পদ্মা।—নেভাঙ্গিবাঁ সোণ।
জুৰুৱাঁ পৰাণ মোৰ, উমলি দুটিয়ে।
লেচাই।—আহাঁ যাওঁ, কাইদেও!
যুঁজাম পুতলা।  (লাইৰ হাতত ধৰি টানি লৈ যায়।)

[ ২২১ ]

পদ্মা।—আহিনী!
আহিনী।—আইদেও!
পদ্মা।—কি মোৰ কপাল!
আহিনী।—নমৰি জীয়াই আছোঁ!
পদ্মা।— কান্দিবৰো নাই চল!
দেখিলে উতলা, উতলিব পোনা দুটি,
ফেঁকুৰিব আহি!
আহিনী।—নেমানে আনক দেহি,
সাদৰী সোণায়ে।
পদ্মা।— ভিতৰি ভাগিছে মোৰ
বিষাদী অন্তৰ! নোৱাৰোঁ সহিব আৰু
সখীৰ বিচ্ছেদ!
আহিনী।— কিনো কম আইদেও?
মৰিলোহেঁতেন, সলনিত পোৱা হলে
আইদেও মোৰ। বইছোঁ দেহাৰ ভাৰ
আতি টানি-মানি!
পদ্মা।—জানো মই ভক্তি তোৰ
সখীলই মোৰ। লিগিৰী কৰ্ত্তব্য আৰু
শলাগিছোঁ তোৰ।
আহিনী।—নমৰিলোঁ তেতিয়াই।
দেখিলোঁ যেতিয়া, আপোন চকুৰে হাঁয়,
আইদেও আধামৰা হোৱা। দেহিঐ,
অতনা যাতনা সুকোমল শৰীৰত,
দিলে কোন সতে!

[ ২২২ ]

পদ্মা।— নকবি আহিনী আৰু!
নেভাঙ্গিবি ভগা বুকু মোৰ। নাই যেন
দেহে প্ৰাণ সেই দিন ধৰি; ভেলা মাথোঁ
ফুৰিছোঁ ওপঙ্গি।
আহিনী।—কিনো কম আইদেও!
মোৰো সেয়ে দশা।
পদ্মা।—নকবি আহিনী তই,
নুলিয়াবি ঘুৰি, সখীৰ কাহিনী অই!
আহিনী।—পাৰোঁতে নে হাঁয়!
পদ্মা।—নেপাবি বেজাৰ তই।
কিবা বলকিছোঁ, নুবুজোঁ আপুনি হাঁয়,
উন্মাদ পৰাণ।
আহিনী—কি দিম উত্তৰ হাঁয়! (পদ্মাৰ ভৰিত পৰে)
পদ্মা।— নহবি উতলা।
যাওঁ ব’ল, চাওঁগই, উমলিছে জানো,
অজান বালক দুটি!

(প্ৰস্থান)

⸻⸻

[ ২২৩ ]

পঞ্চম গৰ্ভাঙ্ক।

দিখৌ-মুখ।

১ম, সেনা৷- (প্ৰৱেশ ) হেৰঔ,, কোন আছহঁত সেইতে,আগ বাঢ়,চাপি

আহ, পালোঁহি, সেইয়া গা দেখা গৈছে।

( প্ৰস্থান)

২য়, সেনা৷-( প্ৰৱেশ) নেৰিবি, ধৰ, গৈছোঁ। ভেটি ধৰহঁক।

(প্ৰস্থান)

(গদাপাণিৰ প্ৰৱেশ, পিচে পিচে সেনাদল)

১ম, সেনা৷-গৈ থাওক, নেভেটিবি এথোন। আৰু অলপ আগ বাঢ়ক,

ঠেকত পেলাই লওঁগৈ।

২য়, সেনা-ভাল কৈছ, এৰা, বৰনৈৰ দাঁতিত পেলাই লওঁগৈ। তেহে

ইফালে ভেটি ধৰিবলৈ চল লাগি পৰিব।

গদা।-(উলটি ধৰি) আহ চাপি,

যাবি কোন্‌ যমপুৰি আজি।

৩য়, সেনা-আইঔ! উলটি ধৰেচোন ঔ। হেৰৌ, কোন্ কত আছ,

চাপি আহহঁতঔ! আমাক তাকৰীয়াকৈ পাই মহটিয়াই নিব এতিয়া!

২য়, সেনা-ধৰ, ধৰ, আগ বাঢ়, নকৰিবি ভয়। আমি পিচতে আছোঁ। গদা।- অকলই নিপাতিম

শিয়াল দল! চাপি আহ, আছমানে,
জাকে জাকে আহি। [ ২২৪ ]

৩য়, সেনা৷-হেৰৌ মােৰ মূৰখােৱাহঁত, কিনো ধৰ্ ধৰকৈ আছহঁক; আগ

বাঢ়ি নাহ নাে কিয়? এটা আগ বাঢ়ি যাচোন, গবা মাৰি ধৰগৈ ৷ মােৰ এতিয়া-এটা লেঠা দেখিহে।

গদা।- চাপি আহ আৰু,

চাপিছে মৰণ যাৰ।

২য়, সেনা-(৩য়, সেনাক ঠেলা মাৰি আগুৱাই দি ) তয়ে নাে নধৰগৈ

কিয় ? লােকক যে মাতি থাক!

৩য়, সেনা।— (হাম্‌খুৰিখাই পৰি, খৰমাৰি উলটি আহি) ছিঃ ! তই কেনে

মানুহ অ! ভাল হেচুকি জুইত পেলাব পাৰ ? ঔ আই! নেদেখিছ,
চকু-দুটা ! আইঔ! চাবই নােৱাৰি বুপাই, জলক্‌পতক্‌খন
লাগি যায়।

গদা।- শহাৰ সঁহাৰি দেখি

উঠ মোৰ হাঁহি! চিকা মৰি লগা হল
গােন্ধোৱাব হাত।

২য়, সেনা।-হেৰ, চিকাহে হলোঁনেহঁক। কি চাই থাকিব লাগিছে। আহহঁক,

আটাইবােৰে বেৰি ধৰোঁগৈ। উঃ, বৰ কেৰামতালি কৰে দেখোঁ।

( কেইওটা সেনাই গদাক গৰা মাৰি ধৰেগৈ ; গদাৰ বাহুৰ

আছাৰত গােটাচেৰেক কৰ্ফাল খাই পৰি মূৰ্চ্ছা যায়,

আৰু গােটাচেৰেকে পলাই লৰ মাৰে)

গদা- আছ নে কোনােবা আৰু

চিকাৰ পােৱালি ? চাপি আহ, পিওঁ তেজ
সমূহকে ধৰি।

৩য়, সেনা -( মূৰ্চ্ছাৰপৰা উঠি এফলীয়া হৈ) কটা, ইহঁত চিকা হে [ ২২৫ ] হয়। চিকাৰ জাকত সোমাই ময়ো চিকা হলোঁ আজি! তথাপি, ধৰি ৰাখিব নোৱাৰিলোঁ কি হল, গাত গা লাগিছিল হে তেও। সিজনীৰ আগত তেও কবলৈ হল বাপেকে। উঃ! উশাহটো লওঁ দেও!

গদা।– বেৰিছেহি চউপাশে
ৰাজসেনা দলে, ধৰিবৰ হেতু মোক।
আক্ৰমিলে কতবাৰ,—বিফল যতন-
নোৱাৰিলে কোনো জাকে সহিব বিক্ৰম;
নোৱাৰে তিষ্ঠিব আৰু দুই-চাৰি জাকে।
কিন্তু এবে অন্য বল,—আহিছে অলেখ
সশস্ত্ৰ সেনানীদল। লৰিছে আপুনি
সেনাপতি এইবাৰ। —নডৰোঁ তথাপি,
সমুখে যদ্যপি পাওঁ শত্ৰুপক্ষ লগ;
—যুঁজিম প্ৰাণান্তে।
(সেনাপতিৰ সসৈন্যে প্ৰৱেশ )

৩য়, সেনা।—ধৰহঁক, এইবেলি আমাৰ দৌতাও পালেহি। ধৰিবই লাগে। গতি লাগি পৰিছে। দৌতা! মই আগ নইলে নহব। ইহঁত কিবা ভেবা মানুহ, পিচ পৰি হে থাকে। (টঙ্গালি আটিবলৈ ধৰে)।

সেনাপতি।—ইবাৰ পলাবাঁ কত?
চাপি আহাঁ, গদাপাণি, ধৰা দিয়াঁ আহি।
বৃথা চেষ্টা আৰু।
গদা।—নপলায় গদাপাণি!
থাকেমানে প্ৰাণ, নিদিম আপুনি ধৰা,
কাপুৰুষ হই।

[ ২২৬ ]

সেনাপতি।—অযথা সাহস কিয়?
অবাবত কিয় দিবাঁ প্ৰাণ? আহাঁ চাপি,
নিৰাপদে যাওঁ লই।
গদা।— যুঁজত এৰিব দেহা,
ক্ষত্ৰিয় ধৰম পালি, ৰজাৰ কোৱঁৰে।
—নোহে অবত।
সেনাপতি।— কৰাঁ যিবা বুজাঁ ভাল।
নাই দোষ মোৰ।

(সেনাবিলাকৰ প্ৰতি আদেশ দি আগ বাঢ়ে।


বন্দী কৰা গদাপাণি,
বেৰি ধৰি সৱে। নলগাবি ঘূণ্‌ গাত
পাৰ্য্যমানে কেৱে।

( আক্ৰমণ, যুঁজ, গদাপাণিয়ে সেনাদলক মহটিয়াই গৈ ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে)। ৩য়, সেনা।-ভাল সাৰিল, ভাল সাৰিল!। এইবেলি গতি লগাই লৈছিলোঁ!

মোৰ কঁকালটো হে দমকা খালে বুপাই! ইস্‌, ইস্‌, ইস্‌! (বহে)

১ম, সেনা।—সিপাৰ হবগৈ দেও! টোপাকাঁড় যোৱাদি গৈছেগৈ!

উঃ, আতি টান পালোঁ হয়, বৰ্‌হমপুত্ৰ হেন নৈত অকণো ভটিওৱা
নাই! চাচোনহঁক চা। (সেনাদলে বেঙা মেলি মেলি চায়)।

২য়, সেনা।—ইঃ কিনো বৰ টান পালি। টানত পৰিলে আমিও জানো

জাঁপ মাৰি পানীত পৰি সাৰিবলৈ নাচালোঁহেতেন?

সেনাপতি।—ধন্য বীৰ গদাপাণি!
ধন্য বাহুবল, ধন্য তৱ বীৰনাম!
ইহেন বীৰৰ সতে নহলোঁ সমুখ,

[ ২২৭ ]

নেপাতিলোঁ নিজে যুঁজ মই! শুভছেগ।
গল পাৰ হই। অতি দুৰদৃষ্ট হাঁয়,
অসম মাতৃৰ; কোলাতে হেৰায় আজি
হেন পুত্ৰ-ধন।
(সেনাদলৰ প্ৰতি)কি সাধ্যে ৰাখিবি ধৰি
গদাপাণি বীৰ! অসামান্য বীৰবাহু,
নাই সমতুল।

৩য়, সেনা—এৰা, এওঁ কলিৰ ভীম দৌতা-ঈশ্বৰ!

( সকলোৰে প্ৰস্থান)

১ম, অঙ্কপাত।

[ ২২৮ ]
 

২। অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

দৰং-কলিয়াবৰ—সলাল গোহাঞিৰ চৰা।

সঃ গোঃ।—শুনা সভাসদ।
আহিছে ৰাজাজ্ঞা আজি;—
হব লাগে সমাপতি ৰাজহৰ কাজ;
পীয়লৰ শেষকাৰ্য্য, আৰু খুট্‌-খাট্‌,
জলকৰ, বনকৰ লাগিব শোধাব।
এটা পক্ষ দিছে দিন,—দিন দীঘলাই।
হাজৰিকা।—ভূমিকৰ সমুদায়
হইছে আদায়।
শইকীয়া৷।—জলকৰো বাকী নাই;
হইছে যুগুত।
বৰা।—বনকৰ, খুট্‌-খাট্‌
বাকী নাই বহু।
হাজৰিকা।—পীয়লৰ কাম কিন্তু,
কণমান বাকী।

[ ২২৯ ]

সঃ গোঃ।— ইতিমধ্যে নহব নে শেষ?
হাজৰিকা।—নাই আশা।
সঃ গোঃ।— সৰ্ব্বনাশ তেন্তে দেখোঁ।
বৰা।— কিনো বৰ কথা।
সামান্য বাকীৰ বাবে নধৰে জগৰ।
সঃ গোঃ।—বাকী বা কিমান?
হাজৰিকা।—লাগিব এমাহ আৰু।

(বৰাগীবেশী গদাপাণিৰ প্ৰৱেশ )


গদা।— আশীৰ্ব্বাদ ডাঙ্গৰীয়া
আৰু সভাসদ!
সঃ গোঃ।—বৰা।
বৰা।—ডাঙ্গৰীয়া।
সঃ গোঃ।—সোধাচোঁ উদ্দেশ্য কিবা।
বৰা। ভাল ডাঙ্গৰীয়া।
(বৰাগীৰ প্ৰতি) কিবা অৰ্থে আগমন
বৰাগী বাপুৰ? কিবা চোৱাঁ সমিধান?
গদা।— বিচাৰোঁ এমুঠি অন্ন,
জিৰণিৰে সতে।
সঃ গোঃ।—চিন্তা নাই তাৰ,
তুৰন্তে যুগুত হব।
গদা।— বিচাৰোঁ জিৰণি
ভালেদিন দীঘলাই।
সঃ গোঃ।—নেদেখোঁ আপত্তি।

[ ২৩০ ]

গদা।— পিচে, ডাঙ্গৰীয়া!
সৰুতে বৰাগী; নিশিকিলোঁ কাম–কাজ।
অকামিলা এবে মই গৃহস্থী–বনত;
কিমতে শুজিম ধাৰ? কিন্তু, নিবিচাৰোঁ
পৰমূৰে-খোৱা-বাস।
শইকীয়া।— গৰখীয়া বাব,
শিকিব নলগা বন;—নিতান্ত নবহে
মন যদি কাম বিনে।
গদা।—যিবা আজ্ঞা হয়।
শইকীয়া।—যোৱাঁ দুৱৰী লগত।
গদা।—আশীছোঁ সবাকো।   (গদাক লৈ দুৱৰীৰ প্ৰস্থান }
সঃ গোঃ।—পিচে, হাজৰিকা!
হাজৰিকা।—কিবা কয় ডাঙ্গৰীয়া?
সঃ গোঃ।—কৰাঁ আয়োজন
ৰাজাজ্ঞা পালন হেতু।
হাজৰিকা।—অৱশ্যে কৰিব লাগে।
সঃ গোঃ।— আৰু এটা কথা চাবাঁ;
প্ৰজাৰ অৱস্থা কথা উচিত জ্ঞাপন,
বিবৰি সংক্ষেপে।
হাজৰিকা।—কৰা যাব তাকো
পিচে, এটা কথা;-কৰিলানে মন সৱে
বৰাগী জনক?-সামান্য পুৰুষ বুলি
নুবুজিবাঁ সিজনক; বেলেগ লক্ষণ,
দেখা যায় পুৰুষৰ,—মহাজন যেন।

[ ২৩১ ]

বৰা।—স্বৰূপ ধৰিছাঁ তুমি।
শইকীয়া।—ৰজাৰ লক্ষণ।
সঃ গোঃ।—যিবা কি নহোক,
পুৰুষ প্ৰধান তেওঁ। ৰাখিবাঁ যতনে,
কৰিবাঁ সম্মান সৱে; যেনে ভাল পায়
সিদৰে চলিব দিবাঁ। থুলন্তৰ কায়া
দেখি, দয়া-ভক্তি হয়!
বৰা।—মঙ্গল কাৰণ
জানো, শুভ আগমন।
সঃ গোঃ।—শুভাশুভ যিবা হয়।
দেখিবা কালত। কিন্তু, এবে ঘাইকাম
ৰাজাজ্ঞা পালন; যিমতে ৰজাৰ মন
তুষ্ট থাকে সদা, নেৰিবাঁ বিধান তাৰ৷
যোৱাঁ ঘৰাঘৰি সৱে কৰ্ত্তব্য সুমৰি!
সঙ্গা ভঙ্গী এবে।    ( প্ৰস্থান)}}

[ ২৩২ ]

দ্বিতীয় গৰ্ভাঙ্ক।

গৰখীয়া-পথাৰ।

১ম, গঃ। (প্ৰৱেশ) হঁয়েৰা ৰাঙ্গলী, ঘুৰি আহ, ঘুৰি আহি, নুঘূৰিলি

নে? —ঘুৰ্‌ ঘুৰ্‌। (লৰি প্ৰস্থান)

২য়, গঃ।—(প্ৰৱেশ) হেৰৌ, আগছ আগছ। সেই বগা দমৰাটোৱে

সাঙ্গোৰ ছিঙ্গি গৈছে। কোন আছ সেইতে, আগছ আগছ।

( লৰি প্ৰস্থান। )

৩য়, গঃ।—( প্ৰৱেশ ) সও, সও, বুপাই অ, সও।

(চোপনি দি দি প্ৰস্থান)

৪ৰ্থ, গঃ। — (বিচেষ্টা হৈ প্ৰৱেশ) হেৰৌ ককাইহঁত, কেনি গলিহঁকঔ!

ঔ, গৰু জাকেই ধাননিত উঠিলগৈ ঔ!—দেখিছা এতিয়া, কাৰো মাত
পাবলৈ নাই! মই অকলে কি কৰিম এতিয়া! —নাহে থাওক,
ময়ো গুচি যাওঁগৈ। নিয়ক, জাককে থেনালৈ, নিয়ক বাপেকে।

(১ম, ২য়, ৩য়, গৰখীয়াৰ প্ৰৱেশ )

১ম, গঃ।-হেৰ, কি হল অ, ভদাই? দহোন বৰকৈ ডেডাইছ একা?
৪ৰ্থ, গঃ।—কি হল, গৰু জাকেই ধাননিত উঠিলগৈ।
২য়, গঃ।—বাৰু, তোক সেইটো দায়ে নেপায় যা।
৩য়, গঃ।—এ, ভদাই, তই ইফালে আহোঁতেই আমি সিফালে ধাননি

পালোঁগৈ নহয়। ধাননিত উঠিবলৈ নৌ পাওঁতেই আমি গৰুজাক
ঘূৰালোঁগৈ। [ ২৩৩ ]

৪ৰ্থ, গঃ।—বেচ কৰিলি ককাইহঁত। মই বোলোঁ আজি হে আজি!

ইমানকৈ ৰিঙ্গিয়ালোঁ, তেও ঔ নুবুলিলি নহয়?

২য়, গঃ।— আজি তোক ৰজাই পিঙ্গত দিলেহেঁতেন!
৪ৰ্থ, গঃ।— আমাৰ যে এতিয়া ৰজাও নাই,—ঔ?
১ম, গঃ।—মিছা নহয়। বৰভকত ঢুকাবৰপৰা আমাৰ বৰগৰখীয়া এটা

নোহোৱা হল; ইঃ, শকতে-আৱতে মানুহটো এনেহে আহিল পায়!
ৰজা হওঁতে শুৱাই পৰিছিল। নহয় নে বাৰু?

৪ৰ্থ, গঃ।—ওঁ, তেওঁ থাকোঁতে মই কালৈকো ভয় নকৰিছিলোঁ নহয়।
১ম, গঃ।—বেচ, বেচ, ভাল মনত পৰিছে। তহঁতক কওঁ-কওঁকৈ হে

আছিলোঁ। হেৰ, এতিয়া যে গৰখীয়াটো নতুনকৈ লগলাগিছেহি, সেইটো
আমাৰ ৰজালৈ কেনে হব?

২য়ঃ গঃ। বেচ হব। মোৰ মনেৰে হলে বৰভকতত্কৈ‌ও শুৱাব।
৩য়, গঃ।— “বেচ কৈছ। মোৰ মনে সৈতে মিলি গৈছে।
৪ৰ্থ, গঃ।— বেচ হল, তেনেহলে, তেওঁকে ৰজা পাতোঁগৈ আহহঁক।

কেইওটাই।—আহহঁক। বেচ্‌ বেচ্‌।

১ম, গঃ।—এৰা, বালক, তেওঁ গৰুও নাগছে, এনেই কিবাকিবি গুণিগাঁথি

বহি হে থাকে। কবলৈকো বেয়া লাগে, নহয় বাৰু?

২য়, গঃ।— নহয়, তেওঁ জপ্‌ কৰে অ। এতিয়া চাগৈ কদমৰ তলতে বহি

আছে। বলহঁক, তালৈকে যাওঁ।

১ম, গঃ।— এৰা, বলহঁক।
৪ৰ্থ, গঃ।—হেঁকাই-তিলিকি-বাওঁ! (কাষলতি বাদ্য)  (প্ৰস্থান)

[ ২৩৪ ]
পট সলনি।
কদমৰ তল।
⸻০⸻

গদা।— কি আছিলোঁ, কিবা হলোঁ!
পৰিণাম আৰু কিবা আছে হবলই।
হেলাৰঙ্গে লৰাকাল কটালোঁ সুখত;
সমনীয়া বন্ধুজনে মানিছিল মোক
বীৰবাহু বুলি। বীৰৰ সন্তান মই।
ভাবিছিলোঁ, যৌৱনত পূৰ্ণ হব কাম,—
লভিম ৰণত জয়, সেনাপতি হই;
অন্তৰত উচ্চ আশা পালিছিলোঁ আৰু,
বাঢ়ে যেন ভাৰতত অসম-গৌৰৱ,
বাঢ়ি দিনে পিতৃৰাজ্য, —দূৰ-দূৰণিত—
বাহুবলে মোৰ। কিন্তু হাঁয়, ভাগ্যহীন।
নুপুৰিল আশা, বিপৰীত পালোঁ ফল,—
গৰখীয়া-মেল মাৰি, গৰু ৰাখি খাওঁ।
অকামিলা মই। (মৌন)

(গৰখীয়া দলৰ প্ৰৱেশ)

১ম, গঃ।— অ, ককাই, কি কৰিছা? বোলোঁ, তলৰ মাটি ওপৰ কৰি গুণিছা কি? [ ২৩৫ ] গদা।—এ, এনেই হে বহি আছোঁ।

২য়, গঃ।— বেচ ৰজা-বহনেৰে বহিছে দেই।

গদা।—এৰা, ৰজা হোৱা হলে জানিবা নবহোঁ। ৰজা হৈ লৰিবলৈ বিচাৰোঁ।

৩য়,গঃ।— নহয় দেও, তুমি ৰজা হৈ বহিবৰ হে লায়ক। তোমাক আমি

ৰজা পাতি বহুৱাবলৈ হে আহিছোঁ।

গদা।— বাৰু বীৰপুৰুষ একজন। পুৰুষ কেজনে ৰজা পাতিবও পাৰে!

ইহঁতে কেতিয়াবা ৰজা পাতি পাইছিল হবলা?

১ম, গঃ।—কিয়, বৰভকতক আমিয়েই ৰজা পতা নাই যে কি? তেওঁ

মৰিল দেখিহে এতিয়া।

গদা।— অ, মোৰ বুজাত বেলি হল, গৰখীয়া ৰজা?

৩য়, গঃ।— এৰা, আকৌ নো কি? তাকেতো কৈছোঁ আমি। কিন্তু,

গৰখীয়া-ৰজা জানো ৰজা নহয়?

গদা।— হওঁতে হয়। এক ৰকমে বৰ সুখীয়া ৰজা। পিচে—

১ম, গঃ।— পিচে আৰু পিচে। আমি আজিৰপৰা তোমাক ৰজা

পাতিলোঁৱেই যোৱাঁ। আহহঁক, চাপি আহ, আমাৰ ৰজাক
মলা পিন্ধাওঁহঁক। (কেইওটাই মালা পিন্ধায় )

গদা—অহ, কি পৱিত্ৰ ভাব!

প্ৰকৃতে কৰিছোঁ বোধ, ৰাজ্য-অভিষেক
প্ৰকৃতি-ৰাজ্য়ত।

২য়, গঃ।— তেনেহলে তুমি আজিৰপৰা আমাৰ ৰজা হৈছাঁ?

গদা।— ওঁ, ওঁ, হৈছোঁ বাৰু। ৰজা হৈ নো কি কৰিব লাগে?

১ম, গঃ।— কি কৰিব লাগে? আমাৰ ৰাজপাটখন খাব লাগে। বলাঁ,

এতিয়া, গৰখীয়া-দ’লৰ বৰভেঁটিত বহুৱাই, সবাহ পাতি, তোমাক
সঁচাসঁচিকৈ ৰজা পাতোঁগৈ। উঠা, এতিয়া, যাওঁহঁক। [ ২৩৬ ]

কেইওটাই।— উঠা আক'। বলাঁ যাওঁ।

গদা।— (লাহেকৈ উঠি) বাৰু, বলহঁক। ৰজাৰ গা হব নোৱাৰিলোঁ,

ছাঁটোকে হৈ চাওঁগৈ!
(কেইওটাই হাত-ধৰাধৰিকৈ হাত-লেজু বান্ধি গদাক মাজত লৈ )
গৰখীয়া গীত।
তাল—খেম্‌টা।

আজি পাতিম তোমাক ৰজা-গৰখীয়া।
বনফুলৰ মালা পিন্ধি হবাঁ তুমি ধুনীয়া।
 বৰদ'ল বৰভেঁটি,
 দিম তাতে কুশ পাতি;
বিতোপন সিংহাসনে বহিবাঁ যেতিয়া,
বহিম সকলো প্ৰজা আমি গৰখীয়া।
 ( প্ৰস্থান)

তৃতীয় গৰ্ভাঙ্ক।
ফুলনি।

ৰম্ভা।— আহা, কিনো বিতোপন
শোভা ফুলনিৰ! ফুলিছে আপোন মনে
গোলাপ, মালতী, যুতী, সেউতী, তগৰ;

[ ২৩৭ ]

বকুল, বন্দুলী, চঁপা, শেৱালী, নাহৰ,
গুটিমালী, জাঁই আৰু মৰুৱা, মথাই
কেতেকী সইতে সৱে সৌৰভ বিলাই
কৰিছে আমোল-মোল জগত-সংসাৰ।
—মুগ্ধ যত প্ৰাণী—বিমোহিত নৰ নাৰী।
প্ৰেমিক প্ৰেমিকা আৰু ভাবত বিভোল।
—জগত নিটাল।  (ৰ-লাগি থাকে)
 অহ, আৰু কিবা ভাব
খেলিছে হিয়াত! কিবা কৰে মন-প্ৰাণ!
উৰুঙা লাগিছে বুকু, কিবা অভাৱত?
নুবুজোঁ মনৰ গতি, প্ৰাণৰ ভৰসা!
বসন্তৰ মায়াই ধীৰে ধীৰে ধীৰে
নিছে মন উৰুৱাই, কি জানো কলই।
কান্দিছে পৰাণে সুখে-দুখে পূৰ্ণৰাগে
হিয়াৰ তলিত, আপোন ভাবত মজি।
গুপুত বাসনা, গুপুত যাতনা যিবা।
নহয় বেকত!  ( আকৌ ৰ-লাগে)
 হাঁহিছে পদুম পাহী।
নিজনি বিলত, সূৰ্য্যৰ জেউতি পাই;—
ঈৰ্ষা কিয় মোৰ?-তদ্ৰূপ মহিমাময়ী
কিবা এটি জোতি পৰিছে হিয়াত আহি;—
আদি ক’ত তাৰ?—অন্তৰে পাইছে ধুকি
আঁতিগুৰি যিবা। কিন্তু হাঁয়, গদাপাণি—
বিৰহী কৰাগী-বৰাগী কদাপি নোহে

[ ২৩৮ ]

প্ৰেম আকলুৱা। গহীন মূৰতি আহা,
ভাবত গধুৰ, দেখাতে সংসাৰী ভাব
নাই শৰীৰত; বিৰহ যন্ত্ৰণা আৰু
বিৰিঙ্গে মুখত। কিয় তেন্তে বাঢ়ে আশা,
প্ৰাণৰ ধাউতি অযাচিতে বই যায়।
সিজন উদ্দেশ্যে? অহ, কিনো কম হাঁয়,
অন্তৰ বেদনা!—নীৰৱে বিদৰে হিয়া,
দেখোঁ যেবে মই ম্লান মুখে বীৰবাহু
আত্ম–গোপনত!  (মৌন )

গীত

ইমন বেহাগ—আড়া।
নাই হে নাই উদাস যি প্ৰাণ,
কি আছে তাৰ মোহ-মায়া॥
ভোগ-তৃষ্ণা,  উলাহ বিলাহ,
সকলো হাঁয় মৰুৰ ছাঁয়া।
সংসাৰত থাকে বুলি
নেধাৰে সি প্ৰেম ভুলি,
নেভাবে ক’ত পুত্ৰ-ভাৰ্য্যা
মজে লই আপোন কায়া॥
    (মৌন )

( গদাপাণিৰ প্ৰবেশ)

গদা।—নন্দন কানন প্ৰায়
শোভা ফুলনিৰ! অপেস্বৰা কণ্ঠ জিনি
কোন সিটি, গাইছিল সুললিত গীত?—

[ ২৩৯ ]

—দেবী নে মানৱী? অহ, যেন প্ৰিয়া মোৰ,
প্ৰিয়-বিৰহিনী, স্বৰ্গ হন্তে নামি আহি,
কৰিছে বিহাৰ এই মৰ্ত্ত্য কাননত!
চাওঁ কোন্ প্ৰিয়াৰপী নাৰী অৱতাৰ,
শোভে সমুখত?( ধীৰে ধীৰে আগে বাঢ়ে )

সুপৰিচিতা সখীৰূপ।


কতবাৰ দেখা-শুনা এই ফুলনিত।
কিন্তু, মন-প্ৰাণ ভিতৰি অধীৰ কিয়?
ছাঁয়া দেখি কায়াভ্ৰম,—দিঠক-সপোন
দেখিছোঁ আগত।
ৰম্ভা।—ইকি! ভাবিছিলোঁ যাক!

(লাজত তলমূৰ কৰে।)


গদা।—(মনে-মনে) ভঙ্গীত পৰিছে ধৰা
অন্তৰৰ ভাব; বুজিছে অন্তৰে মোৰ
আন্তৰিক ব্যথা।
( প্ৰকাশ্যে হাঁহি হাঁহি) সৰ্ব্বজান বুলি মোক
মানিবাঁ প্ৰত্যেক; নতুবা ভাবিছাঁ জানি,
আহিম কি মতে?
ৰম্ভা।— সৰ্ব্বজান সঁচাকৈয়ে!
গদা। সঁচা হলে হাঁয়,
কিয় এই ছদ্মবেশ!
ৰম্ভা।— নকৰিবাঁ খেদ,
পূৰ্ণ হব মনোৰথ।

[ ২৪০ ]

গদা৷- ৰথশূণ্য মন!

নোৱাৰি চলিব এবে হইছে অচল।
কেতিয়া পৰেহি আহি শত্ৰু আক্ৰমণ,
গণিছোঁ দিনৰুে তাক দিনে আঁক পাৰি।

ৰম্ভা।- চিন্তা নকৰিবাঁ।

চিন্তিম উপায় যিবা,
শক্তি অনুসৰি; পোৱাঁ যাতে ৰক্ষা তুমি।
ৰাখিবাঁ বিশ্বাস মোত।

গদা।- সৰল বিশ্বাস

ৰাখিছোঁ তোমাৰ জানা।
স্বৰূপ চিনাকি নতু নিদিওঁ কাচিত।

ৰম্ভা৷- বুজিছোঁ বিশেষ।

ৰাখিবাঁ বিশ্বাস আৰু,
প্ৰাণপণ সদা মোৰ তোমাৰ গুপুত
উদ্দেশ্য সাধন হেতু।

গদা৷-শলাগোঁ অশেষ৷

বন্ধু-উপকাৰ বাবে ৰলোঁ চিৰঋণী।

ৰম্ভা-ঈশ্বৰ-ইচ্ছাত

সুদে-মূলে ঋণমুক্ত হোৱা যেন কালে।
যাওঁ এবে, বহুপৰ হল আহিবৰ।

গদা।-ঈশ্বৰ-ভাৰষা মোৰ।

{ (দুয়ো দুফালে প্ৰস্থান )

[ ২৪১ ]


চতুৰ্থ গৰ্ভাঙ্ক।

সলাল গোহাঞিৰ চৰা।

হাজৰিকা।—জানিছে নে ডাঙ্গৰীয়া!
নগৰৰ বাৰ্ত্তা আজি দুই-তিনি মাহ
অহা নাই একো। অহা নাই অদ্যাপিও
ৰাজ-অনুমতি, আহিব লগীয়া বহু
গুৰু বিষয়ৰ।
সঃ গোঃ৷—তাতে হে চিন্তিত ময়ো।
ৰজা, মন্ত্ৰী সৱে পিঠি দি লাগিছে জানো
ৰাজকাৰ্য্য লই, স্বাৰ্থসিদ্ধি সাধনত।
শান্তি নাই নগৰত।
বৰা।—কত নো শুনিবা,
হাটে-বাটে-ঘাটে, মাথোঁ
অকাৰ্য্য, অধৰ্ম্ম, আৰু অত্যাচাৰ কথা।
শইকীয়া।—অবাবত অত্যাচাৰ।
অবাবত হাঁয়, মহাসতী জয়মতী
পীড়িলে বিস্তৰ। নিতে নন শাস্তি দিলে
পূৰ্ণ পক্ষ দিন, নিঠুৰ পাষণ্ড দলে!

[ ২৪২ ]

ৰাজলক্ষ্মীসমা সতীয়ে এৰিলে দেহা
পৰিণাম থই।
সঃ গোঃ।—ৰাজলক্ষ্মী স্বৰূপতে
গল ৰাজ্য এৰি। ইন্দ্ৰবংশী ৰাজকুল
পৰিছে মলিন দিনে সিদিনাৰপৰা।
তথাপি নহল হাঁয়, চেতন ৰজাৰ,
চোৱা নাই ঘূৰি, বেৰিছে বিপদে কেনে
ঘোৰ ৰূপ ধৰি!

( দুৱৰীৰ প্ৰৱেশ )


দুৱৰী।—ৰাজদূত দুৱাৰত,
দেউতা-ঈশ্বৰ!
সঃ গোঃ।—আন মাতি।
দুৱৰী।—যি আজ্ঞা, দেউতা-ঈশ্বৰ!  (প্ৰস্থান)
হাজৰিকা।—কওঁতেই পালে আহি!
বৰা।—পাবহিয়ে লাগে।

(দুতে সৈতে দুৱৰীৰ পুনঃ প্ৰৱেশ)


দূত।— প্ৰণামোঁ দেউতা মই।
সঃ গোঃ।—“কিবা বাৰ্ত্তা দুত!
ৰাজাজ্ঞা আহিছে কিবা?
দূত।—হইছে দেউতা।  (পত্ৰ উলিয়াই দিয়ে )
সঃ গোঃ।—(পত্ৰ পঢ়ি চাই।) ৰাজ-আজ্ঞা শিৰোধাৰ্য্য।
(বৰাৰ প্ৰতি) দূতৰ বিশ্ৰাম হেতু যুগুত বিধান
কৰাঁ সদ্যহতে।

[ ২৪৩ ]

বৰা।—ভাল ডাঙ্গৰীয়া!
তুৰন্তে বিধান হব।
(দুৱৰীৰ প্ৰতি) দুতৰ শুশ্ৰূষা হেতু,
হব লাগে আয়োজন আলহীশালিত।
দুৱৰী।—হব আয়োজন।
( দূতৰ প্ৰতি আহাঁ দেও। মোৰে সতে।)

(দূতক লৈ দুৱৰীৰ প্ৰস্থান।)


হাজৰিকা।—কিবা বাৰ্ত্তা ডাঙ্গৰীয়া?
সঃ গোঃ।–বিষম বতৰা!
শইকীয়া।—লিখিছে বা কিবা?
সঃ গোঃ।— (চিন্তাযুত) লিখিছে শকত কথা।
বৰা।— লাগিল জগৰ কিবা?
সঃ গোঃ।—লাগিব জগৰ,
নোৱাৰিলে ৰাজ-আজ্ঞা কৰিব পালন।
নোৱাৰোঁ পঠাব যদি ধৰি গদাপাণি,
বিষম প্ৰমাদ জানা মিলিব আমাৰ।
হাজৰিকা।—কত পাম গদাপাণি?
সঃ গোঃ।—আহিছে ইফালে।
ৰাজাজ্ঞাত আছে লিখা, ইয়াতে কোৱঁৰ
আছেহি লুকাই বুলি। ৰাজসেনা দলে
ধৰিছিল কোৱঁৰক দিখৌ–মুখত;
আহিছিল সেনাপতি, নিজে অস্ত্ৰ ধৰি,
নোৱাৰিলে আটকিব বীৰবাহু গদা।

[ ২৪৪ ]

বিনাশি বিস্তৰ সেনা জাঁপিলে নদত,
সাঁতুৰি উঠিলে আহি ব্ৰহ্মপুত্ৰ পাৰ!
শইকীয়া।— ধন্য বীৰ গদাপণি!
বৰা।— ধন্য বীৰবাহু!
হাজৰিকা।— নেযাচিবাঁ ধন্যবাদ,
ৰাজদ্ৰোহী জনে।
সঃ গোঃ।—এৰাঁ বাজে-কথা।
যুগুত উপায় এবে কৰাঁ যুক্তি কৰি,
ৰাজাজ্ঞা পালন হেতু।
বৰা।— অৱশ্যে কৰিম।
ধৰিছোঁ মনতে মোৰ, অনুমানী জন;
কব লাগে সময়ত।
শইকীয়া।—মিলিব নে মোৰে?
সঃ গোঃ—কিবা তৱ অনুমান?
বৰা।— ডাঙ্গৰীয়া!
লব খোজোঁ বৰাগীৰ নাম।
হাজৰিকা।—নলবাঁ চপাই পাপ,
বৰাগীক বধি। নিৰ্দ্দোষী পুৰুষ দেহি,
ফুৰে নাম গাই; নিচিন্তে অহিত কাৰো।
নলবাঁ সি নাম।
সঃ গোঃ।—নোৱাৰি বুজিব।
উচিত বিচাৰ তাৰ হব সময়ত।
বৰাগী যদ্যপি হয় অভিপ্ৰেত জন,
হাতত ৰইছে বন্দী; দিব লাগে ধৰি।

[ ২৪৫ ]

নিদিবাঁ হুৰিব আগে আড়ম্বৰ কৰি।
প্ৰকৃতে সিজন হব পাৰে গদাপাণি।
যোৱাঁ এবে ঘৰাঘৰি, ভাবিবাঁ গুপুতে।
কালিৰ সভাত হৰ যুগুত আলচ;
কৰা যাব যিবা হয়।

(সকলোৰে প্ৰস্থান)

——★★★——

পঞ্চম গৰ্ভাঙ্ক।

বৰাগীৰ বহা।

গদা৷—কিভাৱে যাপিছোঁ দিন,
কিবা হলোঁ আজি! ক’ত মোৰ ৰাজ্যচিন্তা,
ক’ত আজি বৰাগী জীৱন! নাই আজি
ৰাজ-সাজ অস্ত্ৰ-শস্ত্ৰ, বীৰৰ আহিলা।

সলনিত ধৰিছোঁহি বৰাগী টোকাৰি!
যি বাহু ধাৰণ মোৰ শত্ৰু দলনত,
—গদাঘাত নপৰিলে সুত্‌ নলাগয়-
সি বাহু বৰ্ত্তিছে আজি, অৱশ শিথিল,
ভিখাৰী জোলোঙা বই! যি হাতে সততে

[ ২৪৬ ]

ঘুৰাওঁ ভীমৰ গদা, মুঠিত লুকাওঁ
ভালুকাৰ গুৰি, সেই হাতে ধৰোঁ আজি

চেকনী এচাৰি।

(মৌন )


অহ, প্ৰাণেশ্বৰী,


প্ৰেমৰ পুতলী মোৰ প্ৰিয়া জয়মতী!
সংসাৰ বান্ধোন হেতু সোণৰ শিকলি,
গঢ়ি-পিটি বিধাতাই বান্ধিছিল মোক,
সংসাৰত এটি চিত্ৰ ৰাখিবৰ গুণে।-
অকালত ছিঙ্গি নিলে একে বিধাতাই,
মেলি বান্ধ অকালত দাম্পত্য প্ৰেমৰ,
সুদৃঢ় বান্ধোনে যেবে ছিলোঁ বান্ধ খাই।
চিন্ তাৰ মৰা নাই, আছে সাঁচ বান্ধি,
হৃদয়ৰ কেন্দ্ৰ ভেদি কক্ষৰেখা প্ৰায়।
আৰু হাঁয়, কিনো কম, প্ৰিয়া-গুণ-কথা!-
অদম্য বীৰৰ তেজে নচুৱাই মোক,
অকালে অপথে চলাব যেতিয়া ধৰে,
প্ৰশান্ত সাগৰসমা শান্তিময়ী প্ৰিয়া
আছিল সাৰথি মোৰ। আছিল সহায়
মন্ত্ৰণা দানত আৰু চিন্তিলে যিদিন
বধৰ উপায় মোৰ, লৰা-ৰজাদেৱে,
চিস্তাত বহিল প্ৰিয়া, উদ্ধাৰৰ হেতু।
কিন্তু হাঁয়-হিয়া মোৰ বিদৰে স্মৰিলে—
মন্ত্ৰণাত আত্মবলি ৰচিলে প্ৰিয়াই,
পতিপ্ৰাণ ৰক্ষাহেতু পতিপ্ৰাণা সতী।

[ ২৪৭ ]

বীৰতেজে বিচক্ষণ, সাধ্বী সতী জয়া,
হাঁহি হাঁহি স্বৰ্গযাত্ৰা কৰিলে মহান্‌,
তুচ্ছ কৰি পাপীৰ পীড়ন। কিন্তু, ধিক্‌!
প্ৰতিজ্ঞা পুৰণ মোৰ নহল অদ্যাপি,
নহল তৰ্পণ আজি পাপীৰ তেজেৰে
প্ৰিয়া-অপমান মোৰ! (মৌন )

অনাথ সন্তান দুটি


আছে কিবা ভাৱে! কোনে কৰে পতি আজি
বীৰগৰ্ব্ভা জননীৰ বীৰপুত্ৰ দুটি!
সিংহীৰ বিহনে এৰে সিংহৰ পোৱালি
অযত্নে মলিন জানো! অযোগ্য পুৰুষ,
নোৱাৰিলোঁ পতি হই, ৰাখিব জীৱনে
পত্নীৰ গৌৰৱ।—বীৰ প্ৰসৱিনী প্ৰিয়া,
পুত্ৰ হন্তে জিলিকিব সতীৰ মাহাত্ম্য,
অমৰ বাঞ্ছিত ফল, ৰব মৰতত।
বাঁচি থাকাঁ দুয়ে, জিলিকাবাঁ মাতৃনাম;
ৰাখিলোঁ যদ্যপি মই কুলত কলঙ্ক,
কাপুৰুষ হই।

(মৌন)


 দুৰ্ব্বল চিন্তাৰ এবে নাই প্ৰয়োজন।
নসহে পৰাণে আৰু কাপুৰুষ ৰীতি,
নোশোভে ই ছদ্মবেশ গদাপাণিলই।
নোৱাৰোঁ ৰাখিব ঢাকি, আত্মগোপনত,
বীৰকাজ, বীৰভাব, আকাঙ্ক্ষা বীৰৰ;
নাথাকে লুকাই আৰু সঙ্কল্প প্ৰাণৰ;

[ ২৪৮ ]

নোৱাৰোঁ ভুলিব মোৰ প্ৰকাশ্য প্ৰতিজ্ঞ,
নিৰাশাত উটি।—এৰিম বৰাগ বেশ;
তুৰন্তে পশিম গই ৰাজ-নগৰত।
নিপাতি যতেক শত্ৰু, ভীম আক্ৰমণে,
জিনিম ৰজাক মই; আৰু যতমানে
জিনি বীৰ সেনাপতি, দেখাম জগতে
আজি বাহুবল মোৰ। ( উত্তেজিত হৈ উঠে।)

(ৰম্ভাৱতীৰ প্ৰৱেশ)


ৰম্ভা।-(এফাঁকি গীত) “কি ৰূপ দেখিলোঁ আজি।
আজি বৰাগী-বহাত এ॥” (দোহাৰে)
গদা।—ক্ষমা কৰাঁ ৰম্ভা, আজি;
ৰাপ নাই শুনিবৰ মধুৰ সঙ্গীত।
ৰম্ভা।—ক্ষেমিবাঁ ই দায়।
নকৰোঁ অমনি দেৱ, বাজে যদি কাণে
কঠুৱা সুৰত মোৰ।
গদা।—নুবুজিলাঁ, ভাব হেৰা!
নুবুজিলাঁ, কিয়নো নালাগে ভাল আজি
সুমধুৰ সুৰ, তুমি হেন ৰূপহীৰ
ইখিনি পৰত!
ৰম্ভা।—ক্ষমা কৰাঁ অপৰাধ;
নহল গণিব ক্ষণ আহোঁতে ওলাই;
নহল দৈৱজ্ঞ দেখা।

[ ২৪৯ ]

গদা ৷- নেৰেপিবা আৰুঁ!
নুসুধি কাৰণ যিবা আতুৰ ভাবৰ,
কিয় পাতা ৰোষ তুমি?
ৰম্ভা-সুধিছোঁ কাৰণ।
কোৱাঁ বাৰু, কিয় আজি হইছাঁ উতলা?
চৰাৰ বিচাৰ কথা শুনিলা নে কিবা?
কিৰূপে সম্ভেদ্‌ পালোঁ?
গদা৷—চৰাৰ বিচাৰ।
নাজানো একোকে মই, নাপাওঁ সম্ভেদ্‌।
আজি মোক অন্য ভাবে কৰিছে উতলা।
পৰিছে মনত হেৰা, উজনিৰ কথা;
লাগিছে ধিক্কাৰ আৰু এই জীৱনত,-
অবাবত আছোঁ ধৰি প্ৰাণ। শত ধিক্‌
জীৱনত মোৰ! ধিক্ মোৰ বীৰ নাম,
ধিক্ মোৰ গুণগান, ধিক্ বাহুবল।
দেখিলোঁ চকুৰে নিজে প্ৰিয়া-অপমান;
গাজিছে সঘনে আহি ভগা হৃদয়ত,
অশেষ দুৰ্গতি জানো অনাথ সন্ধানে
লাগিছে ভুজিব দিনে! প্ৰাণৰ উদ্দেশ্য
পৰিছে মলিন আৰু, আত্ম-গোপনত।
নসহে পৰাণে আজি কাপুৰুষ সাজ,
নোৱাৰি ৰাখিব বান্ধি উত্ৰাৱল মন।
যাওঁ মই জিনোঁগই

[ ২৫০ ]

ৰম্ভা।— নহবাঁ উতলা।
নেভঙ্গিবাঁ আত্মবল, বীৰবাহু তুমি।
স্থিৰ হই যুক্তি কৰা পৰিছে সময়।
আহিছিলোঁ ময়ো, বিদায় মাগিম বুলি;⸺
এৰি এই বহা, যাব লাগে ৰাতিয়েই
স্থানান্তৰে তুমি। নতুবা, পুৱাতে আহি
পাবহি ৰণুৱা, নিবহি আটক কৰি;
ৰাজাজ্ঞা আহিছে কালি। —নাযাবাঁ উজাই,
যাব লাগে ভটীয়াই।
গদা।—নডৰোঁ ৰণুৱা মই॥
নিপাতিম অকলেই যতেক যুঁজাৰু,
দেখিবাঁ চকুৰে। নেদেখাঁ বৰাগী বেশ
আৰু ই দেহত।
ৰম্ভা।—স্থিৰ হই কৰা কাম।
নহলে নিশ্চয় উদ্দেশ্য বিফল তৱ।
সাজিছে বিস্তৰ সেনা, ৰাজ-আদেশত;
বাছি বাছি দেউতাই কৰিছে যুগুত।
শুনিলোঁ মন্ত্ৰণা যত নিজ কাণে আজি।
শুনা মোৰ কথা এবে, এৰাঁ আন ভাব;—
ৰজাৰ ৰণুৱা সাজি যোৱাঁহি ওলাই,
নেৰিবাঁ ইবেশ তুমি দৰং সীমাত।
তোমাকো এজন যাতে জানে সকলোৱে
ৰজা-সেনা বুলি। আনিছোঁ লগত, ধৰাঁ
এই সেনাসাজ।

(সাজ প্ৰদান )

[ ২৫১ ]

গদা।—শলাগোঁ তোমাক।
কিন্তু, ৰম্ভা? কিবা দিম যোগ্য পুৰস্কাৰ;
নাই মোৰ দিবলই!
ৰম্ভা।-আছে পাই।
সাধিম যেতিয়া হয়, এই ঋণ মোৰ।
ৰাখিব মনত মাথোঁ, কাৰ্য্যসিদ্ধি পাচে,
এটিবাৰ দাসীলই।
গদা।— নুভুলোঁ জীৱনে
তৱ উপকাৰ কথা। পাৰোঁ যেন হব
ঋণমুক্ত সময়ত।
ৰম্ভা।—অনতিপলমে
যোৱাঁ এবে, সদাহতে ভাটীমুখে;
যত্নৰ উচিত ৰত্ন মিলিব কালত।
গদা।—যাওঁ বাৰু, সদ্যহতে
গুৱাহাটীফালে, যুগুত ব্যৱস্থা হেতু!
—আহোঁ হে এতিয়া।

( প্ৰস্থান )


ৰম্ভা।— (গীত)
ভৈৰবী—কাওৱালী।
 পাৰোঁতে নো দিওঁ আহি আপুনি বিদায়।
 পুলিতে প্ৰেমৰ পুলি ঢাকনী গুচাই॥
নেভাবিবাঁ প্ৰিয়বন,  কন্দা নাই মোৰ মন,
 নিবিদৰে বুলি হিয়া, হিয়া হেৰুৱাই।

[ ২৫২ ]

বাঁচি থাকাঁ তুমি মোৰ,  নপৰে ই আশা ওৰ,
 সম্পদে লবহি লগ গুচিলে অপায়।
ভাল পাবাঁ বুলি হাঁয়,  ভালপোৱা দিয়া নাই,
  যোৱাঁ তুমি, ৰব মোৰ ছবিটি সহায়॥

(মৌন )


ৰম্ভা—যাওঁ হাঁয়, পৰোঁগই
অশান্তি পাটীত।

( প্ৰস্থান)

⸻⸻

ষষ্ঠ গৰ্ভাঙ্ক।

সলাল গোহাঞিৰ চৰা।

সঃ গোঃ।— সৰ্ব্বনাশ হাজৰিকা!
অবাবত আমাৰ মিলিল বিপদ।
পঠিওৱা সেনাদল আহিল উলটি,
নেপালে বহাত, নেপালে বিচাৰি কতো
ভণ্ড বৰাগীক। পালে সি সম্ভেদ্ কিবা;
পলাল ৰাতিয়ে, এৰি বৰাগী-টোকাৰি,
ভণ্ডামীৰ জোলোঙা সমল। ভুল নাই,
সিয়ে গদাপাণি। নিজ দোষে হেৰুৱালোঁ
ধৰা দিয়া দোষী। ই কথা প্ৰচাৰ হলে,

[ ২৫৩ ]

শুদাই আমাক এৰিব নে স্বৰ্গদেৱে,
নেভাঙ্গি বিষয়া?
হাজৰিকা।—মাত নাই ডাঙ্গৰীয়া!
নেকান্দো বিষয় লই, এৰে যদি প্ৰাণে।
জানি শুনি বন্দী এৰা, গুৰু অপৰাধ
এৰাম কিমতে? একেই অগনিপ্ৰায়
জ্বলি আছে ৰজা।
শইকীয়া।—আচৰিত কথা কিন্তু,
কিমতে সম্ভেদ্‌ বাৰু পালে বৰাগীয়ে?
সিদিনা গুপুতে মেল আমি চাৰি জনে
পাতিছিলোঁ নীৰলত; শুনা নাই আনে
বৰাগীৰ নাম লোৱা আমি। সৰ্ব্বজান
তেনেহলে বৰাগী ভকত?—কোৱা নাই
কেৱে যদি তাক।
বৰা।— আমাৰে কোনোবা জনে
কিবা জানি পাতিছিলাঁ কথা? শুনি তাকে
কোনো জনে কৰিলে প্ৰচাৰ? হব পাৰে;—
ভাবি চোৱাঁ তিনে।
সঃ গো।—ভাবিবৰ কাম নাই।
ভাবাঁ এবে কিনোমতে পাওঁ পৰিত্ৰাণ।
দূতৰ হাতত কি বুলি বাতৰি দিওঁ
স্বৰ্গদেৱলই?
বৰা।— নহয় শকত কথা।
দিযা হোক সমিধান, “নেপালোঁ বিচাৰি,

[ ২৫৪ ]

নেপাওঁ সন্ধান কতো এই অঞ্চলত,
নাই গদাপাণি।”
হাজৰিকা।—তথাপি নেৰাৰ দায়।
সেয়ে যদি সমিধান, লুকাবাঁ কিমতে
বৰাগীৰ কথা?
শইকীয়া।— স্বৰূপ ধৰিছাঁ তুমি।
ৰাজ্য জুৰি হুলস্থূল লাগি গৈছে আতি,
ঘৰে-পৰে বাটে-ঘাটে বৰাগীৰ কথা -
সূৰ্য্যৰ মুখত কোনে শোপা দিব পাৰে?
বতাহে বাতৰি নি যোগাব ৰজাক;
জনৰৱ তুলি।
সঃ গোঃ।— বাঢ়িব জঞ্জাল আৰু।
শইকীয়া।— বাঢ়িব নিশ্চয়।

( সকলোটি চিন্তাত )


হাজৰিকা।—পৰিছে মনত মোৰ
আৰু এটি কথা। শুনিছিলোঁ নিলগত,
ৰম্ভা আইদেৱে আমাৰ গৃহিণী সতে
পাতিছিল কথা; বৰাগী বাতৰি কিবা
জানেবা সিদ্বয়ে?
সঃ গোঃ।— কি জানিব হেৰা।
হাজৰিকা।—বৰাগীয়ে বীৰসাজে,
উজাই গইছেগই নগৰৰ মুখে।
সিংহাসন লক্ষ্য কৰি, উন্মাদৰ দৰে,
উলটিছে মহাৰঙ্গে ৰাতি। হব পাৰে

[ ২৫৫ ]

সেয়ে গদাপাণি। ভাবনাৰ তেনেহলে
নেদেখোঁ কাৰণ।
সঃ গোঃ-নেভাবি থাকিব পাৰি,
ঘূৰি গদাপাণি স্বৰূপ গইছে যদি
নগৰৰ মুখে।
হাজৰিকা।-আৰু এটা কথা কওঁ।
আমাৰ জনাব লাগে স্বৰ্গদেৱলই,
গদাই উজাই যোৱা, নগৰ ধিয়াই;
ভাটী ফালে সেনাদল নাই প্ৰয়োজন,
নগৰ ৰক্ষাৰ হেতু নিয়োক চপাই।
কিবা জানি গদাপাণি সসৈন্যে সোমাই
আক্ৰমিব সিংহাসন। আমাৰ সেনাই
এৰিছে সীমাত থই, থাকিব আগছি।
তুষ্ট হব স্বৰ্গদেৱ এনে মন্ত্ৰণাত,
নধৰিব দায়।
বৰা।— শলাগিছোঁ হাজৰিকা!
সঃ গোঃ।—নহলে উপায়
নাছিল আমাৰ আৰু!
এৰাঁ এবে আন কথা; বিহিত বিধানে
যাব লাগে নিবেদন দূতৰ হাতত;—
তিনে বহি যুক্তি কৰি, লিখিবাঁহি কালি।
উঠা হোক আজিলই, যোৱাঁ ঘৰাঘৰি।

(সকলোৰে প্ৰস্থান)

⸻⸻

[ ২৫৬ ]

সপ্তম গৰ্ভাঙ্ক।

ৰাজ-আলি।

১ম, হাটৰুৱা।-মাৰেও মাৰক, তাৰ পৰিণামে, ওঁ, কাটেও কাটক। সেই
বুলি ওৱাজিপ কথা, তাৰ পৰিণামে, নকৈ পাৰোঁ নে?
২য়, হাটুৰুৱা।— এৰা বেচ কৈছ। মাৰিব-কাটিবলৈ নো আৰু কি বাকী
থৈছে। একেঘাপে কাটি, মাৰি পেলালেও ভাল আকৌ!
১ম, হাঃ-সঁচা মোৰ ককাইটি! কটাতকৈ, তাৰ পৰিণামে, বেপাটো
হে টান। তাৰ পৰিণামে, নহয় জানো?
২য়, হাঃ-নকবি আৰু মোৰ কুটুম! আজিকালি আৰু ৰজা-মন্ত্ৰীৰ মনৰ
বান্ধ নাইকিয়া হল।
১ম, হাঃ —এই দৰে হলে, তাৰ পৰিণামে, দেশ উছন যাব লগা হল! উঃ
তাৰ পৰিণামে, এনে অইনাই!
২য়, হাঃ-নেদেখিছ, সিদিনাখনৰ কথা; কিমান অইনাই কামটো
কৰিলে। এনাজগৰত সেই দেবীযেন কুঁৱৰী আইদেউ গৰাকীক
লেলাত ভুঞ্জাই মাৰিলে বুপাই!
১ম, হাঃ– তাৰ পিচত নো, তাৰ পৰিণামে, ৰজাই কি সৰু পাপবোৰ
কৰিছে? গদা কোৱঁৰক, তাৰ পৰিণামে, বিচাৰি নেপাই,
তাৰ পৰিণামে, নিচলা প্ৰজাৰ ওপৰত খং সাৰিছে? উঃ,
বাচ্‌ বিচাৰ নাই, তাৰ পৰিণামে, ধৰ আৰু মাৰ! এনে অইনাই
কথা, তাৰ পৰিণামে, দেখা নাই বুপাঔ!
২য়, হাঃ-এৰা, নকবি আৰু বুপাই, ৰজাই মুঠে শাস্তিকেহে জানিছে।

[ ২৫৭ ]

১ম, হাঃ!—ইয়াৰ এটা উপায় নহলে, তাৰ পৰিণামে, দেশান্তৰী হে হব
লগা হল। কেনেকৈ, তাৰ পৰিণামে, পৰবতিৰি ইয়াত?
২য়, হাঃ— ইয়াৰ উপায় আৰু কোনে কৰিব! ইস্পৰে ৰইখা কৰিলে
হে কৰা। নহলে, নিগমে মৰিলোঁহঁক।
১ম, হাঃ— অঃ, তাৰ পৰিণামে, কিবা এটা নহব বুলিছ নে? ইয়াৰ বাতৰি,
তাৰ পৰিণামে, গুৱাহাটী পাইছেগৈ হেনো। বৰগোহাঞি
ডাঙ্গৰীয়াই বোলে, তাৰ পৰিণামে, সিফালে কিবা ফন্দী পাতিছে।
এতিয়া ভাটীৰপৰা, তাৰ পৰিণামে, বৰফুকন ডাঙ্গৰীয়াই বল
দিলেই হয়। নকবি কাৰো আগত, তাৰ পৰিণামে, এইবোৰ
কথা। কলে মৰিবি, তাৰ পৰিণামে, আপোনা-আপুনি।
২য়, হাঃ।—সিফালৰপৰা যদি কিবা এটা হয়, মই হলে পোনেই লগ
লাগিমগৈ; যি থাকে কপালত। এনেও মৰিম, তেনেও মৰিম!
১ম, হাঃ।—হেৰ, থ, থ। আমাৰ ফালে, তাৰ পৰিণামে, তেনে সাহ-পিতৰ
মানুহ নাই। দেখিলেহে লেখিবি, তাৰ পৰিণামে, বোলে সেই
গেন্ধেলাটোৱে কি কৈছিল।
২য়, হাঃ-এৰা সাহ হলেও পিত, নাই। গদা কোৱঁৰ নিচিনা মতা
থাকিলহেঁতেন যদি, তেহে। তেওঁৰ দৰে আৰু দুটামান হোৱা
হলেই হৈছিল।
১ম, হাঃ—বেচ কৈছ। সেইটো হলে, তাৰ পৰিণামে, মানোঁ। এনে জন
পুৰুষ, তাৰ পৰিণামে, নহব-নুপজিব বুপাই। গদা যি, তাৰ
পৰিণামে, গদা হে হয়। বৰহমপুত্ৰখন বোলে, তাৰ পৰিণামে,
সাঁতৰি পাৰ হল। শুনি বিস্ময়!
২য়, হাঃ।—সেই হে কওঁ' বোলোঁ গদা কোৱঁৰৰ দৰে এজন ওলালে পিচত
লৰি চাব পাৰোঁহঁক।

[ ২৫৮ ]

১ম, হাঃ।— হেৰ, তাৰ পৰিণামে, বলিয়া নহবিচোন। মুখ চম্ভালি,
তাৰ পৰিণামে, কথা কবিচোন। ইমানে, তাৰ পৰিণামে,
আটিছে। কেনেবাকৈ ইয়াৰ শুংহে পাব লাগিব, তাৰ পৰিণামে,
হালে-হালে সাঙ্গুৰিব বুলি নেজান হবলা?
২য়, হাঃ।—এ, সিজনীয়েও এইবোৰ উলিয়াবলৈ বধা কৰে পায়!
পিচে, ফটা মুখ, কি কৰিবি। (চমক্‌ খাই উঠি) ভাইটি ঐ,
এতিয়াহে মৰিলোঁ!

(এজন চোৰাংচোৱাৰ প্ৰৱেশ )


চোঃ চোঃ।—এই দুটাই ইয়াত কি কৰিছে? কি কথা পাতিছিলি
তহঁতে? ক, সঁচা কবি।
২য়, হাঃ।—ককাইটি হেৰেই? ইহে, ই হে। মই মুখ লৰোৱাই নাই।
ই হে যত্ফু‌টৰ ঘাই।
১ম হাঃ।—মই হলে, তাৰ পৰিণামে, আগৈতে কৈছিলোঁ, বোলোঁ, তাৰ
পৰিণামে, ৰজাক চৰ্চ্চিব নেপায়। ৰজাৰ হৈ, তাৰ পৰিণামে, বাৰ
ছালেও শুনে। এতিয়া, তাৰ পৰিণামে, পৰ্মাণ পালি?
চোঃ চোঃ।—ইহঁতে কয় কি! অ, বুজিলোঁ, তহঁতে ৰজাৰ বিপক্ষে
কিবা মন্ত্ৰণা কৰিছিলি?
১ম, হাঃ।—মই হলে, তাৰ পৰিণামে কওঁ বুলি একো কোৱা নাই দেও!
মই, তাৰ পৰিণামে, স্বৰ্গদেওৰ ফালেহে কৈছিলোঁ।
চোঃ চোঃ।—অ, বুজিলোঁ, ইহঁত ৰাজদ্ৰোহী। বল, তহঁতক ৰজাৰ
আগত দিবলৈ লাগে।
২য় হাঃ।— যাব লাগে যাওঁ। মই হলে একো কৰা নাই, দৌতাটি!
মুঠেই—

[ ২৫৯ ]

১ম, হাঃ।-সি হে, তাৰ পৰিণামে, যত্কূ‌টৰ ঘাই। ভাল মাৰিলি,
তাৰ পৰিণামে, বৰহমবধি! তই যে মৰিলিয়েই, তাৰ পৰিণামে,
মোকো মাৰিলি, তাৰ পৰিণামে, অধৰমী!
চোঃ চাঃ।- (১ম হাটৰুৱাক গতিয়াই-ভুকুৱাই) কটাবন্দী, কি কেপ্‌-
কেপাই থাক। যাবলৈ কৈছোঁ, বল। ইয়াতে ধাতু উৰাম চাবি!
১ম, হাঃ।—ইয়াতে মাৰি পেলালেও, তাৰ পৰিণামে, ভাল আছে ককাই!
জীয়াজুইত পৰি আৰু, তাৰ পৰিণামে, জীম বুলি ভাবিছোঁ নে!
২য়, হাঃ।—কপালত যি হব লগা আছে, হব। মই হলে আগ হৈছোঁ।
আহ, ককাই, আহ।
চোঃ চোঃ-(১ম, হাটৰুৱাক গতা মাৰি।) এইটোৱে নো ভেবা লাগি
কৰিছে কি? আগ, নাবাঢ় কিয়?
১ম, হাঃ।—যাওঁ যাওঁ, তাৰ পৰিণামে, ককাইটি হেৰেই, যাওঁ। তহঁতৰ
আলেখ-লেখ হে, তাৰ পৰিণামে, চাইছোঁ।
চোঃ চোঃ।-বাৰু, নেলাগে লোকৰ আলেখলেখ চাব। গতাত মূৰ নৌ
ছিঙ্গোতেই আগ বাঢ়।
২য়, হাটৰুৱা।-এৰা, ৰজাৰ হুকুম বুলিলে আৰু কব লাগিছে নে?
আহ, ভাইটি আহ, যি কৰে ঈম্পৰে!
চোঃ চোঃ—বল আজি, বাপেৰে, দুইকো পিঙ্গত দিয়ামগৈ। কটাহঁত!
ত্ৰিশূলৰ ওপৰত নাচিছিলি!

(সকলোৰে প্ৰস্থান)

⸻⸻

[ ২৬০ ]

অষ্টম গৰ্ভাঙ্ক।

ৰজাৰ চৰা।

বুঃ গোঃ।— নাই গদাপাণি!
হোৱা নাই এই পাৰ।
ৰজা।— সলাল গোহাঁয়ে
তেন্তে মিছা বাৰ্ত্তা দিলে? তাৰে কথামতে
অনালোঁ চপাই যত ৰাজসেনা দল,
ভাটীভাগ এৰুৱাই!
বুঃ গোঃ।-পৰিছে ভ্ৰমত।
নুবুজিলে সিজনাই ফাঁকতি গদাৰ।
আমিও নুগুণি আগ, অনালোঁ চপাই
ততালিকে সেনাদল। সেই সুযোগতে
ভটিয়ালে গদাপাণি!
ৰজা।—কি কৰাঁ এতিয়া?
বুঃ গোঃ।—লাগিব কৰিব এটা।
ৰজা।— হল চিন্তা ঘূৰি।
বুঃ গোঃ।—চিন্তাৰ নপৰে ওৰ।
তথাপি ভাবিছোঁ, ভয়ৰ কাৰণ নাই;—
ভাটীমুখে নিৰ্ব্বিবাদে নাই তাৰ গতি।
জনাম সকলো কথা বৰফুকনক,

[ ২৬১ ]

নোৱাৰে সাৰিব যাতে, কোনোপাৰে গদা,
গুৱাহাটী এৰি।
ৰজা।— কৰাঁ যিবা দেখা ভাল।
পাব লাগে বাৰ্ত্তা গই ফুকনৰ কাষ,
নহওঁতে গদাপাণি গুৱাহাটী পাৰ।
নতুবা, বিফল সকলো প্ৰয়াস তৱ,
বাঢ়িব বিপদ।
বুঃ গোঃ।—অনতিপলমে
স্থলপথে লৰুৱাম চেৱাৰী কটকী;
যাব আজি ৰাতিয়েই।
ৰজা।— অনতিপলম,
অনতিপলম, যোৱাঁ, যোৱাঁ এতিয়াই;
যোৱাঁ, শুভস্য শীঘ্ৰম্।
বুঃ গোঃ—আহোঁ স্বৰ্গদেৱ!
নহব চিন্তিত অত।

(প্ৰস্থান)


(বন্দীপালৰ প্ৰৱেশ)


বন্দীপাল। (আঁঠু লৈ) স্বৰ্গদেৱ!
অনা হল ৰাজদ্ৰোহী দল।
নিজানত বন্দী কৰি ৰাখিছোঁ সৱাক।
ৰজা।— কাৰো নাক, কাৰো কাণ,
কাৰো চকু, কাৰো ঘিলা কাঢ়িবি তুৰন্তে।
আজ্ঞা হল মোৰ।

[ ২৬২ ]

বন্দীপাল।—যিবা আজ্ঞা স্বৰ্গদেৱ!

(প্ৰস্থান)


ৰজা।- লাগিছে বিষম?
নেপাওঁ আশ্বাস কতো; ঘোৰ অবিশ্বাসে
ছাতিছেহি মন-প্ৰাণ! নুবুজোঁ আপুনি,
কিবা ভাবোঁ, কৰোঁ কিবা। শত্ৰু-মিত্ৰ জ্ঞান
নাই মোৰ হৃদয়ত আৰু; দেখোঁ এবে
সৱে শত্ৰু, সৱে মিত্ৰ। নোৱাৰোঁ চিনিব
প্ৰকৃত সুজন কোন্!

⸻⸻
অঙ্কপাত
⸻⸻

[ ২৬৩ ]

৩। অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

গুৱাহাটী—পোহাৰী-টোল।

লুকী গাৰোৱনীৰ পোহাৰ-ঘৰ।

লুকী।—অ, তুহ্‌ না বয়া পাইছুৱাঁ? এন্কে‌ মন বয়া কৰি থাকা কিয়া?
কিনো ভাব্ছু‌ৱাঁ?
গদা।—বেয়া নেপাবি। মই একো বেয়া পোৱা নাই। আন কিবা
কথাহে ভাবোঁ।
লুকী।—অ' কিহক লাগি নো ভাবাহ্‌? মুই তুহ্ নাক দুখ দিছুংনা কি?
হেঁইগিলাখান ভাল নাপাং দে।
গদা।—তই মোক কি দুখ দিবি, মই হে তোক দুখ দিছোঁ। কিমান
দিন নো এই দৰে বহি খাম তাকে গুণিছোঁ।
লুকী।—অঃ, মুক নো কি দুখ দিছুৱা হা? মুই কুনু দুখ নাপাং দে।
তুহ্ নাক মোৰ বৰ মৰম লাগে।
গদা।—এৰা, মৰম যে কৰ সেইটো বুজিছোঁ। কিন্তু, মোক সদাই
পুহিবলৈ নো তই কৰ পাবি?
লুকী।-অঃ, মুৰ নহলি, মাগি আনি খুৱাম দে। ডাঙ্গৰীনী গিলাখান
মূক বৰ মৰাম কৰে, ওঁ।

[ ২৬৪ ]

গদা।— (মনতে) শলাগোঁ আজলী তোক।
শলাগোঁ অশেষ, কোমল হিয়াৰ ভাব,
—অবলা ধৰম!
লুকী—আৰু কবাৰ নাই হব? ইছান তুহ্বনাক মাত্‌বা নোৰা
কৰলুং দে।
গদা-সঁচা, মাতিব নোৱাৰাত হে পৰিলোঁ। বাৰু, কচোন, তোক নো
কোন্ ডাঙ্গৰীয়ানীয়ে মৰম কৰে?
লুকী।—কিয়া, আমৰ ফুকান ডাঙ্গৰীনী মৰাম কৰে। মুকে হলি ভিতাৰ
লাগি যাবা দেয় নহয়; আৰু কেমান কথা হুদিবা ধৰে!
গদা।—বাৰু, কিনো সেধে? মোৰ কথা কেতিয়াবা ওলাইছিল নে?
ওলালে কিবা সোধে নে?
লুকী।—উঁ,উলাইছি দে, তুহ্ না কথাও উলাইছি। তুহ্ নাৰ চব গিলাখান
কথা মুই কৈছুং। অ, আক্‌ দিন তুহ্ নাক নিবা দিছি।
গদা।—তই পিচে কি কলি?
লুকী।—অ, মুই নিম বুলছুং?
গদা।—পিচে, তেওঁ কি কলে?
লুকী।—কালি-পৰ্হীতে নিবা দিছি।
গদা।—ডাঙ্গৰীয়াৰ ভিতৰলৈ মতা মানুহ যাব দিয়ে জানো?
লুকী।—মুনিহ মানুহ যাব নেদেয়। তুহ্ নাক লুকাই নিব দিছি।
গদা।— কেনেকৈ নো লুকাই ৰিবি?
লুকী।—বাৰু, তেন্ কি হলি, ফিৰ্ কা দিনতে হুদিবা লাগে।
গদা।— নহয়, কাইলৈকে যা।
লুকী।—বুজচ্ছোঁ দে, কালি হুদিবা যাবা লাগে? এই ছান মুই তুহ্ না
লাগি ভাত ৰান্ধিবা যাং। তুহনা ফকো নায্ বি দিয়া?

[ ২৬৫ ]

গদা-কলৈ নো যাম। ইয়াতে ইফাল-সিফালকৈ থাকিম। বাৰু,যা!

(লুকীৰ প্ৰস্থান)


গদা।—চেনেহৰ বাইদেও
আছে ওচৰতে। দেখোঁ যদি কিবা হয়।
দেখা পালে জানো, কৰিব ভ্ৰাতৃক দয়া
সঙ্কটৰ বেলা, পাৰোঁ যদি দেখা দিব
অতি গুপ্তভাৱে, ভিনীহিৰ অজ্ঞাতত।
নতুবা সিজনে নেৰিব নিৰ্ব্বিঘ্নে মোক
পাহৰি কৰ্ত্তব্য। সাধাৰণ লোক তেওঁ
নোহে জানোঁ মই;— ৰাজকাৰ্য্য সাধনত
সদা প্ৰাণপণ।

( প্ৰস্থান)

⸻⸻


দ্বিতীয় গৰ্ভাঙ্ক।

বৰফুকনৰ চৰা।

বঃ ফুঃ।— (অহ,) কতজনা স্বৰ্গদেৱ
গল পাৰ হই; এনে অত্যাচাৰ কথা
শুনা নাই আগে'। অলপতে কেইজনা
যোগ্য় স্বৰ্গদেৱ অবাবত কটা গল;
তথাপি নাছিল এনে প্ৰজা-হাহাকাৰ,
প্ৰজা পীড়নত কেঁৱে দিয়া নাই মন।

[ ২৬৬ ]

ইতিপূৰ্ব্বে কত যশৰাশি অসমৰ
গাইছিল সভ্যজাতি দেশ-বিদেশত।—
শাসনত অসমৰ নাছিল সমান,
যশস্যাত অসমৰ ভাৰতত নাম,
মানে-গুণে লভিছিল প্ৰথমত স্থান।
ইহেন অসম আজি যায় ৰসাতলে!
প্ৰজাৰ দুৰ্গতি শুনি ফাটি যায় হিয়া!
নিতকে নতুন, বিষম বাতৰি আৰু
শুনিম কিমান!
পা ফুঃ।—কিনো কম ডাঙ্গৰীয়া!
শুনা নাই আগে’ প্ৰজা দুৰ্গতি এনে;
নাছিল অশান্তি। বিপদ বাতৰি আৰু
বাঢ়িছে দিনকে;— উজনিত অশান্তিৰ
নাই পাৰাপাৰ!
বিষয়া।—নোদোষোঁ ৰজাক।
সৰ্ব্বদোষ ভাগী তেওঁ নহয় নিশ্চয়;
মন্ত্ৰীৰ মন্ত্ৰণা জানাঁ মূল কাৰণত।
অস্ত্ৰ মাথোঁ ৰজা আজি; কাটিছে অপৰে
যিৰূপে পাইছে চল।
বঃ ফুঃ।—ধ্ৰুবসত্য কথা।
তাতেহে বাজিছে ব্যথা হৃদয়ত মোৰ।
এক মন্ত্ৰী ৰাজ্যৰ ঈশ্বৰ! কেনে কথা!
ভাবি চোৱাঁ বাৰু।—তাতে ঘোৰ অত্যাচাৰ!
অন্যায় অধৰ্ম্ম একো নাই বিচাৰত,

[ ২৬৭ ]

পীড়িছে প্ৰজাক মাথোঁ! ইহেন উৎপাত
নোৱাৰি সহিব আৰু।
পাঃ ফুঃ।— নোৱৰি সহিব।
প্ৰজাৰ বলত ৰজা; প্ৰজা অবিহনে,
অৰ্থশূন্য ৰজা নাম। সেই প্ৰজা প্ৰতি
অসহন অত্যাচাৰ! আপোনাৰ গাত
আপুনি আঘাতি মৰে!
বঃ ফুঃ।— বিষম বিষাদ
লাগিছে প্ৰাণত হাঁয়, সিৰে সিৰে আজি
উতলি উঠিছে তেজ। নোৱাৰোঁ যদিহে
সাধিব প্ৰজাৰ হিত, সঙ্কটৰ বেলা,
কিয় আমি ৰাজকাৰ্য্য লইছোঁ হাতত?
—কিহৰ বিষয়া আমি!
বিষয়া।-ময়ো কওঁ তাকে।
নোৱাৰোঁ গুচাব যদি প্ৰজাৰ দুৰ্গতি,
অনৰ্থক এই বাব নেলাগে আমা;
নলওঁ বিষয়া নাম।
পাঃ ফুঃ— মিলিছে সবাৰো মত
উচিত কথাত। অৰাজক অত্যাচাৰ,
বাঢ়ে যদি দিনে, ৰাজকৰ্ম্মচাৰী হই
কিবা ফলোদয়!
বিষয়া।- চিন্তাঁ এবে সদুপায়,
কিৰূপে খণ্ডাব পাৰি এনুৱা অপায়।
নিষ্কলঙ্ক সিংহাসন ইন্দ্ৰ-বঙহৰ,

[ ২৬৮ ]

কিমতে উদ্ধাৰ হয় দুৰ্ণামৰপৰা,
চিন্তাঁ সকলোৱে।
বঃ ফুঃ-চিন্তৰিছোঁ বিস্তৰ হেৰা!
ইন্দ্ৰবংশী ৰাজকুল, আজি পৃথিবীত,
তয গল দুৰ্ণামত! লাগিছে তবধ
জানো, স্বৰ্গত দেৱতা, দেখি মৰতত
মানৱৰ অনুচিত কাজ; দেখি আৰু,
মহাসতী জয়মতী পীড়নৰ দশা!
শাপিছে দিনকে জানো, সতীকুলে হাঁয়,
ই ৰাজ্যৰ পতনৰ হেতু। নাই আজি
ৰাজলক্ষ্মী অসমৰ; ত্যেজিছে দেবীয়ে।
ত্যেজিল সতীয়ে যেই! বাজিছে হিয়াত
দেৱতা আদেশ বাণী,—নাই দোষ মোৰ।
কৰ্ত্তব্য পালন হেতু হলোঁ প্ৰতিশ্ৰুত,
নডৰাওঁ কাকো।

( দুৱৰীৰ প্ৰৱেশ)


দুৱৰী।—ৰাজদূত উপস্থিত
দেউতা-ঈশ্বৰ।
বঃ ফুঃ।—ক্ষন্তেক পলমে দেখা।
শুশ্ৰুষাৰে ৰখা হোক আলহী টোলত।

দূত।— ভাল, দেউতা-ঈশ্বৰ!

(প্ৰস্থান)


বিষয়া।— এৰোঁ আজিলই।
নাপায় সম্ভেদ যেন অহা-ৰাজদূতে

আজিৰ মন্ত্ৰণা কথা।

(সকলোৰে প্ৰস্থান )

[ ২৬৯ ]

তৃতীয় গৰ্ভাঙ্ক।

ফুকননীৰ বুলনী।

লুকী।— (প্ৰৱেশ) অ, আইচু দৌতা! মই লুকী আহিচুং। লাগ
পাম না?
ভিতৰৰপৰা।—ওঁ, লাগাল পাবি দে। আইচু-দেউতা অলাই যাবা লাগছি।
অ, তুহনাক কাঠীতি বহিবা দিছি।
লুকী। অ-অ, বহিচুং দে।    (বহে)

(ফুকননীৰ প্ৰৱেশ)


ফুকননী।—অ, লুকী আহিছ?
লুকী।- ওঁ, আহিচুং দিয়া। তুহনা আহিবা দিছি, আহিচুং।
ফুকননী।—ভাল কৰিলি। ক’তা, তই সিদিনা আনিম বোলা মানুহটো?
নাহিল দেখোন?
লুকী।— অ, আহিবা লাগি হেঁহ লাজ কৰ্ ছি। দেখা পালি দৌতা
বয়া বল্বা‌ বুলি।
ফুকননী।-নেদেখাকৈ আনিব নোৱাৰিলি?
লুকী।—উঃ, নেদেখা কৰি কেন্কে‌ আন্‌বা? অ, হেঁইটো বৰ ডাঙ্গাৰ
মুনিহ। লুকাবা নৰি।
ফুকননী।—হেৰ বেটী, তোতকৈ ডাঙ্গৰ বুলি ময়ো জানিছোঁ। তোৰ
গাৰ আৰত লুকাই আনিবলৈ কোৱা নাই।

[ ২৭০ ]

লুকী।- হাৱৈ, বৰডাঙ্গাৰ! হেনে মুনিহ ইবাগি দেখ্বা লাগি নাই!
বৰ চৰা, বৰ মোটা। তাই না হাত গিলা ভৰি গিলা বৰ
ডাঙ্গাৰ ডাঙ্গাৰ!
ফুকননী।-মানুহটো দেখিবলৈ কেনে?
লুকী।— অ, বৰ ৰূপাহ, দেখ্বা লাগি বৰ সুন্দাৰ। অ, গোটাই বেলি
হেন ৰাঙা। ৰাজাৰ কোঙাৰ হেন দেখি।
ফুকননী।—সি এতিয়া কি কৰে? কেনেকৈ থাকে?
লুকী।— ভাবি-ভাবিকিনে বহি থাকে। হৰাহ কথা নাকয়।
ফুকননী।-খায় কেনে?
লুকী।— উঃ! খাৱাত হলি কম্তি নাই। পাঁচটা মুনিহাক লাগি
ৰান্ধা ভাত আক্ লা খায়, বাপাঐ!
ফুকননী।— (মনে-মনে) বাকী নাই বুজিবৰ।
দুৰ্ভগীয়া ভ্ৰাতৃ মোৰ, বীৰ গদাপাণি
চাপিছেহি কায দেহি। গুপুত উদ্দেশ্যে
ছদ্মবেশ ধৰি, ভ্ৰমিছেহি বাছা মোৰ,
বিচাৰি উপায়!
লুকী।— অ, কিনো ভাবচ্ছুৱাঁ আইচু?
ফুকননী।—ভাবিছোঁ কি, কাইলৈ তাক মই লুকুৱাই অনাম। তহঁত
ঠিক হৈ থাকিবি। আৰু কাৰো আগত এইবোৰ কথা
নুলিয়াবি।
লুকী।— ওঃঁ, কিয়া ওলাম? তাৰ কথা নোলাবা লাগি হেঁই কৈ দিছি।
ফুকননী।—যা, মই তোক ভাল পাইছোঁ। মোৰ কথা মতে চলিলে
তোক আৰু ভাল পাম। জানিছ?

[ ২৭১ ]

লুকী।— অঃ, শপাথ খাম্ না আইচু? তুহনা কথা মুই কেহনি
হুনা নাই?
ফুকননী।— বাৰু, শপত খাব নেলাগে। মই তোক বিশ্বাস কৰিছোঁ। এই
বিশ্বাস ৰাখিলে পিচেকৈ তোৰ ডাঙ্গৰ লাভ হব, জানিবি।
লুকী।— অ, ৰাখিম দিয়া।
ফুকননী।— বাৰু, তই এতিয়া যা।

লুকী।— যাং দিয়া, আইচু!

(সেৱা কৰি প্ৰস্থান)


ফুকননী।-বাকী ৰল সুধিবৰ
কত কথা আৰু! ভ্ৰাতৃ-দূত গল গুচি।
আছে সি কিভাৱে, কিবা মিলে খাবলই?—
সৰুতে সুখত উঠা, ৰজাৰ কোঁৱৰ;
আহাৰত অতুলন বাছাধন মোৰ!
গাৰোৱনী আশ্ৰয়ত আছেহি লুকাই
কত কষ্টে জানো! ভাবিলে সি সৱ কথা,
বিদৰে হৃদয়! ঘৰৰ বাতৰি আৰু,
আৰু শোচনীয়া; নাই আজি পিতৃ-গৃহ,
নাই মাতৃ, নাই ভ্ৰাতৃ, নাই ভ্ৰাতৃ-বধু-
সাধ্বী সতী জয়া আৰু দুটি ভাতৃ-পুত্ৰ
জীৱন্তে অনাথ!-কিমতে উদ্ধাৰ হব,
কি দিম উপায়? পৰাধিনী নাৰী মই;
পুৰুষ আশ্ৰয় বিনে কিৰূপে বৰ্ত্তিম,
পৰজীবী লতা! তথাপি যত্নৰ ক্ৰটী
নকৰিম মই, নকৰোঁ পলম আৰু
ভিক্ষা মাগি ভ্ৰাতৃ প্ৰাণ স্বামী চৰণত

[ ২৭২ ]

ৰাখোঁ বংশধৰ। আৰু হাঁয়, হয় যদি,
ঈশ্বৰ ইচ্ছাত, মনোৰথ পূৰ্ণ তাৰ,
ইন্দ্ৰবংশী ৰাজকুল উধাব দুনাই;
শান্তিৰ বিস্তাৰ হব পিতৃৰ ৰাজ্যত।
নিস্তাৰিণী, নিস্তাৰাঁ মাও, কৰিছোঁ কাকুতি;
অবলাৰ সেৱা লই তুষ্ট হোৱাঁ দেবি!
—উদ্ধাৰাঁ অসম।

(মৌন )


যাওঁ, অনতিপলমে।
কৰোঁগই যুগুতি যি হয়, আজিয়েই
অনাম বাছাক।

(প্ৰস্থান)

চতুৰ্থ গৰ্ভাঙ্ক।


নীলাচলৰ নামনি।




{{Block center|<poem>১ম, বাটৰুৱা।—ঐ মোৰ বাপ্‌। এঁইমান ডাঙ্গাৰ মুনিহ মোৰ বাপজন্মত দেখা
নাই, বাপাঐ!
২য়, বাটৰুৱা।—হুই বাপ, হুই। অ’ গোটাই হাঠী হেন, মোৰ বাপ্‌ ঐ। গাছৰ
ডালগিলা মাৰমাৰকৈ ভাঙ্গিলাক গোটাই!

[ ২৭৩ ]

৩য়, বাটৰুৱা।—অ’ খোজগিলা নেদ্খিলি না? মোৰ হাত দি এক মুঠান
দীঘল! কোম্বা দেশ থাকি ইটো ভীম আহিলাক, বাপা!
১ম, বাঃ।—তুহনা নাজনা? সেঁইটো উজান থাকি আহিছি। লুকী ঘৰতে
ঢোকা বইছি।
২য়, বাঃ।— অঃ, সেঁইটো হবা নৰে। ইটো কোম্বা ডাঙ্গাৰ মানুহ। কিবা
ডাঙ্গাৰ কথা লাগি আহিছি হব?
৩য়, বাঃ।—অঁ হলি হবা পাৰে। তাঁহনা কথা গিলা ডাঙ্গাৰ ডাঙ্গাৰ। অ,
উজান দিকি ভিক্ষ্‌ লাগ্ছি‌ হব? সিবাগিৰ মানুহ গিলা অহঁই
লাগি ভাগ্ছি‌।
১ম বাঃ।—অ, সেঁইটো হবাৰ নয়। সঁহয় ৰাজাৰ দায় লাগ্ছি‌। মানুহ গিলা
ধৰছি,মাৰছি, কাটছি, এই গিলাখান কৰছি।
২য়, বাঃ।—হাৱৈ, তুহনা জান্ছা? আমাৰ ডাঙ্গৰীয়াক লাগি খবাৰ দিছি,
অহঁই হেনে কৰ্ বা লাগি। দুই-তিনটা মুনিহ লগ হবা নেদেয়।
তুহনা কাৱৈ লাগ নাল্ গিবি মোৰ বাপাঐ!
৩য়, বাঃ।—তেন্ কি হলি, ইখিনি পৰ্ তে কোম্বা আহবা লাগলি মৰ্লো দে।
১ম, বাঃ।—অ' কিয়া মৰ্ব্বি হা?
২য়, বাঃ।— কেঁইটা লগ হৈছি তুহ্ না নাচাহ কিয়া পুত্ খা? অ, আমি গিলা
তিনটা হৈছি, নেদখা না?
৩য়, বাঃ।—হাঁ মোৰ কাপাল! সেঁইটো কোম্বা অহঁই আহ্বা লাগ্ ছি!
কেইওটাই।— (নিলগলৈ বেঙামেলি চায়।)
২য়, বাঃ।—অ' হুই দে। হই মোৰ বাপা, মলু দে।
১ম, বাঃ।—অ' কাৱৈ নাথকিবি। পালা, পালা, বাপাঐ, পালা, নাথকিবি।
অ’ অহঁই দি হুৰকি আহ।

[ ২৭৪ ]

(পানীফুকনৰ প্ৰৱেশ )


পাঃ ফুঃ।—হে, তহঁতে কি কৰিছহঁত ইয়াত?
কেইওটাই।- (ভৰিত পৰি কাও-ৰাও কৰে)।
পাঃ ফুঃ।— কটাহঁত, তহঁতৰ হৈছে কি?
১ম,বাঃ।—অ, মোৰ সাতপুৰুষ-দৌতা, আমি আগৈতে নাজ্নো‌ দৌতা!
পাঃ ফুঃ।— কটা, কি নেজান?
২, বাঃ।—দৌতা, সেই গিলা কথা আমি কাৱৈ নাজ্ নো, মোৰ পিতা?
পা, ফুঃ।— হেৰ, কি কথা? ভাঙ্গি নকৱ কিয়?
৩য়, বাঃ।—সেঁই লগ হবা নেদেয় যে দৌতা!
পাঃ ফুঃ।— উপায় নাই! কি লগ হব নিদিয়াৰ কথা?
১ম, বাঃ।—দৌতা-ঈশ্বাৰ, মোৰ সাতপুৰুষ দৌতা, নাক্ টিবা দোতা! অহঁই
আমি গিলা তিনটা লগ হবা দেখিলাক, পিতা!
পাঃ ফুঃ।—বাৰু, লগ হলি। পিচে, কি হল?
৩য়, বাঃ-দৌতা, তিনটা লগ হলি কাটবাৰ হুকুম হৈছি বলে?
পাঃ ফুঃ।——এনে কথা তহঁতক কোনে কৈছে?
২য়, বাঃ— শুন্ছোঁ দৌতা, উজানত কাট্ বা লাগ্ছি। অকে লাগি মুনিহ
গিলা ভাগ্ছি‌।
পাঃ ফুঃ।—মিছা, মিছা। তহঁতে একো ভয় নকৰিবি।
১ম, বাঃ—ভাল দৌতা-ঈশ্বৰ? উঃ জীউ দিলাক আহি পিতা!
পাঃ ফুঃ-বাৰু, ভয় নকৰিবি; তহঁত যাগৈ। আৰু এই দৰে লগ হলে কোনো
জগৰ নাই। তহঁতে আনকো কৈ দিবিহঁক।
২য়, বাঃ।—ভাল দৌতা। জীউ দিলাক বাপাঐ। বাধা দিছি, যাওঁ চ'লা,
বাপাগিলা, যাওঁ চ'লা।

(বাটৰুৱাহঁতৰ প্ৰস্থান)

[ ২৭৫ ]

পাঃ ফুঃ।—অৰাজকপুৰ্ণ দেশ।
ৰাজ্য জুৰি বিয়পিছে অশান্তিৰ ঢউ।
নগৰৰ পৰা যিবা আহিছে বাতৰি,
ধুৰুপ ঘটনা। স্বৰূপ লিখিছে আৰু
বৃদ্ধ মন্ত্ৰীবৰে;— এজনৰ মন্ত্ৰণাত
ছাৰখাৰ দেশ! ৰসাতলে যায়-যায়!
—কি হব উপায়!

(প্ৰস্থান)

পঞ্চম গৰ্ভাঙ্ক।

বৰফুকনৰ বৰঘৰ।

বঃ ফুঃ।— (মজিয়াত বহি ৰোৱা খোজ এটালৈ চাই )
কাৰ খোজ ইটো?
কোন্ তেওঁ পুৰুষ প্ৰধান, খোজ যাৰ
বহি যায় মাজমজিয়াত। মহাবীৰ
জানিছোঁ নিশ্চয় তেওঁ; নতু এনে খোজ
যাৰে-তাৰে নহয় সম্ভৱ। যেয়ে হোক;
কাৰ এনে সাহ, সোমায় ভিতৰ মোৰ!
গুপ্তভাৱে আহে-যায়।
ফুকননী।—ক্ষমা কৰাঁ প্ৰাণনাথ।
দিয়াঁ ভিক্ষা এটি প্ৰাণ, অধিনীক আজি।
—ৰাখাঁ মোৰ প্ৰাণ।

[ ২৭৬ ]

বঃ ফুঃ।— ইকি আচৰিত!
কিয় হল এনে মতি তৱ? জানো মই,
তোমাহেন স্থিৰমতী অতুল জগতে;
পতিভক্তি, পতিপ্ৰাণ, পতিমাত্ৰ ধ্যান,
তোমাৰ বিশেষ গুণ। কিয় দেখোঁ আজি,
এনে বিপৰীত মতি।
ফুকননী।-চঞ্চলা চপলা যেন
নেভাবিবাঁ প্ৰাণনাথ! সুগভীৰ তলি
মোৰ পতি-ভকতিৰ মনি পায় কোনে।
ভেটা দি বুৰাই পাৰ লক্ষ্যভ্ৰষ্ট কৰে,
সাধ্য এনে কাৰ?
বঃ ফুঃ।—নুবুজোঁ কথাৰ ধাৰ।
বুজিবৰ চল মোৰ নাই এই বেলা।—
কোন্ সিটো, দিয়ে আহি মজিয়াত ভৰি,
কব লাগে মোক। নসহে পলম আৰু,
নসহোঁ কিঞ্চিৎ।
ফুকননী।— নহবা অধীৰ নাথ!
নেভাবিবা আন ভাব, বাতুলৰ দৰে।
আপোনাৰ পৰিচয় কিয় কৰাঁ হীন
প্ৰকাশি দুৰ্ব্বল ভাব,—নীচ অবিশ্বাস
বিশ্বাসী জনত!
বঃ ফুঃ।— ভাব নাই নীচতাৰ।
উগুল-থুগুল ভাবে বাঢ়ে কৌতুহল।
নসহে পলম। অনতিপলমে কোৱা,
কোন্ সিটো জন?

[ ২৭৭ ]

ফুকননী।-নকৈ নেথাকোঁ নাথ।
প্ৰতিশ্ৰুত হোৱাঁ আগে, প্ৰাণ দিবলই;
—দিম পৰিচয়।
বঃ ফুঃ।- নকৰো প্ৰতিজ্ঞা আগে।
নবধোঁ নিৰ্দ্দোষী কিন্তু, জানিবাঁ নিশ্চয়,
অন্য় উদ্দ্য়েশ্য়ত।
ফুকননী।-শুনা তেন্তে প্ৰাণনাথ।
দিয়াঁ প্ৰাণদান মোক, ৰাখি ভ্ৰাতৃপ্ৰাণ;—
গদাপাণি আছে আহি, আজি দিন চাৰি।
গুপুতে বইছে বাছা, ৰজাৰ ডঁৰিত;
ৰাখাঁ তাৰ প্ৰাণ।
বঃ ফুঃ।— ইকি! গদাপাণি!
কিয় তুমি ৰাখিছাঁ লুকাই! প্ৰাণ স’তে
প্ৰাণৰ সোদৰসম স্নেহোঁ যাক মই,
মোৰ হন্তে ভয় তাৰ?
ফুকননী।— জানোঁ নাথ, তৱ ভাব।
তথাপিতো, ৰাজকীয় কৰ্ত্ত্যবত লাগি
জানো কিবা কৰাঁ! ৰাজাজ্ঞাৰ কথা নিজে
শুনালাঁ সিদিনা।
বঃ ফুঃ।- নকৰিবাঁ ভয়।
ৰাজাজ্ঞাৰ প্ৰতিকুলে চলিছোঁ এতিয়া;
প্ৰজাৰ উদ্ধাৰ হেতু কৰিছোঁ যুগুতি,—
লৰা-ৰজা ভাঙ্গি ৰজা পাতোঁ অন্য জন।
শুভক্ষণে পালোঁ বাৰ্ত্তা গদা কোৱঁৰৰ।

[ ২৭৮ ]

আনা মাতি, চাওঁ মই বাছাক এবাৰ,
দেখা নাই বহুকাল।
ফুকননী—দেখিবাঁ এতিয়া;
আনোঁ মাতি প্ৰাণেশ্বৰ!

(ফুকননীৰ প্ৰস্থান)


বঃ ফুঃ।— অতি শুভক্ষণ।
গদাপাণি কোৱঁৰক পালোঁ সময়ত।
নকৰোঁ পলম আৰু। সভাসদে মিলি
কৰিম যুগুতি আজি।    (চিন্তাযুত)
( গদাপাণিৰে সৈতে ফুকননীৰ পুনঃ প্ৰৱেশ )
বঃ ফুঃ!— (আগবাঢ়ি গৈ গদাক সাবটি ধৰি) গদাপাণি!
গদা।—(উলটি সাবটি ধৰে) ভিনীহিদেৱ!
বঃ ফুঃ।—আছাঁহি লুকাই তুমি,
কিবা কাৰণত?-নালাগে লুকাব আৰু
নাই মোত ভয়।
গদা।—প্ৰাণৰ ভয়ত জানাঁ,
লোৱা নাই গুপ্তবাস; দিওঁ যদি ধৰা,
নহব উদ্দেশ্য সিদ্ধি, নহব উদ্ধাৰ
অৰাজক পিতৃৰাজ্য অত্যাচাৰপৰা;
ইমানেই ভয়।
বঃ ফুঃ।— নাই আৰু সেই ভয়।
কৰিছোঁ যুগুতি পায় যাতো পৰিত্ৰাণ
নিমাখিত প্ৰজা। দিছাঁ আহি যোগদান
যথা সময়ত। যোৱাঁ, এবে ধৰাঁগই

[ ২৭৯ ]

ৰাজকীয় বেশ। যাওঁ মই দিওঁগই
সভাসদগণে, অতি শুভবাৰ্ত্তা এই।
ঘূৰিম সত্বৰে।

(প্ৰস্থান)


ফুকননী।—আহাঁ, মোৰ বাছাধন!
ধৰা আহি যোগ্য পৰিচ্ছদ; চাই ৰূপ
জুৰাওঁ পৰাণ!

(ফুকননী আৰু গদাপণিৰ প্ৰস্থান)

⸻⸻

ষষ্ঠ গৰ্ভাঙ্ক।

বৰফুকনৰ চৰা।

পা ফুঃ।— শান্তি নাই। শান্তি নাই!!
ৰাজ্য জুৰি বিয়াপিছে, অশান্তিৰ ধল।
শান্তি নাই উজনীত, নাই শান্তি লেশ
দৰঙ্গী প্ৰজাৰ প্ৰাণে; শান্তিভঙ্গ আজি
কামৰূপী প্ৰজা সমূহৰ। চউপাশে
আতঙ্কে আতুৰ হাঁয়, শান্ত প্ৰজাকুল,
—শঙ্কা প্ৰতি পদে।
মজিন্দাৰ-বৰুৱা।-নকবাঁ ফুকনদেৱ!
শুনিছোঁ বিস্তৰ ৰাজ-অত্যাচাৰ কথা-

[ ২৮০ ]

শুনিব লাগিছোঁ দিনে।— কি হব উপায়!
কিমতে উদ্ধাৰ হয়, প্ৰজাবৰ্গ আজি,
ভাবি পোৱা নাই। নাই অন্ত ভাবনাৰ
নকৰে যদিহে যুগুত মন্ত্ৰণা সৱে,
ইফালৰ পৰা।
পাঃ ফুঃ- স্বৰূপ কইছাঁ তুমি।
কোৱা তেন্তে যুগুত উপায় কিবাৰূপে
কৰা ভাল কাৰ্য্য আৰম্ভণ। আছে যদি
লোৱাঁ নাম যোগ্য কোৱঁৰৰ;যোগ্য কোন্
ৰাজপাটলই?
ঘোঁৰা-বৰুৱা।— দেখিছোঁ বিষম!
নেদেখোঁ নিঘুণী জন ৰাজপাটলই
আছিল যতেকমানে সুযোগ্য কোৱঁৰ,
অঙ্গক্ষত কৰি আশা কৰিলে বিনাশ,
ভাগিলে কোনো বা জন দেশ-দেশান্তৰে;—
চিন্ নাই পাবলই। তাতে হে চিন্তিত।
ভাবিলোঁ বিস্তৰ আমি, ডাঙ্গৰীয়া সতে
নাপালোঁ বিচাৰি ভাবি, যোগ্য কোন জন।
বংশই নিদিয়ে কাম; লাগে বাহুবলী,
ওখমনা, বীৰতেজী, সুযোগ্য কোৱঁৰ,
ইহেন সময়।
পাঃ ফুঃ।— মানিছোঁ তোমাৰ কথা।
মনিবা তুমিও,—“যথা ইচ্ছা তথা বাট”
—স্বভাবৰ গতি।

[ ২৮১ ]

(বৰফুকনৰ প্ৰৱেশ )


ঘোঁৰা বৰুৱা।-আহাঁ ডাঙ্গৰীয়া!
আছোঁ আমি অপেক্ষাত; লোৱাঁহি আসন,
লোৱাঁহি চিন্তাৰ ভাগ। কিন্তু, দেখোঁ, যেন
প্ৰফুল্ল মুখানি আজি;-কি কাৰণত?
পাহৰিছাঁ ডাঙ্গৰীয়া ৰাজবীয় দায়?
ৰাজ্যৰ অশান্তি আৰু কোৱঁৰ সন্ধান
পাহৰিছাঁ কিবা ভাবি?
বঃ ফুঃ।— কিবা কোৱাঁ তুমি।
পাহৰিম ৰাজকাজ? কওঁ শুনা আজি
আনন্দ কিহত মোৰ। লভিছোঁ সন্তোষ
ৰাজকীয় কথা লই; বিৰিঙ্গিছে আশা,
হব বুলি আমাৰ উদ্দেশ্য সফল,
ঈশ্বৰ কৃপাত আজি।
ঘোঁৰা-বৰুৱা।—কিবা ডাঙ্গৰীয়া?
বঃ ফুঃ।— মিলিছে কোৱঁৰ এটি।
পাঃ ফুঃ।— যোগ্য ৰাজপাটলই?
বঃ ফুঃ।— সুযোগ্য কোৱঁৰ।
শুনিছা সবাৱে জানো গদাপাণি নাম,
বাহুবল কোৱঁৰৰ?
পাঃ ফুঃ-জানোঁ গদাপাণি।
জানোঁ আৰু বিক্ৰম গদাৰ। নাই বীৰ
সমনীয়া দ্বিতীয় এজন। কিন্তু জানোঁ,
নিৰুদ্দেশ এবে তেওঁ।

[ ২৮২ ]

বঃ ফুঃ।— পাইছোঁ উদ্দেশ।
মিলিছে হাততে আহি, ঈশ্বৰ-ইচ্ছায়;
—আছেহি আলহী হই।
ঘোঁৰা-বৰুৱা।—শুভবাৰ্ত্তা অতি।
“শুভস্য শীঘ্ৰম্” জানি, কাজে হাত দিয়া
উচিত এতিয়া দেখোঁ।
পাঃ ফুঃ।— নিশ্চয়, নিশ্চয়।
পলমে বিঘিনি মাতে; নাৰাখিবাঁ ৰাখি
শুভকৰ্ম্ম পাচলই।
বঃ ফু।— সুখী হলোঁ শুনি।
সবৰো মিলিছে মত। অনতিপলমে
যাওঁ সৱে কৰোঁগই যুগুত উপায়;
ভাগে ভাগে শুভ কাম। সেনাদল আৰু
যাত্ৰাৰ আহিলা-পাতি হব লাগে স্থিৰ।
অতি শীঘ্ৰে দিব লাগে, সেনাধ্যক্ষ পাতি
গদাপাণি কোৱঁৰক। সেনানী সজাই
কৰোক যুগুতি ভাল; সসৈন্যে উজাই
যাব লাগে পানী-পথে। কিন্তু, আগে তাৰ,
যাব লাগে আগ-বাৰ্ত্তা ‘বৰ’ মন্ত্ৰীলই;—
ৰক্তপাত নোহে যাতো পাৰিতপক্ষত,
প্ৰজাবল ক্ষয় যাতো নহয় কাচিত,
প্ৰজা-হিত-সাধনত।   (সকলোৰে প্ৰস্থান।)

অঙ্কপাত।

[ ২৮৩ ]


৪। অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

গুৱাহাটী,খাৰগুলি কোঁঠ।

পানীফুকন।—শুনাঁ সৈন্যগণ, ভাবীৰজা গদাবীৰে
স্বয়ং লবহি আজি সৈন্যাধ্যক্ষ বাব।
বজোৱাঁ মঙ্গলবাদ্য, বোলাঁ উচ্চস্বৰে;-
বোলাঁ একেস্বৰে, —জয় গদাপাণি জয়।
সৈন্যগণ।— জয় গদাপাণি জয়।
পাঃ ফুঃ।— বোলাঁ আৰু বাৰ,—
সৈন্যগণ।—জয় ভাবীৰাজ জয়।

(গদাপাণিৰ প্ৰৱেশ)


পাঃ ফুঃ।—পশিছোঁ শৰণ
নতশিৰে সকলোৱে; মানিছোঁ অধ্যক্ষ
আমি বীৰ গদাপাণি।
সৈন্যগণ।— গদাপাণি জয়।

[ ২৮৪ ]

গদা।—নাচিছে হৃদয়,
নাচে মোৰ তেজপুঞ্জ প্ৰতি সিৰে বই,
অতনা সাহসী জন দেখি ৰণবেশে।
যাৰ বাহুবলে দৰ্পচূৰ্ণ মোগলৰ
ত্ৰয়োদশ বাৰ,—বখানিলে শত্ৰুপক্ষে
তেজ অসমৰ; —যাৰ বল-বীৰ্য্য-কথা
ৰাষ্ট্ৰ ভাৰতত; ইন্দ্ৰবংশী ৰাজকুল।
অসম প্ৰতাপে আজি অগ্ৰগণ্য কৰি
ৰাখিছে যি ধৰি; সেই বীৰ সেনাদলে
মানিছে অধ্যক্ষ মোক নিজে তুষ্ট হই,
উচ্চাৰিছে জয়ধ্বনি মোৰ নাম লই।
ইহেন গৌৰৱ-আশা, লভি ভাগ্যবলে,
ৰণমদে মাতি উঠে দেহ-মন মোৰ,
—উলাহ নধৰে প্ৰাণে!
পঃ ফুঃ।—চোৱাঁ সৈন্যগণ!
কেনে বীৰ সেনাধ্যক্ষ মিলিছে আমাৰ,
কিযে ভাগ্যে পালোঁ আজি নেতা গদাপাণি!
যাৰ বাহুবল-কথা ৰাষ্ট্ৰ চৰাচৰে,
যাৰ নামে পায় বল বিমুখ সেনানী,
সেই গদা নিজে নেতা!— কি ভয় আমাৰ—
পৃথিবী জিনিব পাৰোঁ।
সৈন্যগণ।—জয় গদাপাণি জয়।
পাঃ ফুঃ।—বোলাঁ ঘুৰিবাৰ।
সৈন্যগণ।— জয় ভাবীৰাজ জয়।

[ ২৮৫ ]

গদা।— বাঢ়িছে উলাহ,
বাঢ়ে যেন বাৰিষাৰ বেগৱতী নই!
পৰিছে মনত আজি তাহানিৰ কথা,—
তাহানি এপক্ষে হই আখৰাস্থলত
ধেমালিতে ৰণজয় কৰা। হৃদয়ৰ
আৰু এটি গুপুত বাসনা অন্তৰত
উঠিছে উথলি,—কতকাল মনে মনে
পালিছিলোঁ আশা, ৰণত বীৰেন্দ্ৰ নাম
লভিম এদিন বুলি; শত্ৰু দলনত
বাহুবলে সাৰ্থকতা লভিবৰ গুণে,
কত ভাব পালিছিলোঁ এই হৃদয়ত,
কত ভাব উঠিছিল বিৰিঙ্গি এদিন;
তেজেৰে বোৱাই নই চকুৰ তৃপিতি
লভিম এদিন বুলি বান্ধিছিলোঁ যিবা
কঁকালত তৰোৱাল মোৰ! আজি সেই
বাসনাৰ, পূৰ্ণ দিন চাপিছে ওচৰ,
চাপিছে বাঞ্ছিত ফল সেই সাধনাৰ,
মুগ্ধকাৰী স্নিগ্ধপ্ৰভা অমিয়া সুখৰ,
বিয়াপিছে হৃদয়ত পৰাণ জুৰাই,
আগন্তুক সৰ্ব্বসিদ্ধি, বিধিৰ বিধানে,
চাপিছে ওচৰ দেখি।-অপাৰ আনন্দ
হিয়াত নধৰে মোৰ!
সৈন্যগণ।—জয় গদাপাণি জয়।
পাঃ ফুঃ।—বোলাঁ ঘুৰিবাৰ।

[ ২৮৬ ]

সৈন্যগণ।—জয় ভাবীৰাজ জয়।
গদা।— মুহৰ্ম্মূহু জয়ধ্বনি
উচ্চাৰিছে যত, উথলি উঠিছে তত
দেহ-মন-প্ৰাণ প্ৰতিপলে প্ৰতিপদে
ৰণ উদ্দেশ্যত! বজোৱাঁ বজোৱাঁ ঘনে,
বজোৱাঁ ৰণৰ চেও, বজোৱাঁ তালত,
তালে তালে নাচি উঠি, বীৰ খোজে আমি,
উলাহত আগ বাঢ়োঁ ৰণ অভিমুখে!
চেৱে চেৱে ধৰোঁ খোজ, গণি প্ৰতিপদ,
প্ৰতিপদে শুভক্ষণ মানি;— আমাসাৰ
বাহুবল দেখোক জগতে; স্বৰ্গহন্তে
দেখে যেন দেৱগণে। উঠিছে হুঙ্কাৰ
অন্তস্থল এৰি মোৰ, দেখি সমুখত
সিংহৰ চিকাৰ,—মোহাৰি হৰিণাদল
একে আক্ৰমণে,—দিম পৰিচয় আজি
যি হেতু গদাৰ বাহু দুৰ্জ্জয় ৰণত।
বাঢ়োঁ আগ, ধৰাঁ পাচ, হেৰা বীৰগণ!
পদে পদে চমু কৰোঁ পৰীক্ষাৰ স্থল,
ৰণত বিজয়ী নাম লভিবৰ গুণে।
ৰাতি-দিন একে সাজ, একে অভিপ্ৰায়,
সকলো একেটা আজি এক লক্ষ্য ধৰি;
-‘জিনিম শত্ৰুক, কিম্বা পৰিম ৰণত’-
বীৰশয্যা আছে পতা যশোন্তম্ভোপৰি,
চিৰশান্তি চিৰকীৰ্ত্তি লভিবৰ গুণে!

[ ২৮৭ ]

সমুখীন সংগ্ৰামত উঠন পতন,
উভয়তে সমভাগ্য;—ভাগ্যধৰ আমি
আজি সকলেটি,—জিনিম জগত আহাঁ,
আহাঁ আগ বাঢ়ি।
সৈন্যদল।—জয় গদাপাণি জয়।  ( উত্তেজিত হৈ প্ৰস্থান)

⸻⸻

দ্বিতীয় গৰ্ভাঙ্ক।

ৰজাৰ চৰা।

বুঃ গোঃ।— আন ধৰি আছে কোন্‌
বিচাৰত আজি। ৰাজদ্ৰোহী অপৰাধী
হব লাগে থিয়।
কটো।— ভাল, দেউতা-ঈশ্বৰ।   (প্ৰস্থান)
ৰজা।— নাবাছিবাঁ কাকো।
সৰু-বৰ, জ্ঞানী-মূৰ্খ, মুনিহ-তিৰোতা,
বাৰে দেখাঁ শত্ৰুভাব সিংহাসনলই,
তুৰন্তে বধিবাঁ তাক, নতু শাস্তি দিবাঁ।
—নুভুলিবাঁ কাকুতিত।
বুঃ গোঃ।— নুভুলোঁ কাচিত।
নালাগে বুজাব মোক। দেখি আছাঁ নিতে
এৰিছোঁ নে কোনো জন, কিবা কাৰণত।

[ ২৮৮ ]

এফেৰি যদ্যপি পাওঁ ছিদ্ৰ কাৰো গাত?
—কঠিন বিচাৰ মোৰ।
মৰাণ-বৰুৱা।— সঁচা, ডাঙ্গৰীয়া!
এৰা নাই কোনোজন, কৰা নাই ত্ৰুটী
লঘু পাপে গুৰু দণ্ড দিবলই তুমি।
মমতা, নৰম ভাব, কৰ্ক্কশীয়া কৰি,
কৰিছাঁ কঠিন হিয়া, দিনে দৃঢ়তৰ,
শিলেৰে বান্ধিছাঁ বুকু।
ৰজা।— তাতো যে নপৰে ওৰ
ৰাজদ্ৰোহী লেখ! ঘৰে-পৰে, বাটে-ঘাটে,
দুজন লাগিলে লগ, আলচে অহিত!
কাহানি পৰিব অন্ত দুৰন্তৰ দল,
ভাবি অন্ত নাই!
মঃ বৰুৱা।— লাগিছে নে কব আৰু!
গছ-লতা লগ লাগি পাতে যেন কথা,
ৰাজদ্ৰোহী ভাৱে। চৰায়ে কিৰিলি মাৰি,
পাতি যায় উৰি উৰি, তললই চাই,
ৰাজদ্ৰোহীকথা!
(এজনী অপৰাধিনীক লৈ কটোৱালৰ প্ৰৱেশ )
কটো।— স্বৰ্গদেৱ! নিবেদন;—
গুৰুতৰ অপৰাধ এই তিৰোতাৰ।
টিপতে বুলাই হাত, ভেলেকী বাণেৰে,
মাতি থকা নেওঠনী চলালে নিমাতে,
চাপিলোঁ ওচৰ যেই। মতৰী তিৰোতা!

[ ২৮৯ ]

কেতিয়া যে কৰে কি, কিবা ঠিক তাৰ,
এনে দুৰ্দ্দিনত।
বুঃ গোঃ—স্বৰূপ ধৰিছে কথা।
কোনে পায় তিৰোতাৰ আশ! আৰু জানাঁ,
তিৰোতাই বিবাদৰ যতেক কাৰণ।—
জয়মতী কাল হল, এই অশান্তিৰ;
—বুজিবাঁ প্ৰমাণ।
ৰজা।— নাক-কাণ কাটি শাস্তি
দিবা যথোচিত। ক্ষমা নাই, ক্ষমা নাই,
জানিবা নিশ্চয়।
অপৰাধিনী।— সৰ্কদেও ইস্পৰ! বেটীয়ে—
কটো।- নবজাবি মুখ।
ৰজা।— শুনোঁ বাৰু কিবা কয়।
কটো।— ক, কি কব খোজ।
অপৰাধিনী।—সৰ্কদেও ইস্পৰ! বেটীয়ে ভালকে কব গোনাইছিলোঁ।
বোলোঁ, বেটীৰ বৰ ভাইগ; নাক-কাণ কাটিয়ে এৰিবলৈ
হল। কথাতে কয় বলে, “কাটে যদি নাক-কাণ খাম
আলে-জালে, কটা গলে চুলিটাৰ পাম কোন্ কালে”!
ৰজা।— এৰি তেন্তে নাক-কাণ,
ধৰিবি চুলিত।
কটো।- যিবা আজ্ঞা স্বৰ্গদেৱ!

(অপৰাধিনীক লৈ কটোৱালৰ প্ৰস্থান)


ৰজা।— লগা নাই ভাল একো!

[ ২৯০ ]

বুঃ গোঃ।—আছে দোষী আৰু।
আনিছে এজাক ধৰি ৰাতি দুপৰত,
গুপ্তভাৱে মেল পাতি থাকোঁতে ঘৰত।
পাতিছিল কিবা জানি ৰাজদ্ৰোহ কথা;
নহলে, নীৰলে বহি কুটুম্বৰ দলে,
কৰিব মন্ত্ৰণা কিবা?
ৰজা।—আমাৰে অহিত,
আলচিলে কিবা জানো? বিহিবাঁ এতেকে
গুৰু দণ্ড সবাৱকে।
বু গোঃ।— চাপি আহ, চাওদাং।
চাওদাং।-(প্ৰৱেশ) চাপিছোঁ ওচৰ।
বুঃ গোঃ।—কাৰি লই চকু, ঘিলা,
জাৰিণীত দিবি মেলি;-মৰোক বাগৰি
ৰাজদ্ৰোহী দল।
চাওদাং।— ভাল, দেউতা-ঈম্পৰ!  (প্ৰস্থান )
ৰজা।— আছে নে কোনোবা আৰু?
বুঃ গোঃ।— আছিল বিস্তৰ।
ৰজা।— কিবা কোৱাঁ পিচে, তুমি
বুঃ গোঃ।—লাগিছে বিষম!
নোৱাৰোঁ তিষ্ঠিব আৰু বিচাৰ-চৰাত।
লৰে যেন ঘৰ-বাৰী, কয় কিবা কথা!
আকাশত দেখোঁ আৰু, গিলিছে ৰাহুৱে
লাহে লাহে তৰা চন্দ্ৰ পূৰ্ণ গৰাহত!
নবহে কাৰ্য্যত মন, দুৰ্ব্বল হৃদয়!
—প্ৰতিক্ষণ দেখোঁ কিবা।

[ ২৯১ ]

ৰজা।—মোৰো একে দশা।
থোৱাঁ তেন্তে আজিলই ৰাজকীয় কথা।
শান্তি নাই কিন্তু হাঁয়, বাহিৰে ভিতৰে,
নাই শান্তি লেশ!—কিবা চিন্তা, কিবা ভাব,
জিলিমিলি কিবা, দেখিছোঁ সভয়ে সদা!
প্ৰতিক্ষণে ধৰে যেন, কালান্তক যমে
নৰক উদ্দেশে মোক!— এৰোঁ আজিলই।
যোৱাঁ সৱে ঘৰাঘৰি।

(প্ৰস্থান)


তৃতীয় গৰ্ভাঙ্ক।

ৰাজমাওৰ টোল।

ৰাজমাও।—সঁচা নে কি ডাঙৰীয়া!
আহিছে উজাই বোলে বৰফুকনেৰে,
ৰণসাজে গদাপাণি? বিষম আক্ৰোশ
জানা, ইবাৰ গদা,—বধি লৰা-ৰজা,
লব কাঢ়ি সিংহাসন নিজ বাহুবলে।

[ ২৯২ ]

বাজিছে বিষম মাতৃৰ বুকুত মোৰ!
ৰজা হোক গদাপাণি, নাই মোৰ খেদ,⸺
আনন্দত বাজে মই নকৰোঁ আক্ষেপ,
—ৰজা ভাঙ্গি এৰে যদি প্ৰাণে মোৰ ‘লৰা’।
কিন্তু হাঁয়, কিবা জানি, বধিব বাছাক,
ৰাজদ্ৰোহী দলে! —কি হব উপায় তাৰ,
কোৱাঁ ডাঙ্গৰীয়া!
বঃ গোঃ—সঁচাকে’ আহিছে গদা।
কিন্তু ভয় দেখা নাই লৰা-ৰজালই,
নবধে জানিছোঁ প্ৰাণে। আৰু জানোঁ, মাও!
ৰক্তপাত পাৰ্য্যমানে নকৰে ফুকনে;—
অহা নাই দিবলই ৰণ, পাৰে যদি
নিৰ্বিবাদে সাধিব উদ্দেশ্য। শান্তি স্থাপি
যাব আহি; এয়ে জানোঁ, ইচ্ছা ফুকনৰ।
ৰাখিম যতন ময়ো, নিৰ্ব্বিবাদে যাতো
কাৰ্য্য সিদ্ধি হয়।
ৰাজমাও।— নেমানে পৰাণে মোৰ!
কিবা পালাঁ ঠিক নহব যে ৰণ আগে?
সহজে নেৰিব চাবাঁ, ৰাজপাট-মোহ,
দুৰ্ম্মতি লৰাই। তাতে লগ, দেখি আছাঁ,
কু-মন্ত্ৰী প্ৰধান। এৰে যদি লৰাৰাজে,
নেৰিব নিশ্চয় সেই পাষণ্ড মন্ত্ৰীয়ে;-
বিনাৰণে কদাপিতো নিদিব সোমাব
মন্ত্ৰী-ফুকনক।

[ ২৯৩ ]

বঃ গোঃ—স্বৰূপ কইছাঁ মাও!
নেৰে সি পাষণ্ডে। নিৰ্ব্বিবাদে কদাপিতো
নিদিব সি এৰি শান্তি স্থাপনৰ বাট;
ভেটা দি লগাব লেঠা ৰাজসেনা দলে,
—গাজিছে মনত।
ৰাজমাও— কি হব উপায় তেনে!
বঃ গোঃ।— ভাবোঁ, কিবা পাওঁ।
ৰাজমাও।— ভাবাঁ, ডাঙ্গৰীয়া!
দিয়াঁ কিবা সদুপায়, ৰাখাঁ মোৰ প্ৰাণ।
বধিলে বাছাক জানাঁ, নেবাঁচে ই প্ৰাণ,
তুৰন্তে এৰিম দেহা।
বঃ গোঃ— নহবাঁ অধীৰা।
লাগিছে নে কব মোক, টানি আৰু কিবা?
আগেয়ে কৰিছোঁ স্থিৰ, সিদ্ধি যাতে হয়,
কিনা ৰক্তপাতে কাম, কৰিম যতন।
নকৰোঁ অন্যথা জানাঁ।
ৰাজমাও।— কিন্তু জানাঁ তুমি,
কুট্বু‌দ্ধি কুটিলতা তৰিব পাষণ্ডে;
মানিব প্ৰত্যয় তাতে হতবুদ্ধি লৰা!
কি হব উপায় তাৰ?
বঃ গোঃ—উপায় পাচত হব।
ৰাজমাও।— মিলিলে সঙ্কট,
ঔষধে নিদিয়ে গুণ জানাঁ ডাঙ্গৰীয়া।

[ ২৯৪ ]

বঃ গোঃ—হয় যদি ৰক্তপাত,
তথাপি ৰজাৰ প্ৰাণ, ৰব কোনোমতে।
নোৱাৰে ৰাখিব ভেটি মন্ত্ৰী ফুকনক,
গদাপাণি সেনাধ্যক্ষ যাৰ। ৰাজসেনা
বিতুষ্ট সততে;-যুঁজিব যে মন পাৰি,
নধৰে মত।
ৰাজমাও।— শুভাশুভ তুমি জানাঁ।
সৰ্ব্ব আশা তোমাতেই ৰাখিলোঁ জানিবাঁ।
ৰাখাঁ যদি লৰা, ৰাখিবাঁ ই প্ৰাণ মোৰ।
নতু এয়ে শেষ; নেদেখিবাঁ ঘূৰি মোক,
নেদেখাঁ জীৱন্তে।
বঃ গোঃ।— স্থিৰ হোৱাঁ ৰাজমাও।
কৰিছোঁ প্ৰতিজ্ঞা, নহব যত্নৰ ক্ৰুটী;
প্ৰাণপণে চাম, লৰা-ৰজা বাঁচে যাতে,
—থাকে নিৰাপদে। যাওঁ এবে কৰোঁগই
যুগুত উপায়।

( প্ৰস্থান)


ৰাজমাও।— কোনে ভিক্ষা দিব আজি,
লৰা-ৰজা প্ৰাণ! পুত্ৰপ্ৰাণ কৰি দান,
দুখুনী মাতৃক যদি ৰাখে কোনোবাই,
হয় চিৰঋণী।  (মৌন )

(প্ৰাৰ্থনা)।


হে প্ৰভো! অনাথ নাথ! ৰাখাঁ ই মিনতি,
পুত্ৰ-প্ৰাণ দান কৰি ৰাখাঁ এই প্ৰাণ।

[ ২৯৫ ]

অবোধ সন্তান প্ৰভো! ক্ষমা কৰাঁ দায়,
নতুবা পৰাণ লোৱাঁ তাৰ হন্তে মোৰ!
অন্তৰ্য্যামী প্ৰভু তুমি জানাঁ সমুদায়,—
দোষী কোন্‌ স্বৰূপত, অশান্তি-কাৰণ।
অস্ত্ৰই নেকাটে একো, কাটোঁতা মানুহ,—
ৰজাৰ আদেশ নামে, মন্ত্ৰী আদেশোঁতা।
এতেকেতে দয়াময়, নিজ দয়া গুণে,
বিতৰি কৰুণৰাশি দিয়াঁ ভিক্ষা এই;—
লৰা-ৰাজ প্ৰাণ ৰাখি, ৰাখাঁ মোৰ প্ৰাণ।  (মৌন )
যাওঁ হাঁয়, কৰোঁগই
যুগুত বিধান; আপদত ইষ্টদেৱ
পূজা বিধি সাৰ।   (প্ৰস্থান)



চতুৰ্থ গৰ্ভাঙ্ক।

ৰজাৰ চৰা।

ৰজা।— বুৰোঁ হাঁয়, এতিয়া হে!
কিবা গতি হব মন্ত্ৰীবৰ? ৰক্ষা নাই
দেখিছোঁ ইবাৰ;— ৰণ-বলে গদাপাণি
সোমাল নগৰ!
বুঃ গোঃ।—যিবা আছে কপালত
ঘটিব ত্বৰিতে। কিনো কম স্বৰ্গদেৱ!

[ ২৯৬ ]

কি দিম উপায়, বিমোৰ আপুনি মই।
ৰক্ষা নাই জানিছোঁ ধুৰুপ, ঘটে যদি
ৰাজ-সেনা। শেষফল বাজিছে বিষম!
এৰিলে এৰিব পাৰে নবধি তোমাক;
নেদেখোঁ নিস্তাৰ কিন্তু, নেৰিব নিশ্চয়,
জীৱন্তে আমাক!
ৰজা।— কি ঠিক পালাঁ তাৰ?
প্ৰতিশোধ ভুলি, এৰিব নে প্ৰাণে মোক
গদাপাণি বীৰে!
বুঃ গোঃ।— নেভাবিবাঁ অসম্ভব।
ৰজা ভাঙ্গি প্ৰতিশোধ লব পাৰে শেষ।
কিন্তু হাঁয়, আমাসৰ নাই পৰিত্ৰাণ,
নাই অন্য গতি!
বৰপাত্ৰ।— ডুবিলোঁ ডুবিলোঁ হাঁয়,
গলোঁ ৰসাতলে!
বঃ গোঃ।— নহবাঁ বিমোৰ সৱে।
স্থিৰ কৰাঁ মতি এবে, আলচাঁ উপায়,
ৰক্ষা পৰে ৰাজ্য যাতে আপদৰপৰা।
হোৱাঁ যদি বিচলিত ইহেন সময়,
ৰাখে কোনে আজি?
বুঃ গোঃ।-নাই সদুপায়।
আত্মৰক্ষা নাই যাৰ, পৰৰক্ষা হেতু
আছে তাৰ কিবা বল।

[ ২৯৭ ]

ৰজা।— নকবাঁ যি কথা!
নেৰিবাঁ নেৰিবাঁ মন্ত্ৰি, নেৰিবাঁ হে মোক
এনে ঘোৰ বিপদত নেৰিবাঁ অকলে।
জানাঁ তুমি, তোমাতেই সকলো ভাৰসা,
তোমাৰ বুদ্ধিতে মোৰ যত কৰ্ম্মফল!
মহাপাপে চুক যদি এৰাঁ তুমি এবে,
এইহেন আপদত।
বুঃ গোঃ।— চুব ক’ত পাপে
পাপৰ মলিৰে ঢকা এই শৰীৰত?
অথাই আপদ মাজে আছোঁ নিজে ডুবি,
উদ্ধাৰোঁ কি ৰূপে আশ্ৰিত জনক?
আৰ্জ্জিলে ভুঞ্জিব লাগে, নাই অন্ত গতি
পাপৰ সমানে তাপ।
বুঃ গোঃ।—কিয়নো আৰ্জ্জিলাঁ
জানি শুনি পাপ তুমি? মিলালাঁ তুমিয়ে
অতনা বিপদ আজি!
বুঃ গোঃ।—নকবাঁ সি কথা।
বঃ গোঃ।—শত বাৰ লাগে কব।
বুঃ গোঃ।—কিয় দিবাঁ দায় মোত?
বঃ গোঃ।—সৰ্ব্বদোষী তুমি।
তোমাৰে মন্ত্ৰণাফল সমস্তে ইসৱ।
বুঃ গোঃ।—কিয়বা শুনিলে আনে?
বঃ গোঃ।—বিজ্ঞ মন্ত্ৰী ভাবি।
জনা হলে এনে তুমি, নেৰাখে সঞ্জাত।

[ ২৯৮ ]

বুঃ গোঃ।—নাৰাখোঁ সঞ্জাত ময়ো।
নুভুলোঁ তোমাক কিন্তু জানাঁ স্বৰ্গদেৱ,
মিলিম দুনাই।

(উচাৎ মাৰি প্ৰস্থান)


ৰজা। সৰ্ব্বনাশ!
এতিয়াহে ডুবিলোঁ সমূলি।
বঃ গোঃ।ভালকে বুলিছোঁ আমি,
এৰে যদি শনিগ্ৰহে ইমানতে লগ।
আছে যদি পৰিত্ৰাণ, ভাগ্যবলে তৱ,
মৰণ নিশ্চয় ভাবি কিবা ফলোদয়?
প্ৰাণলই মায়া অত ৰাখাঁ যদি তুমি,
এৰাঁ ৰাজ্য-মায়া। নিৰ্ব্বিবাদে দিবাঁ এৰি
ৰাজ-সিংহাসন, ঘাটে যদি ৰাজসেনা;
-পাবাঁ পৰিত্ৰণ। ধৰাঁ যদি উপদেশ
এনে সময়ত, কৰিম যুগুতি যিবা,
বঁচাবৰ হেতু।
ৰজা।—কিনো কম, ডাঙ্গৰীয়া,
তৱ গুণ কথা! নিচিনিলোঁ বন্ধুজন,
নধৰিলোঁ আগে, তৱ সজ উপদেশ!
চিনিছোঁ এতিয়া, চিনালে বিপদে মিত্ৰ;—
পালিম নিশ্চম সাৰ উপদেশ তৱ।
কৰাঁ ডাঙ্গৰীয়া! যিবা ভাল দেখা তুলি
ৰাখাঁ বিপদত।

[ ২৯৯ ]

বঃ গঃ।—নিশ্চিন্তে থাকিবাঁ তুমি।
ভাবিছোঁ বিস্তৰ তোমাৰ ৰক্ষাৰ হেতু।
আছে আশা, বচাম তোমাৰ প্ৰাণ।
সময় চাপিল আহি, নকৰোঁ পলম,
যাওঁ এবে কৰোঁগই যথা আয়োজন,
ৰণ ৰক্ষা হেতু।   (প্ৰস্থান)
বৰপাত্ৰ।— উঠোঁ এবে স্বৰ্গদেৱ!
যাওঁ ময়ো, চাওঁগই আত্মৰক্ষা পথ!  (প্ৰস্থান)
ৰজা।— সকলোৱে দিছে এৰা
বিপদৰ বেলা, সম্পাদত যিবিলাক
নলে-গলে-গঁথা, প্ৰাণৰ সোদৰ সম!
আপদে চিনালে আজি, শত্ৰু মিত্ৰ জন;—
অত কৰি এটি শিক্ষা, আৰু এটি জ্ঞান,
আৰ্জ্জিলোঁ অন্তত!

(নেপথ্যত ৰণবাদ্য)


অহ, হঃ, সৰ্ব্বনাশ!
পালেহি পালেহি হাঁয়, চাপিল ওচৰ
অন্তিম সময় মোৰ!  ( উত্ৰাৱল হৈ প্ৰস্থান)

[ ৩০০ ]

পঞ্চম গৰ্ভাঙ্ক।

সিংহদুৱাৰ।

গদা।—ডাঙ্গৰীয়া!
দক্ষিণে দেখিবাঁ তুমি; বাৱেঁ
ৰব ৰাজখোৱা; সমুখত যাম মই;
গুৰিধৰা ৰল বাব পানী-ফুকনৰ।
চাৰি ভাগে সেনাদল হব লাগে ভাগ,
ভাগে ভাগে ৰণমুখে। সমুখে যেতিয়া
আক্ৰমিম মই,—যেনে ভাঙ্গি গুল্মবন,
সিংহে গই আক্ৰমে গজক,—সেই বেলা
ৰাখিবাঁ দুপাশে দুয়ে আগছি শত্ৰুক।
পাচত ৰখীয়া দিলোঁ পানী-ফুকনক;
পলাব নোৱাৰে যাতে কেঁৱে কোনো ফালে,
নৰয় এজনো যাতে বাৰ্ত্তা দিবলই।
নিৰ্ব্বিবাদে বাট লই পশিম নগৰ;
প্ৰথমে বেৰিম গই ৰজাৰ কাৰেঙ্‌।
পত্নীবৈৰী, নৰঘাতী, পাপী, দুৰাচাৰ,
দেখিম আজিহে সিনো কিমানৰ বীৰ।
স্বহস্তে বধিম আজি, দুষ্ট নৰাধম!
কৰিম তৰ্পণ মোৰ প্ৰিয়া-অপমান,

[ ৩০১ ]

তেজেৰে ৰাঙ্গলি কৰি এই তৰোৱাল।
বাজ শিঙ্গা, বাজ ভেৰি, বাজ ঢাক্‌-ঢোল,
বাজ আৰু ৰণবাদ্য, যাৰ হাতে যিবা;
বাজোক সকলে মিলি একে উছাহত,
নাচোক হৃদয় মোৰ ৰণ ৰহস্যত,
উঠোক উতলি বীৰতেজ।  (ৰণবাদ্য বাজে।)
পাঃ ফুঃ।— জয় গদাপাণি জয়!
সেনাদল।— জয় ভাবীৰাজ জয়!
গদা।— নাচিছে হৃদয় ঘনে,
নাচে মোৰ তেজৰাশি সিৰে সিৰে বই;
ৰণমদে মতলীয়া হইছে পৰাণ।
সিদ্ধি হব আজি মোৰ গুপুত বাসনা;
মিলিছে সুযোগ, সংযত বাহুবল
বিকাশৰ হেতু। ভাগ্যধৰ আজি মই,
ভাগ্য মোৰ আজি হেন দিনে। ধন্যবাদ
ডাঙ্গৰীয়া! ৰাজখোৱা! পানী-ফুকনক!
ধন্য সেনাগণ।
বঃ ফুঃ।— ধন্য বীৰ গদাপাণি!
ধন্য বীৰবাহু! ভাগ্যবলে পালোঁ অজি,
তোমাহেন যোগ্যজন ৰাজপাটলই,-
শান্তিৰক্ষা হেতু।— শান্তিৰক্ষা কৰা আজি
তোমাৰ প্ৰথম কাম। শলাগোঁ তোমাৰ
অসম বীৰৰ তেজ,—জিনিবাঁ ৰণত।
কিন্তু, বীৰবাহো! ৰাখাঁ এটি অনুৰোধ,

[ ৩০২ ]

ৰাখি তৱ ৰণতেজ আপুনি দমাই;
ৰক্তপাত উদ্দেশ্য নহয়। শান্তি ভিক্ষা
তৱ ঠাঁই মাগিছে প্ৰজাই; সাধাঁ কাম
বিনা-ৰক্তপাতে।
গদা।—অযুগুত অনুৰোধ
কিয় কৰাঁ তুমি? বিনাৰক্তে ৰণতৃষ্ণা
পলাম কিমতে। নধৰিবাঁ ডাঙ্গৰীয়া,
নকৰাঁ আমনি।

(ৰাজকীয় সেনাদলৰ প্ৰৱেশ )


গদা। আহাঁ, মোৰ সেনাগণ!
আহাঁ আগুৱাই, বিজুলীচমকে গই
নাশোঁ শত্ৰুদল।  (খেদি যায়)
বঃ ফুঃ।— নোহে শক্ৰ। মিত্ৰদল
আহে আগ বাঢ়ি তোমাৰ শৰণ আশে।
বীৰ ধৰ্ম্ম পালি, আশ্ৰিতে আশ্ৰয় দিয়াঁ;
—ৰাখাঁ অনুৰোধ।
গদা।— কিবা কোৱাঁ ডাঙ্গৰীয়া!
নামানোঁ তোমাৰ অযুগুত অনুৰোধ
ইখিনি পৰত। কিমতে চিনিছাঁ তুমি,
শত্ৰু, মিত্ৰ কিবা, ৰণসাজে ৰণস্থলে
সমুখীন সেনা?
বঃ ফুঃ।— চিনিছে অন্তৰে।
পাবাঁ পৰিমাণ তাৰ; মুহূৰ্ত্তে পশিব
আহি শৰণ তোমাৰ।

[ ৩০৩ ]

ৰাঃ সেনাপতি।—আগ বাঢ়াঁ সেনাদল।
আক্ৰমি বিক্ৰমে এই ৰাজদ্ৰোহী দল,
নিপাতোঁ নায়ক। যদ্যপি পৰাণ মোৰ
কান্দিছে নীৰৱে, আসুৰিক অত্যাচাৰ
দেখি নিৰন্তৰ দুৰ্ম্মতি ৰজাৰ হাতে,
তথাপিতো নিপিছলোঁ কৰ্ত্তব্যৰ পৰা।
যুঁজিম প্ৰাণান্তে, ৰাজদ্বাৰ ৰক্ষা হেতু;
-নডৰোঁ গদাক।
গদা।— কোন্ সিটো নৰাধম,
শিয়ালৰ নেতা, সহে মোৰ বাহুবল,
ৰোধে মোৰ গতি!

(তৰোৱালেৰে যুদ্ধ কৰি ২ গদা আৰু সেনাপতি আঁতৰ হয়)


পাঃ ফুঃ।- (পিচৰপৰা আঙ্গুলিয়াই) চোৱাঁ কেনে বিচক্ষণ
তুমুল সংগ্ৰাম, পাতিছে দুজন বীৰে
বিষম বিক্ৰমে;—গজে সিংহে লৰে যেন
মেদিনী কঁপাই!-উফৰিছে ফিৰিঙ্গতি
প্ৰতি আঘাতত, ধাৰে পৰি তৰোৱাল।
তৰোৱাল ধাৰে। প্ৰতি ঘাপে পালটিছে
বীৰ সেনাপতি, প্ৰতি লাফে আক্ৰমিছে
উলটি গদাক,—শৰবিদ্ধ বাঘে যেন
ধৰিছেহি উলটি ব্যাধক। কিন্তু চোৱাঁ,
অতুলন বীৰতেজ বীৰৰ বিক্ৰমে
নিবাৰিছে শত্ৰু আক্ৰমণ,—গদাপাণি
নহটে কিঞ্চিৎ। চোৱাঁ, চোৱাঁ, হাঁয়,

[ ৩০৪ ]

আক্ৰমি ইবাৰ—গজোপৰি সিংহ যেন-
ভীম আক্ৰোশেৰে নিপাতিলে সেনাপতি।
—পৰিল ৰণত।—ধন্য, ধন্য, গদাপাণি!
ধন্য বীৰবাহো! ধন্য তৱ ৰণতেজ,
ৰণৰ কৌশল!  (গদাপাণি উলটি প্ৰৱেশ কৰে)
গদা।- আহ, আৰু আছ কোন্‌
প্ৰাণ দিবলই। বাঢ়িছে পিপাসা মোৰ,
বাঢ়ে চতুগুৰ্ণে, কেঁচা তেজ গোন্ধ পাই
বীৰ নায়কৰ!
ৰাজকীয় সেনাদল।—বিনাৰণে দিছোঁ বাট,
মানিছোঁ শৰণ।   (অস্ত্ৰ-শস্ত্ৰ ফেলাই আঁঠু লয়।)
ৰাজখোৱা।—মানিছাঁ শৰণ সৱে?
ৰাঃ সেনাদল।— মানিছোঁ শৰণ।
পানীফুকন।— অহ, হেৰাল সুযোগ।—
নুপুৰিল হাঁয়, মোৰ প্ৰাণৰ বাসনা
ৰণৰ মাজত পশি বীৰ নাচোনেৰে
নাপালোঁ নাচিব আজি, নচুৱাই মোৰ
খোলা তৰোৱাল! নপশি শৰণ আজি
ৰাজসেনাদলে, দিয়া হলে যুঁজিবৰ
ছেগ এটিবাৰ!
গদা।— ৰাজদ্ৰোহী, ৰণত্যাগী,
বিশ্বাসঘাতকী, ঘোৰ অপৰাধী দল!
কি বুলি এৰিবি ৰণ, কৰ্ত্তব্য পাহৰি?
নকৰোঁ যদ্যপি ৰণ পৰাভূত স’তে,

[ ৩০৫ ]

নাই কাৰো পৰিত্ৰাণ, নকৰোঁ মাৰ্জ্জনা!—
বন্দী সৱ সেনা। উচিত বিচাৰ হব
যথা সময়ত।
বঃ ফুঃ।— নিৰ্দ্দোষী সিসৱ।
গদা।- নকবাঁ সি কথা হেৰা!
ৰণভঙ্গ দিওঁতাৰ ক্ষমা ভিক্ষা নাই;—
ৰাজসেনা ৰাজদ্ৰোহী, বিশ্বাসঘাতকী।
-নসহোঁ কিঞ্চিৎ।
ৰাজখোৱা।—মানিছাঁ নে পৰাভৱ
ৰাজসেনা দল?
ৰাঃ সেনাদল।— পৰাভূত হলোঁ সৱে।
পাঃ ফুঃ।—দিব লাগে অস্ত্ৰ-শস্ত্ৰ
সমস্তে শোধাই।   ( ৰাজকীয় সেনাদলে অস্ত্ৰ শোধায় )
গদা।— অন্ত আজি ইমানতে!
—বন্দী সেনাদল।
পাঃ ফুঃ— অন্ত ইমানতে।
নপৰিল অস্ত মোৰ আজিৰ উছাহ,
নিমিলিল এটি ছেগ নিজে লৰিবৰ!
সমূখ ৰণত হাঁয়, নাপালোঁ পশিব!
নিমিটিল ৰণতৃষ্ণা!
গদা।— বলাঁ এবে, এতিক্ষণে,
ৰাজপুৰী আক্ৰমিব লাগে একচিপে।
—ধৰাঁ দ্ৰুতগতি।  (সকলেৰে প্ৰস্থান।)

⸻⸻
অঙ্কপাত
⸻⸻

[ ৩০৬ ]


৫। অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

ৰজাৰ চৰা।

বৰগোহাঞি।—দুৰ হল দুৰগতি
অত দিনে আজি; নিমাখিত প্ৰজাবৰ্গে
পালে পৰিত্ৰাণ! সাগৰত বুৰ দিয়া
ৰাজলক্ষ্মী ঘূৰি দেখা দিছে শিৰ তুলি।
ৰাজশ্ৰী বাঢ়িব পুনৰ। শলাগিছোঁ
মন্ত্ৰী-ফুকনক; ৰাইজৰ আশীৰ্ব্বাদ
পাব লাগে তেওঁ।
বৰফুকনঃ—প্ৰশংসাৰ পাত্ৰ মই
নহওঁ প্ৰকৃতে। কাৰ্য্য মোত্‌ ৰব পাৰে,
অন্যত্ৰে কাৰণ; বুজিবাঁ ধুৰুপ সৱে।
আপুনি উপায় কৰি গদাপাণি বীৰে
সহায় নোহাৱা হলে, সাধ্য কি নিবাৰোঁ
আমি মহা হুলস্থূল, নগৰত আহি?
যশভাগী আৰু প্ৰশংসাৰ যোগ্যপাত্ৰ
বীৰ গদাপাণি।

[ ৩০৭ ] বৰপাত্ৰ।-

দুয়ো সত্য ভাঙ্গৰীয়া!
শলাগোঁ দুয়োকে। কাৰণত কাৰ্য্য মিলি,
ওচালাঁ অশান্তি, আৰু যত উত্‌পাত
হল নিবাৰণ।

বঃগোঃ৷-

তথাপি শলাগোঁ ঘুৰি
মন্ত্ৰী ফুকনক, শান্তি স্থাপনৰ হেতু,
শান্ত ভাৱে শান্তি ৰক্ষা কৰালে যি জনে।
নহলে, ৰখায় কোনে সেনানীৰ প্ৰাণ,
ৰাখি সিমানতে?

বঃফুঃ৷-

নিজৰে ব্যৱস্থা আগ;
পিচত কাৰণ হই থিয় দিলোঁ মাথোঁ।
এতেকতে যশভাগ লোৱাঁ আগে নিজে,
পাচে ভাগ মোৰ

বৰপাত্ৰ।-

যিবা হোক৷
মূলকথা আলচোঁ এতিয়া।
হব লাগে অভিষেক ৰজা গদাপাণি,
অনতিপলমে জানা।

বৰপাত্ৰ-

শুভস্য শীঘ্ৰম্।

বঃ গোঃ৷-

হব লাগে আৰম্ভণ।
প্ৰচাৰ কৰিব লাগে, ৰাজনীতি মতে,
গদাপাণি অভিষেক কথা। হব লাগে

[ ৩০৮ ]

শুভবাৰ্ত্তা নগৰত ৰাষ্ট্ৰ চউপাশে,
—অহা সাদিনত।
বঃ ফুঃ।— হোৱা নাই বিধিৱত।
তিনি মন্ত্ৰী একে ঠাঁই হব লাগে আগে,
আলোচনা হয় যেবে ৰজা ভাঙ্গিবৰ।
নাই দেখোঁ, ‘বুঢ়া’ জনা আজি? দিব লাগে
তেৱোঁ যোগ আহি।
বৰপাত্ৰ।- নাহে তেওঁ কদাপিও।
বঃ ফুঃ।— কি হব উপায়?
বঃ গোঃ।—উপায় লাগিয়ে আছে;—
আছোঁ তিনি মন্ত্ৰী আমি, নালাগে সিজন।
নিবিচাৰোঁ আৰু।
বৰপাত্ৰ।— বিচাৰত মন্ত্ৰীবাব
বৰফুকনৰ পূৰ্ব্বাপৰ আছে ৰীতি।
ভাঙ্গিব পাতিব পাৰি, তিনি মন্ত্ৰী বহি;
—আছোঁ তিনি আমি।
বঃ ফুঃ।— নহয় অবিধি যদি
বঃ গোঃ।—হব বিধিৱত।
আপদত অযুগুত আৰু আছে বিধি।
বঃ ফু।— ভাঙ্গিব আগেয়ে লাগে,
পাচেহে পাতনি। আগেয়ে প্ৰচাৰ হোক
লৰা-ৰজা ভগা কথা; লগে লগে তাৰ
গদাপাণি অভিষেক জাননী যুগুত।
ভাবি চোৱাঁ দুয়ে।

[ ৩০৯ ]

বঃ গোঃ।— সাৰুৱা প্ৰস্তাব।
কিন্তু এটি কথা,-“হব লাগে আগে স্থিৰ
ৰজাৰ নতুন নাম।
বৰপাত্ৰ —‘গদা’ নাম প্ৰিয়তম
আছিল জয়াৰ।
বঃ গোঃ।—ৰব লাগে এতেকতে,
সতীৰ সাদৰী নাম গদা কোৱঁৰৰ,
ৰাজকীয় বেশে।
বঃ ফুঃ।— মিলিছে আমাৰো মত।
মহাসতী জয়মতী, সাক্ষাৎ লক্ষিমী
আছিল যি নামে তুষ্ট, ৰব লাগে তাৰ
অভগন চিন্।
বৰপাত্ৰ।— ‘গদাধৰ’
হোক নাম গদা কোৱঁবৰ
বঃ ফুঃ।— বিতোপন নাম।
বঃ গোঃ।–বিতোপন সঁচাকই।
এয়ে স্থিৰ হল আজি। কালি হন্তে বাজ
হব লাগে নৱ নাম নতুন ৰজাৰ।

(গদাপাণিৰ ব্যগ্ৰভাৱে প্ৰৱেশ, আৰু সকলোৱে থিয় দিয়ে)


গদা।—লৰা-ৰজা বধ হেতু
কি হল ব্যৱস্থা? পোৱা হলে পোন্চা‌তে,
স্বহস্তে নিপাতি পুৰালোঁহেঁতেন মই,
প্ৰাণৰ হেঁপাহ।
বঃ ফুঃ।— ক্ষমা কৰাঁ বীৰবৰ!

[ ৩১০ ]

গদা।—নকবাঁ দুনাই।
নবধিলে লৰা-ৰজা নহব নিশ্চয়,
প্ৰতিজ্ঞা পালন মোৰ।
বৰপাত্ৰ।— ৰজিব প্ৰতিজ্ঞা,
ৰাজ্যচ্যুত হব যেবে লৰা-ৰজা কালি।
-তুল্য প্ৰাণবধ!
গদা।— পাপীৰ তেজেৰে ধুই,
প্ৰিয়া-অপমান তৰ্পণ নকৰোঁমানে,
নৰজে প্ৰতিজ্ঞা।
বঃ গোঃ— সাম্যভাৱ ৰাজধৰ্ম্ম
ধৰা বীৰবাহো!—ৰণমদ ৰক্তপাত,
এৰাঁ সেই ভাব; শান্তিদাতা এবে তুমি,
দিয়াঁ শান্তি প্ৰজাপুত্ৰগণে। পৰিহৰাঁ
ক্ৰোধভাব ৰদ্ৰূৰপ আশ্ৰিতৰ প্ৰতি।
শৰণে পশেহি যিটে, লভে সি কৰুণা;
প্ৰাণবৈৰী যদিও হয় সেই জন,
প্ৰাণদান দিব লাগে তাক। লৰা-ৰজা
আশ্ৰিত তোমাৰ এবে; পশিছে শৰণ,
পৰাভূত হই। প্ৰাণবধ বিধিৱত
নহব কাচিত।
গদা।—সাৰুৱা তোমাৰ কথা।
কিন্তু জানাঁ, তেন্তে নিমিটিল সাধ মোৰ
প্ৰতিশোধ লোৱা!

[ ৩১১ ]

বঃ গোঃ।— প্ৰতিশোধ, বীৰবৰ,
সাধাৰণ কথা। যেয়ে সেয়ে লব পাৰে
আত্ম-প্ৰতিশোধ, সুযোগ যেতিয়া মিলে।
কিন্তু, বীৰবাহো। প্ৰতিশোধ পৰিহৰা
বীৰৰ মহতী গুণ, নাই সকলোতে;—
গমি চাবাঁ নিজে।
গদা।— যুক্তিৰে বান্ধিছাঁ মোক,
বুজিছোঁ বিশেষ। ক্ষমিছোঁ পাপীক বাৰু,
দিছোঁ প্ৰাণ-দান।
বঃ ফুঃ।— বীৰোচিত কাৰ্য্য তৱ,
শলাগোঁ অশেষ।
গদা।- কৰাঁ মিলি যিবা ভাল।
আহোঁ এবে মই। স্নান হেতু আছে বই
ৰাজ-গুৰুদেৱ।

(প্ৰস্থান)


বঃ গোঃ।— পুণ্যস্নান আগ-কাম
হব আজি শেষ। অভিষেক আয়োজন
হব লাগে পাচে।
বঃ ফুঃ।— পূৰ্ণসভা আবাহন,
অভিষেক দিনা, হব লাগে যথাবিধি।
কছাৰি, জয়ন্তা, কোচ, কৰদ ৰজাৰ
যথাযোগ্য উপহাৰ ভেঁটিবহি আহি,
প্ৰতিনিধি চাপি।

[ ৩১২ ]

বৰপাত্ৰ গোঃ।— মিত্ৰৰাজ মণিপুৰে
পাচিছে কটকী, ৰাজ-উপহাৰ সতে।
চাপিছেহি আজি।
বঃ গোঃ।— অভিষেক ৰাজসভা
অতি জমকাল হব লাগে পাৰ্য্যমানে।
বাদশ্যাহ প্ৰতিনিধি হইছে প্ৰেৰিত;
আহিছে বাতৰি।
বঃ ফুঃ।—হব লাগে অভিষেক
যুবৰাজদ্বয়, ৰাজ-অভিষেক সতে।
—কেনে দেখাঁ দুয়ে?
বৰপাত্ৰ গোঃ।—নেদেখোঁ অবিধি আমি।
বঃ গোঃ।— নেবাধে বিধিয়ে।
শুভকাৰ্য্য সমাপন, একে উছাহতে
ময়ো দেখোঁ কৰা ভাল।
বঃ ফুঃ।— এয়ে যুক্তি স্থিৰ।
বঃ গোঃ।— আজিলই ইমানতে
হোক সমপতি; যাওঁ এবে সকলোটি,
শুভচিন্তা লই।

(সকলোৰে প্ৰস্থান )

[ ৩১৩ ]


দ্বিতীয় গৰ্ভাঙ্ক।

হোলোং ঘৰ।

(চাঙ্গৰ ওপৰত গদাধৰ, তলত এটা মানুহ আৰু বিবিধ জন্তু,
চাৰিচুকে চাৰিজন প্ৰহৰী, দেওধাই, বাইলুং)।

দেওধাই।—ৰোৱা হল আয়ুবৰ,
চৰাইদেউ স্বৰ্গত, স্বৰ্গীয় বিধানে।
স্নান কৰি স্বৰ্গদেৱে,—পাটচৰা উঠি—
লইছে আসন আহি হোলোং ঘৰত।
ধৰা হোক এবে, অভিষেক শান্তিকৰ্ম্ম
ৰীতি-বিধি মতে।
বাইলুং।- ভূভাগৰ অধীশ্বৰ
আজি স্বৰ্গদেৱ, মৰতৰ জীৱজন্তু
শাসনৰ হেতু।—সমস্ত জীৱৰ হই,
জীৱশ্ৰেষ্ঠ নৰ এটি বহিছে তলত,
শৰণ জনাই। ইষ্টদেৱ চোমদেউ
বুকুত ধাৰণ; ৰাজচিহ্ন হেঙ্গদান
ধৰিছে কৰত। হব লাগে হোলোঙ্গৰ
কাৰ্য্য আৰম্ভণ।
দেওধাই।—বংশমূল ইন্দ্ৰদেৱ!
তুষ্ট হোৱাঁ প্ৰভো! বংশধৰ গদাধৰ,

[ ৩১৪ ]

তব নামে পৃথিবীত, হোক ৰাজেশ্বৰ;
—দিয়াঁ আশীৰ্ব্বাদ।

(সোণৰ জাৰীৰে শান্তি-পানী ৰজাৰ শিৰত দেওধায়ে ঢালে, আৰু সেই
পানী ৰজাৰ গাইদি বৈ গৈ তলৰ মানুহ আৰু জন্তুবোৰৰ ওপৰত পৰে)


তৃতীয় গৰ্ভাঙ্ক।

ৰজাৰ ভিতৰ-চৰা।

ৰজা।— ঘোৰ পৰিণাম!
নাভাবিলোঁ আগ আৰু নুগুনিলোঁ পাচ,
কুমন্ত্ৰণাৰ বশ হলোঁ, বৰ্ত্তমান ভাবি।
ভাবিছিলোঁ চিৰকাল যাব একে ভাৱে,
অখণ্ড প্ৰতাপ মোৰ নহব খণ্ডন।
কিন্তু, এবে পালোঁ তাৰ বিপৰীত ফল,—
জীৱন্তে যন্ত্ৰণা ঘোৰ।
বুঃ গোঃ- কিনো কম স্বৰ্গদেৱ।
ৰজা।— নহোঁ স্বৰ্গদেৱ!
খাটনিৰ প্ৰয়োজন নেদেখোঁ তোমাৰ;
চতুৰ্গুণে জ্বলোঁ শুনি মিছা সম্বোধন।
ভগা-ৰজা এবে মই; ৰজাৰ খিতাপ
নোশোতে আমাত আৰু পূৰ্ব্ব জেউতিৰে।

[ ৩১৫ ]

বুঃ গোঃ।— মাথোঁ, কৰ্ম্মফল!
ৰজা।— মানোঁ ময়ো কৰ্ম্মফল।
কিন্তু, কৰ্ম্ম কাৰ? ভুঞ্জে কোন ফল তাৰ?
বুঃ গোঃ।- আমাৰো এৰণ নাই;
লাগিব ভুঞ্জিব বহু এই শৰীৰত!
সবাতো আগেয়ে জাৰ্নাঁ, মোৰ পৰিণাম;
—লব মোৰ প্ৰাণ।
ৰজা। এৰিছোঁ প্ৰাণৰ আশা।
নেৰে, জানোঁ, প্ৰাণে কাকো গদাপাণি বীৰে;
ভুল নাই আজি তেওঁ জয়মতী কথা।—
অহ, কিবা ভাব, কিবা দৃশ্য অকস্মাৎ!
দিছে দেখা মূৰ্ত্তিমতী মহাসতী আহি,
দেখি মোৰ দুৰদশা! আৰু যতমানে
নিৰ্দ্দোষী জনৰ ৰূপ দেখিছোঁ আগত,
বধিছিলোঁ প্ৰাণ যাৰ ৰাজদ্ৰোহী ভাবি,
তোমাত প্ৰত্যয় মানি! চাপিছে ওচৰ,
অন্তিম সময় মোৰ জানি ই সময়,
চাইছেহি পৰিণাম!
বুঃ গোঃ-নানিবাঁ সি ভাব।
পাহৰাঁ পাপৰ কথা!-কি হব উপায়!
নাই মোৰ পৰিত্ৰাণ ইহ-পৰকালে;
পৃথিবীৰ ঘোৰ শান্তি-অতি ভয়ঙ্কৰ,-
দেখিছোঁ আগত। দেখিছোঁ আগত আৰু,

[ ৩১৬ ]

অশেষ যন্ত্ৰণা ৰাশি নৰক কুণ্ডৰ,—
পাপীৰ প্ৰশ্চিত্ত হেতু।
ৰজা।— ভয়ঙ্কৰ!
ভয়ঙ্কৰ দৃশ্য নৰকৰ!!
কি দিম তুলনা;—পৃথিবীত তাৰ সম
নাই শাস্তিস্থল। আৰু সেই ঘোৰৰূপী
যমদণ্ডধাৰী দুত আহে সৌৱা চাপি!
অহ, ধৰে। ধৰে!! ধৰে!!!

(ৰাজমাওৰ প্ৰৱেশ)


ৰাজমাও— হাঁয়, মোৰ বাছাধন!
ভয়ত বিহ্বল! নহব নো কোন্‌ বাৰু,
এনে বিপদত।   (ৰজাক আকোঁৱালি ধৰে)
বুঃ গোঃ।— বকিছে প্ৰলাপ মাও।
ৰাজমাও।—নেমাতিবাঁ তুমি।
এৰাঁ লগ ইমানতে; বাকী নাই আৰু
লেশমাত্ৰ ভুগিবৰ তৱ উপকাৰ!—
মহাপাপী তুমি। নৰকতো নাই স্থান,
তোমাৰ জিৰণি হেতু!
বুঃ গোঃ- ভুঞ্জিছোঁ আৰ্জ্জিত ফল;
নাই কাৰো দোষ। মাগিছোঁ বিদায় মাও!
নকৰোঁ আমনি; নাচাপোঁহি কাষ ঘুৰি।
—এই দেখা শেষ।

(বুঢ়াগোহাঞিৰ প্ৰস্থান)

[ ৩১৭ ]

ৰাজমাও।-অহ, বাছা মোৰ।
নাই ভয়, নহবাঁ অধীৰ। প্ৰাণভয়
নিবাৰিছোঁ জানা। থাকোঁতে জীয়াই মঞি
নকৰিবাঁ আন ভয়।
ৰজা।— নুবুজোঁ তোমাক মাতৃ!
বুজিবৰ শক্তি মোৰ নাই! বুজা হলে
অতদিনে মাতৃ-উপদেশ, এনে দশা
হব কিয় হাঁয়!
ৰাজমাও।—নেভাবিবাঁ দুৰদশা
উঠন-পতন, জগতৰ বন্ধা ৰীতি।
যাব দিয়াঁ সিংহাসন; থাকিবাঁ শুৱাই
মাতৃ-অঙ্ক মোৰ!
ৰজা।— প্ৰাণভয়!
প্ৰাণভয় নাই আৰু মোৰ।
প্ৰাণ মোৰ কোনে জানো নিলে উৰুৱাই!
জ্বলন্ত কুণ্ডত মোৰ জাঁপিছে দেহাক,
বিষম খোচাত সহোঁ যন্ত্ৰণা অশেষ!
অহ-হ! চাওদাং চাপিছেহি কাষ!—
চোৰাৰ্ত! চমতা! উহুঃ! কি যে যন্ত্ৰণা!
অসহন। ৰাখ, ৰাখা মাতৃ, মোক।

(উন্মাদ হৈ লৰ মাৰে)


ৰাজমাও।—অহ! বাছা মোৰ
হইছে উন্মাদ হাঁয়-   (ৰাজমাও পিচ-পিচে খেদি যায় }

[ ৩১৮ ]

চতুৰ্থ গৰ্ভাঙ্ক।

ৰাজ-সভা

(সোণখতোৱা সিংহাসনত গদাধৰ সিংহ; সোঁৱে লাই গোহাঞিদেৱ, বাঁৱে লেচাই
গোহাঞিদেৱ; এপাশে বৰগোহাঞি, বৰপাত্ৰগোহাঞি বৰফুকন, বিষয়াবৰ্গ,
দেওধাই, বাইলুং, দুৱৰী, প্ৰহৰী, কটোৱাল, বন্দীপাল, কটকী,
দূত; আনপাশে কোঁচ ৰজা, কছাৰি ৰজা, ছুটীয়া ৰজা,
জয়ন্তীয়া ৰজা, শ্ৰীহট্টৰ ৰজা, মণিপুৰৰ ৰজা,
দিল্লীৰ বাদশ্যাহ এইসকলৰ প্ৰতিনিধিবৰ্গ
যথাস্থানত উপবিষ্ট )

দেওধাই।- (উঠি, আগবাঢ়ি ) শুনাঁ সভাসদ!
আজি হন্তে গদাপাণি, গদাধৰ নামে,
চাৰি পীঠ অসমৰ ৰাজ-ৰাজেশ্বৰ।
বংশমূল ইন্দ্ৰদেৱ, আৰু প্ৰজাপতি,
দুয়ো নামে ৰাজমালা দিওঁ শুদ্ধ চিত্তে;
—মঙ্গল উচ্চাৰাঁ সৱে॥

(দেওধায়ে ৰজাক মালা পিন্ধায়;
নেপথ্যত উৰুলি)


সভাসদ।- গদাধৰ সিংহৰ জয়।
জয় স্বৰ্গদেৱৰ জয়!

[ ৩১৯ ]

দেওধাই।— সৃষ্টিৰ পালক,
মহাবিষ্ণু পুণ্য নামে পিন্ধাওঁ মুকুট;
—কুশল কামনা কৰাঁ।

(মুকুট পিন্ধায় আৰু
নেপথ্যত উৰুলি)


সভাসদ।— জয় স্বৰ্গদেৱৰ জয়!
জয় গদাধৰ সিংহৰ জয়!
দেওধাই।—ৰুদ্ৰ নাম স্মৰি এবে,
ধৰ্ম্মদণ্ড দিওঁ,—দুষ্টৰ দমন আৰু
শিষ্ট পালনৰ।

(ধৰ্ম্মদণ্ড দিয়ে আৰু
নেপথ্যত উৰুলি )


সভাসদ।— জয় গদাধৰসিংহৰ জয়।
জয় মহাৰাজৰ জয়!
দেওধাই।— বৰোঁ এবে যুৱৰাজ,
লাই কোৱঁৰক; দুৱলীয়া ৰাজ-চিন্

দিওঁ বিধিমতে।

(মুকুট পিন্ধায় আৰু
নেপথ্যত উৰুলি)


সভাসদ।— জয় যুবৰাজৰ জয়!
জয় কোৱঁৰৰ জয়!
দেওধাই।—দুৱলীয়া যুৱৰাজ
লেচাই কোৱঁৰ; দ্বিতীয় বিধৰ চিন্‌,
দিওঁ যথাবিধি।

(মুকুট পিন্ধায় আৰু
নেপথ্যত উৰুলি )

[ ৩২০ ]

সভাসদ।— জয় যুবৰাজৰ জয়!
জয় কোৱঁৰৰ জয়!
দেওধাই।-আহাঁ, এবে মন্ত্ৰী সৱ,
লোৱাহি শৰণ।—
(বৰগোহাঞি, বৰপাত্ৰগোহাঞি আৰু বৰফুকনে আঁঠু লয়হি;
নেপথ্যত উৰুলি)
দেওধাই।— প্ৰতিশ্ৰুত হোৱাঁ তিনে,
সিংহাসন চুই,—ৰাখিবাঁ বিশ্বাস দৃঢ়
এই ৰাজলই।
তিনি-মন্ত্ৰী।— (সিংহাসন চুই) ৰাখিম বিশ্বাস আমি।
সাধিম সদায়, বিশ্বাসেৰে ৰাজকাৰ্য্য,
প্ৰজাহিত হেতু। (নেপথ্যত উৰুলি )
দেওধাই।—আৰু যত কৰ্ম্মচাৰী,
বিষয়ামণ্ডলী, কৰাঁ সৱে অঙ্গীকাৰ,
সেবিবাঁ বিশ্বাসে।
বিষয়াবৰ্গ।— (আঁঠু লৈ) কৰিছোঁ প্ৰতিজ্ঞা,
বিশ্বস্তে সেবিম সদা। (নেপথ্যত উৰুলি।)
দেওধাই।—আহাঁ, এবে প্ৰতিনিধি
কৰদীয়া নৃপতিৰ। সিংহাসন চুই,
জনোৱাঁহি সেৱা।
(কোচৰজা, কচাৰিৰজা, ছুটীয়াৰজা, জয়ন্তীয়াৰজা, আৰু শ্ৰীহট্টৰ ৰজাৰ।
প্ৰতিনিধিয়ে সিংহাসন চুই আঁঠু লয়হি; নেপথ্যত উৰুলি।)
দেওধাই।— প্ৰতিনিধি এইবাৰ।
মিত্ৰৰাজসকলৰ,—লোৱাঁহি ওলগ।

[ ৩২১ ]

(উপঢৌকনে সৈতে মণিপুৰৰ ৰজা আৰু দিল্লীৰ বাদশ্যাহৰ প্ৰতিনিধিয়ে
আঁঠু লয়হি; নেপথ্যত উৰুলি)
দেওধাই।-বোলাঁ এবে স্বৰ্গদেৱ!
মিত্ৰৰাজ উপহাৰ কৰিছাঁ গ্ৰহণ,
ৰাখিবাঁ সদ্ভাব।
গদা। - সাদৰে লইছোঁ মঞি
প্ৰীতি-উপহাৰ। পূৰ্ব্বৱত প্ৰীতিভাব
থাকিব সদায়।
দেওধাই।—শুনাঁ এবে স্বৰ্গদেৱ!
আমাসাৰ বাণী। আশীছোঁ তোমাক আমি,
—সুখ্যাতিৰে ৰাজপাট খোৱাঁ দীৰ্ঘকাল।
পালিম কৰ্ত্তব্য মোৰ, —ঈশ্বৰ-চৰণে
মঙ্গল কামনা তৱ।

( দেওধায়ে আসন গ্ৰহণ কৰে; নেপথত উৰুলি )


গদা।— শুনাঁ গুৰু, মন্ত্ৰী, আৰু
সভাসদগণ; ৰাজপ্ৰতিনিধি যত;
শুনাঁ মোৰ অন্তৰৰ ৰাজ-ধৰ্ম্মৰাণী :-
ৰাইজৰ আদেশত ধৰোঁ ৰাজ-বাব,
প্ৰজা পালনৰ হেতু, ন্যায় বিচাৰত।
দুষ্টৰ দমন আৰু শিষ্টৰ পালন,
মূলমন্ত্ৰ হব মোৰ এই ৰাজত্বত;
এই ধৰ্ম্মদণ্ড তাৰ ধৰিলোঁ প্ৰমাণ।
মানিছোঁ কোৱঁৰ দুটি যুৱৰাজ ৰূপে,
ৰাখে যেন বংশনাম, মাতৃৰ গৌৰৱ,

[ ৩২২ ]

—জয়াৰ সতীত্ব যশ—যুগ-যুগান্তৰ।
ঘাই মন্ত্ৰী তিনি জনা কৰিছোঁ গ্ৰহণ;
ৰাখিম বিশ্বাস তিনে, হলোঁ প্ৰতিশ্ৰুত।
আৰু যত কৰ্ম্মচাৰী লইছে শৰণ,
সবাৰোঁ সৰল ভাব কৰিছোঁ গ্ৰহণ;
সবাতে বিশ্বাস মোৰ থাকিব সমানে।
ৰাজপ্ৰতিনিধিগণ! লোৱাঁ সম্ভাষণ,—
জানাবাঁ প্ৰীতিৰ ভাব মিত্ৰ-ৰাজগণে।
প্ৰজালই প্ৰতিশ্ৰুতি কৰিছোঁ জ্ঞাপন,
—শান্তিৰ বিস্তাৰ মোৰ প্ৰধান কৰম।
ইসৱ প্ৰতিজ্ঞাপাশে বান্ধি আপোনাক,
মৰতত আজি মঞি “ৰজা গদাধৰ”;
স্বৰগত পটেশ্বৰী,—পৰম সধবা—
“সতী জয়মতী”।

যৱনিকাপাত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )