পৃষ্ঠা:গদাধৰ.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
গদাধৰ।


অজ্ঞানে আচৰে পাপ,   জ্ঞানীয়ে খণ্ডায় তাপ,
  নিজ গুণে তুষ্ট হই ৰাখিবাঁ চৰণে হে।
ইমানে ভাৰসা কৰি,   মাতিছোঁ আপদে পৰি,
  ক্ষমাঁ পুত্ৰে, দিয়াঁ শান্তি, শান্তিহীন প্ৰাণে হে॥

( বৰগোহাঞিৰ প্ৰৱেশ )

বঃ গোঃ।— প্ৰণামোহোঁ ৰাজমাও!

ৰাজমাও।— আহাঁ ডাঙ্গৰীয়া!
ৰইছে আসন পতা, বহাঁ সদ্যহতে।
সমদুখী জন তুমি, যথা সময়ত
দিছাঁ আহি দেখা মোক।

বঃ গোঃ—সমদুখী মাত্ৰ সাৰ;
নাই অন্য বল অপায় খণ্ডাব পৰা।
মদাৰৰ ফুলপ্ৰায়, আছোঁ বাব লই
ৰাজমন্ত্ৰী নামে!

ৰাজমাও।—নহবাঁ হতাশ;
তোমাতে সকলো আশা।
নিচিন্তাঁ যদ্যপি তুমি ৰাজ্যৰ মঙ্গল,
ছাৰখাৰ হব দেশ মহা আপদত।
দেখিছাঁ অপায় যত ঘটিছে দিনকে,
দিনকে ৰাজ্যৰ শ্ৰী হইছে মলিন;
দিনে আৰু অত্যাচাৰ লাগিছে চৰিব,
হাহাকাৰ আৰ্ত্তৰাৱ বাঢ়িছে প্ৰজাৰ।