পৃষ্ঠা:গদাধৰ.pdf/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম গৰ্ভাঙ্ক।

সিংহদুৱাৰ।

গদা।—ডাঙ্গৰীয়া!
দক্ষিণে দেখিবাঁ তুমি; বাৱেঁ
ৰব ৰাজখোৱা; সমুখত যাম মই;
গুৰিধৰা ৰল বাব পানী-ফুকনৰ।
চাৰি ভাগে সেনাদল হব লাগে ভাগ,
ভাগে ভাগে ৰণমুখে। সমুখে যেতিয়া
আক্ৰমিম মই,—যেনে ভাঙ্গি গুল্মবন,
সিংহে গই আক্ৰমে গজক,—সেই বেলা
ৰাখিবাঁ দুপাশে দুয়ে আগছি শত্ৰুক।
পাচত ৰখীয়া দিলোঁ পানী-ফুকনক;
পলাব নোৱাৰে যাতে কেঁৱে কোনো ফালে,
নৰয় এজনো যাতে বাৰ্ত্তা দিবলই।
নিৰ্ব্বিবাদে বাট লই পশিম নগৰ;
প্ৰথমে বেৰিম গই ৰজাৰ কাৰেঙ্‌।
পত্নীবৈৰী, নৰঘাতী, পাপী, দুৰাচাৰ,
দেখিম আজিহে সিনো কিমানৰ বীৰ।
স্বহস্তে বধিম আজি, দুষ্ট নৰাধম!
কৰিম তৰ্পণ মোৰ প্ৰিয়া-অপমান,